03/09/2026
▶সৰ্বভাৰতীয় NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও চহৰৰ পানীগাওঁ চাৰিআলিৰ ৰাজবীৰ বৰাই।
▶পানীগাওঁ চাৰিআলিৰ নিবাসী প্ৰয়াত অভিনৱ বৰা আৰু কবিতা বৰাৰ একমাত্ৰ পুত্ৰ ৰাজবীৰে NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী মেডিকেল কলেজত স্থান লাভ কৰে।
▶সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি গুৱাহাটী মেডিকেল কলেজত স্থান লাভ কৰা ৰাজবীৰ বৰা এগৰাকী ভাল ক্ৰিকেট খেলুৱৈ হিচাপেও চিৰপৰিচিত।
▶ৰাজবীৰৰ এই সাফল্যত উৎফুল্লিত মাতৃৰ লগতে পৰিয়ালবৰ্গ।
▶উল্লেখযোগ্য যে ৰাজবীৰৰ প্ৰয়াত পিতৃ আছিল এগৰাকী খ্যাতনামা ক্ৰিকেট খেলুৱৈ তথা "দৈনিক জনসাধাৰণ"ৰ কাকতৰ প্ৰকাশক আৰু মাতৃ সমাজকল্যাণ বিভাগৰ এগৰাকী কৰ্মচাৰী।