NeFocus

NeFocus Nefocus.com is a news portal of North East India.We provide all kind of positive and good news .

25/08/2026

তিনি দেশৰ কিছু প্ৰসংগৰে..

গুৱাহাটী বিশ্ববিদ্যালয়ৰ  নিয়োগ মেলাত ৬৫ টা নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিপৰীতে ৬০০   প্ৰাৰ্থীৰ অংশগ্ৰহণ  শৈক্ষিক প্ৰতিভা আৰ...
25/08/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়োগ মেলাত ৬৫ টা নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিপৰীতে ৬০০ প্ৰাৰ্থীৰ অংশগ্ৰহণ

শৈক্ষিক প্ৰতিভা আৰু উদ্যোগ খণ্ডৰ কৰ্মসংস্থাপনৰ সুযোগক একেখন মঞ্চত সংযুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জব ফেয়াৰ কমিটিৰ উদ্যোগত আজি দিনজোৰাকৈ এখন নিয়োগ মেলা অনুষ্ঠিত হয়। নিয়োগ মেলাত ৬৫টা প্ৰতিষ্ঠানে ভাগ লয়। যত বিভিন্ন প্ৰান্তৰ পৰা অহা ছয় শতাধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰে । নিয়োগ মেলাৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ ভাষণ প্ৰসংগত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত পদক্ষেপক প্ৰশংসা কৰি উল্লেখ কৰি কয় যে এটা সময় আছিল, যেতিয়া শিক্ষাৰ্থীসকলৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰ হিচাপে কেৱল চৰকাৰী খণ্ডকেই প্ৰধান বুলি ধৰা হৈছিল। সেই দিন এতিয়া অতীত। বৰ্তমান অসমত প্ৰায় ২২ লাখ নিবনুৱা যুৱক-যুৱতী আছে। সেয়েহে আমাৰ অধিকসংখ্যক যুৱক-যুৱতীয়ে ব্যক্তিগত খণ্ডৰ ফালে আগবাঢ়ি যোৱাটো সময়ৰ আহ্বান।
নিয়োগ মেলাত বেংকিং আৰু বিত্তীয় সেৱা, তথ্য-প্ৰযুক্তি, টেলিকমিউনিকেশ্যন, ডিজিটেল সেৱা, স্বাস্থ্যসেৱা, শিক্ষা, মাইক্ৰ’ফাইনেন্স তথা অন্যান্য সহযোগী খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ ভিতৰত এইচ ডি এফ চি বেংক, টেক মহেন্দ্ৰ, ৰিলায়েন্স জিঅ, এক্সিজ বেংক, উজ্জীৱন স্মল ফাইনেন্স বেংক , আৰোহণ ফাইনেঞ্চিয়েল চাৰ্ভিছ, আদিত্য বিৰলা ছান লাইফ ইন্সুৰেঞ্চ আদি উল্লেখযোগ্য। নিয়োগ মেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে এইচ ডি এফ চি বেংকৰ উপ সভাপতি হেমন্ত বায়ন , সন্মানীয় অতিথি হিচাপে নেডফিৰ মহা প্ৰবন্ধক অলি বৰা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, জব ফেয়াৰ সমিতিৰ অধ্যক্ষ অধ্যাপক প্ৰাঞ্জল বৰুৱা , আহ্বায়ক ডঃ সমীৰ চৰকাৰকে ধৰি উদ্যোগ খণ্ডৰ কেবাজনো প্ৰতিনিধি, বিশ্ববিদ্যালয়ৰ কেবাজনো শিক্ষক আৰু অংশগ্ৰহণকাৰী প্ৰাৰ্থীসকল উপস্থিত থাকে।

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক  সম্পন্ন  জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ  একত্ৰিংশতম বৰ্ষৰ তৃতীয়খন বৈঠক উপদেষ্টা ৰী...
24/08/2026

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ তৃতীয়খন বৈঠক উপদেষ্টা ৰীতা শৰ্মাৰ সভাপতিত্বত ২৩ আগষ্টত বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সদস্যাসকলে আৰম্ভণি সংগীতেৰে শুভাৰম্ভ হোৱা বৈঠকত উদ্দেশ্য ব্যাখ্যা আৰু বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে সম্পাদিকা গীতিকা দাসে। আৰম্ভণিতে অসমৰ চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা আৰু অশোক গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। বৈঠকত স্বৰচিত লেখা পাঠ অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে অঞ্জনা ৰাণী ভট্টাচাৰ্য আৰু অঞ্জু শইকীয়া দত্তই । স্বৰচিত প্ৰবন্ধ পাঠ কৰে সুচিত্ৰা ডেকা, ৰুণুমী নাথ, দীপালী মেধি আৰু ডঃ অপৰ্ণা গোস্বামীয়ে । চুটি গল্প পাঠ কৰে দিপ্তী ৰেখা পাঠক মজুমদাৰে। আধুনিক গীত আৰু লোক গীত পৰিবেশন কৰে যথাক্ৰমে মিনতি গোস্বামী ,মণিকা পাটোৱাৰী, আৰু নিৰ্মালী গোস্বামীয়ে । উপদেষ্টা অন্নপূৰ্ণা দেৱীয়ে ভাষণ প্ৰদান কৰে। সভানেত্ৰীৰ ভাষণত ৰীতা শৰ্মাই বৈঠকত পাঠ হোৱা স্বৰচিত লিখনিসমূহৰ ওপৰত বিস্তৃত পৰ্য্যালোচনা দাঙি ধৰে। অসম সংগীতেৰে সামৰণি পৰা বৈঠকত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই।

ৰাণীত ১৭৫ বেটেলিয়ান চি আৰ পি এফৰ উদ্যোগত  মহিলা - যুৱতীৰ বাবে চিলাই প্ৰশিক্ষণ কাৰ্যসূচী  কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহ...
23/08/2026

ৰাণীত ১৭৫ বেটেলিয়ান চি আৰ পি এফৰ উদ্যোগত মহিলা - যুৱতীৰ বাবে চিলাই প্ৰশিক্ষণ কাৰ্যসূচী

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে মহিলা - যুৱতীৰ বাবে ১৯ আগষ্টৰ পৰা ২০ দিনীয়াকৈ এক উন্নতমানৰ চিলাই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা ১২গৰাকী মহিলা-যুৱতীক এই কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ১৭৫ চি আৰ পি এফ বেটেলিয়নৰ কমাণ্ডেণ্ট এন এন কে প্ৰসাদে মুখ্য অতিথিৰূপে উপস্থিত থাকি কয় যে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে সময়ে সময়ে জনহিতকৰ কাৰ্যসূচী আয়োজন কৰি আহিছো। য’ত স্থানীয় ৰাইজৰ মাজত চিলাই মেচিন, চাইকেল, গ্ৰন্থ আৰু ষ্টেচনাৰী সামগ্ৰী, চিকিৎসা, স্থাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ, শ্ৰেণীকোঠা মেৰামতি, ৰাজহুৱা শৌচাগাৰ, বিদ্যালয়ত বাথৰুম, যাত্ৰী জিৰণী চ’ৰা নিৰ্মাণ, সৌৰ শক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন, ক্ৰীড়ানুষ্ঠান, দক্ষতা বিকাশ শিৱিৰ, কোচিং ক্লাছৰ আয়োজন কৰি অহা হৈছে। অনুষ্ঠানত ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং আৰু অমিত যোশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখ্য যযে বাহিনীটোৰ উদ্যোগত আৰ্থিকভাবে দুৰ্বল শিক্ষাৰ্থীৰ বাবে এটা এমহীয়া কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে।

কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ' উপহাৰ
23/08/2026

কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ' উপহাৰ

কামপুৰৰ নিৰ্বাসী, বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা পৰিবেশকৰ্মী দম্পতি ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াক মধ্য অসম ৰেডিঅ' শ....

গুৱাহাটী বিশ্ববিদ্যালয়ত  ষষ্ঠ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন কামৰূপ জিলা কাৰাটে - ডু  এচোছিয়েশ্যনৰ উদ্যোগত অলপ...
22/08/2026

গুৱাহাটী বিশ্ববিদ্যালয়ত ষষ্ঠ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন

কামৰূপ জিলা কাৰাটে - ডু এচোছিয়েশ্যনৰ উদ্যোগত অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাল্টি পাৰপাজ ইনডোৰ হলত ষষ্ঠ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ ৩২ টা কাৰাটে ক্লাবৰ পৰা অহা ৭ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সলৈকে প্ৰায় ৩০০ খেলুৱৈয়ে ভাগ লৈছিল । প্ৰতিযোগিতাখন উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমুহৰ সচিব আৰু ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে । ভাষণ প্ৰসংগত ডঃ কাকতিয়ে কয় যে কাৰাটে হৈছে এক প্ৰকাৰৰ যুদ্ধ কলা আৰু আত্মৰক্ষাৰ খেল। খেল ধেমালিয়ে শৰীৰ সুস্থ কৰি ৰখাৰ উপৰিও মগজু বিকাশত সহায় কৰে। আনহাতে দিনযোৰাকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত অধ্যক্ষ তপন চন্দ্ৰ দাস, সভাপতি খগেন কলিতা , সাধাৰণ সম্পাদক ৰূপক ৰাজবংশী, কাৰ্যকৰী সভাপতি দীপাংকৰ মজুমদাৰ , যুটীয়া সম্পাদক ৰমেন ভূঞা , ৰামছাৰাণী জিলা পৰিষদৰ সদস্য কুশল দাসকে ধৰি ক্ৰীড়াৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া বিজয়ী প্ৰতিযোগী সকলৰ মাজত অভিজ্ঞ কাৰাটে প্ৰশিক্ষকৰ দ্বাৰা বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়।

প্ৰচাৰবিমুখ শিল্পী জয়মতী হাজৰিকাৰ কাষত সাংস্কৃতিক সাংবাদিক সন্থা পলাশবাৰী মিৰ্জাৰ বাসন্তী মন্দিৰ সমীপৱৰ্তী মনপুৰত আজি এস...
22/08/2026

প্ৰচাৰবিমুখ শিল্পী জয়মতী হাজৰিকাৰ কাষত সাংস্কৃতিক সাংবাদিক সন্থা

পলাশবাৰী মিৰ্জাৰ বাসন্তী মন্দিৰ সমীপৱৰ্তী মনপুৰত আজি এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু নাগাৰা নামৰ শিল্পী জয়মতী হাজৰিকাৰ কাষত উপস্থিত হয় ‘সাংস্কৃতিক সাংবাদিক, অসম’ৰ এটা প্ৰতিনিধি দল। শিল্পীগৰাকীৰ বৰ্তমানৰ জীৱন-সংগ্ৰামৰ বিষয়ে বুজ লোৱাৰ লগতে তেওঁৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ে প্ৰতিনিধি দলটোৱে পোনপটীয়াকৈ অৱগত হয়। সুদীৰ্ঘ কাল লোকসংস্কৃতিৰ সৈতে জড়িত হৈ থকা জয়মতী হাজৰিকাই এসময়ত নিজৰ কণ্ঠ আৰু শিল্পীসত্ত্বাৰে দৰ্শক-শ্ৰোতাক মুগ্ধ কৰিছিল। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ উপৰি দক্ষিণ কামৰূপৰ বিভিন্ন ভ্ৰাম্যমাণ মঞ্চত সংগীত পৰিৱেশন কৰা জয়মতী হাজৰিকাৰ শাস্ত্ৰীয় সংগীতৰো প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী। শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে পোহৰলৈ অহা শিল্পীগৰাকীৰ কণ্ঠ আজিও সজীৱ।কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিল্পীগৰাকীৰ জীৱনলৈ নামি আহিছে গভীৰ অনিশ্চয়তা। বৰ্তমান মিৰ্জাৰ মনপুৰত বাস কৰা জয়মতী হাজৰিকাৰ জীৱন অত্যন্ত কষ্টকৰ হৈ পৰিছে। আনকি তেওঁৰ হাতত প্ৰয়োজনীয় নথি-পত্ৰও পৰ্যাপ্তভাৱে নথকাৰ বাবে চৰকাৰী আঁচনি আৰু শিল্পী পেঞ্চনৰ দৰে সুবিধা লাভ কৰাত সমস্যাৰ সৃষ্টি হৈছে। এই পৰিস্থিতিৰ বিষয়ে অৱগত হৈ ‘সাংস্কৃতিক সাংবাদিক, অসম’ৰ সাংগঠিক সম্পাদক হেমন্ত শৰ্মা আৰু সহযোগী সম্পাদক গোপাল জালানে ব্যক্তিগতভাৱে শিল্পীগৰাকীক কিছু খাদ্য-সামগ্ৰী, বাচন-বৰ্তন, কাপোৰ-কানি আদি প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱাৰ লগতে কিছু আৰ্থিক সহায়ো আগবঢ়ায়। তদুপৰি, শিল্পীগৰাকীয়ে যাতে শিল্পী পেঞ্চন তথা অৰুণোদয় আঁচনি আদি চৰকাৰৰ পৰা প্ৰাপ্য অন্যান্য সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত কৰাৰ বাবেও দায়িত্ব গ্ৰহণ সাংবাদিকদ্বয়ে। আনহাতে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰি জয়মতী হাজৰিকাৰ দৰে প্ৰচাৰবিমুখ শিল্পীয়ে যাতে সহজতে শিল্পী পেঞ্চন লাভ কৰিব পাৰে, সেই বিষয়টোও সন্থাৰ তৰফৰ পৰা আগবঢ়াই নিয়াৰ উদ্যোগ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি সাংবাদিক হেমন্ত শৰ্মাই কয় যে অসমৰ বহু শিল্পীয়ে জীৱনৰ মূল্যৱান সময়খিনি সংগীত, নাট্য, লোকসংস্কৃতি আৰু ভ্ৰাম্যমাণ মঞ্চৰ জৰিয়তে সমাজক সমৃদ্ধ কৰাৰ পাছতো জীৱনৰ শেষ সময়ছোৱাত যথোচিত মৰ্যাদা আৰু সহায়ৰ পৰা বঞ্চিত হৈ আছে। এনে শিল্পীসকলক কেৱল বিশেষ দিনত স্মৰণ কৰাই যথেষ্ট নহয়, তেওঁলোকৰ জীৱিত অৱস্থাতে কাষত থিয় দিয়াটো সমাজ আৰু সংবাদ মাধ্যমৰ দায়িত্ব। অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাই সাংবাদিক গোপাল জালানে জয়মতী হাজৰিকাৰ দৰে এসময়ৰ শিল্পীসকলক কৰুণাৰ পাত্ৰ হিচাপে নহয়, অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বাহক হিচাপে চাব লাগে বুলি মন্তব্য কৰি সমাজৰ সামৰ্থ্যৱান ব্যক্তি, সাংস্কৃতিক সংগঠন আৰু চৰকাৰী বিভাগসমূহে এনে শিল্পীসকলক বিচাৰি উলিয়াই তেওঁলোকৰ প্ৰাপ্য সন্মান, মৰ্যাদা আৰু চৰকাৰী সুবিধা লাভৰ পথ প্ৰশস্ত কৰাত আগভাগ ল'বলৈ আহ্বান জনায়।

LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
22/08/2026

LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram

An inspection visit to the ongoing LIC HFL SANGAM Project was conducted on 19 August at Seswng, Thingsulthliah, Aizawl, reaffirming LIC Housing Finance Limited's (LIC HFL) commitment to sustainable livelihood creation and enterprise development in In

21/08/2026

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ভূমিকম্পৰ প্ৰৱণতা কিমান? ভূ-বিজ্ঞানীয়ে কি কয়।

অসম ডনবস্কো বিশ্ববিদ্যালয়ত 'কৃত্ৰিম বুদ্ধিমত্তা সক্ষম জৰুৰীকালীন সংযোগ ব্যৱস্থা' শীৰ্ষক  দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা-চক...
20/08/2026

অসম ডনবস্কো বিশ্ববিদ্যালয়ত 'কৃত্ৰিম বুদ্ধিমত্তা সক্ষম জৰুৰীকালীন সংযোগ ব্যৱস্থা' শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ

অখিল ভাৰতীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্কো বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে 'কৃত্ৰিম বুদ্ধিমত্তা সক্ষম জৰুৰীকালীন সংযোগ ব্যৱস্থা' (AI-enabled Resilient Communication Systems for Disaster Response and Emergency Connectivity) শীৰ্ষক এখন দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ ।
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ফাডাৰ ডঃ জ’ছ পেলেলি আৰু সম উপাচাৰ্য ফাডাৰ যোচেফ নেল্লানাটৰ নেতৃত্বত অনুষ্ঠিত এই আলোচনা চক্ৰখনৰ সমন্বয়ক আছিল ডঃ দেৱশ্ৰী বৰঠাকুৰ আৰু সহ-সমন্বয়ক আছিল ডঃ স্মৃতি প্ৰিয়া মেধি ।
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ৰাজ্যিক প্ৰকল্প বিষয়া ডঃ কৃপালজ্যোতি মজুমদাৰে ভাষণ প্ৰসংগত উত্তৰ-পূৰ্বাঞ্চলৰ দৰে দুৰ্যোগ প্ৰৱণ অঞ্চলত নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থা, প্ৰযুক্তিগত প্ৰস্তুতি আৰু সমন্বিত দুৰ্যোগ প্ৰতিক্ৰিয়া ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।
এই আলোচনা-চক্ৰৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল AICTE-VAANI উদ্যোগৰ অধীনত মণিপুৰী ভাষাত ইয়াৰ আয়োজন আৰু মূল উদ্দেশ্য হৈছে আঞ্চলিক ভাৰতীয় ভাষাৰ জৰিয়তে কাৰিকৰী শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ ঘটোৱা। এই পদক্ষেপে উন্নত কাৰিকৰী বিষয়সমূহ অধিক সহজে বুজি পোৱাৰ লগতে আঞ্চলিক পৰ্যায়ত অধিক অংশগ্ৰহণৰ এক গুৰুত্বপূৰ্ণ সুযোগ সৃষ্টি কৰিব।আলোচনা-চক্ৰখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক বৈশিষ্ট্য, যোগাযোগৰ সীমাবদ্ধতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি থকা দুৰ্বলতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ পৰম্পৰাগত যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ সময়ত জৰুৰীকালীন সেৱা আৰু দুৰ্যোগ প্ৰতিক্ৰিয়াৰ বাবে স্থিতিস্থাপক যোগাযোগ আন্তঃগাঁথনি আৰু বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰা হ’ব।
গুৱাহাটী বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় , ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান মণিপুৰ আৰু অসম ডনবস্কো বিশ্ববিদ্যালয়কে ধৰি অঞ্চলটোৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ বিশিষ্ট সমল ব্যক্তিসকলে আলোচনা-চক্ৰখনত বিভিন্ন কাৰিকৰী অধিৱেশনত অংশগ্ৰহণ কৰে আৰু বিশেষজ্ঞ মতামত আগবঢ়াব।
আলোচনা চক্ৰত উপগ্ৰহ যোগাযোগ, ৬ জি এণ্টেনা ডিজাইন, কোৱাণ্টাম-সহায়িত যোগাযোগ নেটৱৰ্ক আৰু বানপানীৰ আশংকা ব্যৱস্থাপনাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ আদি অত্যাধুনিক বিষয়সমূহৰ ওপৰত কাৰিকৰী আলোচনা অনুষ্ঠিত হব। এই আলোচনাসমূহে দুৰ্যোগৰ আগতীয়া প্ৰস্তুতি, জৰুৰীকালীন যোগাযোগ আৰু স্থিতিস্থাপক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত উন্নত যোগাযোগ প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা সমন্বিত ব্যৱহাৰৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিব । ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনে দক্ষতা বিকাশ, জ্ঞানৰ আদান-প্ৰদান আৰু আন্তঃবিষয়ক গৱেষণাৰ বাবেও এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব । ইয়াত শিক্ষাবিদ, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ পেছাদাৰীসকলে একত্ৰিত হৈ দুৰ্যোগৰ প্ৰতি স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ বাবে প্ৰযুক্তিনিৰ্ভৰ সমাধানৰ সম্ভাৱনাসমূহ অন্বেষন কৰিব।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when NeFocus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NeFocus:

Shortcuts

Share