09/09/2025
বিশ্বনাথৰ বালিচাং হাইস্কুলত পথ সুৰক্ষা সজাগতা সভা
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ৷ সমান্তৰালকৈ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৷ যাৰ পৰিণতিত দুৰ্ঘটনাজনিতত কাৰনত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে পৰিয়ালটোৰ লগতে সমাজ জীৱনলৈ কঢ়িয়াই আনে কাল অমানিশা ৷ সেয়েহে পথ দুৰ্ঘটনা ৰোধ কৰাৰ হেতু বালিচাং আৰক্ষী চকীৰ উপপৰিদৰ্শক জোনটি মজুমদাৰৰ তৎপৰতাত আৰু বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত আয়োজন কৰা হৈছে পথ সুৰক্ষা সজাগতা সভাৰ ৷ বালিচাং হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ আয়োজন কৰা সজাগতামূলক সভাখনৰ আঁত ধৰে বালিচাং হাইস্কুলৰ প্ৰধানশিক্ষক ৰমেশ নাথে ৷ জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা উক্ত সজাগতামুলক সভাত পথ সুৰক্ষা সজাগতা সম্পৰ্কে আলোকপাত কৰা হয় ৷ বিশেষকৈ পথ সুৰক্ষা নীতি , ট্ৰেফিক নীতি নিয়ম পালন কৰা , হেলমেট আৰু ছিট বেল্ট পৰিধান কৰা , বাহন চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰা , পথ অতিক্ৰম কৰোতে লৱলগা সাবধনতাৰ লগতে পথৰ লগত ট্ৰেফিকৰ সাংকেতিক চিহ্নৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱা হয় ৷ সভাখনত বিশেষভাবে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকললৈ উদ্দেশ্যি সজাগতামুলক বক্তব্য ৰাখে বিশ্বনাথ জিলা উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই ৷ বিশেষকৈ পথ দুৰ্ঘটনা ৰোধৰ হেতু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সচেতনতা অনা , পথৰ নীতি নিয়ম নিৰ্দেশনা মানি চলাৰ উৎসাহ প্ৰদান কৰাৰ লগতে পথ সুৰক্ষাৰ গুৰুত্ব সম্পৰ্কেও বিশদভাৱে বুজাই দিয়ে উপআৰক্ষী অধীক্ষক গৰাকীয়ে ৷ ইয়াৰ উপৰিও আৰক্ষী বিষয়া নৱজ্যোতি বাগলাৰীয়েও পথ সুৰক্ষা সজাগতা অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য ৰাখে ৷ সভাত বালিচাং হাইস্কুলৰ শিক্ষকমণ্ডলী তথা অঞ্চলটোৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷