Nation Daily

Nation Daily In this time of lies and propaganda, NATION DAILY strives to unmask the lies and deceit and present

12/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কি খবৰ আছে : ক'লে মুখ্যমন্ত্রীয়ে

12/10/2025

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ : কি ক'লে মুখ্যমন্ত্রীয়ে

12/10/2025

অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি : মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

11/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কি ক'লে এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই।

আমাৰ হাতৰ পৰা ক্ষমতা বেছি দূৰত নাই : গৌৰৱ গগৈগুৱাহাটী,১০ অক্টোবৰ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি ৰাজীৱ ...
10/10/2025

আমাৰ হাতৰ পৰা ক্ষমতা বেছি দূৰত নাই : গৌৰৱ গগৈ

গুৱাহাটী,১০ অক্টোবৰ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়৷ ১০ ছেপ্টেম্বৰৰ দৰেই পূৰ্বে ঘোষণা কৰা তাৰিখ অনুসৰি আজি ১০ অক্টোবৰত অনুষ্ঠিত যোগদান কাৰ্যসূচীতো বিজেপিকে ধৰি আন দলৰ বহু নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগ দিয়ে৷ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে৷ প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে আঁত ধৰা আজিৰ যোগদান কাৰ্যসূচীত বিজেপিৰ গৱেষক-উন্নয়ন সমিতিৰ সদস্য তথা প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্ৰ আৰ্কাশিস চলিহাই কংগ্ৰেছত যোগদান কৰে৷ বিজেপিৰ প্ৰাক্তন বিধায়ক কাৰ্তিক সেন সিনহা, ড০ অমিত কুমাৰ কালৱাৰ, শদিয়া সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা গোপাল প্ৰধান, বিজেপি নেতা বাটাছ ওৰাং, এনপিপিৰ কাৰ্যনিৰ্বাহক সদস্য নিহাৰ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা নবজ্যোতি কোঁৱৰে কংগ্ৰেছত যোগদান কৰে৷ তদুপৰি ইমানুৱেল বেনিয়া তাঁতী, তপব্ৰত ভূঞা, অজিত কুমাৰ নিহিম, হিৰল্ড ছিয়াল, চুমি সোনা, নৰেন সোনা, জাবা তাৰ্কি, মনোজ ৰবিদাস, তৰুণ কুন্দা, সঞ্জায় বাগ, মঞ্জুৰ আলী, লুকাচ দুমতা, সৌৰভ কলিতায়ো কংগ্ৰেছত যোগদান কৰে৷ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সাম্প্ৰতিক ৰাজনীতি আৰু নীতি-আদৰ্শৰ প্ৰতি বিতুষ্ট হৈ বিজেপি দলৰ নেতা-কৰ্মী তথা সচেতন নাগৰিকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ যোগদান কাৰ্যসূচীত বিজেপি দলৰ বৃহৎসংখ্যক যুৱ নেতা-কৰ্মীও আছে৷ যোগদান সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তৰুণ গগৈ চৰকাৰৰ দিনৰ ‘ৰাইজৰ পদূলিত, ৰাইজৰ চৰকাৰ’ শীৰ্ষক কাৰ্যসূচীৰ দৰেই কংগ্ৰেছে ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে৷ গৌৰৱ গগৈয়ে ভাষণত কয় যে শীঘ্ৰেই এক নতুন যাত্ৰা আৰম্ভ হ'ব,‌ যি যাত্ৰাৰ নাম হ'ব ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ৷’ প্ৰয়াত তৰুণ গগৈয়ে দেখুৱাই যোৱা বাটেৰে আগন্তুক দিনত আগুৱাই যাব কংগ্ৰেছ। কংগ্ৰেছ পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ৰাইজৰ কাষলৈ যাব। আমি ৰাইজৰ সমস্যা সমাধান কৰিব খোজো, ল’ৰা-ছোৱালীৰ ভৱিষ্যৎ উজ্জ্বল কৰিব বিচাৰিছোঁ৷ আমি ৰাইজৰ বাবে কষ্ট কৰিব খোজোঁ, ত্যাগ আৰু বলিদান দিব খোজোঁ৷ কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ মাজলৈ যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই ৰাইজৰ মাজলৈ গৈ জনসাধাৰণৰ মূল সমস্যাৰ বুজ ল’ব৷ বিশেষকৈ নাৰীসকলৰ সমস্যা মীৰা বৰঠাকুৰে বিভিন্ন ঠাইলৈ গৈ বুজ ল’ব৷ সেৱা দলৰ সভাপতি দ্বীপ বায়নেও ৰাইজৰ মাজলৈ যাব৷ কংগ্ৰেছে নতুন এটা যাত্ৰা আৰম্ভ কৰিব৷ সেই যাত্ৰা হ’ব ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ৷’ আগৰ চৰকাৰৰ দিনত তৰুণ গগৈৰ নেতৃত্বত একেই ‘ৰাইজৰ পদূলিত, ৰাইজৰ চৰকাৰ’ অনুষ্ঠান আছিল৷ সেই অনুষ্ঠানত মন্ত্ৰী-বিধায়ক, আমোলাই ৰাইজৰ ওচৰলৈ গৈ সমস্যাৰ বুজি লৈছিল৷ আজি আমাৰ হাতত ক্ষমতা নাই৷ ক্ষমতা আমাৰ পৰা বেছি দূৰত নাই বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে আজি ঋণৰ বোজা বাঢ়িছে৷ আমাৰ কাম হ’ব ঋণৰ বোজা কেনেকৈ কমাব পাৰোঁ৷ নিবনুৱা সমস্যা, থলুৱা ঠিকাদাৰ-দোকানী, ক্ষুদ্ৰ উদ্যোগ, সমবায় সংস্থা, কো-অপাৰেটিভ অনুষ্ঠান শক্তিশালী কৰিবলৈ আমি কাম কৰিব লাগিব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে৷ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতা-কৰ্মীক বিশেষভাৱে আহ্বান জনাই কয় যে কংগ্ৰেছ দলৰ প্ৰতিগৰাকী সদস্য আৰু নতুনকৈ যোগদান কৰা সদস্যসকল ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শ্ল’গান লৈ গাঁৱে-ভূঞে যাব আৰু ইতিমধ্যে গৈ আছোঁ। বিজেপিৰ অপশাসন আৰু বিভেদকামী ৰাজনীতিৰ বিৰুদ্ধে ৰাইজৰ সৈতে একত্ৰিতভাৱে বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিম আৰু আমি এই যুঁজত জয়ী হ'ম বুলিও কয় গগৈয়ে৷ গৌৰৱ গগৈয়ে কংগ্ৰেছলৈ সদায়েই নতুন নতুন শক্তি আহি আছে বুলি মন্তব্য কৰি কয়, ‘এই নতুন শক্তিক লৈ আমি সদায়েই অসমৰ ভৱিষ্যত ৰচনা কৰিম৷ আমি আজি যি ৰাজনীতি কৰি আছোঁ সেই ৰাজনীতি ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই৷ আজি ৰাইজে ওলাই আহি মৰম আৰু আশীৰ্বাদ কৰিছে৷ ৰাইজে বহু আশা কৰিছে সেই কাৰণে মৰম দিছে৷ যুৱ প্ৰজন্মই আমাৰ পৰা কিবা বিচাৰিছে সেই কাৰণে কংগ্ৰেছত যোগ দিছে৷ আশা কৰি বহু সচেতন নাগৰিক কংগ্ৰেছৰ সৈতে জড়িত হৈছে৷ আমাৰ পৰৱৰ্তী চিন্তা এয়াই হ’ব লাগে যে বৰ্তমানৰ অন্ধকাৰৰ পৰা, অন্যায়-অত্যাচাৰৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ৷ অসমে জানিব বিচাৰিছে কংগ্ৰেছে কেনেকৈ চৰকাৰ গঠন কৰিব৷ আৰ্থিক, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া জগতক কেনেকৈ আগুৱাই নিব৷ যদি আমি এই আশা পূৰণ কৰিব খোজোঁ তেন্তে আমি ৰাইজৰ ওচৰলৈ যাব লাগিব৷ আমি ব্যক্তিগত সপোন ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই। আমি ব্যক্তিগত চিন্তা ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই। আমি ৰাইজৰ কাষলৈ গৈ, ৰাইজৰ আশা-আকাংক্ষাৰ বুজ লৈ তেখেতসকলৰ সপোন বাস্তৱায়িত কৰিব বিচাৰোঁ।’ আনহাতে যোগদান সভাত ভাষণ প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰীয়ে ’২৬ ত বিজেপি জয়ী হ'লে মিঠাতেল দিম বুলি কৰা ঘোষণাক সমালোচনা কৰি কয় যে ৰাইজে বিজেপিক জনজাতিকৰণৰ আশাত, সংস্থাপনৰ তাগিদাত, মৃত্যুমুখলৈ যোৱা চাহ বাগান পুনৰুদ্ধাৰৰ বাবে ভোট দিছিল। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়বোৰ পাহৰি এতিয়া ৰাইজক কৈছে যে ’২৬ ত বিজেপি জয়ী হ'লে মিঠাতেল দিব। আনহাতে, আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ আৰু জ্যেষ্ঠ নাগৰিক ঋষিকেশ বৰুৱা, উজ্জ্বল কলিতা, বিকাশ যাদৱ, মাহফুজ আজিম, অৰ্ণৱ প্ৰতিম দাস, সুমন সিনহা, ছিমৰানুল হক চৌধুৰী, মানস কলিতা, জাহ্নু ডেকা, ভুনু হালৈ, নয়ন হালৈ, ৰেকিবুল আলম, তাঞ্জিম লতিফ চৌধুৰী, ঋতুৰাজ শর্মা, দিগন্ত বৰুৱা, ৰাহুল সিং, কাশী সিং, সাগৰ সিং, মোহিত আহমেদ, বিশাল সিং, পায়েল বাল্মীকি, দিশা বাল্মীকি, বিদ্যা বাল্মীকি, শীতল কৌৰ, নেহা বাল্মীকি, ৰিয়ান আহমেদ, উদ্দীপন তালুকদাৰ, চাহিল আহমেদ, জিতু কছাৰী, মোস্তাফা আহমেদ, আফতাব আলী, ইমামুল হক, চাহিল আখতাৰ, নবিদুল শ্বেখ, আছিক ইকবাল, দীপাংকৰ শর্মা, মাধৱ দাস, ফজল আলী, জব্বাৰ আলী, শুকুৰ আলী, আব্দুল হান্নান, চাহিল থাপা, জায়েদ আহমেদ, ৰাজীৱ হালৈ, নজৰুল ইছলাম, জয়তা দাস, নৃপেনজ্যোতি লহকৰে প্ৰদেশ কংগ্ৰেছত যোগদান কৰে।

09/10/2025

জনজাতিকৰণ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য৷

09/10/2025

"জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ অসম চৰকাৰ অত্যন্ত চিৰিয়াছ । এই ঘটনাৰ ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধ পৰিকৰ৷ আমি বিশ্বাস কৰোঁ যে অসম আৰক্ষীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত চাৰ্জশ্বীট দিবলৈ সক্ষম হ'ব৷ ছিংগাপুৰ আৰক্ষীয়েও আমাক সহায়-সহযোগিতা কৰিব বুলি আমি নিশ্চিত।" - মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

কি বিড়ম্বনা। উপাচাৰ্য পদৰ পৰা অব্যাহতিৰ বাবে দাবী তোলা পত্ৰখন উপাচাৰ্যই নিজেই গ্ৰহণ কৰিবলগীয়া লৈছে। ক্ষমতাৰ অপব্যৱহাৰ, ...
09/10/2025

কি বিড়ম্বনা। উপাচাৰ্য পদৰ পৰা অব্যাহতিৰ বাবে দাবী তোলা পত্ৰখন উপাচাৰ্যই নিজেই গ্ৰহণ কৰিবলগীয়া লৈছে। ক্ষমতাৰ অপব্যৱহাৰ, বিত্তীয় অনিয়ম, স্বজনতোষণ আদিৰ অভিযোগ তুলি গুৱাহাটী বিশ্ববিদ্যায়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্তৰ অব্যাহতি বিচাৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অব্যাহতিৰ দাবীৰে উপাচাৰ্য ড০ ননী গোপাল মহন্তৰ হাততে স্মাৰক পত্ৰ তুলি দিলে সংগঠনটোৱে।

08/10/2025

দাইল-চাউলৰ ৰাজনীতি বাদ দিয়ক, জুবিন দাক ন্যায় দিয়ক : মুখ্যমন্ত্রীক সকিয়াই ৰাজপথত অসমীয়া যুৱ মঞ্চ

08/10/2025

মুখ্যমন্ত্রীৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল

গুৱাহাটী,৮ অক্টোবৰ : মুখ্যমন্ত্ৰীৰ দৰে এটা সাংবিধানিক পদত থাকি হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাতৃ সমাজৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্য কৰাৰ অভিযোগ তুলি আজি প্ৰদেশ কংগ্ৰেছৰ কেইবাটাও শাখাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অৰুণোদয় প্ৰদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীসকল মাতৃগৰ্ভৰ পৰা জন্ম হৈছিল নে নাই বুলি কৰা মন্তব্যৰ পিছত আজি অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতি শাখাৰ অধ্যক্ষ কৃষ্ণা দাসে গীতানগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰত অনুসূচিত জাতিৰ মাতৃ সমাজক অপমানিত কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ একেদৰে কাৰ্বি আংলঙত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ জিলা অধ্যক্ষ চেৰিছমা লেংথেপিয়ে অসমৰ জনজাতি মাতৃসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অপমানৰ বাবে এখন এজাহাৰ দাখিল কৰিছে৷ মুখ্যমন্ত্ৰীজনে বাৰেভচহু কথাৰে অসমৰ আইমাতৃ সমাজক বাৰে বাৰে অপমান কৰাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷

08/10/2025

অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গক৷ আজি ষষ্ঠ দিনা জেৰাৰ বাবে SITএ তলব কৰিছিল সন্দীপনক৷ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক৷

07/10/2025

জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰিৱৰ্তে 'মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

গুৱাহাটী,৭ অক্টোবৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰিৱৰ্তে 'মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে। আজি ৰাজীৱ ভৱনত এক সংবাদমেলত এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ কয়, ''জুবিন গাৰ্গৰ মৃত্যুত ন্যায়ৰ দাবীটো হৈছে এটা শক্তিশালী, জনপ্ৰিয় আৰু আৱেগিক দাবী৷ এই কেইদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিধায়কসকলৰ টুইটবোৰ চাই, কেন্দ্ৰৰ আইটি চেলৰ টুইটবোৰ চাই এটা কথা স্পষ্ট হৈ পৰিছো যে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিব নোখোজে৷ তেওঁলোকৰ কথাৰ পৰা আমি এনেকুৱা এটা ইংগিত পাইছো যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰি সেয়াই হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল উদ্দেশ্য৷’’ গগৈয়ে আৰু কয় যে মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত এছ আই টি বা আই টি চেলক কেতিয়াবা একেই লাগে। দুয়োটাই কথা উলিয়াইছে চৰিত্ৰৰ ওপৰত, নৈতিকতাৰ ওপৰত৷ অসমৰ জনসাধাৰণে নৈতিকতাৰ প্ৰমাণ নিবিচাৰে৷ নৈতিকতাৰ কথা তেখেতৰ মুখেৰে শুনিব নিবিচাৰে৷ এতিয়া এনে কিছুমান কথা ওলাইছে, তদন্তই এনে কিছুমান ধাৰণা দিছে যে নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত যেন আমি তদন্ত কৰিবলৈ গৈছো৷ নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এছআইটি আৰু তদন্ত বিচৰা নাই৷ আমি জানিব বিচাৰিছো যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল৷ আজি এছআইটি ছিংগাপুৰলৈ গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই৷ যিখন হোটেলত ৰাতি জুবিন গাৰ্গ আছিল, শুনা মতে, তেওঁৰ সতীৰ্থৰ সৈতে বাহিৰত আছিল৷ য়ট লৈ যি ঠাইলৈ গ’ল তাৰ বাবে এছআইটিয়ে কোনো পদক্ষেপ লোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ কথা ক’বলৈ বাদেই দিলে৷ বিষয়টো অন্য প্ৰসংগলৈ টানিবলৈ বিচাৰিছে৷ তাৰ পৰা এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তক ক্লিনশ্বীট দিব বিচাৰে৷ মুখ্যমন্ত্ৰীয়ে বিচাৰে তেওঁ পুনৰ ওলাই আহি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ বেপাৰ চলাই থাকক৷ শ্যামকানু মহন্তৰ পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰীৰ আজিৰ নহয়, পূৰ্বৰে পৰা মধুৰ সম্পৰ্ক৷ মধুৰ সম্পৰ্ক থকাৰ কথা সকলোৱে জানে, বুজি পায়৷ সেইকাৰণে ‘মিছন চেভ শ্যামকানু মহন্ত’ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে৷ গগৈয়ে কয়, ''শ্যামকানু মহন্তক বচাবলৈ মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক’বলৈ আৰম্ভ কৰিছে তেনে কথা অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত বহি থকা এজন ব্যক্তিৰ মুখৰ পৰা ওলাব নালাগে৷ মুখ্যমন্ত্ৰীৰ চকীত বহি থকা ব্যক্তিৰ গাম্ভীৰ্য্যতা থাকিব লাগে, কথাৰ মৰ্যাদা থাকিব লাগে৷ সেইখিনি মুখ্যমন্ত্ৰীজনে হেৰাই পেলাইছে৷ আজি তেওঁ শ্যামকানু মহন্তক বচাবলৈ গৈ অসমৰ শিল্পী সমাজ, যুৱ সমাজক কষ্ট দিছে৷ অসমৰ মানুহে জানিব খোজে যে সেইদিনা জুবিন গাৰ্গে দৰৱ লৈছিল নে নাই৷ জুবিন গাৰ্গে ছিংগাপুৰ যাবলৈ বিচাৰিছিল নে যাবলৈ বাধ্য কৰোৱা হ’ল৷ সাগৰত নমাৰ সময়ত জুবিন গাৰ্গক লাইফ জেকেট পিন্ধিবলৈ বাধ্য কিয় কৰোৱা নহ’ল৷ জুবিন গাৰ্গৰ সৈতে গৰিমা কিয় নাছিল? ছিংগাপুৰলৈ গৰিমাক কিয় নিয়া নহ’ল? সেইখিনি কথাহে আমি জানিব বিচাৰো৷ সেইকাৰণে বিটিচি নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী হতাশ হৈছে৷ নিজৰ চকীক লৈ ভয় কৰিছে৷’’ গগৈয়ে কয় যে আজি অসমত আবেগিক মুহূৰ্ত৷ ৰাইজ ভাগি পৰিছে৷ এতিয়াও ভাবিবলৈ টান লাগে যে অহাবাৰ বিহু মঞ্চত জুবিন গাৰ্গ নাথাকিব৷ ৰাইজে তেওঁলোকৰ পৰা যিধৰণে আশা কৰিছে তেনেকৈ কাম কৰিব পৰা নাই৷ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ যিখিনি তদন্ত কৰিব লাগে সেইখিনি কৰক, চৰিত্ৰক লৈ নহয়৷ বিশেষকৈ এইখন চৰকাৰৰ পৰা নৈতিকতা আৰু চৰিত্ৰৰ চাৰ্টিফিকেট আমাক নালাগে৷ তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে৷ কেন্দ্ৰীয় আইটি চেলে দুৰ্গা পূজাৰ বাহিৰত জুবিন গাৰ্গৰ ফটো দেখুৱাই এটা মন্তব্য দিছে৷ তাত জুবিনৰ অনুৰাগীসকলে কমেণ্ট কৰিছে৷ তাত কৈছে যে হয় আমি বিজেপি দলৰ সদস্য৷ লগে লগে আমি জুবিন গাৰ্গৰ অনুৰাগী৷ আপুনি যিদৰে কথা কৈছে সেই কথাৰ জুবিন গাৰ্গৰ সৈতে সম্পৰ্ক নাই৷ এই কথাখিনি বাদ দিয়ক৷ আমি সমৰ্থন নকৰো৷ জুবিন গাৰ্গৰ এনে বহু অনুৰাগী যিসকল বিজেপিৰ সৈতে জড়িত৷ কিন্তু তেওঁলোকে বিজেপিৰ আইটি চলেৰ বিৰোধিতা কৰিছে৷ দলৰ উৰ্ধত গৈ জুবিন গাৰ্গৰ আত্মা আৰু আদৰ্শৰ প্ৰতি সন্মান জনাইছে। তাৰ বাবে তেওঁলোকক শলাগ লৈছো৷ যিসকলে নিজৰ দলকে মানা কৰিছে ৰাজনীতি কৰিবলৈ৷ বিজেপিৰ আইটিচেলৰ এটা শক্তিশালী হেণ্ডেল আছে৷ যিজনে ‘কা’ সম্পৰ্কত জুবিন গাৰ্গক টানি নিছে৷ তাতো জুবিন গাৰ্গৰ অনুৰাগীসকলে কৈছে যে আমি বিজেপি দলৰ সদস্য, কিন্তু ‘কা’ আমি নামানো৷ এনে মন্তব্যসমূহ মুখ্যমন্ত্ৰীয়ে বুজি পোৱা উচিত৷ তৰল মন্তব্য কৰিলে, তদন্ত শ্যামকানু মহন্তক বচাবলৈ কৰিলে, জুবিনৰ অনুৰাগীয়ে প্ৰতিবাদ কৰিলে পুলিচ-প্ৰশাসনে শক্তি দেখালে, জুবিন গাৰ্গৰ ঘনিষ্ঠ হেঁচা দি থাকিলে তেওঁ অহা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে চকী এৰিবলৈ বাধ্য হ’ব৷ কিন্তু আমি বিচাৰো তেওঁ কাৰ্যকাল সম্পূৰ্ণ হোৱালৈ মুখ্যমন্ত্ৰী হৈ থাকক৷ ৰাইজে সুবিধা পাব তেওঁৰ বিৰুদ্ধে ভোট দি দৰ্পচূৰ্ণ কৰিবলৈ৷ তেওঁ যদি তেনে কামবোৰ কৰি থাকে তেতিয়া দলে তেওঁক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তেওঁক সলাই পেলাব৷ পুনৰবাৰ আমি আহ্বান জনাইছো৷ মুখ্যমন্ত্ৰীয়ে আৰু মাথোঁ ৫ মাহ মুখ্যমন্ত্ৰী হৈ আছে৷ তেওঁ তদন্ত ভালদৰে কৰক৷ নৈতিকতা আৰু চৰিত্ৰৰ প্ৰমাণপত্ৰ দিবলৈ বন্ধ কৰক৷ ছিংগাপুৰলৈ যাওক৷ তাত কি হৈছিল সকলো তথ্য লৈ আহক৷ মুখ্যমন্ত্ৰীৰ চকীখনৰ গাম্ভীৰ্য্যতা ৰক্ষা কৰক আৰু শ্যামকানুক ৰক্ষা কৰিবলৈ কৰা প্ৰয়াস বন্ধ কৰক৷ জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই৷ তেওঁলোকৰ দলৰে সদস্যসকলে আজি মুখ্যমন্ত্ৰীৰ কথাৰ পৰা যথেষ্ট আঘাত পাইছে৷ আজি মুখ্যমন্ত্ৰীৰ মন্তব্যই অসমৰ শিল্পীসমাজক দুখ দিছে৷ শিল্পীয়ে সামাজিক মাধ্যমত আঘাত পাইছে বুলি কৈছে৷ মুখ্যমন্ত্ৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ এনে কিছুমান কথা কৈছে যিবিলাক কাম কৰিলে তদন্ত দুৰ্বল হ’ব৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৰাজহুৱা কৰিব বিচাৰিলে কৰিব পাৰে৷ মুখ্যমন্ত্ৰীয়ে তেনে কৰাৰ আঁৰত আছে শ্যামকানুক ৰক্ষা কৰাৰ ষড়যন্ত্ৰ৷ যাতে শ্যামকানুৰ অধিবক্তাই সেই ৰিপৰ্ট দেখুৱাই আইনী সহায় ল’ব পাৰে৷ যাতে গোটেই তদন্ত প্ৰক্ৰিয়াৰ ওপৰত শ্যামকানুৰ আইনজ্ঞই আঙুলি টোৱাব পাৰে৷ গাফিলতি হোৱাৰ কথা কৈ আইনী ৰেহাই পাব৷ বহু আইনী অধিবক্তাই এই কথা কৈছে৷ সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা কৰিলে কৰিব পাৰে৷ এছআইটিৰ তথ্য ৰাজহুৱা হোৱাটোৱে তাৰ প্ৰমাণ৷ তাৰ কাৰণ হৈছে শ্যামকানু মহন্তৰ ঘৰৰ সৈতে মুখ্যমন্ত্ৰীৰ মধুৰ সম্পৰ্ক আছে৷ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নীয়ে ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট দিয়াত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে গৰিমা বাক মই কম যে আপোনালোকৰ সৈতে আমি সকলোৱে থিয় দি আছে, আপুনি যি সিদ্ধান্ত লয় তাত আমাৰ লগতে আমাৰ সৈতে থকা সকলোৰে সহায় আৰু সমৰ্থন পাব৷ গৰিমা বা আৰু পাল্মী বাৰ লগত আমি আছো৷ আপোনালোকে ভয় নকৰিব৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে অভিযোগ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত বিজেপিৰ আাইটি চেল আৰু এছআইটিয়ে একেলগে কাম কৰি আছে। জুবিন গাৰ্গক ন্যায় দিয়াটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়। গগৈয়ে লগতে কয় যে অসমৰ ৰাইজৰ এটাই দাবী আছে- জুবিন গাৰ্গৰ ন্যায়। চৰকাৰে সঠিক তদন্ত কৰিব লাগিব। এয়া এক শক্তিশালী, স্পষ্ট, আৰু আৱেগিক দাবী। গগৈয়ে বিজেপিৰ আইটি চেলক সমালোচনা কৰি দাবী কৰে যে তেওঁলোকে জুবিনৰ ন্যায় নিশ্চিত কৰাতকৈ শ্যামকানু মহন্তক সুৰক্ষা দিয়াতহে গুৰুত্ব দিছে। গৌৰৱ গগৈয়ে আৰু কয়, ‘‘আইটিচেল আৰু এছআইটিয়ে একেলগে কাম কৰা যেন লাগে। তেওঁলোকে তথ্যৰ পৰিৱৰ্তে ব্যক্তিগত চৰিত্ৰৰ বিষয়ত গুৰুত্ব দিছে। আমি তেওঁলোকৰ পৰা নৈতিকতা শিকিবলৈ বিচৰা নাই, মুখ্যমন্ত্ৰীৰ পৰাও আশা কৰা নাই।’’ তেওঁ অভিযোগ কৰে যে এতিয়ালৈকে ছিংগাপুৰ বা য়টত কি হৈছিল তাৰ তদন্তৰ বাবে এছআইটিয়ে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই। গৌৰৱ গগৈয়ে লগতে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পৰিয়াল আৰু শ্যামকানু মহন্তৰ পৰিয়ালৰ মাজত থকা সুপৰিচিত ঘনিষ্ঠ সম্পর্কৰ বাবেই শ্যামকানু মহন্তক মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। গগৈয়ে কয়, ‘আমি এতিয়াও বিশ্বাস কৰিবলৈ টান পাইছো যে জুবিন গাৰ্গ আৰু আমাৰ লগত নাই। মই কৰ্তৃপক্ষক তদন্ত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছো। তদন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত গুৰুত্ব দিব লাগিব, চৰিত্ৰ বা নৈতিকতাৰ বিষয়ত নহয়।’ মুখ্যমন্ত্ৰীয়ে এই জনসাধাৰণৰ আৱেগ বুজিব লাগিব। যিসকলে জুবিন গাৰ্গক ন্যায়ৰ দাবী কৰা মানুহক ভয় খুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ লাভ কৰিব।” গৌৰৱ গগৈয়ে কয়। দিল্লীৰ সাংবাদিকক মাতি আনি গৌৰৱ গগৈৰ পাক লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি আজি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে এনেবোৰ কথা কোৱাৰ আঁৰৰ কথা এয়াই যে যাতে মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু শ্যামকানু মহন্তৰ কথা পাহৰি যায়৷ ইয়াৰ অন্তৰালত আছে মুখ্যমন্ত্ৰীৰ ‘মিছন ছেভ শ্যামকানু মহন্ত’৷ এই বিষয়তে মুখ্যমন্ত্ৰীয়ে নিজেই স্পষ্টীকৰণ দিয়ক৷ ১০ ছেপ্টেম্বৰত তেওঁ একো ক’ব নোৱাৰিলে৷ মই যি ক’বলগীয়া আছো, সকলো কৈছো৷ এতিয়া তেওঁকহে প্ৰশ্ন কৰক৷ তেওঁ যি কয় কৈ থাকক৷ এতিয়া তেওঁ কৌশলেৰে শ্যামকানুৰ বিৰুদ্ধে যাতে উচিত তদন্ত নহওক, আইনেৰে কেনেকৈ বচাব পাৰে তাৰ চিন্তা কৰি আছে৷ ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে একো কৰিব নোৱাৰিলে৷ ১০ ছেপ্টেম্বৰত আমি কথা দি যোগদান সভা অনুষ্ঠিত কৰিছিলো, ১০ অক্টোবৰত আমি যোগদান সভা কৰিম৷ আপোনালোকৰ সৈতে ৰাজীৱ ভৱনত লগ হ’ম।

Address

Kali Mandir Path. Jyotikuchi, Odalbakhra
Guwahati
781034

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm

Telephone

+916000458059

Alerts

Be the first to know and let us send you an email when Nation Daily posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nation Daily:

Share