23/08/2023
চন্দ্ৰযান-৩ ৰ বিষয়ে থুলমূল (Chandrayaan 3)
আজি ১৪জুলাই আবেলি ২.৩৫ বজাত শ্ৰীহৰিকোটাৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ দ্বাৰা বহু প্ৰত্যাশিত চন্দ্ৰযান-৩ উৎক্ষেপন কৰা হ'ল।
* চন্দ্ৰযান-৩ উৎক্ষেপন কৰা বাহনখনৰ সম্পূৰ্ণ নাম Launch Vehicle Mark-III চমুকৈ কোৱা হয় LVM3
* চন্দ্ৰযান-৩ৰ মুঠ ওজন ৬৪০ টন
* চন্দ্ৰযান-৩ৰ মুঠ ব্যয় প্ৰায় ৬৫০ কোটি টকা
* চন্দ্ৰযান-৩ৰ উৎক্ষেপণস্হলী শ্ৰীহৰিকোটা (Satish Dhawan Space Centre)
* চন্দ্ৰযান-৩ মিছনৰ মূখ্য উদ্দেশ্য হ'ল চন্দ্ৰপৃষ্ঠত সুৰক্ষিত অৱতৰণ আৰু ভ্ৰমণৰ ক্ষেত্ৰত এণ্ড-টু-এণ্ড ক্ষমতা প্ৰদৰ্শন কৰা ।। এণ্ড-টু-এণ্ড মানে আৰম্ভণিৰ পৰা শেষলৈ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সক্ৰিয় হৈ থকা আৰু কোমল অৱতৰণৰ অৰ্থ হ'ল বাহনখন কোনো ক্ষতিসাধন নোহোৱাকৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল চন্দ্ৰযান-৩ অভিযান হ'ল ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযান । যিহেতু ২০১৯ বৰ্ষত দ্বিতীয় টো উৎক্ষেপণত চন্দ্ৰযান-২ ৰ লেণ্ডাৰ আৰু ৰোভাৰে চন্দ্ৰভূমিত কোমল অৱতৰণ কৰাত ব্যৰ্থ হোৱাত অভিযানটো আংশিকভাৱে কিছু বিফল হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'য়ে দিয়া তথ্য অনুসৰি চন্দ্ৰযান-৩ য়ে প্ৰায় এমাহৰ ভিতৰত চন্দ্ৰৰ কক্ষপথত উপনীত হ'ব আৰু ইয়াৰ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে।
যদি ভাৰতৰ চন্দ্ৰযান মিছনৰ এই অভিযান সফল হয় তেন্তে ভাৰত বিশ্বৰ ভিতৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰৰ কোমল ভূমিত চন্দ্ৰযান অৱতৰণ কৰোৱা প্ৰথমখন দেশৰূপে পৰিগণিত হ'ব। কিয়নো ইয়াৰ আগতে, সকলো মহাকাশযান চন্দ্ৰৰ বিষুৱীয় অঞ্চলতহে অৱতৰণ কৰিছে। লগতে যদিহে ভাৰতৰ এই চন্দ্ৰযান অভিযান সফলতাৰে সম্পন্ন হয় তেন্তে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীনৰ পিছতেই চন্দ্ৰত সফলতাৰে মহাকাশযান অৱতৰণ কৰা চতুৰ্থ খন দেশ হিচাপে বিশ্ব ত পৰিগণিত হ'ব।
এই ঐতিহাসিক ক্ষণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "ভাৰতৰ মহাকাশ খণ্ডৰ ক্ষেত্ৰত ১৪ জুলাই ২০২৩ সদায় সোণালী আখৰত লিপিবদ্ধ হৈ থাকিব। আমাৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ য়ে যাত্ৰা আৰম্ভ কৰিব। এই উল্লেখযোগ্য অভিযানে আমাৰ দেশৰ আশা আৰু সপোন কঢ়িয়াই নিব।
Copied From - Munmi Kalita