Youth Journalist Union of Assam

Youth Journalist Union of Assam Young Journalist Union of Assam

▶ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো যুৱ সাংবাদিক সন্থা,অসমৰ উদ্যোগত ,আপকু মাজুলী জিলা সমিতি আৰু মাজুলী জিলা প্ৰশাসনৰ  স...
17/11/2025

▶ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো যুৱ সাংবাদিক সন্থা,অসমৰ উদ্যোগত ,আপকু মাজুলী জিলা সমিতি আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।

▶'সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তা আৰু সামাজিক মাধ্যমৰ প্ৰত্যাহ্বানঃ সম্ভাৱনীয়তা, মূলসুঁতিৰ সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক আলোচনা ।

▶সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দ্দন দেৱগোস্বামী আৰু বিশিষ্ট মুখাশিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন ।

মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই কামনা কৰিলো ৷
12/11/2025

মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই কামনা কৰিলো ৷

শোকবাৰ্তা অসমী আইৰ নিভাঁজ প্ৰেমিক ,এক শক্তিশালী কণ্ঠ ,গীতিকাৰ,সুৰকাৰ,সংগীতজ্ঞ তথা আকাশবাণীৰ ভিন্ন স্থানৰ সঞ্চালক চৈয়দ ছা...
30/10/2025

শোকবাৰ্তা
অসমী আইৰ নিভাঁজ প্ৰেমিক ,এক শক্তিশালী কণ্ঠ ,গীতিকাৰ,সুৰকাৰ,সংগীতজ্ঞ তথা আকাশবাণীৰ ভিন্ন স্থানৰ সঞ্চালক চৈয়দ ছাদুল্লা দেৱৰ বিয়োগত যুৱ সাংবাদিক সন্থা ,অসমে গভীৰ শোক প্ৰকাশ কৰিছো ৷ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ৷ শোকৰ সমভাগী হৈছো । ছৈয়দ ছাদুল্লাৰ বিয়োগ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰ আৰু জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি ৷ প্ৰায় সাতটা দশক ধৰি চৈয়দ ছাদুল্লা অনাতাঁৰৰ এক চিনাকি কণ্ঠ হিচাপে দেশৰ ভিন্ন প্ৰান্তত পৰিচিত হৈছিল ৷ অসমত অনাতাঁৰৰ এক চিৰপৰিচিত বলিষ্ঠ কণ্ঠ আছিল চৈয়দ ছাদুল্লা ৷ গীত,কথা ,কবিতা আৰু সংলাপ সংগীতেৰে অসমীয়া জাতীয় জীৱন আৰু সংস্কৃতিৰ পথাৰখন জীপাল কৰিছিল । তেখেতৰ বিদেহ আত্মাই মোক্ষ লাভ কৰক ৷ ঔম শান্তি ৷

বুবুল হাজৰিকা
সভাপতি ,যুৱ সাংবাদিক সন্থা

কাঞ্চনজ্যোতি গোহাঁই
কাৰ্য্যকৰী সভাপতি,যুৱ সাংবাদিক সন্থা,অসম

ঋতুপৰ্ণ চক্ৰৱৰ্তী

সাধাৰণ সম্পাদক,যুৱ সাংবাদিক সন্থা,অসম ৷

10/10/2025

For Zubeen Garg

অসমীয়া জাতিক জগাই তুলি ওৰেতো জীৱন গানেৰে সজাই জগত সভাত চিনাকি কৰি এটা গান শেষ হোৱাৰ দৰেই হঠাতে মৃত্যুক আকোঁৱালি লোৱা হাট...
19/09/2025

অসমীয়া জাতিক জগাই তুলি ওৰেতো জীৱন গানেৰে সজাই জগত সভাত চিনাকি কৰি এটা গান শেষ হোৱাৰ দৰেই হঠাতে মৃত্যুক আকোঁৱালি লোৱা হাটথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত যুৱ সাংবাদিক সন্থা অসমে গভীৰ শোক প্ৰকাশ কৰিছে ৷ মহান শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি ৷

12/08/2025
সকলো সংবাদ সতীৰ্থৰ লগতে ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিলো।
06/08/2025

সকলো সংবাদ সতীৰ্থৰ লগতে ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিলো।

19/07/2025

গৰিহণা
যোৱা নিশা ND24 ৰ পোণপটীয়া সম্প্ৰচাৰত “পৰ্যৱেক্ষণ ”অনুষ্ঠানত অতিথি হিচাপে থাকি বিধায়ক এ .কে ৰছিদ আলমে জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাৰ ওপৰত যি অ সাংবিধানিক ,অপমানজনক শব্দ আৰু বাক্য প্ৰয়োগ কৰিছে তাক যুৱ সাংবাদিক সংস্থা , অসমে কঠোৰ ভাষাৰে গৰিহণা দিছো । সাংবাদিকৰ প্ৰতি সন্মান আৰু মৰ্যাদাহানিকাৰক এনে আচৰণৰ জৰিয়তে আলমে জন প্ৰতিনিধিৰ আচৰণ ,সংযমতা আৰু সমৰ্পণৰ নীতি বিধি ধুলিসাৎ কৰিছে । বিধান সভাৰ অধ্যক্ষৰ লগতে ৰছিদৰ দলে ৰছিদৰ ওপৰত যথোচিত বিধিগত ব্যৱস্থা লওক । লগতে ৰছিদ আলমে ৰাজদ্বীপ বাইলুং বৰুৱাৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজক ।
যু;সা;স; অসম ৷

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Youth Journalist Union of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category