28/06/2025
👉এগৰাকী সাংবাদিক ক ইমান বেয়া ব্যবহাৰ কৰিব তেওঁ নালাগিছিল !
👉তেওঁ এতিয়াৰ পৰাই সংবাদ মেলত মালিক সকলক নিমন্ত্ৰণ কৰিলে হল !
👉যিহেতু তেওঁ নিম্ন শ্ৰেণীৰ মানুহৰ লগত তেওঁ কথা নাপাতে !
তেওঁ জনা উচিত ১০ মাহ হে তেওঁ ডাঙৰ মন্ত্ৰী হৈ আছে !
১০ মাহ পাচত তেওঁ তলত নে ওপৰত যাব সেয়া ৰাইজে সকলো সিদ্ধান্ত লব !
👉১২৫০ টকাৰ আঁচনি খনক লৈ বিজেপিয়ে ইমান প্ৰসংশা কৰে নিজে নিজক !
কিন্তু এতিয়া মন্ত্ৰী বিধায়কৰ পত্নীয়ে ৫০ লাখ টকাৰ ৰাজ সাহায্য পায় ! আচৰিত কথা !
👉গৰুখুঁটি প্ৰকল্পৰ যদি আন্ত গাঁথনি নাই ,তেন্তে কি কাৰণত ৩০০ গীৰ গায় লৈ আনিছিল ?
👉 ৯০ জনী গৰুৰ হিচাপটো তিনিটা বছৰ পাছত কিয় দিলে? সকলো কথাই স্পষ্ট হৈছে !
👉গৰুখুটিৰ প্ৰকল্পৰ অধ্যক্ষ যিহেতু পদ্ম হাজৰিকা ! গতিকে জবাব দিব লাগিব তেখেতে অসমৰ ৰাইজক !
👉বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্টকৈ কৈছে ,ৰঙিয়াৰ পৰা তেওঁ গৰু নিয়া নাছিল , অবশ্য তেওঁ গৰুখুটিৰ পৰা নিয়া গৰু উভতাই দিছে ! বাকী গৰু কোনে কি কৰিছে , সেইটো তেওঁ নাজানে !
গতিকে কথাবোৰ বহুত বেলেগ হৈ গৈছে !
👉মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা কবলৈ লাজে লগা হ'ল ! তেওঁ কি কৰি আছে ,কি কৈ আছে
তেওঁ নিজে চাগে বুজা নাই !
---মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক যুক্তিৰে তুলা ধূনা সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ মুখ্য উপদেষ্টা
বিদ্যুৎ কলিতাৰ