18/09/2025
#গ্ৰন্থ_পৰিচয়(27)
গ্ৰন্থৰ নাম: েষত
মূল লেখক (হিন্দী): #ক্ষমা_কৌল (समय के बाद)
অসমীয়া অনুবাদক: #কবিতা_কৰ্মকাৰ
প্ৰকাশক: #পূৰ্বাঞ্চল_প্ৰকাশন , গুৱাহাটী
গ্ৰন্থ খনৰ লেখক ড° ক্ষমা কৌল কাশ্মীৰৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক। ১৯৯০ চনৰ পৰাই কাশ্মীৰৰ পৰা নিৰ্বাসিত হৈ নিজৰ দেশতে শৰণাৰ্থীৰ জীৱন-যাপন কৰা লেখিকাৰ ডায়েৰী (সমय के बाद) প্ৰকাশিত হয় আৰু ১৯৯৭ চনত কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয়ৰ পৰা ৰাষ্ট্ৰপতিৰ হাতত সন্মানিত হৈছিল।
সাহিত্য অকাডেমিৰ যাত্ৰা অনুদান লাভ কৰি কেইবছৰমানৰ পূৰ্বে অনুবাদক কবিতা কৰ্মকাৰ কাশ্মীৰলৈ যোৱাৰ সুযোগ পাইছিল আৰু কাশ্মীৰী পণ্ডিতসকলৰ বিস্হাপনৰ বিষয়ে অধ্যয়ন কৰিবলৈ । লেখকৰ মাতৃ ইন্দিৰা , এই গ্ৰন্থখনৰ এটা বিশেষ চৰিত্ৰ আৰু তেতিয়া এশ বছৰৰ দুৱাৰডলিত ভৰি দিছিল ।
অনুবাদকে তেখেতৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাইছিল তেতিয়া আৰু উপলব্ধি কৰিছিল সেই বৃদ্বা গৰাকীৰ মনৰ বেদনা , "তেওঁলোকৰ ঘৰলৈ কোনোৱে আহিলেই তেওঁৰ অনুভৱ হ’ত যে স্বভূমিৰ পৰা কোনো সংবাদ আহিল, ঘৰখনৰ খবৰ সুধি সুধি হেৰাই গ’ল স্মৃতিৰ বুকুত" ।
অনুবাদক কবিতা কৰ্মকাৰৰ কাম অতি প্ৰশংসনীয়। তেখেতে কাশ্মীৰলৈ যাত্ৰা কৰি অধ্যয়ন কৰা অভিজ্ঞতাইয়ে অনুবাদৰ অসমীয়া ভাষাত মূলৰ সৌন্দৰ্য আৰু গভীৰতা অটুট ৰাখিছে।
গ্ৰন্থ খনত কাশ্মীৰী পণ্ডিতসকলে কিদৰে নিজৰ ঘৰ-মাটি এৰি আঁতৰি আহিবলগীয়া হৈছিল, সেই দুখ-বেদনাময় কাহিনী বৰ্ণিত হৈছে।
এই গ্ৰন্থখন ভাৰতবৰ্ষৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। অসমীয়াত অনুবাদ কৰি প্ৰকাশ কৰা সম্ভব হ’ল পূৰ্বাঞ্চল প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ #নবীন_বৰুৱা ছাৰৰ একগ্ৰহতাৰে কৰা প্ৰচেষ্টাৰ ফলত। অসমীয়া পাঠকক এই অনুবাদৰ জৰিয়তে গ্ৰন্থখনৰ পৰা উপকৃত হোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা।
“সয়ৰ শেষত” বিস্থাপনৰ দুখৰ কাহিনী বৰ্ণনা কৰে, কিন্তু ইয়াত আশা আৰু দৃঢ়তাৰ ইতিবাচক বাৰ্তা প্ৰতিফলিত হয়। ক্ষমা কৌলৰ অভিজ্ঞতাই দেখুৱায় যে বিস্থাপনৰ মাজতো মানুহে সংস্কৃতি, পৰিয়ালৰ বন্ধন আৰু সৃষ্টিশীলতাৰ জৰিয়তে জীৱন পুনৰ্গঠন কৰিব পাৰে ।
*(একান্ত মন্তব্য: গ্ৰন্থ খনত কেৱল কাশ্মীৰী পণ্ডিতসকলৰ ইতিহাসৰ এক দলিল নহয়; ই বিশ্বৰ সকলো বিস্থাপিত জীৱনৰ নীৰৱ ক্রন্দনৰ এক সাৰ্বজনীন প্ৰতিধ্বনি। ইয়াৰ মূল বাৰ্তা হ’ল— এই গ্ৰন্থ যদি মানৱীয় সহানুভূতি আৰু শান্তিৰ প্ৰচাৰক হিচাপে গ্ৰহণ কৰা হয়, তেন্তে ই পৃথিৱীৰ সকলো নিৰ্বাসিত সম্প্ৰদায়ৰ বাবে এক প্ৰেৰণাদায়ক আলোকবৰ্তিকা হ’ব পাৰে✍️ Sultana,18 September 2025)
#গ্ৰন্থ_পৰিচয়