Nation Daily

Nation Daily In this time of lies and propaganda, NATION DAILY strives to unmask the lies and deceit and present

28/05/2026

"কংগ্ৰেছৰ এতিয়া আৰু ক্ষতি হ'বলৈ বাকী আছে নেকি। এতিয়া কংগ্ৰেছৰ পুনৰুদ্ধাৰ হ'ব।" - এই মন্তব্য প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

অসম বিধানসভাত গৃহীত হ'ল ইউ চি চি : আইনৰ আওতাত কি কি আহিল গুৱাহাটী,২৭ মে' : অসম বিধানসভাৰ অধিৱেশনৰ বুধবাৰে অন্তিম দিনা সদ...
27/05/2026

অসম বিধানসভাত গৃহীত হ'ল ইউ চি চি : আইনৰ আওতাত কি কি আহিল

গুৱাহাটী,২৭ মে' : অসম বিধানসভাৰ অধিৱেশনৰ বুধবাৰে অন্তিম দিনা সদনত গৃহীত হ'ল ঐতিহাসিক সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউ চি চি। সংখ্যাৰ বলত অনায়াসে শাসকীয় পক্ষই বিধেয়কখন সদনত গৃহীত কৰিবলৈ সক্ষম হয়। সোমবাৰে বিধানসভাত মুখ্যমন্ত্রীৰ হৈ মন্ত্রী অতুল বৰাই ইউ চি চি বিধেয়ক সদনত উত্থাপন কৰিছিল। বুধবাৰে মুখ্যমন্ত্রীৰ হৈ মন্ত্রী অতুল বৰাই বিধানসভাত ইউ চি চি বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰাৰ পাছতে শাসক-বিৰোধী আলোচনাত মিলিত হয়। শাসকীয় পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ সমৰ্থনত যুক্তি দাঙি ধৰাৰ বিপৰীতে বিৰোধী পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ বিৰোধীতা কৰি যুক্তি আগবঢ়ায়। বিধেয়কখনৰ ওপৰত বিধানসভাত দীঘলীয়া আলোচনা হয়। বহু বাক-বিতৰ্কৰ অন্তত বিধানসভাত ইউ চি চি বিধেয়কখন গৃহীত কৰা হয়। বিৰোধীয়ে প্ৰতিবাদ কৰে যদিও সংখ্যাৰ বাবে বিধেয়কখন সদনত গৃহীত হয়। সদনত মুখ্যমন্ত্রীয়ে ইউ চি চি পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰে আৰু অধ্যক্ষই সমৰ্থনৰ আধাৰত বিধেয়কখন গৃহীত কৰে। লগে লগে শাসকীয় বিধায়ক সকলে 'ভাৰত মাতা কি জয়' ধ্বনিৰে সদন উত্তাল কৰি তোলে। বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰে যদিও সংখ্যাৰ বাবে বিধেয়কখন সদনত গৃহীত হয়। বিধানসভাত গৃহীত হোৱাৰ পাছতে বিধেয়কখন ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতে ৰাজ্যত বলৱৎ হ'ব ইউ চি চি।
লক্ষণীয় বিষয় যে বিগত কাৰ্যকালৰ অন্তিমখন বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পুনৰ চৰকাৰ হ'লে প্ৰথমখন অধিৱেশনত ইউ চি চি অনাৰ কথা দৃঢ়তাৰে সদৰি কৰিছিল। মুখ্যমন্ত্রীৰ সেই ঘোষণা অনুসৰি নতুন চৰক‍াৰৰ প্ৰথমখন অধিৱেশনতে ইউ চি চি গৃহীত কৰা হয়। লক্ষণীয় বিষয় যে ৰাজ্যৰ জনজাতীয় লোকসকল ইউ চি চিৰ আওতাত নপৰিব। আনহাতে ধৰ্মীয় ৰীতি-নীতি তথা আচাৰ-ব্যৱহাৰত ইউ চি চিৰ প্ৰভাৱ নপৰিব।
সদনত ইউ চি চিক লৈ চলা আলোচনাত বিধায়ক নুৰুল হুদা, দিপ্লুৰঞ্জন শৰ্মা, ৱাজেদ আলী চৌধুৰী, পীযুষ হাজৰিকা, পৃথ্বীৰাজ ৰাভা, ৰবিৰাম নাৰ্জাৰি, দিগন্ত কলিতা, বিশ্বজিৎ দৈমাৰী, কমলাক্ষ্য দে পুৰকায়স্থ, জাকিৰ হুছেইন শিকাদাৰ, মজিবুৰ ৰহমান, ভৱেশ কলিতা, দীপক কুমাৰ দাস, শ্বেৰমান আলী আহমেদ, পল্লৱলোচন দাস, তুলিৰাম ৰংহাং, টংকেশ্বৰ ৰাভা, বেবী বেগম, নিচ' তেৰাংপি, পৰমানন্দ ৰাজবংশী, আছিফ মহম্মদ নাজাৰ, অখিল গগৈ, মৃদুল দত্ত, মিলন দাস, ছবাহান আলী সৰকাৰ, ৰূপালী লাংথাচা, হিমাংশু শেখৰ বৈশ্য, ঋষিৰাজ হাজৰিকা, ধীৰাজ গোৱালা, নীলিমা দেৱী, ডাঃ জয়প্ৰকাশ দাস, প্ৰকাশ চন্দ্ৰ দাস, পৱিত্র ৰাভা, বিমল বড়া, তানজিল হুছেইন, জুবেইৰ আনম, আশ্ৰাফুল ইছলাম শ্বেখ আৰু মেহবুব মুক্তাৰে অংশ গ্ৰহণ কৰে।
সমৰূপ নাগৰিক সংহিতা, অসম-২০২৬ চমুকৈ ইউ চি চিৰ আইনত পৰিণত হোৱাৰ লগে লগে কেইবাটাও দিশত কঠোৰতা আহিব পৰিব। ইউ চি চিয়ে মূলতঃ বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ (আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্ক) ক্ষেত্ৰত সকলোৰে বাবে একক নাগৰিক আইনী কাঠামো প্ৰতিষ্ঠা কৰিব। অৱশ্যে অনুসূচিত জনজাতিসকলক তেওঁলোকৰ সাংবিধানিক সুৰক্ষা অক্ষুণ্ণ ৰাখিবলৈ স্পষ্টভাৱে ইউ চি চিৰ আওতাৰ বাহিৰত ৰখা হৈছে। ইউ চি চিত বিবাহৰ বিধান অনুসৰি দৰাৰ বাবে ২১ বছৰ আৰু কইনাৰ বাবে ১৮ বছৰৰ মানক আইনী বয়স নিৰ্ধাৰণ কৰিছে। গুৰুত্বপূৰ্ণভাৱে এই আইনে সাংস্কৃতিক বৈচিত্ৰ্যক সুৰক্ষিত কৰি বৈদিক বিবাহ, আহোম চকলং, সপ্তপদী, আশীৰ্বাদ, নিকাহ, হ’লি ইউনিয়ন, আনন্দ কাৰজ আদিৰ দৰে যিকোনো প্ৰচলিত ধৰ্মীয় অনুষ্ঠান বা পৰম্পৰাৰ জৰিয়তে বিবাহ সম্পন্ন কৰাৰ সম্পূৰ্ণ ৰীতি-নীতিৰ স্বাধীনতা প্ৰদান কৰিছে। একেদৰে ইউ চি চিৰ যোগেদি ‘প্ৰৱঞ্চনা ৰোধ’ কৰিবলৈ ৰাজ্যজুৰি সকলো বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন এতিয়া বাধ্যতামূলক কৰা হৈছে। দম্পতীয়ে বিবাহ অনুষ্ঠানৰ ৬০ দিনৰ ভিতৰত উপ-পঞ্জীয়কৰ ওচৰত বিবাহ স্মাৰকপত্ৰ দাখিল কৰিব লাগিব। তদুপৰি বিবাহ বিচ্ছেদৰ বাবে নিষ্ঠুৰতা, পৰিত্যাগ বা পাৰস্পৰিক সন্মতিৰ দৰে একেধৰণৰ ভিত্তি সংহিতাবদ্ধ কৰা হৈছে আৰু সাধাৰণতে পাঁচ বছৰৰ তলৰ শিশুৰ প্ৰাৰম্ভিক শৈশৱৰ তত্ত্বাৱধান মাতৃৰ হাতত থকাটো নিশ্চিত কৰিছে। আনহাতে ‘উত্তৰাধিকাৰৰ ক্ষেত্ৰত’ ইউ চি চিত শ্ৰেণী-১ উত্তৰাধিকাৰীৰ মাজত উইল-বিহীন উত্তৰাধিকাৰৰ বাবে একেধৰণৰ, লিংগ-সমান অগ্ৰাধিকাৰ ক্ৰম সৃষ্টি কৰিছে, য’ত মৃতকৰ পত্নী/স্বামী, সন্তান আৰু পিতৃ-মাতৃক ন্যায়সংগতভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। উইল-ভিত্তিক উত্তৰাধিকাৰৰ বাবে, যিকোনো সুস্থ মস্তিষ্কৰ প্ৰাপ্তবয়স্কক লিখিত, সাক্ষী-স্বাক্ষৰিত উইল কাৰ্যকৰী কৰাৰ আইনী অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে ‘আধুনিক পৰিয়ালৰ গতিশীলতাৰ প্ৰতি লক্ষ্য ৰাখি’ ইউ চি চিত লিভ-ইন সম্পৰ্ক (আনুষ্ঠনিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্ক)ৰ বাবে এক মাহৰ ভিতৰত পঞ্জীয়ন বাধ্যতামূলক কৰি অগ্ৰণী নিয়মাৱলী প্ৰৱৰ্তন কৰিছে। ই দুৰ্বল ব্যক্তিসকলক সুৰক্ষা দিয়ে আৰু লিভ-ইন সম্পৰ্কৰ পৰা জন্ম হোৱা যিকোনো শিশু সম্পূৰ্ণ বৈধ বুলি ঘোষণা কৰি আৰু পৰিত্যক্ত লিভ-ইন সংগীক আদালতৰ জৰিয়তে আৰ্থিক ভৰণ-পোষণ দাবী কৰাৰ স্পষ্ট আইনী স্থিতি প্ৰদান কৰিছে। ইয়াৰ ফলত ইউ চি চিত এটা শক্তিশালী আৰু স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ব্যক্তিগত সম্পৰ্কত শোষণ, প্ৰৱঞ্চনা আৰু বে-আইনী কাৰ্য সহ্য কৰা নহ’ব। প্ৰস্তাৱিত আইনৰ অধীনত ভাৰতীয় ন্যায় সংহিতা (বি এন এছ), ২০২৩ৰ ধাৰা ৮২ অনুসৰি, দ্বি-বিবাহ আৰু বহু-বিবাহ ৰোধৰ বাবে সাত বছৰলৈকে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিব। একেদৰে শিশু বিবাহ নিষেধাজ্ঞা আইন, ২০০৬ অনুসৰি বৈধ সন্মতি অবিহনে শিশু বিবাহ আৰু বিবাহে দুই বছৰলৈকে কাৰাদণ্ড বা জৰিমনা বা দুয়োটাৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। বল, বলপূৰ্বকতা বা গোপনতাৰ জৰিয়তে প্ৰৱঞ্চনামূলক বা প্ৰতাৰণামূলক বিবাহৰ ক্ষেত্ৰত জৰিমনাৰ সৈতে সাত বছৰলৈকে কাৰাদণ্ডৰে দণ্ডনীয় হ’ব। আইনী বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া উলংঘন আৰু অবৈধ বিবাহ বিচ্ছেদে তিনি বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে পুনৰ্বিবাহৰ আগতে বিবাহ বিচ্ছেদ হোৱা ব্যক্তিক অবৈধ চৰ্ত পূৰণ কৰিবলৈ বাধ্য কৰিলে তিনি বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা হ’ব। বৈধ পৰম্পৰাৰ দ্বাৰা সুৰক্ষিত নহ’লে নিষিদ্ধ সম্পৰ্কৰ ভিতৰত বিবাহ ছমাহলৈকে কাৰাদণ্ড আৰু পঞ্চাশ হাজাৰ টকালৈকে জৰিমনাৰে দণ্ডনীয় হ’ব। তদুপৰি ৬০ দিনৰ ভিতৰত বিবাহ বা বিবাহ বিচ্ছেদৰ ইচ্ছাকৃত অপঞ্জীয়নে দহ হাজাৰ টকাৰ জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। পঞ্জীয়নৰ সময়ত জাল বা নকল নথি দাখিল কৰিলে তিনি মাহলৈকে কাৰাদণ্ড বা পঁচিশ হাজাৰ টকালৈকে জৰিমনা বা দুয়োটা হ’ব। একেদৰে এক মাহৰ ভিতৰত লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰাত ব্যৰ্থ হ’লে তিনি মাহলৈকে কাৰাদণ্ড বা দহ হাজাৰ টকালৈকে জৰিমনা হ’ব ৷ আনহাতে এনে ঘোষণাত গুৰুত্বপূৰ্ণ তথ্য গোপন কৰা বা মিছা তথ্য দিলে তিনি মাহলৈকে কাৰাদণ্ড আৰু পঁচিশ হাজাৰ টকালৈকে জৰিমনা হ’ব। এই বিধানসমূহৰ মূল উদ্দেশ্য মহিলাসকলক সুৰক্ষা দিয়া, আইনী স্বচ্ছতা নিশ্চিত কৰা আৰু ৰাজ্যত সামাজিক জবাবদিহিতা শক্তিশালী কৰা। ইউ চি চিয়ে ৰাজ্যৰ বিধিগত স্থাপত্যক সুসংহত কৰিবলৈ Assam Compulsory Registration of Muslim Marriages and Divorces Act, 2024 বাতিল কৰিছে। অৱশ্যে ইউ চি চি বলৱৎ হোৱাৰ আগতে সম্পন্ন হোৱা যিকোনো বহু-বিবাহক নিয়মীয়া আৰু আইনীভাৱে সুৰক্ষিত কৰিবলৈ এটা অপৰিহাৰ্য সংৰক্ষণ ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে। এই সম্পূৰ্ণ সংহিতাই আইনী একৰূপতাৰ সৈতে সাংস্কৃতিক সংবেদনশীলতাৰ সফলতাৰে ভাৰসাম্য ৰক্ষা কৰি, অসমক এক অতি প্ৰগতিশীল আৰু সংহত ৰাজ্য হিচাপে স্থান দিয়াৰ প্ৰচেষ্ঠা বুলিও উল্লেখ কৰা হৈছে। কাৰ্যতঃ এই সমৰূপ নাগৰিক সংহিতা, অসম, ২০২৬ এনে এখন আইন য’ত বিবাহ আৰু বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পর্ক নিয়ন্ত্ৰণ আৰু বিনিয়মন কৰা আৰু ইয়াৰ সৈতে জড়িত তথা আনুষংগিক বিষয়সমূহৰ নিশ্চিত কৰা হৈছে। ইউ চি চি সমগ্র অসম ৰাজ্যলৈকে বিস্তৃত আৰু এই সংহিতা যি অঞ্চললৈ বিস্তৃত সেই অঞ্চলবোৰৰ বাহিৰত বাস কৰা অসমৰ বাসিন্দাসকলৰ ক্ষেত্ৰতো প্রযোজ্য হ'ব। ইউ চি চি ৰাজ্য চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনাৰ জৰিয়তে নিয়ত কৰা তাৰিখৰ পৰা বলবৎ হ'ব।
উল্লেখ্য যে বুধবাৰে সদনত সমৰূপ নাগৰিক সংহিতা, অসম, ২০২৬ বিধেয়ক চমুকৈ ইউ চি চি গৃহীত হোৱাৰ লগে লগে আইনত পৰিণত হ'ল। ইয়াৰ লগে লগে ইউ চি চি প্ৰবৰ্তন কৰা অসম এতিয়া উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ’ল।

27/05/2026

অসম বিধানসভাত বুধবাৰে গৃহীত হ'ল সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউ চি চি। সংখ্যাৰ বলত অনায়াসে শাসকীয় পক্ষই বিধেয়কখন সদনত গৃহীত কৰিবলৈ সক্ষম হয়। বুধবাৰে মুখ্যমন্ত্রীৰ হৈ মন্ত্রী অতুল বৰাই বিধানসভাত ইউ চি চি বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰাৰ পাছতে শাসক-বিৰোধী আলোচনাত মিলিত হয়। শাসকীয় পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ সমৰ্থনত যুক্তি দাঙি ধৰাৰ বিপৰীতে বিৰোধী পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ বিৰোধীতা কৰি যুক্তি আগবঢ়ায়। বিধেয়কখনৰ ওপৰত বিধানসভাত দীঘলীয়া আলোচনা হয়। বহু বাক-বিতৰ্কৰ অন্তত বিধানসভাত ইউ চি চি বিধেয়কখন গৃহীত কৰা হয়।

প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি আৰু উপ-দলপতিৰ নাম ঘোষণাগুৱাহাটী,২৭ মে' : অৱশেষত ঘোষণা কৰা হ'ল প্ৰদেশ কংগ্ৰেছ বিধায়িনী...
27/05/2026

প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি আৰু উপ-দলপতিৰ নাম ঘোষণা

গুৱাহাটী,২৭ মে' : অৱশেষত ঘোষণা কৰা হ'ল প্ৰদেশ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি আৰু উপ-দলপতিৰ নাম। বহু জল্পনা-কল্পনা আৰু বিতৰ্কৰ অৱসান ঘটাই কংগ্ৰেছ হাইকামাণ্ডে ঘোষণা কৰিলে দলপতি আৰু উপ-দলপতিৰ নাম। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশৰ চাৰিদিন যোৱাৰ পাছত অন্তিম দিনৰ পূৰ্বে নিশা কংগ্ৰেছ বিধায়িনী দলৰ দলপতি আৰু উপ-দলপতিৰ নাম ঘোষণা কৰা হয়। সেই অনুসৰি জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীক কংগ্ৰেছ বিধায়িনী দলৰ দলপতি আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা নাওবৈচাৰ বিধায়ক ডাঃ জয়প্ৰকাশ দাসক উপ-দলপতিৰ দায়িত্ব দিয়া হয়। উল্লেখ্য যে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি তথা বিৰোধী দলপতি কোন হ'ব তাক লৈ নিৰ্বাচনী ফলাফলৰ পাছৰে পৰা চৰ্চা চলি আহিছিল। কিন্তু নিৰ্বাচন কৰা হোৱা নাছিল। আনকি বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি আৰু উপদলপতি নিৰ্বাচন হোৱা নাছিল। ইয়াৰ বাবে যোৱা দেওবাৰে নিশা আলোচনাত বহিছিল কংগ্ৰেছ বিধায়িনী দল। বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত হোৱা বৈঠকত উপস্থিত হৈছিল ১৯ গৰাকী বিধায়ক। উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক ভূপেশ বাঘেল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। দীঘলীয়া আলোচনাত পৰ্যবেক্ষক ভূপেশ বাঘেলে কংগ্ৰেছৰ ১৯ গৰাকী বিধায়কৰ লগত আলোচনা কৰি বিৰোধী দলৰ নেতা নিৰ্বাচন সন্দৰ্ভত বিধায়কসকলৰ মতামত গ্ৰহণ কৰিছিল। কিন্তু সেই বৈঠকৰ পাছতো দলপতিৰ নাম ঘোষণা কৰা হোৱা নাছিল। বিধায়ক সকলৰ মতামত লৈ দিল্লীলৈ উভতি গৈছিল পৰ্যবেক্ষক ভূপেশ বাঘেল। অৱশেষত দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্ত মৰ্মে যোৱানিশা কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু উপ-দলপতি হিচাপে নাওবৈচাৰ বিধায়ক ডাঃ জয়প্ৰকাশ দাসৰ নাম ঘোষণা কৰা হয়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অনুমোদন সাপেক্ষে দুয়োজনক নিযুক্তি দিয়া হয় বুলি সাধাৰণ সম্পাদক কে চি বেনুগোপালে প্ৰেছ বিবৃত্তি যোগে জানিবলৈ দিয়ে।
উল্লেখ্য যে বিৰোধী শক্তিৰে মিলি চৰকাৰ গঠন কৰিব বুলি দৃঢ় বিশ্বাসী হৈ থকা কংগ্ৰেছ দলে ২৬ৰ নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰিলে। ২১ৰ নিৰ্বাচনত ২৯ জন বিধায়ক লাভ কৰা কংগ্ৰেছে এইবাৰ লাভ কৰিলে ১৯ জন বিধায়ক। এই ১৯ জন বিধায়কৰ ভিতৰত ১৮ জন সংখ্যালঘু সম্প্ৰদায়ৰ আৰু এজন হিন্দু সম্প্ৰদায়ৰ। তেনেস্থলত ৰাজ্যৰ পৰৱৰ্তী বিৰোধী
দলৰ দলপতি কোন হ'ব তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছিল। এই চৰ্চা শাসকীয় পক্ষৰ মাজতো বিশেষভাৱে হৈছিল। শাসকীয় পক্ষৰ মতে কংগ্ৰেছ দলটো 'মুছলিম লীগ'ত পৰিণত হৈছে আৰু এইবাৰ দলপতিও সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব। অৱশেষত সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ককে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি কৰা হয়। ইফালে যোৱা ২১ মে'ৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অধিৱেশন এদিন বৃদ্ধি কৰা বাবে বুধবাৰে সামৰণি পৰিব। ইয়াৰ এদিন পূৰ্বে কংগ্রেছে দলপতি আৰু উপ-দলপতিৰ নাম ঘোষণা কৰিলে। লক্ষণীয় বিষয় যে পূর্বতে ১২৬ জনীয়া অসম বিধানসভাত অতি কমেও ২১ জন বিধায়ক থকা দলহে বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ সংশোধনী হোৱাত এতিয়া ১৩ জন বিধায়ক থকা বিৰোধী দলেও বিৰোধী দলপতি পদ লাভ কৰাৰ বাট মুকলি হৈছে। অৱশ্যে সেইটো নিৰ্ভৰ কৰিব বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ ওপৰত।

26/05/2026

"অসম বিধান সভাত আজি চূড়ান্ত অহংকাৰী মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাজনক দেখিলোঁ। মুখ‍্যমন্ত্ৰীয়ে আজি ৰাজ‍্যপালৰ ভাষণৰ উত্তৰ দি অসম বিধান সভাত কৈছিল যে তেওঁৰ অহংকাৰ হ’লে দেখুৱাই দিব লাগে। মই দেখুৱাই দিলোঁ, তেওঁ সংশোধন হওক। অহংকাৰ ত‍্যাগ কৰক।" - বিধায়ক অখিল গগৈ।

26/05/2026

'অধ্যক্ষই বিৰোধী দলৰ বিপক্ষে আৰু শাসক পক্ষৰ হৈ মাত মাতি সদনৰ পবিত্ৰতা নষ্ট কৰিছে। বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে অধ্যক্ষই'। এই মন্তব্য বিধায়ক অখিল গগৈৰ।

24/05/2026

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত NSUIৰ প্ৰতিবাদ। NEET পৰীক্ষাৰ বিসংগতিৰ বিৰুদ্ধে প্ৰতিবাদ NSUIৰ। 'We Want Justice' শ্ল'গানেৰে উত্তাল ৰাজীৱ ভৱনৰ সন্মুখভাগ।

22/05/2026

ৰাজ্যপালৰ ভাষণৰ মাজতে মূল্যবৃদ্ধিৰ প্ৰসংগত বিধানসভাত থিয় হৈ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ : তালিকা দিলে মূল্যবৃদ্ধিৰ

22/05/2026

অসম বিধানসভাৰ অধিৱেশনৰ শুকুৰবাৰে দ্বিতীয় দিনা মূল্যবৃদ্ধিক লৈ সদনত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। বিশেষকৈ কংগ্ৰেছৰ বিধায়কসকলৰ লগতে অখিল গগৈয়ে সদনত মূল্যবৃদ্ধিৰ প্ৰসংগলৈ সৰৱ হৈ পৰে। বিধানসভাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে বিৰোধীৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালক দেশৰ সংকট, সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়ে ক'বলৈ দাবী জনাই বিধায়ক অখিল গগৈসহ বিৰোধী বিধায়ক সকলে। ৰাজ্যপালে ভাষণ দি থকাৰ সময়তে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে। সদন ত্যাগ কৰি বিধানসভা চৌহদত কংগ্ৰেছৰ বিধায়কসকলে মূল্যবৃদ্ধিলৈ সৰৱ হৈ বিক্ষোভ প্ৰদৰ্শন কৰে। হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

মুকলি হ'ল লালগণেশ আৰু কালাপাহাৰ সংযোগী গুৱাহাটীৰ এ কে আজাদ ৰোডৰ উৰণ সেতু। শুকুৰবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুক...
22/05/2026

মুকলি হ'ল লালগণেশ আৰু কালাপাহাৰ সংযোগী গুৱাহাটীৰ এ কে আজাদ ৰোডৰ উৰণ সেতু। শুকুৰবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে সেতুখন। সেতুখন ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰা হৈছে। ২.৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখন ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।

Address

Kali Mandir Path. Jyotikuchi, Odalbakhra
Guwahati
781034

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm

Telephone

+916000458059

Alerts

Be the first to know and let us send you an email when Nation Daily posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nation Daily:

Share