NeFocus

NeFocus Nefocus.com is a news portal of North East India.We provide all kind of positive and good news .

05/11/2025

হিয়াৰ আমঠু শিল্পীজনাক মায়াবিনিৰে শ্ৰদ্ধাঞ্জলি জনাব বায়ু সেনাই।

আগছিয়াত আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ উদ্যোগত চকু চিকিৎসা শিবিৰ  সম্পন্ন  আয়ুৰ্বেদিক চিকিৎসা সন্থা, নেচনেল মেডিকোজ অৰ্গেনা...
05/11/2025

আগছিয়াত আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ উদ্যোগত চকু চিকিৎসা শিবিৰ সম্পন্ন

আয়ুৰ্বেদিক চিকিৎসা সন্থা, নেচনেল মেডিকোজ অৰ্গেনাজেচন আৰু লায়ন্স ক্লাব, গুৱাহাটীৰ উদ্যোগত তথা বিজেপিৰ বিমানকোঠ মণ্ডলৰ সহযোগত আয়ুৰ্বেদিক আৰু এলোপেথিক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ আজি পশ্চিম গুৱাহাটীৰ আগছিয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শিবিৰত আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস, লায়ন্স ক্লাবৰ সভাপতি ৰাজেশ হানচাৰিয়া, প্ৰগ্ৰেম চেয়াৰমেন দীনদয়াল চৌহানসহ সদস্যবৃন্দ, এন এম অ'ৰ সদস্য তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অধ্যাপক ডাঃ অভিজিৎ চৰকাৰ, ডাঃ ৰশ্মি কুমাৰী সহ চিকিৎসকৰ দল, আগচিয়া ৰাইজৰ সভাপতি কুশল কলিতা, বিমানকোঠ মণ্ডল বিজেপিৰ সভাপতি তীৰ্থ মেধি, জিলা পৰিষদৰ সদস্য কুশল দাস, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্য, অধ্যাপক ডাঃ বিমল ডেকা, ডাঃ অনুপ বৈশ্য, ডাঃ হেমেন কলিতা, ডাঃ জেউতি বড়ো, ডাঃ তৃশনা মনী দাস, ডাঃ জ্যোতিৰ্ময় চৌধুৰী, ডাঃ নৱনীতা দাস, ডাঃ বিমান চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ বিশ্বজিৎ দাস, সহকাৰী সম্পাদক ডাঃ কিশোৰ দাস লগতে কনিষ্ঠ চিকিৎসক, ছাত্ৰ ছাত্ৰী, আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ডাঃ জিতেন্দ্ৰ সিঙ, ডাঃ ধীৰেন দাস, ডাঃ মানসী দত্ত, ডাঃ হিৰণ্য বৈশ্য, লায়ন্স ক্লাবৰ চকু বিশেষজ্ঞ দল, ফাৰ্মাচিষ্ট ধীৰাজ কলিতা, মুকুল কলিতা আৰু পেৰা মেডিকেল কৰ্মচাৰী, আশাকৰ্মী আদিকে ধৰি বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে। শিবিৰত ১৯৫ জন ৰোগীক চিকিৎসা প্ৰদান কৰা হয় আৰু ঔষধৰ উপৰি সকলো অভিভাৱক আৰু ৰোগীক দুপৰীয়াৰ আহাৰ, টি ছাৰ্ট, মহিলা সকলক ছেনিটেৰী নেপকিন বিতৰণ কৰা হয়। ১৬ জন চকু ৰোগীক লায়ন্স চকু চিকিৎসালয়ত আই অ' এল অস্ত্ৰোপচাৰ কৰা হ'ব।

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত  কৃৰ্তিমান শিক্ষাৰ্থীগুৱাহাটীৰ  জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী ...
05/11/2025

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত কৃৰ্তিমান শিক্ষাৰ্থী

গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত চাৰি নৱেম্বৰত নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰে আবিলাকৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডঃ দিলীপ কলিতাই । আনহাতে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গোকুলেন্দ্র নাৰায়ণ দেৱ গোস্বামীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত সংস্কৃত সেতু পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰাৰ লগতে ২০২৪-২০২৫ বৰ্ষৰ মানপত্ৰ সমুহ প্ৰদান কৰা হয়। সভাত মহাবিদ্যালয়ৰ যোগ বিভাগৰ ছাত্ৰদ্বয় ভাৰ্গৱ কলিতা আৰু ঋতুপৰ্ণ মহন্তই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই অনা বাবে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে নৱাগত আদৰণি সভাৰ সভাপতি তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° গোকুলেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী আৰু বিশিষ্ট অতিথি ডঃ দিলীপ কলিতাই । সভাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা বীৰুবালা ৰাভাৰ ওপৰত হোৱা জীৱনী প্ৰতিযোগিতাৰ পুৰস্কাৰ সমুহ প্ৰদান কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গকুল ভুঞাই।

কমৰূপ জিলা পাৱাৰ লিফ্টিং এণ্ড ষ্ট্রংমেন  এছোছিয়েচনৰ শক্তি উত্তোলন প্ৰতিযোগিতাৰ সামৰণি  পাৱাৰ লিফ্টিং এছোছিয়েছন,অসমৰ অধ...
04/11/2025

কমৰূপ জিলা পাৱাৰ লিফ্টিং এণ্ড ষ্ট্রংমেন এছোছিয়েচনৰ শক্তি উত্তোলন প্ৰতিযোগিতাৰ সামৰণি

পাৱাৰ লিফ্টিং এছোছিয়েছন,অসমৰ অধীনৰ কামৰূপ জিলা পাৱাৰ লিফ্টিং এণ্ড ষ্ট্ৰংমেন এছোছিয়েনে প্রথমবাৰৰ বাবে ১ আৰু ২ নৱেম্বৰত গুৱাহাটীৰ পাণ্ডু - সদিলাপুৰৰ লুইতপাৰত ব্ৰহ্মপুত্ৰৰ বাকৰিত কামৰূপ জিলা আন্তঃক্লাব জিম ইউনিট পাৱাৰ লিফ্টিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হয় | ১ নবেম্বৰত প্ৰতিযোগিতা উদ্বোধন কৰে মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ভেকাই | পুৱা পতাকা উত্তোলন কৰে জিলাৰ সভাপতি পল্লব কুমাৰ দাসে | হার্ডথ্রব জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাই শ্রদ্ধাঞ্জলি তর্পন কৰে জিলাৰ কাৰ্যকৰী সভাপতি বিশ্বজিত বর্মন আৰু সম্পাদক সোন্টি বৰ্মনে | প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ এশৰো অধিক পুৰষ মহিলাই ভাগ লয়| প্ৰতিযোগিতাৰ সামৰণিত জালুকবাৰী সম জিলাৰ আযুক্ত ডঃ জীৱন কৃষ্ণ গোস্বামী , বিশ্ববিদ্যালয় মণ্ডলৰ সভাপতি চিন্ময় শর্মাসহ কেইবাজনো বিশিষ্ট লোক উপস্থিত আছিল | বিভিন্ন বিভাগত অনুষ্ঠিত হোৱা খেলখনত মহানগৰীৰ পি এফ চি জিমে সর্ব শ্রেষ্ঠতাৰ খিতাপ অর্জন কৰে | খেলখন পৰিচালনা কৰে ৰাষ্ট্ৰীয় পর্যায়ৰ ৰেফাৰী দুর্গা গগৈয়ে |

মালিগাঁৱত ৰে'লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ'চিয়েচনৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী আৰু সাধাৰণ সভা সম্পন্ন ; দৰিদ্ৰ শিক্ষা...
04/11/2025

মালিগাঁৱত ৰে'লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ'চিয়েচনৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী আৰু সাধাৰণ সভা সম্পন্ন ; দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে আম্বেদকাৰ কোচিং ইনষ্টিটিউট উদ্ধোধন

নিখিল ভাৰত এছ চি আৰু এছ টি ৰে'লৱে এছ'চিয়েচৰ এন এফ ৰেলৱে মণ্ডলৰ উদ্যোগত পহিলা নৱেম্বৰৰ পৰা তিনি নৱেম্বৰলৈ ৰেল নগৰী মালিগাঁৱৰ ৰং ভৱনত তিনিদিনীয়া কাৰ্যসূচীৰে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰু সাধাৰণ সভা অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচী আৰু সাধাৰণ সভাত এন এফ ৰেলৱেৰ তিনিচুকীয়া , লামডিং , ৰঙিয়া , আলিপুৰ দুৱাৰ আৰু কাটিহাৰ এই পাঁচোটা সংমণ্ডলৰ উপৰিও বঙাইগাঁৱৰ ৰেলৱে কাৰখানাৰ পৰা অহা প্ৰায় ৪০০ জন প্ৰতিনিধিয়ে ভাগ লয়। পহিলা নৱেম্বৰত ৰং ভৱনত এচোছি়েয়েশ্যনৰ উত্তৰ পূব মণ্ডলৰ সভাপতি আৰ বৈশ্যৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সাধাৰণ সম্পাদক টি চি দাসে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এন এফ ৰেলৱেৰ মুখ্য তদাৰকী বিষয়া এছ পি বেইগে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে এন এফ ৰেলৱেৰ প্ৰধান মুখ্য কাৰ্মিক বিষয়া এন কে সিং, এচোছি়েয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি বি এল বাৰিয়া , কাৰ্যকৰী সভাপতি ডাঃ জ্ঞান শেষৰণ, জেষ্ঠ উপ সভাপতি এছ পি মূৰ্মুয়ে ভাগ লৈ প্ৰশিক্ষণ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি এছ চি আৰু এছ টিৰ আওতাযত পৰা কৰ্মচাৰী সকলৰ বাবে থকা বিভাগীয় সা- সুবিধা , আদিৰ বিষয়ে সম্যক জ্ঞান দিয়া হয়। ৩ নৱেম্বৰৰ দিনা বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে এন এফ ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ , অতিৰিক্ত মহা প্ৰবন্ধক এছ বিশ্বকৰ্মা, মূখ্য কার্মিক বিষয়া কে পি সিং,মূখ্য অভিযন্তা ৰমেশ কুমাৰ, এচোছি়েয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি বি এল বাৰিয়া, মণ্ডল সভাপতি আৰ বৈশ্য আৰু সম্পাদক টি চি দাস দাস , অতিৰিক্ত সম্পাদক এছ বি নাৰ্জাৰী, কোষাধ্যক্ষ বিষ্ণু বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। ইয়াৰ পূৰ্বে ছাটেলগেটত থকা এচোছি়েয়েশ্যনৰ মণ্ডল কাৰ্যালয় চৌহদত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা দৰিদ্ৰ শিক্ষাৰ্থী সকলৰ যিসকলে অভিযান্ত্ৰিক বা চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে যুটীয়া প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হবলৈ বিচাৰে তেওঁলোকৰ সুবিধাৰ বাবে আম্বেদকাৰ কোচিং ইনষ্টিটিউট নামৰ এটা প্ৰতিষ্ঠানৰ উদ্ধোধন কৰা হয়। প্ৰতিষ্ঠানটো উদ্ধোধন কৰে ৰাষ্ট্ৰীয় সভাপতি বি এল বাৰিয়াই। মণ্ডল সভাপতি আৰ বৈশ্য আৰু সম্পাদক টি চি দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে ৩০ জন শিক্ষাৰ্থীয়ে নামভৰ্ত্তি কৰিছে।

তামুলপুৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আৰু লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ "ঐক্য যাত্ৰা"ৰ আয়োজন সমগ্ৰ ৰাজ্যৰ...
04/11/2025

তামুলপুৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আৰু লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ "ঐক্য যাত্ৰা"ৰ আয়োজন

সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো কাইলৈ, অৰ্থাৎ ৫ নৱেম্বৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপলক্ষে আজি তামুলপুৰৰ আৱৰ্ত ভৱনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয় যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনৰ প্ৰায় তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে তেখেতৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" পৰিৱেশন কৰিব। ইয়াৰ বাবে জিলাখনৰ প্ৰতিখন বিদ্যালয়ত ইতিমধ্যে হাজৰিকাদেৱৰ উক্ত গীতটোৰ আখৰা চলি আছে। এইক্ষেত্ৰত জিলাখনৰ বিভিন্ন বিভাগ, অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বিষয়া-কৰ্মচাৰীসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনোৱাৰ লগতে নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি তামুলপুৰৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এই চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা তামুলপুৰৰ ২১গৰাকী শিল্পীয়েও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। উক্ত সংবাদমেলৰ সমান্তৰালভাৱে ভাৰতৰ লৌহপুৰুষ, জাতীয়তাবাদী নেতা, স্বাধীনতা আন্দোলনৰ এজন অন্যতম প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্মজয়ন্তী সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে আন এখন সংবাদমেল সম্বোধন কৰে। এই সন্দৰ্ভত তেওঁ কয় যে অহা ১৮ নৱেম্বৰৰ আগে আগে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতাৰ লগতে ১৮ নৱেম্বৰত শেষ হোৱাকৈ জিলাভিত্তিক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ অধীনত উপকৃত হ'বলৈ সক্ষম হৈছিল, সেই শিক্ষানুষ্ঠানসমূহত চৰ্দাৰ বল্লভভাই পেটেল আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ওপৰত একোখনকৈ ছেমিনাৰৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি ১৮ নৱেম্বৰৰ পুৱা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰা এক বিশেষ পদযাত্ৰা আৰম্ভ কৰা হব। উক্ত পদযাত্ৰাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু কিছুমান বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থাও থাকিব। এই পদযাত্ৰাত তামুলপুৰৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ শিল্পীসকলক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে উক্ত দিনজোৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী তথা সমূহ ৰাইজক অংশগ্ৰহণ কৰি কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আহ্বান জনাইছে। আজিৰ এই সংবাদমেলত জিলা আয়ুক্তগৰাকীৰ লগতে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ', অৰুণিমা কাকতি, অজিতাভ ভৌমিককে ধৰি জিলা প্ৰশাসনৰ কেবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

বৰাগাওঁস্থিত আইএএছএছটিৰ ৪৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন ১৯৭৯ চনৰ ৩ নৱেম্বৰত স্থাপিত হোৱা ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন...
03/11/2025

বৰাগাওঁস্থিত আইএএছএছটিৰ ৪৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন
১৯৭৯ চনৰ ৩ নৱেম্বৰত স্থাপিত হোৱা ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন চাইন্স এণ্ড টেকন'লজি চমুকৈ আই এ এছ এছ টিয়ে আজি দিনজোৰা কাৰ্যসূচীৰে ৪৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিষ্ঠানৰ পতাকা উত্তোলন আৰু আনুষ্ঠানিক বন্তি প্রজ্বলন আৰু আদৰণি ভাষণ প্ৰদান কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখার্জীয়ে। আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখার্জীয়ে সকলো বিশিষ্ট অতিথি আৰু বিশিষ্ট বক্তাক উষ্ম আদৰণি জনায়। তেওঁ আইএএছএছটিৰ ভ্রাতৃত্ববোধক প্রতিষ্ঠানটোৰ বৃদ্ধিৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা আৰু ইয়াৰ দৃষ্টিভংগীৰ সৈতে খাপ খুৱাই লোৱাৰ বাবে অভিনন্দন জনায়। অনুষ্ঠানত অসমৰ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য অধ্যাপক বি এল আহুজা আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ বিশিষ্ট অধ্যাপক সুভাষ চন্দ্র লখোটীয়া উপস্থিত থাকে আৰু ক্ৰমে ড° ড'ৰথী হডকিন আৰু ড০ চি ভি ৰমনৰ সন্মানত দুটা জনপ্রিয় বৈজ্ঞানিক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত অসমৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য অধ্যাপক ধনপতি ডেকা উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানত যোৱা বছৰৰ আই এ এছ এছ টিৰ পি এইচ ডি ডিগ্রীধাৰী গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিশ্বৰ শীর্ষ ২% সর্বাধিক উল্লেখিত বিজ্ঞানীৰ তালিকাত অন্তর্ভুক্ত হোৱা অধ্যাপক সকলক সম্বর্ধনা জনায়। উদযাপনৰ সামৰণি পৰে এক সাংস্কৃতিক অনুষ্ঠানেৰে।

অসম মহিলা অভিযন্তা সংস্থাৰ  প্ৰতিষ্ঠা  দিৱসত  অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লোমা পাঠ্যক্ৰমৰ মেধাৱী  ছাত্ৰীক পুৰস্কাৰ প্ৰদা...
03/11/2025

অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লোমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান।

ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন 'অসম মহিলা অভিযন্তা সংস্থা' (WEFA) ৰ সপ্তদশ প্ৰতিষ্ঠা দিৱসটো ২ ....

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু এমাহৰো অধিক সময় হ'ল। আজিও শিল্পীজনৰ ৰহস্যজনক মৃত্যুক মানি ল'ব পৰা নাই সমগ্র অসমবাসীয়...
02/11/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু এমাহৰো অধিক সময় হ'ল। আজিও শিল্পীজনৰ ৰহস্যজনক মৃত্যুক মানি ল'ব পৰা নাই সমগ্র অসমবাসীয়ে। শিল্পীজনৰ ৰহস্য জনক মৃত্যুৰ ন্যায় দাবীত সকলোতে প্ৰতিবাদ হৈ থকা সময়তে চিংগাপুৰত শিল্পীজনৰ মৃত্যুৰ তদন্ত বাবে নিজাকে গোচৰ তৰিছে অসম সন্তান দুলু আহমেদে। তেখেতে চ'চিয়েল মেডিয়াত দিয়া এক পোষ্টত এই সম্পর্কে এনেদৰে কয়-ছিংগাপুৰৰ আৰক্ষীৰ লগত আজি মই দিয়া গোচৰৰ সকলো আলোচনা কৰা হ'ল আৰু আৰক্ষীয়ে মোক জনালে যে এই গোচৰৰ তদন্তকাৰী বিষয়া August Lim,Police Coast Guard(PCG) গৰাকীয়ে বিষয়টিৰ তদন্ত বৰ্তমানো চলাই আছে।লগতে মোক এইবুলিও জনালে যে তদন্ত প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে এই গোচৰটি কৰ’নাৰ আদালত (Coroners Court) ত চলিব। এনেধৰণৰ খবৰে ইতিবাচক কৰি তুলিছে জুবিনৰ অনুৰাগীসকলক।

*সপ্তাহজোৰা চৰকাৰী কাৰ্যসূচীৰে ইকুৱেডৰ, বলিভিয়া আৰু কিউবালৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় বৈদেশিক...
01/11/2025

*সপ্তাহজোৰা চৰকাৰী কাৰ্যসূচীৰে ইকুৱেডৰ, বলিভিয়া আৰু কিউবালৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ৪ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ চৰকাৰী কাৰ্যসূচীৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ তিনিখন দেশ ইকুৱেডৰ, বলিভিয়া আৰু কিউবা ভ্ৰমণ কৰিব । এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে উক্ত দেশসমূহৰ ৰাজনৈতিক নেতৃত্বক সাক্ষাৎ কৰি দুয়ো পক্ষৰ স্বাৰ্থ বিজড়িত বিষয়সমূহ আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, উন্নয়নমূলক সহযোগিতা আৰু সক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত পৰস্পৰে আগবঢ়াৰ বাবে আলোচনা ভাগ ল'ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বাণিজ্যিক প্ৰতিনিধিবৰ্গ আৰু প্ৰবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইকুৱেডৰত ভ্ৰমণকালত দেশখনৰ ৰাজধানী কুইটোত স্থায়ী ভাৰতীয় দূতাবাস স্থাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। বলিভিয়া ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৮ নৱেম্বৰত বলিভিয়াৰ প্রশাসনিক ৰাজধানী লা পাজত অনুষ্ঠিতব্য নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। অন্যহাতে কিউবাত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য আৰু চিকিৎসা, ডিজিটেল জনসেৱা পৰিকাঠামো আৰু সক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ইকুৱেডৰ, বলিভিয়া আৰু কিউবাৰ সৈতে ভাৰতৰ ৰাজনৈতিক সম্পৰ্কক এক নতুন গতি প্ৰদান কৰাৰ লগতে এই ভ্ৰমণ দক্ষিণ-দক্ষিণ সহযোগিতা আৰু উন্নয়নৰ প্ৰতি দুয়ো পক্ষৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক দৃঢ় কৰাৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ।
31/10/2025

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বাধিক ৩৩৫,৬৭,১৯,৬০১ টকাৰ যান-বাহ.....

31/10/2025

দেশৰ ৩০খন চহৰত সগৌৰৱেৰে চলিল ৰৈ ৰৈ বিনালে। চিনেমাখন চাই আবেগিক হৈ পৰিল এনেদৰে বহুলোক।
Source-SocialMedia



Address

Guwahati

Alerts

Be the first to know and let us send you an email when NeFocus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NeFocus:

Share

NE Focus - About us

Nefocus.com is a news portal of North East India.We provide all kind of positive and good news of Assam and Entire North East India

অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কম।২০১৬ চনৰ ১৫ আগষ্টত সংগীতা শইকীয়াৰ প্ৰচেষ্টাত এন ই ফ’কাচ ডট কম আৰম্ভ হৈছিল । আমাৰ উদ্দেশ্যে হ’ল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ধৰণৰ ইতিবাচক খবৰ সম্প্ৰচাৰ কৰি সুস্থ জনমত গঢ়ি তোলা।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এন ই ফ’কাচ ডট কম জনসাধাৰণৰ প্ৰতি সদায়ে দায়বদ্ধ ।