News Daily 24

News Daily 24 Official page of News Daily 24. Keep watching & stay ahead!

15/08/2026

অসমৰ ভিন্ন প্ৰান্ততো উদযাপন স্বাধীনতা দিৱস। বানৰ মাজতো নুমলীগড়ত উদযাপন কৰিলে ৮০ সংখ্যক স্বাধীনতা দিৱস। প্ৰাকৃতিক দুৰ্যোগেও যেন ম্লান কৰিব নাই দেশপ্ৰেমক । সকলোৱে গালে স্বাধীনতাৰ জয়গান।

15/08/2026

মহানগৰীৰ ভৰলুমুখত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। বিজেপি ভৰলুমুখ মণ্ডলৰ উদ্যোগত বিশাল ‘ত্ৰিৰংগ যাত্ৰা’। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা।

সৰভোগৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে। মৃত কিশোৰীগৰাকী ভুমখী গা...
15/08/2026

সৰভোগৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে। মৃত কিশোৰীগৰাকী ভুমখী গাঁৱৰ ১নং খণ্ডৰ মৌচুমী খাতুন ।

15/08/2026

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ। Assam Institute Of Managementৰ কৰ্তৃপক্ষ, স্থানীয় ৰাইজ আৰু Life Careৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন। শিবিৰত প্ৰায় ৩০০ গৰাকী লোকৰ অংশগ্ৰহণ। চিকিৎসক তানিশা বৰুৱাৰ উপস্থিতিত ৰাইজৰ শৰীৰৰ বিভিন্ন সমস্যাৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে আগবঢ়োৱা হয় প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ।

15/08/2026

দিল্লীস্থ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱসৰ কাৰ্যসূচীক লৈ বিতৰ্ক। ‘বন্দে মাতৰম’ গোৱাৰ সময়ত দলীয় কৰ্মীক বিশেষ নিৰ্দেশ ছোনিয়া গান্ধীৰ। ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত মল্লিকাৰ্জুন খৰ্গেৰ সৈতেও কথা-বতৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ। ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া।

Video Credit: ANI (X)
Disclaimer: ND24 shares this content for informational and public awareness purposes only. Full credit and all rights belong to the original source and creator.

15/08/2026

শ্ৰীভূমি জিলাত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে।

15/08/2026

'জাতিৰ পক্ষত থাকিবলগীয়া হ'লে বদৰুদ্দিন আজমলৰ লগত নহ'ব'। শিৱসাগৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰু কি ক'লে মন্ত্ৰী বিমল বড়াই?

15/08/2026

সমগ্ৰ দেশৰ লগতে ডিফুত উদযাপন দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰি পেৰেডৰ অভিবাদন গ্ৰহণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

15/08/2026

গুৱাহাটীৰ পাঞ্জাবাৰী পথৰ মঞ্জুশ্ৰী এপাৰ্টমেণ্টত স্বাধীনতা দিৱস উদযাপন। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে বিভিন্ন কাৰ্যসূচী।

15/08/2026

ডিব্ৰুগড়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় স্বাধীনতা দিৱস। অনুষ্ঠানত পতাকা উত্তোলন কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে।

Address

Avatar Complex, Naharani Path, Near Dispur Last Gate, Assam/
Guwahati
781006

Alerts

Be the first to know and let us send you an email when News Daily 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Daily 24:

Shortcuts

Share