Deewani Music

Deewani Music A Event Management Group Assam

30/05/2026

আজি পুৱাৰ ভাগত গুৱাহাটীৰ উজানবজাৰ স্থিত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত এক বিশেষ সংবাদমেলত উপস্থিত থাকি গুৱাহাটী মহানগৰীৰ উন্নয়নৰ চালিকা শক্তি আৰু স্বচ্ছতাৰ জন আন্দোলনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ সম্পৰ্কে অৱগত কৰো। উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতি, ক্লাব, সংঘকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে স্বচ্ছতাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰে।

সেইবাবে আমি অনাগত জুলাই মাহৰ পৰা স্বচ্ছতা প্ৰতিযোগিতা এখনিৰ আয়োজনৰ চিন্তা চৰ্চা কৰিছোঁ।
সকলোৱে এইধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে উৎসুকতাৰে আমাক সঁহাৰি আৰু আদৰণি জনাইছে। অহা ১৬ জুনৰ পৰা ৩০ জুনলৈকে তেওঁলোকৰ সৈতে আমি প্ৰতিযোগিতাৰ বিৱৰণ তথা আন আন কাৰ্যক্ৰমৰ বিষয়ে আমি আলোচনাত বহিম। উক্ত প্ৰতিযোগী সকলে ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত Division সমূহত গৈ পঞ্জীয়ন কৰিব পাৰিব।

অহা ১ জুলাইৰ পৰা ৩১ আগষ্টলৈ দুমাহ পৰ্যন্ত এই প্ৰতিযোগিতাখনি চলিব। এই বিশেষ স্বচ্ছতা প্ৰতিযোগিতাৰ মূল্যাংকন তথা চোৱা-চিতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে পৰ্যাপ্ত পৰিমাণে ভূমিকা গ্ৰহণ কৰাৰ লগতে সকলো সময়তে তদাৰক কৰিব।

ইয়াৰ লগতে আজিৰ এই বিশেষ সংবাদমেলত আৱৰ্জনা মুক্ত মহানগৰীৰ উদ্দেশ্য হাতত লৈ জনসাধাৰণৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰিবলৈ ঘৰুৱা আৱৰ্জনা সংগ্ৰহৰ ব্যৱহাৰকাৰীৰ মাহিলী ৫০ ₹ৰ পৰা ৩০ ₹লৈ হ্ৰাস কৰা হৈছে আৰু লগতে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ দক্ষ যোগান অব্যাহত ৰখাটো নিশ্চিত কৰা হৈছে।

এই পদক্ষেপে স্বচ্ছ সুৰক্ষাত চহৰখনৰ প্ৰদৰ্শন উন্নত কৰাৰ লগতে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ এই দায়িত্ব সৰ্বাংগীন উৎকৰ্ষ সাধনৰ বাবে।

আজিৰ এই বিশেষ সংবাদমেলত আমাৰ সৈতে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ উপ-পৌৰপতি শ্ৰীযুতা স্মিতা ৰয় ডাঙৰীয়ানী, আয়ুক্ত শ্ৰীযুত চিন্ময় প্ৰকাশ ফুকন ডাঙৰীয়া প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগমৰ আন আন সংশ্লিষ্ট বিষয়-ববীয়া সকল উপস্থিত থাকে।

গুৱাহাটী ও আমাৰ দায়িত্ব ও আমাৰ'।।
Mrigen Sarania CMO Assam
BJP Guwahati City District

29/01/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাদেৱৰ জন্মদিন উপলক্ষে গুৱাহাটী পৌৰ নিগমৰ তিনিদিনীয়া সমাজমুখী কাৰ্যসূচীৰ আয়োজন
"স্বচ্ছতা মানে বিশ্বাস
সেউজীয়া মানে ভৱিষ্যৎ,
আৰু জনকল্যাণ মানে দায়িত্ব—
এই তিনিটাৰ মিলনেই এখন সজীৱ নগৰ।”
— মেয়ৰ মৃগেন শৰণীয়া

গুৱাহাটী পৌৰ নিগমৰ মাননীয় পাৰিষদবৰ্গৰ আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাদেৱৰ ৫৭ সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটীত আগন্তুক তিনিদিনীয়া বিভিন্ন সমাজমুখী আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে স্বচ্ছতা, পৰিৱেশ সংৰক্ষণ, সমাজসেৱা আৰু জনকল্যাণৰ এক ইতিবাচক আৰু প্ৰেৰণাদায়ক সামাজিক বাৰ্তা আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে।

এই উপলক্ষে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীসমূহৰ বিৱৰণ তলত উল্লেখ কৰা হ’ল—

৩০ জানুৱাৰী
গুৱাহাটীৰ বিভিন্ন স্থানত অৱস্থিত মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তিসমূহ পৰিস্কাৰ কৰা হ’ব,লগতে প্ৰতিটো ৱাৰ্ডত দুটাকৈ মুঠ ১২০টা ধৰ্মীয় অনুষ্ঠানত স্বচ্ছতা অভিযান চলোৱা হ’ব।

৩১ জানুৱাৰী
প্ৰতিটো ৱাৰ্ডত থকা দুটাকৈ সামাজিক অনুষ্ঠানত মুঠ ১২০টা স্বচ্ছতা অভিযানৰ কাৰ্যসূচী আয়োজন কৰা হ’ব। ইয়াৰ উপৰিও চাফাই কৰ্মচাৰীসকলৰ বাবে দুটাকৈ বিশেষ স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হ’ব।

১ ফেব্ৰুৱাৰী
প্ৰতিটো ৱাৰ্ডৰ ধৰ্মীয় অনুষ্ঠানসমূহত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাদেৱৰ দীঘলীয়া আৰু সুস্থ জীৱনৰ কামনাৰে সেৱা আগবঢ়োৱা হ’ব আৰু এখনকৈ শৰাই দিয়া হ’ব, লগতে অসমত পুনৰবাৰ ড° হিমন্ত বিশ্বশৰ্মাদেৱৰ নেতৃত্বত বিজেপি-এনডিএ চৰকাৰ গঠনৰ বাবে প্ৰাৰ্থনা কৰা হ’ব।
লগতে জু-ৰোডৰ উৰণীয়া সেতুৰ তলত মাননীয় মুখ্যমন্ত্ৰীদেৱে গুৱাহাটী পৌৰ নিগমলৈ জনোৱা আহ্বান মৰ্মে মহিলা উদ্যমিতা আঁচনিৰ প্ৰাপ্য ধনেৰে ৫টা আত্মসহায়ক গোটৰ সদস্যাসকলক “উদ্যমিতা হাট” ৰ অধীনত বিপনী প্ৰদান তথা শুভাৰম্ভ কৰা হ’ব। এই কাৰ্যসূচী “স্বনির্ভৰ মহিলা, স্বনির্ভৰ অসম” শীৰ্ষক উদ্যোগৰ অধীনত গুৱাহাটী পৌৰ নিগম আৰু অসম দীনদয়াল জন আজীৱিকা যোজনাৰ সহায়ত অনুষ্ঠিত হ’ব।
ইয়াৰ লগতে মুখ্যমন্ত্ৰীদেৱৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ ৬০টা ৱাৰ্ডত প্ৰায় ১০০০ডাল নিম গছৰ পুলি বুথ সমিতিৰ সভাপতিসকলৰ জৰিয়তে সকলো ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ চৌহদত ৰোপণ কৰা হ’ব। এই পৰিৱেশ সংৰক্ষণমূলক উদ্যোগৰ নাম দিয়া হৈছে “সেউজ গুৱাহাটী প্ৰকল্প”। নিম গছৰ পুলিজোপা সুস্থভাৱে ডাঙৰ হ’লে অহা ছয় মাহৰ পাছত সংশ্লিষ্ট ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহলৈ ৩ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰী মৃগেন শৰণীয়াই জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও বিভিন্ন অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম আৰু চিকিৎসালয়ত ভৰ্তি ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হ’ব। আবেলি ৫.০০ বজাত গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত প্ৰায় ৪০০টা ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত “মিনি হাইমাষ্ট লাইট” উদ্ধোধন কৰা হ’ব। এই আঁচনিৰ নাম “বন্তি প্ৰকল্প”।

গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গই এই তিনিদিনীয়া কাৰ্যসূচীৰ জৰিয়তে এখন পৰিষ্কাৰ, সেউজ আৰু সমাজমুখী গুৱাহাটী গঢ়াৰ দিশে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
Himanta Biswa Sarma Dilip Saikia
Jayanta Mallabaruah Pijush Hazarika
Mrigen Sarania Mrigen Sarania
BJP Assam Pradesh MyGov Assam
BJP Guwahati City District CMO Assam

20/01/2026
অসমৰ জনপ্ৰিয় ইউটিবাৰ ৰাব্বানী স্বয়ামে ছুৰিৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ফলমূল দোকানীক। ঘটনা সংঘটিত কৰি পলায়ন ৰাব্বানীৰ।
15/06/2025

অসমৰ জনপ্ৰিয় ইউটিবাৰ ৰাব্বানী স্বয়ামে ছুৰিৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ফলমূল দোকানীক। ঘটনা সংঘটিত কৰি পলায়ন ৰাব্বানীৰ।

Address

Guwahati
Guwahati
781008

Alerts

Be the first to know and let us send you an email when Deewani Music posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category