North East Voice

North East Voice সংবাদ জগতত নিৰ্ভীক,নিৰপেক্ষ,আপোচহীন ?

02/09/2020

প্ৰেছ বিবৃতি 02-09-2020

Time8 নামৰ web portal ত যোৱাকালি ০১. ০৯.২০২০ ইং তাৰিখে নাৰী দেহ ব্যৱসায় তথা সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰিৰ লগত ইমদাদুল হক নামৰ আমছুৰ নেতা এজন জড়িত থকা বুলি এটা বাতৰি পৰিবেশন হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। বাতৰিত প্ৰচাৰ কৰা ইমদাদুল হক আমছুৰ মৰিগাও জিলা সমিতিৰ অন্তৰ্গত এটি আঞ্চলিক সমিতিৰ প্ৰাক্তন কৰ্মী আছিল। চাৰি বছৰ পূৰ্বে তেওঁ আমছু ত্যাগ কৰি এটি বিশেষ ৰাজনৈতিক দলৰ সদস্য পদ লৈ ৰাজনীতি কৰি আছে। আমছুৰ লগত উল্লেখিত ইমদাদুলৰ যোৱা চাৰিবছৰৰ পৰা কোনো ধৰনৰ সম্পৰ্ক নাই। তেনে পৰিপ্ৰেক্ষিতত Time8 ৰ দৰে বহুল প্ৰচাৰিত এটি নিউজ পৰ্টেলে সত্যাসত্য নিৰূপণ নকৰাকৈ আমছুৰ নেতা বুলি ডিঙিৰ শিৰা ফুলাই বাতৰি পৰিবেশন কৰাটো সাংঘাতিক দূৰ্ভাগ্যজনক। যিজন ব্যক্তি বিগত চাৰিবছৰৰ পৰা সংগঠনৰ লগত কোনো সম্পৰ্ক নাই তেনে ব্যক্তি এগৰাকীক সংগঠনৰ বিষয়ববীয়া বুলি মিছাকৈ প্ৰচাৰ কৰি জনমানসত সংগঠনৰ ভাৱমূৰ্তি বিনষ্ট কৰাত আমি Time 8 গোষ্ঠীক গৰিহনা দিয়াৰ লগতে পৰবৰ্তী সময়ত এনে মিছা বাতৰি পৰিবেশন নকৰিবলৈ সকীয়ণি দিয়া হয়। Time 8 নামৰ নিউজ portal টোৱে অহা ২৪ ঘণ্টাৰ ভিতৰত এই বিষয়ত যদি স্পষ্টীকৰণ নিদিয়ে তেনেহলে আমি আদালতৰ দাৰস্থ হবলৈ বাধ্য হম ।
এই বিষয়টো লৈ টুইটাৰত ৪০ টা পোষ্টত বিজেপি আৰু RSS ৰ লোকে মোক মেনশ্বন কৰি গালি পাৰি থকা মই লক্ষ্য কৰিছোঁ। এতিয়া কথাটো হল, প্ৰতিদিনে বিজেপিৰ নেতা পালিনেতাবোৰৰ এনে নিচ কাণ্ডবোৰ আমি চাই থাকো সেইবোৰৰ কথা কবলৈ নাযাওঁ ৰাইজে জানেই। যিগৰাকী ব্যক্তি আমাৰ সংগঠনত নাই, তেওঁৰ কাণ্ডত মোক কিয় গালি পাৰা হৈ আছে?? সুবিধা এটা পাবহে লাগে নেকি? ভণ্ডামিবোৰ বন্ধ কৰক নহলে আইনী ব্যৱস্থা লবলৈ বাধ্য হম।।
হাছিনা আহমেদ
সাংগঠিনক সম্পাদিকা, আমছু ।

 বলিউডৰ জনপ্ৰিয় অভিনেতা  #সুশান্ত_সিং_ৰাজপুতৰ আত্মহত্যা । মাথো কেইদিন মান আগতে তেখেতৰ মেনেজাৰ গড়াকীয়েও আত্মহত্যা কৰিছিল ...
14/06/2020


বলিউডৰ জনপ্ৰিয় অভিনেতা #সুশান্ত_সিং_ৰাজপুতৰ আত্মহত্যা । মাথো কেইদিন মান আগতে তেখেতৰ মেনেজাৰ গড়াকীয়েও আত্মহত্যা কৰিছিল ।

#মুম্বাইস্থিত নিজৰ ঘৰত আত্মহত্যা কৰিলে অভিনেতাজনে৷

'কাই পো চে' চিনেমাৰ জৰিয়তে বলীউডত খোজ দিয়া ৰাজপুতৰ অন্তিমখন চিনেমা আছিল 'চিচোৰে'

  : #মন্ত্ৰী_হিমন্ত_বিশ্ব_শৰ্মাৰ_সংবাদমেল*গুৱাহাটীত পুনৰ ঘোষিত হ'ব পাৰে ল'কডাউন*পৰিস্থিতি সাপেক্ষে চৰকাৰে ল'ব সিদ্ধান্ত*...
13/06/2020

:
#মন্ত্ৰী_হিমন্ত_বিশ্ব_শৰ্মাৰ_সংবাদমেল

*গুৱাহাটীত পুনৰ ঘোষিত হ'ব পাৰে ল'কডাউন

*পৰিস্থিতি সাপেক্ষে চৰকাৰে ল'ব সিদ্ধান্ত

*পৰিস্থিতিৰ অৱনতি ঘটিলেই ঘোষিত হ'ব পাৰে ল'কডাউন

*ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

*১৬ জুনত পৰীক্ষা কৰা হ'ব ৫০ হাজাৰ লোকৰ টেষ্ট

*গুৱাহাটীৰ ১২ টা স্থানত হ'ব এই টেষ্ট

*পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি লোৱা হ'ব ল'কডাউনৰ সিদ্ধান্ত

*পুনৰ ল'কডাউনৰ সিদ্ধান্তটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে চৰকাৰে।

#নৰ্থ_ইষ্ট_ভয়েজ

12/06/2020

10/06/2020

#বাঘজানৰ ভয়াবহ বিস্ফোৰণ স্থলিত উপস্থিত হৈ কি কলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক #পলাশ_চাংমাই

Address

Nearby Rajdhani Masjid, Dispur
Guwahati
781005

Alerts

Be the first to know and let us send you an email when North East Voice posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to North East Voice:

Share