04/09/2026
এখন মৃত নদীক অকলেই জীৱিত কৰি তুলিলে ২০ বছৰীয়া বিট্টুৱে
মৃত্যুমুখী হোৱা এখন নদীক অদম্য ইচ্ছা শক্তিৰে অকলেই জীয়াই তুলিলে ২০ বছৰীয়া এজন যুৱকে। বিট্টু তাবাহী নামৰ মধ্য প্ৰদেশৰ যুৱকজনক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা।
মধ্য প্ৰদেশৰ বিওৰা জিলাৰ মাজেৰে বৈ যোৱা আজনাৰ নদীখন প্লাষ্টিক, আৱৰ্জনা আৰু ফাংগাছৰ ফলত সম্পূৰ্ণৰূপে প্ৰদূষিত আৰু দুৰ্গন্ধময় হৈ পৰিছিল। দেখিলে এনে লাগে যেন সেইয়া নদী নহয় এটা লেতেৰা নলাহে। মানুহে আজনাৰক এখন মৃত নদী বুলি ধৰি লৈছিল। নদীখনৰ এই অৱস্থা দেখি বিট্টুৰ অন্তৰে কান্দি উঠিল। বিট্টুৱে হাৰ নামানি অকলেই আজনাৰ নদী পৰিষ্কাৰ কৰাৰ কঠিন পণ লয়।
কোনো চৰকাৰী বিষয়া বা কোনো চাফাই অভিযানৰ অপেক্ষাত নাথাকি বিট্টুৱে হাতে-কামে লাগে। কোনো সুৰক্ষামূলক সামগ্ৰী নোহোৱাকৈ, কেৱল নিজৰ সাহসেৰে তেওঁ দিনৰ পিছত দিন ধৰি নদীৰ লেতেৰা পানীত নামি প্লাষ্টিক আৰু আৱৰ্জনাবোৰ নিজ দুহাতেৰে দূৰ কৰিবলৈ ধৰে। বহুতে তেওঁক কেৱল ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ এই কাম কৰা বুলি সমালোচনাও কৰিছিল। বহু লোকে পাগল বুলি উপহাস কৰিছিল কিন্তু তেওঁ কাৰো কথাত কাণ নিদি নিজৰ লক্ষ্যত অবিচল হৈ থাকে।
প্ৰদূষিত পানী আৰু আৱৰ্জনাৰ সৈতে বাৰে বাৰে সংস্পৰ্শলৈ অহাৰ ফলত বিট্টুৰ হাতত সংক্ৰমণ হৈছিল। তেওঁ কয়, “মই নদীখন চাফা কৰাৰ বাবে এটা মেচিন বনাব বিচাৰিছিলোঁ, কিন্তু মোৰ হাতত পইচা নাছিল। মই এজন ছাত্ৰ। সেয়ে মই ভাবিলোঁ যিমান দূৰ সম্ভৱ মই মোৰ নিজৰ হাতেৰেই চাফা কৰিম। তাৰ ফলত মোৰ সংক্ৰমণ হ’ল। মোৰ হাত আৰু ভৰিৰ ছাল ছিগি যাবলৈ ধৰিলে। ইয়াৰ লগতে সাপৰ ভয়ো আছিল কিন্তু মই থমকি নৰ’লো, মই যি পণ লৈছিলোঁ সেয়া বাস্তৱ কৰাৰ পাছতহে শান্তি পাইছোঁ।”
বিট্টুৱে দুবছৰ ধৰি কৰা অহোপুৰুষাৰ্থ কষ্টৰ ফলত আজনাৰ নদীখনে পুনৰ নিজৰ পুৰণি ৰূপ-যৌৱন ঘূৰাই পালে। দিনৰ পিছত দিন ধৰি বিট্টুৱে কৰা পৰিশ্ৰমৰ ফলত নদীখনে পুনৰ উশাহ ল’বলৈ ধৰিলে। পুনৰ কুলুকুলু শৱদেৰে আজনাৰৰ বুকুৱেদি বৈ গ’ল পানী। মৰিবলৈ ধৰা নদীখন পৰিষ্কাৰ আৰু প্ৰাণৱন্ত হৈ উঠা দেখি সকলোৰে চকু এতিয়া চমকি উঠিছে আৰু ল’ৰাজনক সকলোৱে কৰিছে ভূয়সী প্ৰশংসা।
বিট্টু তাবাহীয়ে প্ৰমাণ কৰিলে-পৰিৱৰ্তন আনিবলৈ সদায় হাজাৰ হাজাৰ মানুহৰ প্ৰয়োজন নহ’বও পাৰে, এজন দৃঢ়মনা মানুহেই যথেষ্ট।
ছেল্যুট বিট্টু 🙏🫡
Copy: ✍🏻 কস্তুৰী বৰঠাকুৰ
৩/০৯/২০২৬