19/03/2023
আজি অসমীয়াৰ পৰিচয় কত........
কবলৈ লাজ লগা বিষয়, কেইবাবছৰ আগত দেখিবলৈ পাইছিলো যে অসমীয়াৰ অত্বিত্ত্ব আছিল কিন্তু আজি কিছুবছৰৰ পৰা যতেই দেখা পাও খালী বহিৰাগত ব্যক্তি। ইয়াৰ আৰত কি আছে প্ৰকৃততে
আমি যদিহে ভবা নাই ভবাৰ সময় আহি পৰিছে, আমি আচলতে এলেহুৱা হৈ গৈছো, সময়ৰ লগত খোজ মিলাই যোৱা নাই, কাৰণে আগবাঢ়িব পৰা নাই।
মই নিজেই ক্ষোভত হৈছো এইবোৰ কথা চিন্তা কৰি, আমাৰ মগজুৱে কাম কৰা বন্ধ কৰিছে, খালী চাকৰি চাকৰি চৰকাৰৰ যিমান চাকৰি থাকে সিমানকহে দিব, আজিৰ দিনতো যদি চাকৰিৰ আশাত থকা মানুহ বোৰৰ লাভ নাই।
এতিয়া জাগ্ৰত হোৱাৰ সময়.......
এজন অসমীয়া হিচাপে গৌৰব অনুভৱ কৰাৰ সময় ,সঠিক মস্তিষ্কৰ ভবাৰ সময়। সকলো কামেই নিজৰ বাবে ডাঙৰ ডিগ্ৰী লৈ এনেকুৱা কাম কৰিমনে তাৰ সময় নাই।
ঘৰতেই সৰু সৰু উদ্যোগ স্থাপন কৰিবলৈ চেষ্টা কৰক, যেনেকৈ সৰুৰ পৰা মানুহ ডাঙৰ হয় ঠিক তেনেদৰে সৰুৰ পৰাই উদোগ বিলাক ডাঙৰ হয়।
আজি মই আপোনালোকৰ মাজলৈ এই কথাখিনি লৈ আনিলো, আশাকৰো আপোনালোক উপকৃত হব।
ধন্যবাদ