News Plus

News Plus NewsPlus is a news aggregator company, It aggregates content from news sites, social media and blogs.

17/09/2021

হাফপেণ্ট পিন্ধা বাবে নিদিয়ে পৰীক্ষা দিয়াৰ অনুমতি, শিক্ষানুষ্ঠানৰ পৰ্দা মেৰিয়াই পৰীক্ষাত বহিল ছাত্ৰী
বিশ্বনাথৰ পৰা তেজপুৰলৈ পৰীক্ষা দিবলৈ অহা ছাত্ৰীগৰাকীয়ে এই ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে।

05/09/2021

লাভলীনা বৰগোহাঁইক সমগ্ৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি, ৯ ছেপ্তেম্বৰৰ পৰা ওলাব ২০ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন

30/08/2021

'ছানী লিয়নী আহি 'ফ্লায়িং কিচ' দিলেও উপ-নিৰ্বাচনত বিজেপিক হৰুৱাব নোৱাৰে', আত্মবিশ্বাসী ৰূপজ্যোতি কুৰ্মী

Joe Biden Warns: কাবুল বিমানবন্দৰত ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ হ'ব পাৰে আক্ৰমণ, জো বাইডেনৰ সাৱধানবাণী!
29/08/2021

Joe Biden Warns: কাবুল বিমানবন্দৰত ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ হ'ব পাৰে আক্ৰমণ, জো বাইডেনৰ সাৱধানবাণী!

Tokyo Paralympics: পেৰা অলিম্পিকত নিষাদ কুমাৰে লাভ কৰিলে ৰূপৰ পদক, ভাৰতৰ দ্বিতীয়টো পদকভাৰতৰ নিষাদ কুমাৰে (Nishad Kumar) ...
29/08/2021

Tokyo Paralympics: পেৰা অলিম্পিকত নিষাদ কুমাৰে লাভ কৰিলে ৰূপৰ পদক, ভাৰতৰ দ্বিতীয়টো পদক

ভাৰতৰ নিষাদ কুমাৰে (Nishad Kumar) টকিঅ’ত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত (Tokyo Paralympics) ৰূপৰ পদক লাভ কৰিছে। তেওঁ পুৰুষৰ হাই জাম্পৰ T-47 ইভেণ্টত দেশলৈ গৌৰৱ কঢ়িয়াই ৰূপৰ পদক অৰ্জন কৰে। নিষাদে এই ইভেণ্টৰ ফাইনেলত ২.০৬ মিটাৰ উচ্চতা জঁপিয়াই এই সফলতা অৰ্জন কৰে।

এই ইভেণ্টৰ ফাইনেলত ভাৰতৰ আনজন পেৰা অলিম্পিক এথলীট ৰামপাল চাহৰে পঞ্চম স্থানত থাকে। অৱশ্যে তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰে আৰু ১.৯৪ মিটাৰ জঁপিয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু পেৰা অলিম্পিক সমিতিৰ মুৰব্বী দীপা মালিকে নিষাদক এই সুন্দৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি লিখিছে, ‘টকিঅ’ৰ পৰা আৰু এটা ভাল খবৰ আহিছে। নিষাদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T-47ত ৰূপৰ পদক লাভ কৰিছে, যাক লৈ অত্যন্ত সুখী। তেওঁ উৎকৃষ্ট কৌশল আৰু কষ্টৰ বলত এক সফল এথলীত হৈছে, তেওঁলৈ বহুত শুভেচ্ছা।’

29/08/2021

Veer Lachit Sena : ডাম্পাৰ বাদেই, মোৰ ৰিক্সা কেলেংকাৰীও নাই, এক টকাও খাইছোঁ যদি প্ৰমাণ কৰক, শিৱ দৌলৰ সন্মুখত আঁঠু কঢ়িম : শৃংখল চলিহা
শৃংখল চলিহাই কয় "ডাম্পাৰ বাদেই, মোৰ ৰিক্সা কেলেংকাৰীও নাই। ডেৰকোটি টকাৰ এটকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে শিৱ দৌলৰ সন্মুখত আঁঠু কাঢ়িম।"

শুকুৰবাৰে দেশে গঢ়িলে অভিলেখ! প্ৰদান কৰা হ'ল ১ কোটি কোভিড ভেকচিন, অসমত দিয়া হ’ল আঢ়ৈ লাখ ২১আগষ্টৰ পৰা ২৭আগষ্টলৈ দেশত ৪.৫ক...
28/08/2021

শুকুৰবাৰে দেশে গঢ়িলে অভিলেখ! প্ৰদান কৰা হ'ল ১ কোটি কোভিড ভেকচিন, অসমত দিয়া হ’ল আঢ়ৈ লাখ

২১আগষ্টৰ পৰা ২৭আগষ্টলৈ দেশত ৪.৫কোটি পালি ভেকচিন প্ৰদান কৰা হয়। এই পৰিসংখ্যাও প্ৰথমবাৰলৈ প্রাপ্ত হৈছে।

শুকুৰবাৰৰ দিনটোত দেশত ১ কোটিতকৈ অধিক লোকক Covid-19ৰ ভেকচিন প্ৰদান কৰা হয়। ২৭ আগষ্ট তাৰিখে সমগ্ৰ দেশতে ১,০০,৬৪,০৩২জন লোকক ভেকচিন প্ৰদান কৰা হয়। এটা দিনত প্ৰথমবাৰলৈ ভেকচিন লোৱা লোকৰ সংখ্যাই এক কোটিৰ পৰিসংখ্যা পাৰ কৰিছে।

আনহাতে যোৱাটো সপ্তাহত অর্থাৎ ২১ আগষ্টৰ পৰা ২৭ আগষ্টলৈ দেশত ৪.৫কোটি পালি ভেকচিন প্ৰদান কৰা হয়। এই পৰিসংখ্যাও প্ৰথমবাৰলৈ প্রাপ্ত হৈছে। উল্লেখযোগ্য যে, এই এক কোটিত অসমৰ অৱদান আঢ়ৈ লাখ। অর্থাৎ ২৭ আগষ্টৰ দিনটোত অসমত ২,৫০,৬৮১ জনক Covid-19ৰ ভেকচিন প্ৰদান কৰা হয়।

২৭ আগষ্টৰ দিনটোত ৰাজ্য সমূহৰ ভিতৰত সৰ্বাধিক ভেকচিন প্ৰদান কৰা হয় উত্তৰ প্ৰদেশত। দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত শুকুৰবাৰে ২৮ লাখ লোকক ভেকচিন দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰিসংখ্যা অতিক্ৰম কৰাৰ পিছত এক টুইট যোগে ভেকচিন লোৱা সকলক অভিনন্দন জনায় আৰু এই অভিযান সাফল্যমণ্ডিত কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ, মাধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত যোৱা ৩০দিনত সৰ্বাধিক ভেকচিন প্ৰদান কৰা হয়। উত্তৰ প্ৰদেশত ২.১৫ কোটি লোকক দিয়াৰ বিপৰীতে মধ্য প্ৰদেশত দিয়া হৈছে ১.৩ কোটি লোকক হৈছে আৰু মহাৰাষ্ট্ৰত দিয়া হৈছে ১.১ কোটি লোকক। এই তিনি ৰাজ্যই ভেকচিন প্রদানৰ বিশেষ আৰু উদ্ভাৱনী অভিযান আৰম্ভ কৰাৰ কাৰণে তেনে পৰিসংখ্যা পাবলৈ সক্ষম হৈছে বুলি বিশেষজ্ঞ সকলে ক'ব খোজে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এজন বিষয়াই News18ক জনোৱা মতে, আগষ্ট মাহত প্ৰায় ১৭কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ব আৰু ছেপ্টেম্বৰ মাহৰ লক্ষ্য ২০কোটি। চলিত মাহটোত এতিয়ালৈকে ১৫কোটি ভেকচিন প্ৰদান কৰা হ’ল; ইয়াৰে ১১কোটি প্রথম পালি। আৰু ১০ কোটি প্ৰদান কৰা হয় ৪৫বছৰৰ তলৰ লোকক। আনহাতে সমগ্ৰ দেশতে এতিয়ালৈ ১৪ কোটি লোকে ভেকচিনৰ বাধ্যতামূলক দ্বিতীয়টো পালি গ্ৰহণ কৰিছে। অৰ্থাৎ দেশত বয়সৰ ভিত্তিত ভেকচিন ল’বলৈ যোগ্যতা লাভ কৰা ১৫ শতাংশ লোকে দ্বিতীয় টিকা লাভ কৰিছে।

Published by: Himangshu Bhuyan(News 18 Assam )

27/08/2021

দুকানৰ সন্মুখত কিয় প্ৰহাৰ কৰা হৈছিল মহিলাক।
Chatishgar ৰ viral video ৰ আৰৰ কাহিনি।
কি হৈছিল আছলতে তাত? কিয় সাঙোৰ খালে BJP নেতাৰ নাম?

Published by : The lallantop.

Weird Love Story: এখন পুৰণি বিচনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনলাইনযোগে বিক্ৰী কৰিলে এগৰাকী যুৱতীয়ে ! যাৰ ওচৰত বিক্ৰী কৰিলে তেও...
27/08/2021

Weird Love Story:
এখন পুৰণি বিচনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনলাইনযোগে বিক্ৰী কৰিলে এগৰাকী যুৱতীয়ে ! যাৰ ওচৰত বিক্ৰী কৰিলে তেওঁৰ সৈতে হ'ল প্ৰেম...
২৫ বছৰীয়া কায়লাই তেওঁৰ পুৰণি বিচনা এখনৰ পৰা পৰিত্ৰাণ পাবলৈ ফেচবুক (Facebook)ত এটা Online Selling Communityক বিজ্ঞাপন দিছিল। তেওঁ নাজানিছিল যে তেওঁৰ বিজ্ঞাপনটোৱে কায়লাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনক লগ লগাই দিব।

Weird Love Story: এখন পুৰণি বিচনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনলাইনযোগে বিক্ৰী কৰিলে এগৰাকী যুৱতীয়ে ! যাৰ ওচৰত বিক্ৰী কৰিলে তেওঁৰ সৈতে হ'ল প্ৰেম...

ঈশ্বৰে আমাৰ সকলোৰে বাবে কাৰোবাক সৃষ্টি কৰিছে, আপুনি নিশ্চয় এই সংলাপটো বহুবাৰ শুনিছে। অৱশ্যে আপুনি এই বিশেষ আপোনজন ক'ত বিচাৰি পায়? এইটো জনা কঠিন। এতিয়া ব্ৰিটিছ ছোৱালী (British Woman) কায়লা স্পিয়াৰ্ছ (Kyla Spiers)ৰ কথাই ভাবকচোন, কেনেকৈ অতি আচৰিত ধৰণে পাইছিল জীৱনলগৰীক (Weird Love Story)।
২৫ বছৰীয়া কায়লাই তেওঁৰ পুৰণি বিচনা এখনৰ পৰা পৰিত্ৰাণ পাবলৈ ফেচবুক (Facebook)ত এটা Online Selling Communityক বিজ্ঞাপন দিছিল। তেওঁ নাজানিছিল যে তেওঁৰ বিজ্ঞাপনটোৱে কায়লাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনক লগ লগাই দিব। কিং চাইজৰ বিচনা আৰু মেট্ৰেছ যাৰ পৰা কায়লাই পৰিত্ৰাণ পাব বিচাৰিছিল এতিয়া তেওঁৰ জীৱনৰ এটা অংশ হৈ পৰিছে।
বিচনা বিক্ৰী বিজ্ঞাপন অতি বিশেষ হৈ পৰে

কায়লা স্পিয়াৰ্ছে এই বছৰৰ ফেব্ৰুৱাৰীত ফেচবুকৰ কমিউনিটি মাৰ্কেটপ্লেচত তেওঁৰ বিচনা আৰু গাদী বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিছিল। এই বিচনাখন ক্ৰয় কৰিবলৈ আগ্ৰহী সকলৰ ভিতৰত এজন আছিল গেৰী মেকডনাল্ড (Gary MacDonald)। গেৰীয়ে কায়লাক এই বিচনাখনৰ বাবে প্ৰায় ১৫ হাজাৰ টকা আগবঢ়াইছিল। কায়লাই প্ৰস্তাৱটো ভাল পাইছিল আৰু গেৰীৰ সৈতে লগ হৈছিল। যেতিয়া বিক্ৰেতা আৰু ক্ৰেতা লগ হৈছিল, এই সাক্ষাত অতি বিশেষ হৈ পৰিছিল।
চুক্তিটো ঠিক হোৱাৰ লগে লগে প্ৰেম

যেতিয়া বিচনা চুক্তি (Online deal) ঠিক হোৱাৰ লগে লগে কায়লা আৰু গেৰী লগ পাইছিল, দুয়ো প্ৰথম দৰ্শনতে ইজনে সিজনৰ প্ৰেমত পৰিছিল। সেইদিনা গেৰীয়ে বিচনাখন লৈ ঘৰলৈ গৈছিল, কিন্তু তেওঁলোক দুয়োৰে হৃদয়ত কিছু অনুভৱ বাকী আছিল। অৱশেষত, কেইসপ্তাহমানৰ পিছত, গেৰী আৰু কায়লাই এটা বাৰ্তাৰ জৰিয়তে কথা পাতিবলৈ আৰম্ভ কৰিলে। এপ্ৰিল মাহৰ ভিতৰত, সম্পৰ্কটো আনুষ্ঠানিক হৈ পৰিছিল আৰু এতিয়া কায়লাই জানুৱাৰী ২০২২-ত প্ৰথম সন্তানজন্ম দিবলৈ গৈ আছে। কায়লাই তাইৰ টুইটাৰ একাউণ্টত কাহিনীটো শ্বেয়াৰ কৰিছিল। মানুহে এই পোষ্টটোত যথেষ্ট আকৰ্ষণীয় সঁহাৰি দিছে।

Published by: Kokil Sarma( News18 Assam)

সৰ্বানন্দ সোণোৱালক এটা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! কি এই আহ্বান মুখ্যমন্ত্ৰীৰ ?এতিয়া ৰাজ্যত নিয়োগৰ প্ৰচুৰ ...
26/08/2021

সৰ্বানন্দ সোণোৱালক এটা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! কি এই আহ্বান মুখ্যমন্ত্ৰীৰ ?
এতিয়া ৰাজ্যত নিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে জল পৰিবহণ সেৱাত ৷
SHARE THIS:
সৰ্বানন্দ সোণোৱালক এটা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! কি এই আহ্বান মুখ্যমন্ত্ৰীৰ ?

ৰাজ্যত সংযোজিত হৈছে এটাৰ পাছত আনটো খণ্ড ৷ কিন্তু নতুন খণ্ডত নিয়োগ কৰিবলৈ অসমত অভাৱ উপযুক্ত মানৱ সম্পদ৷ উপযুক্ত মানৱ সম্পদৰ অভাৱত অসম উন্নতিৰ দিশৰ পৰা পিছপৰি ৰ'ব পাৰে। এনে প্ৰসংগতে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এক প্ৰশিক্ষণ দিব পৰাকৈ মানৱ সম্পদ প্ৰশিক্ষণ প্ৰতিষ্ঠান গঢ়াৰ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক চৰকাৰী অনুষ্ঠানত ৰাজহুৱাকৈ এই আহ্বান জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উদাহৰণস্বৰূপে এতিয়া ৰাজ্যত নিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে জল পৰিবহণ সেৱাত ৷ এই খণ্ডত নিয়োগ কৰিবৰ বাবে এতিয়া প্ৰয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান অথবা বিশ্ববিদ্যালয়ৰ ৷ এনে হ'লে অসমত জাহাজৰ স'তে কৰ্মৰত লোকৰ অভাৱ দূৰ কৰিব পাৰে প্ৰতিষ্ঠানখনে ৷ কেন্দ্ৰৰ নতুন দায়িত্ব লৈ ৰাজ্যলৈ অহা সৰ্বানন্দ সোণোৱালে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান কিদৰে লয় সেয়া লক্ষণীয় হ'ব।

Published by: Gautam Barman(News18 Assam)

পতি-পত্নীৰ (Husband-Wife) মাজত বলপূৰ্বক যৌন সম্পৰ্ক বা পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক ধৰ্ষণ (R**e) নহয়। আইনীভাবে বিব...
26/08/2021

পতি-পত্নীৰ (Husband-Wife) মাজত বলপূৰ্বক যৌন সম্পৰ্ক বা পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক ধৰ্ষণ (R**e) নহয়। আইনীভাবে বিবাহ পাশত আবদ্ধ স্বামীৰ বিৰুদ্ধে স্ত্ৰীয়ে বৈবাহিক ধৰ্ষণ (R**e)ৰ অভিযোগ উত্থাপন কৰিব নোৱাৰে বা কৰিলেও সেই অভিযোগৰ কোনো মান্যতা নাথাকে। আইনীভাৱে বিয়া হোৱা স্বামীয়ে বলপূৰ্বকভাবে বা পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্ভোগ কৰিলেও ইয়াক ধৰ্ষণ বুলি ক'ব নোৱাৰি। আজি এই ৰায় দিছে ছত্তিছগড় উচ্চ ন্যায়ালয় (Chhattisgarh High Court)এ।

ছত্তিছগড় উচ্চ ন্যায়ালয়ে কয়, "বৈধভাবে বিয়া হোৱা ১৮বছৰৰ ওপৰৰ পুৰুষ আৰু তেওঁৰ পত্নীৰ মাজত, পত্নীৰ অনিচ্ছা স্বত্বেও বা বলপূৰ্বকভাবে কৰিলেও, যৌন সম্পৰ্ক বা যৌন আচৰণক ধৰ্ষণ বুলি ক'ব নোৱাৰি।"

“এই গোচৰত অভিযোগকাৰী হৈছে প্ৰথম আবেদনকাৰী/স্বামীৰ আইনীভাবে বিবাহিত পত্নী, সেয়ে পত্নীৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক বা যৌন আচৰণ, পত্নীৰ অনিচ্ছা স্বত্বেও , কোনো ধৰ্ষণজনিত অপৰাধ নহয়।" নিজাৰ ৰায়ত এইদৰো মন্তব্য কৰে আদালতে।

"স্বামী হিচাপে এইক্ষোত্ৰত তেওঁ কোনোধৰণৰ বেআইনী কাম কৰাটো প্ৰমাণ নহয়।" India Todayৰ বাতৰি এটাত এি কথা প্ৰকাশ হৈছে।

উল্লেখ্য যে যোৱা বছৰ ২২ নৱেম্বৰত তেওঁলোকৰ বিয়া হৈছিল আৰু বিয়াৰ পিছৰ পৰাই পতি-পত্নীৰ মাজত মনোমালিন্য হৈ আছিল। বিয়াৰ এমাহ পিছতে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে পতিয়ে যৌন সম্ভোগ কৰাৰ বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে অভিযোগ কৰা মতে যোৱা ২ জানুৱাৰীত তেওঁলোকে মহাবালেশ্বৰলৈ যাওতে স্বামীগৰাকীয়ে তেওঁক তেোঁৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্ভোগ কৰিছিল। পিছত এই বাবেই তেওঁ অসুস্থ হোৱা বুলিও জনাইছিল।

Published by: Manjumoni Borah(News18 Assam)

26/08/2021

বন্দে মাতৰম নহয়, এইবাৰ বন্দে গো মাতা

Address

Guwahati, Beltola Tniali
Guwahati

Website

Alerts

Be the first to know and let us send you an email when News Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Plus:

Share