24/08/2025
Cinema in Guwahati in past
"আহক! আহক! ছবিত সচল মানুহ চাই যাওক।"
"আহক! আহক! ছবিত সচল মানুহ চাই যাওক।"
এইটো ঘোষণাৰেই দৰ্শকক চিনেমা চাবলৈ আহ্বান জনাইছিল ঘোষকে। সেই ঘোষকজন আছিল ৰাজু।সেয়া আছিল ১৯২০ চন।
গুৱাহাটীৰ পানবজাৰৰ নাগকটা পুখুৰীৰ বিপৰীত ফালে এটি সৰু ঘৰত "কামৰূপ চিনেমা কোম্পানী" নামেৰে আৰম্ভ হৈছিল সম্ভৱতঃ অসমৰ প্ৰথমটো চিনেমা হল। বহুতে সেইটো "ৰাজুৰ চিনেমা" বুলি জানিছিল। কাৰণ সেই হলটোৰ টেকনিচিয়ানপৰা আৰম্ভ কৰি টিকেট বেচালৈকে সকলো কাম ৰাজুয়ে কৰিছিল।
ষাঠিজনমান মানুহ বহিব পৰা এটা হল।
দৰ্শক বহিছিল বেঞ্চ আৰু বাঁহৰ চাঙত।
কিছু চকী আছিল যদিও সেই চকীৰ কাৰণে টিকটৰ মূল্য আছিল বাৰ আনা। বেঞ্চৰ বাবে আছিল দুই আনা আৰু বাঁহৰ চাঙৰ টিকটৰ মূল্য আছিল এক আনা।
সেইসময়ৰ এগৰাকী উদ্যোগী চিত্তৰঞ্জন সেনে আৰম্ভ কৰিছিল এই চিনেমা হলটো। ১৬ এম এমৰ এটি প্ৰজেক্টৰৰ সহায়ত ১৬×১০ ফুটৰ পৰ্দাত প্ৰদৰ্শন কৰা হৈছিল চিনেমাসমূহ। গুৱাহাটীৰ সেই সময়ৰ তথাকথিত ভদ্ৰ সমাজ সেই হলৰ দৰ্শক নাছিল। "ৰাজুৰ চিনেমা" হলৰ দৰ্শক আছিল বিশেষকৈ জাহাজৰ কুলিসকল, শ্ৰমিক বা ঠেলাগাড়ী চালকসকল। পাছলৈ অৱশ্যে কটন কলেজিয়েট স্কুল আৰু কটন কলেজৰ ছাত্ৰয়ো মেটিনী শ্ব'ৰ চিনেমা চাইছিল।
সমাজৰ একাংশ গোড়া মানুহৰ সমালোচনাই হলটোৰ মালিক সেন ডাঙৰীয়াক হতাশ কৰি তুলিছিল। যাৰ ফলত তেওঁ সপোনৰ ব্যৱসায়টো বাদ দি তুলি দিছিল লাখটকীয়াৰ ৰফিকুল ইছলাম মৌজাদাৰৰ হাতত: যাক সকলোৱে "মইনা মজুমদাৰ" বুলি মাতিছিল।
সেইখিনি সময় আছিল নিৰ্বাক চিনেমাৰ যুগ।
সময় বাগৰিল।
১৯৩১ চন।
গুৱাহাটীবাসীৰ কানত পৰিল এটি ঘোষণা।
""আহক! আহক! ছবিত সচল মানুহে এতিয়া কথা কয়, গান গায়, বাদ্যধ্বনিৰ স'তে নাচে।
আহক! দৰ্শন কৰক আৰু পৃথিৱীৰ অষ্টম আশ্বৰ্য্য চাই জীৱন সাৰ্থক কৰক।" এখন সুসজ্জিত ঘোঁৰাবাগীৰে এই ঘোষণা কৰা হৈছিল। কামৰূপ চিনেমা কোম্পানী চলোৱা মইনা মজুমদাৰে কমাৰপট্টীৰ এটি গুদামঘৰক এটি চিনেমা হলৰ ৰূপ দিলে। নাম দিলে "পিকচাৰ হাউছ"। দৰ্শকেৰে ভৰি পৰিল হল।
পৰৱৰ্তী সময়ত কমাৰপট্টী নিৱাসী ব্যৱসায়ী মাছুম আলিয়ে হলটো কিনি লয়। "পিকচাৰ হাউচৰ" নাম সলনি হ'ল। নাম পালে "সতী টকীজ'। "সতী টকীজ"ত চলা প্ৰথম পূৰ্ণদৈৰ্ঘৰ চিনেমা আছিল " ঋষিৰ প্ৰেম"।
হলৰ প্ৰথম শ্ৰেণীৰ দৰ্শকৰ টিকেটৰ মূল্য আছিল বাৰ আনা, দ্বিতীয় শ্ৰেণীৰ দৰ্শকৰ টিকেটৰ মূল্য আছিল আঠ আনা আৰু তৃতীয় শ্ৰেণীৰ দৰ্শকৰ টিকেটৰ মূল্য আছিল চাৰি আনা। টিনৰ ঘৰটোৰ মাটিৰ মজিয়াত প্ৰথম শ্ৰেণীৰ বাবে কাঠৰ চকী, দ্বিতীয় শ্ৰেণীৰ বাবে টিনৰ আৰু তৃতীয় শ্ৰেণীৰ দৰ্শকৰ বাবে বেঞ্চ পাৰি দিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হলৰ মালিক লোকচানৰ সন্মুখীন হ'ল। আগবাঢ়ি আহিল দুগৰাকী ব্যক্তি। ভূৱন চন্দ্ৰ চৌধুৰী আৰু তিলক দাস। তেওঁলোক দুয়োজনে মাছুম আলিৰপৰা হলটো কিনি ল'লে। "সতী টকীজ"ৰ মজিয়া পকী কৰিলে। নতুন মেচিন আনিলে। হলৰ নতুন নামকৰণ কৰা হ'ল। "সতী টকীজ" ৰ নতুন নাম হৈ পৰিল "বিজুলী"। "বিজুলীত চলিবলৈ ধৰিলে হিন্দী, ইংৰাজীকে ধৰি অসমীয়া ভাষাৰ চিনেমা। কেতিয়াবা এটি টিকেটত দুখনকৈ চিনেমা চোৱাৰো সুযোগ দৰ্শকক দিয়া দিয়া হৈছিল। "বিজুলী"ত প্ৰদৰ্শিত প্ৰথমখন চিনেমা আছিল "জাংগল প্ৰিন্স"।
এইদৰেই "বিজুলী" একৈশ শতিকাৰ দ্বিতীয় দশকৰ মাজ ভাগলৈ চলি আছিল। বৰ্তমান "বিজুলী" বন্ধ।
বন্ধ হ'ল গুৱাহাটীৰ প্ৰায়বোৰ হল। উৰ্বশী, কেলভিন, ৰূপশ্ৰী, চৌধুৰী টকীজ, ময়ুৰকৃষ্ণা, বন্দনা, অনুপমা, অৰুণা, অপ্সৰা, মেঘদূত, প্ৰাগজ্যোতিষ ধৰি প্ৰায় সকলো। এইবোৰৰ ঠাই ল'লে মাল্টিপ্লেক্সে।
কেৱল মাত্ৰ ১৯৭১ চনত ফণী শৰ্মাই নিৰ্মাণ কৰা "অনুৰাধা" চিনেমা হলে এতিয়াও চিনেমা প্ৰদৰ্শন কৰি চলি আছে। গুৱাহাটীত চিনেমা হল বন্ধ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানলৈ সলনি কৰা প্ৰথমটো হলেই সম্ভৱত ফাঁচী বজাৰত অৱস্থিত "ৰূপায়ন" আছিল।
চিনেমা হললৈ গৈ শাৰী পাতি টিকেট কটা, ব্লেকাৰৰপৰা টিকেট বেছি দামেৰে কিনি লোৱা, টিকেট কাউণ্টাৰৰ সৰু ফুটাটোত চাৰি পাঁচখন হাত একেলগে সুমুৱাই দিয়া, উলিয়াই আনোতে কাৰোবাৰ হাতত থকা খাৰুত লাগি হাতৰ চাল এৰাই যোৱা বা এজনৰ পিঠিত আন এজন উঠি টিকেট কাউণ্টাৰৰ সন্মুখলৈ যোৱা বা কাজিয়া মাৰপিট কৰা -ইত্যাদি কথাবোৰ আমাৰ পাছৰ প্ৰজন্মক ক'লে সাধুকথা কোৱা বুলিয়েই ক'ব।
দিনবোৰ যে কিমান সলনি হ'ল।
#সংগ্ৰহ #