31/08/2026
অনন্তজ্যোতিৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ আহ্বান
মাজুলীৰ দুৰ্ভগীয়া অনন্তজ্যোতিৰ পৰিয়াল বৰ্তমান যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈছে। জটিল ৰোগত আক্ৰান্ত অনন্তজ্যোতিৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ অসমৰ্থ হৈ পৰিয়ালটোৱে এতিয়া উপায়ন্তৰ হৈ ৰাইজৰ সহায় বিচাৰিছে।
চিকিৎসকে অনন্তজ্যোতিৰ অতি জৰুৰীভাৱে PET-CT পৰীক্ষা কৰোৱাৰ পৰামৰ্শ দিছে। কিন্তু অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত এই পৰীক্ষাৰ বাবে অহা মাহৰ ১৮ তাৰিখে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল।
এই বিষয়টো জানিব পাৰি আজি মই নিজে অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক ডাঃ দ্বীপেন খনিকৰ দাদাক অনুৰোধ জনাওঁ। তেখেতে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অতি জৰুৰীভাৱে কাইলৈ পুৱা ৯ বজাত অনন্তজ্যোতিৰ PET-CT পৰীক্ষা সম্পন্ন কৰাৰ আশ্বাস প্ৰদান কৰিছে। এই সহায় আৰু মানৱীয়তাৰ বাবে তেখেতলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এতিয়া আহোঁ মূল কথালৈ।
অনন্তজ্যোতিৰ PET-CT পৰীক্ষাৰ বাবেও যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন হৈছে। বাহিৰত এই পৰীক্ষা কৰোৱালে প্ৰায় ২৫ হাজাৰ টকা ব্যয় হ’ব পাৰে। অৱশ্যে অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত এই পৰীক্ষাৰ বাবে তুলনামূলকভাৱে কম খৰচ হ’লেও পৰিয়ালটোৰ বৰ্তমানৰ আৰ্থিক পৰিস্থিতিৰ বাবে সেই ব্যয়ো বহন কৰাটো কঠিন হৈ পৰিছে।
সেয়ে, অনন্তজ্যোতিৰ চিকিৎসাৰ বাবে যিয়ে যেনেকৈ পাৰে, নিজৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজলৈ আন্তৰিক আহ্বান জনালোঁ।
লগতে, মাজুলীৰ মাননীয় বিধায়কগৰাকীকো অনন্তজ্যোতিৰ চিকিৎসাৰ ক্ষেত্ৰত সম্ভৱপৰ সহায় আগবঢ়াবলৈ আন্তৰিক অনুৰোধ জনালোঁ।
আহক, আমি সকলোৱে মিলি অনন্তজ্যোতিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ আৰু এটা পৰিয়ালৰ মুখত আশাৰ হাঁহি বিৰিঙাই তোলোঁ।