NETV Digital

NETV Digital Assamese Web News Channel

01/09/2026
16/08/2026

Happy Independence day
15/08/2026

Happy Independence day

"কৱৰ্ধাত নাবালকক প্ৰলোভন আৰু ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ! অভিযুক্ত মহিলাৰ বিৰুদ্ধে POCSO এক্টৰ অধীনত গোচৰ ৰুজু"এগৰাকী ন...
06/08/2026

"কৱৰ্ধাত নাবালকক প্ৰলোভন আৰু ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ! অভিযুক্ত মহিলাৰ বিৰুদ্ধে POCSO এক্টৰ অধীনত গোচৰ ৰুজু"

এগৰাকী নাবালকৰ এজাহাৰৰ ভিত্তিত কৱৰ্ধা আৰক্ষীয়ে গ্ৰহণ কৰিছে আইনী ব্যৱস্থা। নাবালকজনক প্ৰলোভন আৰু ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগত অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে শিশু সুৰক্ষা আইন (POCSO Act) ৰ ধাৰা ৪ আৰু অন্যান্য আইনী ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে সবিশেষ তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে।

অসৎ চৰিত্ৰৰ নাৰী, আৰক্ষীৰ তদন্তত অৱশেষত ফাদিল হ’ল বেবীলীনা শৰ্মাৰ অন্তৰ্ধানৰ ৰহস্য। কোনো অপহৰণ নহয়, নিজ ইচ্ছাৰে প্ৰেমিকৰ...
04/08/2026

অসৎ চৰিত্ৰৰ নাৰী, আৰক্ষীৰ তদন্তত অৱশেষত ফাদিল হ’ল বেবীলীনা শৰ্মাৰ অন্তৰ্ধানৰ ৰহস্য। কোনো অপহৰণ নহয়, নিজ ইচ্ছাৰে প্ৰেমিকৰ সৈতে পলাই গৈছিল বেবীলীনা! ধেমাজি জিলাৰ চিলাপথাৰৰ বেবীলীনা শৰ্মা স্বামী দেৱজিৎ শৰ্মাৰ সৈতে গুৱাহাটীৰ জ্যোতিনগৰত এটা ভাৰাঘৰত আছিল। ৩ জুলাইৰ আবেলি বেবীলীনাই স্বামীলৈ ফোন কৰি ঘৰলৈ কেতিয়া আহিব বুলি সুধিছিল। কিন্তু সন্ধিয়া ৭ বজাত স্বামী ঘৰ পোৱাৰ পিছত দেখা নাপালে পত্নীক, লগতে বন্ধ আছিল ফোনো। ৪ জুলাইত স্বামীয়ে আৰক্ষীৰ দ্বাৰস্থ হৈছিল। আৰক্ষীয়ে চলোৱা অভিযানত লাভ কৰা তথ্য অনুসৰি, বিগত প্ৰায় এমাহ ধৰি উত্তৰ প্ৰদেশৰ বাৰানসীত আত্মগোপন কৰি আছিল বেবীলীনা। ভাগ্যজ্যোতি কলিতা নামৰ এজন যুৱকৰ সৈতে নিজ ইচ্ছামতে উত্তৰ প্ৰদেশলৈ পলাই গৈছিল মহিলাগৰাকী। চানমাৰি আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টাত অৱশেষত বেবীলীনা শৰ্মাক উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, প্ৰেমিকৰ সৈতে যোৱাৰ পিছত পৰৱৰ্তী সময়ত আৰ্থিক সংকটত পৰে দুয়ো, যাৰ বাবে তেওঁলোক উভতি আহিবলৈ বাধ্য হয়। ইফালে, সমগ্ৰ সত্য পোহৰলৈ অহাৰ পিছত বেবীলীনাৰ স্বামী দেৱজিৎ শৰ্মাই স্পষ্ট কৰি দিছে যে তেওঁ আৰু কোনো পৰিস্থিতিতে বেবীলীনাক পত্নী হিচাপে পুনৰ গ্ৰহণ নকৰে। আৰক্ষীৰ এই সফলতাই ঘটনাটোৰ আটাইবোৰ সন্দেহ দূৰ কৰিলে।

অসমৰ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ তিনিজন যুৱকক ২৩ জুলাইত দেশজুৰি চলি থকা যুৱ আন্দোলনৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী আয়োজন ক...
26/07/2026

অসমৰ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ তিনিজন যুৱকক ২৩ জুলাইত দেশজুৰি চলি থকা যুৱ আন্দোলনৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰাৰ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ হোৱা যুৱক তিনিজন হৈছে ইছলামপুৰ গাঁৱৰ বাসিন্দা মঞ্জুৰ ৰহমান (২৩), আশ্ৰাফুল ইছলাম (২১) আৰু আব্দুল কাশেম (২৩)। এই গাঁও লালুক আৰক্ষী থানাৰ অন্তৰ্গত। পৰিয়ালৰ লোকসকলৰ মতে, তেওঁলোকে আন্দোলনৰ সমৰ্থনত এটা শান্তিপূৰ্ণ প্ৰতিবাদ সংগঠিত কৰাৰ উদ্দেশ্যে এটা WhatsApp গ্ৰুপ সৃষ্টি কৰিছিল। উল্লেখ্য, এই আন্দোলনৰ ফলস্বৰূপে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে।
মঞ্জুৰ ৰহমানে এম.কম অধ্যয়ন কৰি আছে। অভিযোগ অনুসৰি, ২২ জুলাই দুপৰীয়া তেওঁ নিজৰ পৰিয়ালৰ কৃষিক্ষেত্ৰত কাম কৰি থকা সময়তে আৰক্ষীয়ে তেওঁক থানালৈ মাতি নিয়ে। তেওঁৰ পিতৃ মজিবুৰ ৰহমানে এই গ্ৰেপ্তাৰৰ ভিত্তি লৈ প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ The Wire-ক কয়, “মোৰ পুতেকে প্ৰতিবাদ আয়োজন কৰিবলৈ চেষ্টা কৰাটো কোনো অসাংবিধানিক কাম নহয়। দেশজুৰি যুৱসকলে প্ৰতিবাদ কৰি আছে, কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। মোৰ পুতেকে এতিয়াও কোনো প্ৰতিবাদ অনুষ্ঠিতও কৰা নাছিল, কেৱল আয়োজন কৰাৰ চেষ্টা কৰিছিল।”
আনহাতে, গ্ৰেপ্তাৰ হোৱা আন এজন যুৱক আশ্ৰাফুল ইছলামেও এম.কম অধ্যয়ন কৰি আছে। তেওঁৰ পিতৃ আয়ুব আলীয়ে জনায় যে, ২৩ জুলাইৰ মাজনিশা আৰক্ষীয়ে ঘৰ ওচৰৰ পৰা আশ্ৰাফুলক আটক কৰি নিয়ে।
আয়ুব আলীয়ে The Wire-ক কয়, “মোৰ পুতেক এজন অত্যন্ত মেধাৱী আৰু অনুশাসিত ছাত্ৰ। আৰক্ষীয়ে যি অপৰাধৰ অভিযোগ আনিছে, তেনে কোনো অপৰাধমূলক কাৰ্যকলাপত তেওঁ জড়িত থাকিব নোৱাৰে।”
তেওঁ আৰু কয়, “আন সম্প্ৰদায়ৰ লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিন্তু আমি মুছলমান হোৱা বাবেই আমাক লক্ষ্যবস্তু বনোৱা হৈছে।”
এই প্ৰতিবেদনটো The Wire-ত প্ৰকাশিত।

🚨 প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষামন্ত্ৰীৰ দায়িত্ব
25/07/2026

🚨 প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষামন্ত্ৰীৰ দায়িত্ব

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰদানৰ পদত্যাগ৷
25/07/2026

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰদানৰ পদত্যাগ৷

আজমলৰ কাষত জাতীয়তাবাদী নেতা  শৃংখল চলিহা৷
24/07/2026

আজমলৰ কাষত জাতীয়তাবাদী নেতা শৃংখল চলিহা৷

সদ্য ঘোষিত NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা লখিমপুৰ জিলা খনৰ লগতে ফুলবাৰী অঞ্চলৰ গৌৰৱ শ্ৰী হিমেশ ৰানা মগৰক  অসম জাতীয...
20/07/2026

সদ্য ঘোষিত NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা লখিমপুৰ জিলা খনৰ লগতে ফুলবাৰী অঞ্চলৰ গৌৰৱ শ্ৰী হিমেশ ৰানা মগৰক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ
ফুলবাৰী আঞ্চলিক সমিতি ৰ এটা সজাঁতী দলে তেওঁ গৃহত উপস্থিত হৈ এক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when NETV Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NETV Digital:

Shortcuts

Share