16/09/2026
অসমৰ হিয়াৰ আমঠু, মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই লক্ষীমপুৰ জিলাৰ হাৰমতীত তেওঁৰ এক ধুনীয়া প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। শিল্পীগৰাকীৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে যেতিয়া আৱেগেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰে, তেতিয়া তাত উপস্থিত থকা প্ৰত্যেকজন মানুহৰ চকু সজল হৈ পৰে।