10/04/2025
ইতিমধ্যে বেংকত আমাৰ এঘণ্টা অতিবাহিত হৈছিল আৰু মই অধৈৰ্য হৈছিলোঁ ৷ বাবাক সুধিছিলোঁ, "আপুনি নেট বেংকিং খুলি নলয় কিয় ?"
"তেতিয়া কি হ’ব ?" জ্যেষ্ঠনাগৰিকৰ সংৰক্ষিত আসনত বহি থকাৰ পৰাই বাবাই মোক ওলোটাই সুধিছিল ৷
"তেতিয়া অন্ততঃ আমি টকা ট্ৰান্সফাৰৰ বাবে ঘণ্টা ধৰি শাৰী পাতিব নালাগিব ৷"
"মই ঘৰৰ পৰা নোলালেও হ’ব নেকি?"
"হয় ৷ আনকি আপোনাৰ বজাৰবোৰো এতিয়া অনলাইনতে কৰিব পাৰি ৷ ফোনত অৰ্ডাৰ দিলেই বস্তু আহি দুৱাৰমুখত হাজিৰ হ’বহি ৷"
বাবা অলপ সময় মনে মনে থাকিল ৷ খুব ধীৰেৰে ক’লে, "তুমি দেখিছাই, আজি বেংকলৈ আহি মোৰ চাৰিজন বন্ধুক লগ পাইছোঁ ৷ কথা পাতিছোঁ ৷ চিনাকি হৈ পৰা বেংকৰ কৰ্মচাৰীসকলৰ খা-খবৰ লৈছোঁ ৷"
বাবাই কথাবোৰ খুব সৰুকৈ কৈছিল ৷ কিন্তু স্পষ্ট আছিল ৷
"জানাই মই অকলশৰীয়া ৷ মোৰ হাতত এতিয়া বহুত সময় ৷ কিন্তু যিটো মোৰ অভাৱ, যিটো বিচাৰি মোৰ মনে হাহাঁকাৰ কৰে সেইটো হৈছে কাৰোবাৰ সংগ।"
মোৰ খং উঠিছিল ৷ কিন্তু সেয়া মই বাবাৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ ৷
"দুবছৰ আগতে মই যেতিয়া হাস্পতালত ভৰ্তি হৈ আছিলোঁ, তুমি জানি আচৰিত হ’বা যে মই ফলমূল কিনা দোকানীজন হাস্পতালৰ মোৰ বিছনাৰ কাষত বহি উচুপিছিল ৷"
বাবা অলপ ৰৈছিল ৷ চচ্মাৰ কাষেৰে চকুদুটা মোহাৰিলে আৰু আকৌ ক’লে,
"সেইদিনাৰ ঘটনাটোকে চোৱা ৷ তোমাৰ মা যেতিয়া মৰ্ণিং ৱাকত গৈ মূৰ ঘূৰাই পৰি গৈছিল তেতিয়া নিজৰ গাড়ীৰে হাস্পতাললৈ নি আমাক খবৰ দিয়াজন আমাৰ গেলামালৰ দোকানীজন নাছিলনে ? অনলাইনত বস্তু কিনিলে লগত এই মানৱীয়তাকো পামনে ?
মই বাবাৰ মুখলৈ চাই আছিলোঁ ৷ তেওঁ কৈ গৈছিল ৷ "মই আজিলৈকে যিমান ব্যক্তিৰ সৈতে লেনদেন কৰিছোঁ, তেওঁলোকৰ লগত এটা আত্মিক সম্পৰ্ক গঢ়ি তুলিছোঁ ৷ এতিয়া কোৱা, তোমাৰ এমাজনে এনে আত্মিক সম্পৰ্ক এটা মোক ডেলিভাৰী দিব পাৰেনে ?"
মোৰ ওচৰত উত্তৰ নাছিল ৷ মোৰ চকুলৈ চাই থাকা বাবাৰপৰা মোৰ দুচকু ঘূৰাই লৈছিলোঁ ৷
"কেৱল প্ৰযুক্তিয়েই জীৱন নহয় মোৰ সোণ ৷ যন্ত্ৰ নহ’বা ৷ মানুহ হোৱা ৷ সময়বোৰ মানুহক দিয়া, যন্ত্ৰক নহয় ৷"
বাবা ইতিমধ্যে কাউণ্টাৰৰ ওচৰ পাইছিলগৈ ৷
"তুমি ভাল ফল-মূল কেইটামান কিনি আানা ৷ আমাক পেপাৰ দিয়া মাধৱৰ অসুখ, আমি তেওঁৰ খবৰ ল’বলৈ হাস্পতাললৈ যাম ৷"
এটা হাতেৰে গাড়ীৰ চাবিতো পকাই পকাই বেংকৰপৰা ওলাই আহোঁতে উভতি চাই দেখিছিলোঁ,বাবাই তেওঁৰ কাষত বহি থকা লোকজনৰ সৈতে হাঁহি হাঁহি কথা পাতি আছে ৷
(কাহিনীটোৰ মূল জুমুঠিটো ইংৰাজীৰ ৷