02/07/2022
বছৰৰ দ্বিতীয়টো বানে সৰ্বস্বান্ত কৰা কামপুৰৰ বানবিধ্বস্ত অঞ্চলৰ খবৰ লৈ দুখৰ সমভাগী হয় মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী।সত্ৰাধিকাৰ জনে কামপুৰ পটিয়াপাম,ডেকা গাঁও,বুঢ়াপটীয়া গাঁৱকে ধৰি কামপুৰৰ কেইবাটাও বান শিবিৰলৈ গৈ বন্যাৰ্তৰ খবৰ লোৱাৰ লগতে কিছু পৰিমানে দুৰ্গত ৰাইজক খাদ্য-সামগ্ৰী প্ৰদান কৰে।তাৰোপৰি বানে ক্ষতিগ্ৰস্ত কৰা কামপুৰৰ ৰাইজক তৎকালীনভাৱে পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।