Parveez Maruf

Parveez Maruf সত্যৰ সন্ধানত এক যাত্ৰা.. Safar Tv is an independent newsroom that produces investigative & analytical reporting.
(5)

27/09/2025

BTCৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ
🙏

Send a message to learn more

😢😢
26/09/2025

😢😢

26/09/2025
26/09/2025

1st round
36. No Harisinga Constituency

BPF-3656, UPPL-2112, APB-757

26/09/2025

আজি BTC নিৰ্বাচনৰ ভোটগণনা,
সেয়ে BPFৰ প্ৰতিগৰাকী প্ৰাৰ্থীলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা

25/09/2025

নতুন প্ৰজন্ম (Gen Z)য়ে যদি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি গনতান্ত্ৰিক ভাৱে ৰাজপথত ওলাই নাহে তেনেহলে আমাৰ জুবিন দাই ন্যায় পাব বুলি বিশ্বাস নহয়!

জুবিন মোৰ বাবে পণ্য সামগ্ৰী- শ্যামকানু মহন্তএইবাৰ শ্যামকানুৰ মুখা খুলিলে নিজৰে ভতিজা সৃজনী ভাস্ব মহন্তই জুবিনদা অসমৰ জাত...
25/09/2025

জুবিন মোৰ বাবে পণ্য সামগ্ৰী- শ্যামকানু মহন্ত

এইবাৰ শ্যামকানুৰ মুখা খুলিলে নিজৰে ভতিজা সৃজনী ভাস্ব মহন্তই

জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ'ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, শিৰাই-শিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি। তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ'ল। যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক শুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুকলৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ-নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে। কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো।

মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে-মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকাণু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই। বহুত বছৰ ধৰি কোনো ধৰণৰ কথা-বতৰাও নাই উল্লিখিত ব্যক্তিজনৰ লগত। যিসকল লোকে মোক ব্যক্তিগতভাৱে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন-যাপন কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই।

বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক'লে, "জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!" ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো - "বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।" সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ "ৰাজহাড়", জুবিন তেওঁৰ "আত্মা"। ঘৃণা উপজে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক। কঠোৰতম তদন্ত আৰু শাস্তি হওঁক।

#সংগ্ৰহিত

Address

Guwahati

Telephone

+919101397962

Website

Alerts

Be the first to know and let us send you an email when Parveez Maruf posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Parveez Maruf:

Share