Brahmaputratimes Assam

Brahmaputratimes Assam Digitized version of RNI registered Fortnightly- PASEKIA BRAHMAPUTRA edited by Author Biswajit Barooah

17/05/2026

ডিব্ৰুগড়ৰ কছাৰীবাৰীৰ বয়োজ্যেষ্ঠ সৰবৰাহী মহিলা, সমাজকৰ্মী মীৰা সোনোৱাল মৃত্যু: শোকৰ ছাঁ
#ব্ৰহ্মপুত্ৰ_বাৰ্তা
ডিব্ৰুগড়ৰ কছাৰীবাৰী , মানকটা অঞ্চলৰ বয়োজ্যোষ্ঠ সৰবৰাহী মহিলা সমাজ কৰ্মী, পূবেৰুণ সঙ্ঘৰ প্ৰতিষ্ঠা কালৰ সদস্যা, মানকটা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য, কছাৰীবাৰী ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী মীৰা সোণোৱালৰ কালি বাৰ্দ্ধক্যজনিত কাৰণত নিজা বাসগৃহত (৮৫ ) পৰলোকগামী হয় ।

মৃত্যু সময়ত পুত্ৰ-বোৱাৰী,চাৰি গৰাকী জী-জোঁৱাই,নাতি-নাতিনী আত্মীস্বজন ইহ সংসাৰত এৰি যায়। অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী হিচাপেও জনাজাত সোণোৱালৰ মৃত্যুত সমাজখনৰ বাবে বহু অপূৰণীয় ক্ষতি হয় বুলি বিভিন্ন জনে মত প্ৰকাশ কৰে।কালিৰে পৰা আৰম্ভ হোৱা ৪৭ সংখ্যক কছাৰীবাৰী ৰঙালীবিহ সন্মিলন চলি থকা কাৰ্যসূচী তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিহু সন্মিলনখনি সাময়িকভাৱে স্থগিত ৰাখি বিদেহ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হয় ।

আনহাতে আজিৰ পুৱা ভাগৰ সকলো কাৰ্যসূচী আৰু প্ৰতিযোগিতাসমূহ বাতিল কৰে। তেখেতৰ বিয়োগত কছাৰীবাৰী পূবেৰুণ সংঘ, ৰামধেনু মইনা পাৰিজাত,মানকটা শাখা সাহিত্য সভা, হাটীমূৰা সম্বনয় নগৰ উন্নয়ন সমিতি, লক্ষীনগৰ উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।

ডিব্ৰুগড়ত বিদ্যালয় সমূহত  বিশৃংখলতা দূৰ কৰি শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকৰ : বিদ্যালয়সমূহৰ পৰিদৰ্শক- কবিত...
17/05/2026

ডিব্ৰুগড়ত বিদ্যালয় সমূহত বিশৃংখলতা দূৰ কৰি শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকৰ : বিদ্যালয়সমূহৰ পৰিদৰ্শক- কবিতা ডেকা
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিৱেশৰ লগত খাপ খুৱাই ল’বলৈ প্ৰস্তুত হ’ব লাগে। এটা সম্পূর্ণভাৱে সু-সজ্জিত কোঠাক তেওঁ শ্ৰেণীকোঠা হিচাপে বাছি ল’ব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল’ব পাৰে। ইয়াৰ উপৰি শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বিশৃংখলতা দূৰ কৰি এক শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকৰ। এই মন্তব্য ডিব্ৰুগড় বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাৰ।

আজি ঐতিহাসিক বাগ্মীবৰ নীলমণি ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা আঁচনি বিষয়খ দীপক বুঢ়াগোহাঁই আঁতধৰা শিক্ষা বিভাগৰ শৈক্ষিক সভাত উপস্থিত থাকি পৰিদৰ্শক কবিতা ডেকাই কয় যে- আজি জিলাখনৰ আমোলাপট্টি শৈক্ষিক কেন্দ্ৰৰ শতাধিক শিক্ষকৰ উপস্থিতি এই বিশেষ শৈক্ষিক সভাখন আয়োজন কৰা হৈছে। জিলা খনৰ মুঠ ১৫৮ টা শৈক্ষিক কেন্দ্ৰৰ ভিতৰত এই আমোলাপট্টি শৈক্ষিক কেন্দ্ৰতে প্ৰথম আৰম্ভণি।

সভাখনৰ যোগেদি শিক্ষক সকলৰ সৈতে মতবিনিময় দ্বাৰাই শিক্ষাৰ অগ্ৰগতি আভাষ লোৱা। শিক্ষা অনুষ্ঠানত যদি শিক্ষাৰ পৰিৱেশ নাথাকে তেন্তে ছাত্ৰ-ছাত্ৰী কেনেকৈ পাঠ গ্ৰহণ কৰিব? শিক্ষকেই শৈক্ষিক পৰিৱেশ গঢ় দিব লাগিব। শিক্ষকেই মানৱ সম্পদ গঢ় দিব লাগিব। এজন শিক্ষকৰ ওপৰতেই একো একোজন ছাত্ৰৰ ভৱিষ্যত জীৱনৰ গতিপথ নিৰ্ণয় কৰে। গতিকে বিদ্যালয়ত প্ৰৱেশ কৰা লগে লগে শিক্ষকে ব্যক্তিগত সকলো সমস্যাৰ ত্যাগ কৰাটো অতি প্ৰয়োজন। কিয়নো অভিভাৱ সকলে তেওঁলোকৰ সন্তানক শিক্ষকৰ ওপৰতে এৰি যায়। সেয়েহে ছাত্ৰসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশৰে অনুশাসন ৰক্ষা কৰাটো শিক্ষকৰ কৰ্তব্য। অনুশাসন ৰক্ষাৰ বাবে তেওঁ সততে দৈহিক শাস্তিৰ প্ৰয়োগৰ পৰা বিৰত থাকিব লাগে। ব্যক্তিগত আৰু পাঠ্য সম্বন্ধীয় যিকোনো সমস্যা ছাত্র-ছাত্রীসকলে যাতে বীনা দিদ্ধাই শিক্ষকজনক সুধিব পাৰে তাৰ বাবে তেওঁ বন্ধুভাৱাসম্পন্ন মনোভাৱ গঢ়ি লোৱা উচিত। শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিৱৰ্তে প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিবলৈ উৎসাহিত কৰিব লাগে। ছাত্ৰ-ছাত্ৰীক কেৱল মুখস্থ কৰাৰ পৰিৱৰ্তে, চিন্তা কৰা, প্ৰশ্ন কৰা আৰু বিশ্লেষণাত্মকভাৱে কথা বুজি পোৱাৰ ক্ষমতা বৃদ্ধি কৰা।শিক্ষক-অভিভাৱকৰ সম্পৰ্ক সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নতিৰ বাবে অভিভাৱকসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা আৰু আলোচনা কৰি ৰোল মডেল হিচাপে নিজে আদৰ্শ আচৰণ আৰু অনুশাসন মানি চলি ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা । এনে কাৰ্যৰ পৰা ছাত্ৰ-ছাত্ৰী সকল শিকনৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাটো নিশ্চিত। আনহাতে শিক্ষক আৰু অভিভাৱকৰ মাজত সু-সম্পৰ্ক স্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰা আৰু শিশুৰ চৰিত্ৰ গঠনত সহায় কৰা।প্ৰকৃততে, প্ৰাথমিক শিক্ষকে শিশুৰ জীৱনৰ আধাৰশিলা স্থাপন কৰে আৰু তেওঁলোকক এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ প্ৰেৰণা যোগায় বুলি উল্লেখ কৰি পৰিদৰ্শক কবিতা ডেকাই ভাষণ প্ৰসংগত কয় যে- শিক্ষাই মানুহক বিভিন্ন জ্ঞান আৰু গুণ আহৰণত সহায় কৰে, কর্মহীন শিক্ষা অবাস্তব। কর্ম শিক্ষাই মানুহক ভালদৰে জীয়াই থাকিবলৈ শিকায়। মুল্যবোধৰ শিক্ষাই মানুহক যোগ্য নাগৰিক ৰূপে জীৱন- যাপন আৰু সু-চিন্তা কৰিবলৈ শিকায়। উভয় পদ্ধতিৰ সমন্বয় শিক্ষাই হ'ল সমাজৰ সকলোৰ কাৰণে মঙ্গল বা কল্যাণকৰ। ভাল-বেয়া, সুন্দৰ- অসুন্দৰ, সত্য-অসত্য, ন্যায়-অন্যায়, হিত-অহিতৰ মাজত পাৰ্থক্য সৃষ্টি কৰাৰ জ্ঞান অর্জনেই হৈছে প্রকৃত শিক্ষা।বিদ্যালয়ত শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ আন্তঃগাঁথনি উন্নয়ন, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, আৰু ডিজিটেল শিক্ষাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন।

ইয়াৰ লগতে শিক্ষানুষ্ঠান আৰু অভিভাৱকৰ মাজত সজাগতা সৃষ্টি কৰাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় এৰাৰ প্ৰৱণতা হ্ৰাস কৰিব পাৰি।'চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মান নিম্নগামী হোৱাৰ কাৰণে যদি ছাত্ৰ-ছাত্ৰী কমি যায়, চৰকাৰী শিক্ষা ব্যৱস্থাত অভিভাৱকসকলে যদি আস্থা হেৰুৱাই তেনেহ'লে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কমিব। সেই ব্যৱস্থা দূৰ কৰিবলৈ শিক্ষকে সদায়ে সচেতন অৱলম্বন কৰাতো অত্যন্ত প্ৰয়োজন। সভাত জিলা আঁচনি বিষয়া দীপক বুঢ়াগোহাঁই কয় যে- বিদ্যালয় সমূহত এফ এল এন , টি এল এমৰ উপযুক্ত ব্যৱহাৰৰ, শিক্ষকৰ দিনলিপি পাঠ পৰিকল্পনা, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, আন্ত:গাঁথনি ইত্যাদি সমূহ সঠিক কাৰ্যকৰী কৰাৰ লগতে লিখন ,পঠন আৰু সাংখ্যিকতা বিষয়ে দক্ষতা অৰ্জন কৰাতো অতি গুৰুত্বপূৰ্ণ। সেই বাবে শিক্ষকে অতি সচেতন হোৱাটো বাঞ্চনীয়। তেওঁ লগতে কয় যে- বিদ্যালয়ৰ বিজ্ঞানাগাৰ আৰু পুথিভঁৰাল ছাত্ৰ-ছাত্ৰী সকলৰ সম্পদ। এই সম্পদক সঠিক ব্যৱহাৰ আৰু ৰক্ষা কৰা দায়িত্ব শিক্ষক সমাজৰ। সকলো ছাত্ৰ-ছাত্ৰীক ইয়াৰ সৈতে যুক্ত কৰাটো শ্ৰেয়।

তেওঁ বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শন কৰি পোৱা কিছু অভিজ্ঞতা সভাত উল্লেখ কৰে। সভাত জিলা শৈক্ষিক পৰিষদৰ সভাপতি ড০ উইন কেন, প্ৰভাত দেউৰী আৰু শিক্ষক সকলৰ হৈ স্মৃতা বৰবৰা, চন্দন ফুকন, মিতালি মহন্ত, তজমুল আলি, জুৰি দেৱী আদিয়ে নিজ নিজ মতা-মত আগবঢ়ায়।সভাত ছয় নং আমোলাপট্টি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় শিক্ষক সকল ইউনিৰ্ফৰ বিষয়ে আলোচনাত ঠাই পায়। পৰিদৰ্শন ডেকাই বিদ্যালয়ৰ শিক্ষক সকলৰ একে সাজ-পোছাক পিন্ধনৰ কাৰ্যক ভূয়শী প্ৰসংশা কৰে। উল্লেখযোগ্য যে- উক্ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লগতে শিক্ষক সকলেও একে সাজ- পোছাক পৰিধান কৰে।সভাত জিলা শৈক্ষিক পৰিষদৰ সভাপতি ড০ উইন কেন, সম্পাদক উদয়শংকৰ গগৈ, সদস্য অজয় কোঁৱৰ, ডিব্ৰুগড় চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত দেউৰী, ভিক্টোৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ ৰঞ্জন ফুকন, বিএন পিৰ অধ্যক্ষ মিনাক্ষী ফুকন, বৰবৰুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিপালী নৰহ য়েইন, বি আৰ পি ৰূমী কোঁৱৰ, বি আৰ পি আই চি স্মৃতা বৰবৰা চি আৰ চিচি চৌভিক বৰদলৈ, মঞ্জু দিহিংঙীয়া,ভাস্কৰ বৰা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

15/05/2026

ডিব্ৰুগড়ত ৰাজনু বড়া টি টুৱেন্টি ক্ৰিকেট ২০ মে'ৰ পৰা আৰম্ভ
াছিম_আলী
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজনু বড়া প্ৰাইজমানি টি টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাখন জালান আউটডৰ ষ্টেডিয়ামত অহা ২০ মে'তাৰিখৰ পৰা অনুষ্ঠিত কৰা হব। নকআউট পদ্ধতিত অনুষ্ঠিত কৰিবলৈ লোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অহা ১৬ মে' তাৰিখৰ ভিতৰত জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক আব্দুল ৰহমানৰ ( ৮৮৭৬০৩১৭৮৯) সৈতে ইচ্ছুক দল সমূহক আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে।

ডিব্ৰুগড়ত উলহ-মালহেৰে দ্বি-বাৰ্ষিক তিনিচুকীয়া মণ্ডল ৰে’লৱে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সম্পন্ন: জুবিনলৈ শ্ৰদ্ধাঞ্জলিৰ...
15/05/2026

ডিব্ৰুগড়ত উলহ-মালহেৰে দ্বি-বাৰ্ষিক তিনিচুকীয়া মণ্ডল ৰে’লৱে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সম্পন্ন: জুবিনলৈ শ্ৰদ্ধাঞ্জলিৰে ১০ জোপা নাহৰ পুলি ৰোপণ
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অ'বিচি কৰ্মচাৰী সংস্থা, তিনিচুকীয়া মণ্ডল সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় ৰিক্ৰিয়েশ্যন ক্লাৱ তথা চিৰিংগাঁও ৰে'লৱে কলনীৰ আতিথ্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে " দ্বি-বাৰ্ষিক তিনিচুকীয়া মণ্ডল ৰে'লৱে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি পৰে।

উৎসৱৰ প্ৰথম দিনা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অ'বিচি কৰ্মচাৰী সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ তিনিচুকীয়া মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক তথা উদযাপন সমিতিৰ মুখ্য উপদেষ্টা গণেশ গগৈয়ে। বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মাধুৰ্য্য বৰুৱাই। শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ উপ-সভাপতি বিৰাজ দত্ত আৰু পৰাগ দত্তই। অনুষ্ঠানত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত গণশিল্পী ৰাজিৱ শদিয়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিৰিং গাঁৱৰ ৰে'লৱে মহিলা সমিতিৰ বিষয়ববীয়াসকলে। বিশেষভাৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত দহ জোপা নাহৰৰ পুলি ৰোপণ কৰে উদযাপন সমিতিৰ মুখ্য সাধাৰণ সম্পাদক সোণমণি দিহিঙীয়া, কোষাধ্যক্ষ কৈলাস হাজৰিকা, যুটীয়া সম্পাদক কল্যাণ গগৈ আৰু মাধুৰ্য্য বৰায়ে।

উৎসৱৰ দুয়োটা দিনতে স্থানীয় ৰাইজ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মৰত বিভিন্ন জাতি জনগোষ্ঠীয় তথা সম্প্ৰদায়ৰ লোক সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। বিহু সন্মিলনৰ লগত সংগতি ৰাখি চিত্ৰাংকণ আৰু কণী যুঁজ প্ৰতিযোগিতাৰ লগতে উদযাপন সমিতিয়ে অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ পৰা পৰম্পৰাগত ভাৱে সেৱা- আশীর্বাদ গ্ৰহণ কৰে লগতে বিহু নাচ আৰু বিহুৱতী প্ৰতিযোগিতাই দৰ্শকক মোহিত কৰে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল জাতীয় আৰু জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা। ডিব্ৰুগড় যান্ত্ৰিক কাৰখানাৰ উপ-মুখ্য সামগ্ৰীক প্ৰৱন্ধক নয়নজ্যোতি গগৈয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। স্বৰ্গীয় ৰেৱকান্ত চুতীয়া আৰু তৰ্পনা চুতীয়াৰ সোঁৱৰণীত অনুষ্ঠিত এই প্ৰতিযোগিতাত 'মিচেছ এণ্ড মিছ তিনিচুকীয়া ডিভিজন ২০২৬'ৰ লগতে কনফিডেণ্ট, টেলেণ্ট, বেষ্ট স্মাইল আদি বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। অন্তিম দিনাৰ কাৰ্যসূচীত সমাজৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত কৰি উদযাপন সমিতি আৰু চিৰিং গাঁও ৰিক্ৰিয়েশ্যন ক্লাৱৰ তৰফৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চিৰিংগাঁও ৰে'লৱে কলনী তথা উপকণ্ঠ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়।

একেদৰে ৰে'লৱে কলনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো বিদায়ী সম্ভাষণ জনোৱা হয়। নিশালৈ অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ নিবিড় আৰু তপন হাজৰিকাৰ গীতৰ শৰাইৰে সমগ্ৰ পৰিৱেশ জীপাল হৈ পৰে। সামৰণি অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, উত্তৰ-পূব সীমান্ত ৰে'লৱে অ'বিচি কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভি পি ৰাম ৰাও, কাৰ্যালয় সম্পাদক অনিল চন্দ্ৰ ডেকাৰ লগতে লামডিং আৰু তিনিচুকীয়া মণ্ডলৰ বহুকেইগৰাকী বিষয়ববীয়া বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰে। অনুষ্ঠানৰ আঁত ধৰে উত্তৰ-পূব সীমান্ত ৰে'লৱে অ'বিচি কৰ্মচাৰী সংস্থা, ডিব্ৰুগড় যান্ত্ৰিক কাৰখানা সমিতিৰ সাধাৰণ সম্পাদক তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত গগৈয়ে।

ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত চমকপ্ৰদ সাফল্য :: বাণিজ্য শাখাত যশিত...
15/05/2026

ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত চমকপ্ৰদ সাফল্য :: বাণিজ্য শাখাত যশিতা বাজাজৰ ৯৯.৪ শতাংশ
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
ডিব্ৰুগড়ৰ খনিকৰস্থিত শিক্ষা ভেলী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ২০২৬ ৰ ফলাফলত চমকপ্ৰদ সফলতা অৰ্জন কৰি কলা, বাণিজ্য আৰু বিজ্ঞান তিনিওটা শাখাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ নিয়মিত শৈক্ষিক অনুশাসন, মানসম্পন্ন শিক্ষাদান আৰু শিক্ষাৰ্থীক দিয়া সঠিক দিশ-নিৰ্দেশনাই পুনৰ এবাৰ এই সাফল্যৰ ৰূপ লৈছে।

বাণিজ্য শাখাত যশিতা বাজাজে ৯৯.৪% নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে । জাগৃত সিংঘানীয়াই ৯৯.২%, আৰু শুভি জৈনে ৯৮.৬% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উক্ত শাখাত একাধিক শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত সপূৰ্ণ নম্বৰ লাভ কৰি বিশেষ কৃতিত্ব লাভ কৰে। যশিতা বাজাজে বিজনেছ স্তাদিজ, অংক আৰু এন্ত্ৰাপ্ৰেনিউৰচিপ বিষয়ত ১০০ শতাংশ লাভ কৰে।জাগৃত সিংঘানীয়াই বিজনেছ ষ্টাডিছ, একাউণ্টেন্সী আৰু অঙ্ক বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও শুভি জৈনে একাউণ্টেন্সী , অঙ্ক আৰু এন্ত্ৰাপ্ৰেনিউৰচিপ বিষয়ত সম্পূৰ্ণ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় ।

কলা শাখাত মুমতাক ৰুকবোৱে ৯৬% নম্বৰ লাভ কৰি শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ৰিয়াদ মৰুফ হাছানে ৯৫% আৰু অত্ৰেয়ী অপৰ্ণা চেতিয়াই ৯৪% নম্বৰ লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

বিজ্ঞান শাখাত অনন্যা গগৈয়ে ৯২.৭৫% নম্বৰ লাভ কৰি শীৰ্ষস্থান লাভ কৰে। তাভিশী আধ্যাশ্ৰীয়ে ৯২.৫% আৰু অব্যান ফুকনে ৯০% নম্বৰ লাভ কৰি উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।শিক্ষা ভেলী বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে সকলো সফল শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই এই সাফল্যৰ কৃতিত্ব শিক্ষাৰ্থীৰ কঠোৰ পৰিশ্ৰম, শিক্ষক- শিক্ষয়িত্ৰীৰ একান্ত দিশ-নিৰ্দেশনা আৰু অভিভাৱকৰ অবিচল সহযোগিতাক শলাগ জ্ঞাপন কৰে । বিদ্যালয়খনে আগন্তুক দিনতো শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব বুলি জানিবলৈ দিয়ে।

24/04/2026
20/04/2026
বিচিপিএলত নামঘৰ প্ৰতিষ্ঠা দিৱস পালন: বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ   #ব্ৰহ্মপুত্ৰ_বাৰ্তা নামঘৰ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছে...
19/04/2026

বিচিপিএলত নামঘৰ প্ৰতিষ্ঠা দিৱস পালন: বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ
#ব্ৰহ্মপুত্ৰ_বাৰ্তা
নামঘৰ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিষ্ঠিত নামঘৰে অসমীয়া জাতীয় জীৱনৰ এক অমৰ সৃষ্টি সমাজক সংস্কাৰ কৰি গুৰুজনাৰ কৰ্মৰাজিৰে নতুন প্রজন্ম তথা ৰাইজৰ মাজত মহান অৱদানক জীয়াই ৰখাৰ মানসেৰে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএলৰ আৱাসিক সকলে পালন কৰে নামঘৰ প্ৰতিষ্ঠা দিৱস।

দেশৰ ভিন্ন প্ৰান্তৰ পৰা কৰ্মসূত্ৰে আহি ডিব্ৰুগড় বিচিপিএলত কৰ্মত নিয়োজিত হৈ নিজৰ ঘৰৰ পৰা বাহিৰত থাকিও-ব্যস্ততাৰ মাজতে বিচিপিএল আৱাসিক নগৰীত ২০২১ চনত কেইগৰাকীমান বৈষ্ণৱৰ মহৎ প্ৰচেষ্টাত প্রতিষ্ঠা কৰা নামঘৰ ভাগিত আজি বিগত বৰ্ষৰ সমূহৰ দৰে বিচিপিএলৰ সমূহ কৰ্মচাৰী ৰাইজ একত্ৰিত হৈ এই অনুষ্ঠান ভাগি ধৰ্মীয় পৰম্পৰা আৰু বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰে। ৰাতিপুৱা উষা কীৰ্তনৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ধৰ্মধ্বজা উত্তোলন কৰে বিচিপিএলৰ পৰিচালন সঞ্চালক প্রাঞ্জল চাংমাই । নাম প্ৰসংগ,কীৰ্তন পাঠৰ পিছতে শিশু সকলৰ মাজত এখনি বক্তৃতা প্রতিযোগিতাৰ অনুষ্ঠিত কৰি বঁটা প্ৰদান কৰে। গুৰুজনাৰ কৰ্মৰাজি নতুন প্রজন্ম তথা বিভিন্ন ভাষা-ভাষী তথা ৰাইজৰ মাজত প্ৰাণৱন্ত কৰি ৰখাৰ বাবে তেওঁলোকৰ এই ক্ষুদ্র প্রয়াস।

আনহাতে নামধৰ্ম প্ৰচাৰৰ উপৰিও হৰিনাম ধৰ্ম, কলা, সাহিত্য, সংস্কৃতিক অসমীয়া মানুহৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা অনুষ্ঠানভাগিত গুৰুজনাৰ সৃষ্টিৰাজিৰ ওপৰত বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱাই ।

গুৰুজনাৰ অৱদানেৰে সমৃদ্ধি হোৱা নামঘৰে অসমীয়া সমাজক জিলিকাই তোলা প্রসংগই সকলোকে আনন্দিত কৰি তুলিছে। অনুষ্ঠানত নামঘৰ সমিতিৰ সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ তালুকদাৰ (ডিজিএম ), নামঘৰ সমিতিৰ সম্পাদক, বিৰাজ তালুকদাৰ, ৰোহিনী কান্ত শৰ্মা (ডিজিএম ), অৰুণজ্যোতি দত্ত (চীফ মেনেজাৰ), ধ্ৰুৱজ্যোতি কলিতা (চীফ মেনেজাৰ) (জ্যেষ্ঠ মেনেজাৰ) প্ৰমুখ্যে শিশু, যুৱক-যুৱতী তথা বৈষ্ণৱ প্ৰাণ ৰাইজ উপস্থিত থাকে।

18/04/2026

For advertising – Please mail at [email protected] About the Channel:आज वक़्त के जिस दौर में हम जी रहे हैं उसमें आने वाला पल किस शक्ल में हमारे सामने आ...

Address

102, Tulip Tower, & Brahmaputra House, Boiragimoth, Dibrugarh, 786003
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Brahmaputratimes Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Brahmaputratimes Assam:

Share

Category