Guwahati Press Club - Official

Guwahati Press Club - Official Established in 1971 the GPC is an hub for all the journalists in the city.

19/07/2025

*সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ*

গুৱাহাটী,১৯ জুলাইঃ শুকুৰবাৰে সন্ধিয়া চেটেলাইট চেনেল ND 24 ৰ অনুষ্ঠান ‘আজিৰ পৰ্যবেক্ষণত’ ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ‍্যি গোৱালপাৰাৰ বিধায়ক এ.কে.ৰশিদ আলমে যি অশালীল তথা অপমানসূচক মন্তব‍্য প্ৰকাশ কৰিলে। তাৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।জেষ্ঠ‍্য সাংবাদিকজনে কৰা তথ‍্যভিত্তিক প্ৰশ্নৰ উত্তৰত বিধায়ক এ.কে ৰশিদ আলমে চেনেলটোৰ মুখ‍্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক ব‍্যক্তিগত ভাৱে আক্ৰমনৰ লক্ষ‍্য কৰি লয়। তেওঁৰ ওপৰত চিঞৰ-বাখৰেই নহয়, অশালীল গালি গালাজো পাৰিবলৈ লয়।
এয়া মাথো এক উদাহৰণহে, ৰাজনৈতিক ব‍্যক্তিসকলে অসুবিধাজনক প্ৰশ্নৰ সন্মুখীন হ’লেই সাংবাদিকসকলক প্ৰায়ে লক্ষ‍্য কৰি লয়।ৰাজনীতিৰ লগত জড়িত সকলো ব‍্যক্তিলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সকিয়নী-ৰাজহুৱা মঞ্চত ৰাজনৈতিক নেতা সকলে শিষ্টাচাৰৰ পৰিচয় দিয়ক আৰু প্ৰশ্নসমূহ তথ্যভিত্তিক উত্তৰে সমাধান কৰক, আক্ৰোশমূলক ভাৱে নহয়।

সুস্মিতা গোস্বামী
সভাপতি

সঞ্জয় ৰায়
সম্পাদক

গুৱাহাটী প্ৰেছ ক্লাব।

28/06/2025

সাংবাদিকক অভব্য আচৰণ
গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী কাৰ্যসূচী
গুৱাহাটী, ২৭ জুন : সাংবাদিকক অভব্য আচৰণ কৰাটো কিছুসংখ্যক ৰাজনেতাৰ স্বভাৱত পৰিণত হৈছে। কিছুদিন আগতে বিৰোধী সাংসদ এজনে সাংবাদিকক প্ৰশ্ন সোধাত বাধা আৰোপ কৰি জনতা জনাৰ্দনক অপমান কৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আঘাত কৰিছিল। কালি ২৭ জুন, ২০২৫ ত নিজে আয়োজন কৰা এখন সংবাদমেলত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৰাকী সাংবাদিকক তলৰ শ্ৰেণীৰ বুলি তুচ্ছ-তাচ্ছিল্য কৰিছে। মন্ত্ৰীগৰাকীয়ে তলৰ শ্ৰেণীৰ সাংবাদিক বুলি কি বুজাব বিচাৰিছে আমাৰ বোধগম্য হোৱা নাই। সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে নিজৰ পদমৰ্যাদা পাহৰি যি ধৰণৰ আচৰণ কৰিলে সেই আচৰণ সুস্থ গণতন্ত্ৰৰ বাবে ভাবুকি বুলি গুৱাহাটী প্ৰেছ ক্লাবে গণ্য কৰিছে। সাংবাদিকৰ ওপৰত প্ৰতিনিয়ত হৈ থকা এনেধৰণৰ আক্ৰমণৰ বিৰূদ্ধে গুৱাহাটী প্ৰেছ ক্লাবে আজি ক্লাবৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। জনসাধাৰণৰ প্ৰতিনিধিৰ এনেধৰণৰ উদ্ভট আৰু অসাংবিধানিক আচৰণত আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিয়ে। গুৱাহাটী প্ৰেছ ক্লাবে পুনৰবাৰ দোহাৰে যে সাংবাদিকে প্ৰশ্ন সোধাৰ অধিকাৰ আছে, উত্তৰ দিয়া নিদিয়াটো তেওঁলোকৰ নিজস্ব বিষয়। প্ৰেছ ক্লাবৰ তৰফৰ পৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অনাহকত কটু মন্তব্য নকৰিবলৈ সকীয়াই দিয়া হল। অন্যথা গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সাংবাদিকসকলে সংশ্লিষ্ট ব্যক্তিৰ যিকোনো বা-বাতৰি বৰ্জন কৰিবলৈ বাধ্য হব।

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সম্পাদক

28/06/2025

গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী কাৰ্যসূচী
কালি ২৭ জুন, ২০২৫ ত এখন সংবাদমেলত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিক উদ্দেশ্যি যি ধৰণৰ উদ্ভট আৰু অসাংবিধানিক ভাষা প্ৰয়োগ কৰিছে তাক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে। উক্ত কাৰ্যৰ প্ৰতিবাদত আজি দিনৰ ১২ বজাত গুৱাহাটী প্ৰেছ ক্লাবৰ চৌহদত এটি প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত সকলো সাংবাদিক লগ হৈ প্ৰতিবাদী ধ্বনিৰে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিম। লগতে সাংবাদিকক কৰ্মক্ষেত্ৰত দুৰ্ব্যৱহাৰ কৰা যিকোনো লোককে প্ৰেছ ক্লাবৰ পৰা পুনৰবাৰ সকীয়াই দিয়া হল যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অনাহকত কটু মন্তব্য নকৰিব। অন্যথা সাংবাদিকসকলে সংশ্লিষ্ট ব্যক্তিৰ যিকোনো বা-বাতৰি বৰ্জন কৰিবলৈ বাধ্য হব।

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সম্পাদক

27/06/2025

গুৱাহাটী, ২৭ জুন:
সাংবাদিক সকলক আক্ৰমণ আৰু তুচ্ছ তাচ্ছিল্য কৰাৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা I সাংবাদিকসকল ৰাজনীতিবিদসকলৰ পৰা বাৰম্বাৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ ঘটনাক তীব্ৰ নিন্দা জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে। সাংসদ, বিধায়ক, মন্ত্ৰী আৰু বিভিন্ন দলৰ অন্যান্য বিষয় ববীয়াৰ মাজত আমি এনে এক ভয়াৱহ প্ৰৱণতা লক্ষ্য কৰিছো য’ত তেওঁলোকৰ বাবে অস্বস্তিজনক প্ৰশ্ন বা তেওঁলোকৰ অপ্ৰিয় প্ৰশ্ন উত্থাপনৰ বাবে ৰাজনীতিবিদসকলে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয় I
গুৱাহাটী প্ৰেছ ক্লাবে পূৰ্বেও এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছিল আৰু ৰাজনৈতিক নেতাসকলক এনে অশুভ আচৰণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। কোনো ব্যক্তিৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াৰ অধিকাৰ নিশ্চয় আছে, কিন্তু তেওঁলোকে সাংবাদিক বা তেওঁলোকৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি অপমান কৰাৰ অধিকাৰ নাই । যদি ৰাজনৈতিক নেতাসকল প্ৰশ্নৰ সন্মুখীন হ’বলৈ সাজু নহয়, তেন্তে তেওঁলোকে সাংবাদিকসকলক সংবাদমেললৈ আমন্ত্ৰণ নজনাই কেৱল নিজৰ একপক্ষীয় বিবৃতি জাৰি কৰিলেই হ'ল। আমি পুনৰ দাবি জনাইছো যে ৰাজনীতিবিদ আৰু অন্যান্য ব্যক্তিয়ে কেৱল তেওঁলোকৰ অপচন্দৰ প্ৰশ্ন সুধাৰ বাবে সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো এনে আচৰণ গণতান্ত্ৰিক দেশৰ চেতনাৰ বিৰুদ্ধে আৰু সংবাদ মাধ্যমৰ স্বাধীনতাত হস্তক্ষেপ I

সুস্মিতা গোস্বামী,
সভাপতি

সঞ্জয় ৰায়,
সাধাৰণ সম্পাদক

গুৱাহাটী প্ৰেছ ক্লাব।

27/06/2025

The Gauhati Press Club expresses its outrage at the recurring incidents of journalists facing backlash from politicians when faced with uncomfortable questions. From MPs, MLAs to ministers and other office bearers of different parties, we have seen an alarming trend of targeting the journalist who poses a question that puts them in a difficult position.
The Gauhati Press Club had earlier also raised concern over the matter and urged the political leaders to refrain from such undignified behaviour. A person has the right to not answer posed by a journalist, but they cannot question the credibility of the scribe or their media house and hurl insults.
If political leaders are not ready to face questions, they should refrain from inviting media persons for press conferences and merely issue their one-sided statements. Such behaviour will not dissuade the journalists from discharging their duties responsibly and the voice of a free press cannot be stifled.
We once again reiterate our demand that politicians and others refrain from targeting journalists for merely asking uncomfortable questions as such behaviour is against the spirit of a democratic nation.

Susmita Goswami
President

Sanjay Rao
General Secretary

Gauhati Press Club

সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালো।🙏আপোনালোকৰ উপস্থিতি একান্তই কামনা কৰিলো🙏🙏
05/06/2025

সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালো।🙏আপোনালোকৰ উপস্থিতি একান্তই কামনা কৰিলো🙏🙏

01/06/2025

যোৰহাটত মহিলা সাংবাদিকক অপদস্থ কৰা ঘটনাক গুবাহাটী প্ৰেছ ক্লাবৰ গৰিহণা

গুৱাহাটীঃ ১ জুনঃ কালি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে যোৰহাটত উপস্থিত হোৱাৰ সময়ত কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা হেঁচা-ঠেলাত এগৰাকী মহিলা সাংবাদিক আহত হোৱাৰ লগতে তেওঁৰ কাপোৰ পৰ্যন্ত ফালি যোৱা বুলি বাতৰিত প্ৰকাশ হৈছে৷ এই ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে গৰিহণা দিয়ে আৰু সাংবাদিকৰ নিৰাপত্তা দিব নোৱৰা দলটোক কঠোৰভাৱে সকীয়নি দি কয় যে ভৱিষ্যতে দলৰ কাৰ্যসূচীৰ বাতৰি কৰিবলৈ গৈ যাতে সাংবাদিক অপদস্থ হ’বলগীয়া নহয় তাৰ ব্যৱস্থা কৰিব লাগে আৰু কালিৰ ঘটনাৰ দোষীৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব লাগে৷

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

29/05/2025

*ভিডিঅ’ সাংবাদিক নৱজ‍্যোতি লস্কৰক মুক্তিৰ দাবী গুৱাহাটী প্ৰেছ ক্লাবৰ। কামপুৰৰ সাংবাদিকজনক দুৰ্বৃত্তই কৰা মাৰপিটৰ ঘটনাক গৰিহণা। প্ৰকৃত দোষীক শাস্তিৰ দাবী গুৱাহাটী প্ৰেছ ক্লাবৰ।*

গুৱাহাটী, ২৯ মে’: চলিত বৰ্ষৰ ১৮ মে’ত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু বিজেপিৰ কলিয়াবৰ জিলা সভাপতি বাবুল বৰাৰ উপস্থিতিত কামপুৰ টাউনত বিজেপিৰ দ্বাৰা উলিওৱা ত্ৰিৰংগা যাত্ৰাত একাংশই পাকিস্তান জিন্দাবাদ শ্লোগান দিয়াৰ দৃশাংশ এটা জনপ্ৰিয় চেটেলাইট চেনেলৰ ভিডিঅ’ সাংবাদিক নৱজ‍্যোতি লস্কৰে কেমেৰাত বন্দী কৰি নিজা ফেচবুক একাউণ্টত আপলোডৰ লগতে সংবাদ মাধ‍্যমত সেই দৃশ‍্য যোগান ধৰিছিল। জানিব পৰা মতে, পাকিস্তান শ্লোগানৰ বিৰুদ্ধে প্ৰশাসনে উচিত পদক্ষেপ লোৱাৰ আশাৰে নৱজ‍্যোতিয়ে সেই ভিডিঅ’ আপলোড কৰিছিল। কিন্তু প্ৰাপ্ত খবৰ মতে, ভিডিঅ’ সাংবাদিক জনক ১৯ মে’ৰ সন্ধিয়াৰ ভাগত কোনো দুৰ্বৃত্তই ঘৰৰ পৰা উঠাই আনি অতি নিৰ্মম ভাৱে গণপ্ৰহাৰ কৰাৰ পাছত উদ্দেশ‍্য প্ৰণোদিত ভাৱে গোচৰ জাপি দি আৰক্ষীক গতাই দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈ জেল হাজোতালৈ প্ৰেৰণ কৰে।ষড়যন্ত্ৰমূলক ভাৱে নৱজ‍্যোতি লস্কৰৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহৰ গোচৰো জাপি দিয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

ভিডিঅ’ সাংবাদিক নৱজ‍্যোতি লস্কৰৰ লগত সংঘটিত এই ঘটনাক গুৱাহাটী প্ৰেছ ক্লাৱে গৰিহণা জনোৱাৰ লগতে নৱজ‍্যোতি লস্কৰক শীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবী জনালো।

সুস্মিতা গোস্বামী, সভাপতি
সঞ্জয় ৰায়, সাঃ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব।

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ৰ সামৰণিগুৱাহাটীঃ ২৮ এপ্ৰিলঃ গুৱাহাটী প্ৰেছ ক্লাবৰ উদ...
28/04/2025

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ৰ সামৰণি
গুৱাহাটীঃ ২৮ এপ্ৰিলঃ গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনডৰ ষ্টেডিয়ামত দুদিনীয়াকৈ আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সফল সামৰণি পৰে৷ প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত চেম্পিয়ন হয় প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰা আৰু ৰানাৰ্ছআপ হয় দ্য আছাম ট্ৰিবিউনৰ শিৱাশিষ ঠাকুৰ৷ আনহাতে প্ৰাগ নিউজৰ ৰঞ্জিত ৰায়ে তৃতীয় স্থান লাভ কৰে৷ মহিলাৰ শাখাত চেম্পিয়ন হয় এন ই ভাৰত ২৪ ৰ হেনা দে’৷ ৰানাৰ্ছআপ হয় প্ৰাগ নিউজৰ সুজাতা গৌতম আৰু তৃতীয় স্থান অধিকাৰ কৰে আছাম টকছৰ বৰ্ণালী শইকীয়াই৷ স্থানপ্ৰাপ্তসকলক ক্ৰীড়া মহীৰূহ পুলিন দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷ বঁটাপ্ৰদান অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, ক্ৰীড়া সংগঠক তথা পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ সম্পাদক কল্যাণ কুমাৰ দাস, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পাৰ্থ চক্ৰৱৰ্তী, জ্যেষ্ঠ ফটো সাংবাদিক ধনীৰাম কলিতা৷ প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনাত সহায় কৰে ৰূপকুমাৰ বুঢ়াগোহাঁয়ে৷ অৰ্ধশতাধিক সংবাদ কৰ্মীয়ে অংশ লোৱা প্ৰতিযোগিতাখন দেওবাৰে উদ্বোধন কৰে বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাই৷ প্ৰতিযোগিতাখনত সহযোগ আগবঢ়ায় ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ লগতে অসম বেডমিণ্টন সন্থা , পুলিন দাস স্মৃতিৰক্ষা সমিতি আৰু হেলথচিটি হস্পিটেলে৷

ৰাজ্যপালক গুৱাহাটী প্ৰেছ ক্লাবৰ সাক্ষাৎসাংবাদিক সুৰক্ষা আইন  প্ৰৱৰ্তনৰ দাবীত স্মাৰকপত্ৰ প্ৰদানগুৱাহাটীঃ ২৬ এপ্ৰিলঃ সাংবা...
26/04/2025

ৰাজ্যপালক গুৱাহাটী প্ৰেছ ক্লাবৰ সাক্ষাৎ

সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

গুৱাহাটীঃ ২৬ এপ্ৰিলঃ সাংবাদিক সুৰক্ষা আইন আৰু কেইবাটাও বিষয় লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলে আজি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ বিশেষকৈ কৰ্তব্যৰ সময়ত সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বিষয় উত্থাপন কৰা হয়৷ সাংবাদিকসকলে প্ৰত্যাহ্বানৰ মাজেৰে নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰে আৰু তেওঁলোকৰ সমস্যাসমূহক আমি গুৰুত্ব দিয়া উচিত বুলি ৰাজ্যপালগৰাকীয়ে অনুভৱ ব্যক্ত কৰে৷ৰাজ্যপালগৰাকীৰ ইতিবাচক সঁহাৰিৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে কৃতজ্ঞতা জনায়৷ প্ৰতিনিধি দলত অংশ লয় সভাপতি সুস্মিতা গোস্বামী, উপসভাপতি যতীন ভাগৱতী আৰু সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মাই৷

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

01/04/2025

ৰণ্টু শৰ্মাৰ বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ
গুৱাহাটী: ১ এপ্ৰিল: অতি দুখেৰে জনাওঁ যে ছেটেলাইট চেনেল News Live ৰ IT Head ৰণ্টু শৰ্মাৰ আজি দেহাৱসান ঘটে। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ৰণ্টু শৰ্মা যোৱা ২৫ মাৰ্চৰ পৰাই চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। লগতে প্ৰয়াত ৰণ্টু শৰ্মাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছো। পৰিয়ালৰ দুখৰ দিনত আমি পৰিয়ালৰ লগত আছো, সমবেদনা জনালো।

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

29/03/2025

*দিলৱাৰৰ মুক্তিত প্ৰেছ ক্লাবৰ ধন্যবাদ জ্ঞাপন*
গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ন্যায়ালয়ে মুকলি কৰি দিয়াত গুৱাহাটী প্ৰেছ ক্লাবে ন্যায়ৰ জয় হ’ল বুলি অভিহিত কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবে সকলো সাংবাদিক, নাগৰিক সমাজ, বিভিন্ন সংগঠন আৰু গণতন্ত্ৰপ্ৰেমী নাগৰিকলৈ ধন্যবাদ জ্ঞাপন কৰিছে। সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ এই ন্যায়ৰ সংগ্ৰামত যি অভূতপূৰ্ব একতাৰ শক্তি দাঙি ধৰিলে, ইয়ে ভৱিষ্যতলৈ দৃষ্টান্ত হৈ ৰ’ব। ভৱিষ্যতে যাতে কোনো সাংবাদিক অনাহকত হাৰাশাস্তিৰ সন্মুখীন নহয়, ঐক্যবদ্ধ সংগ্ৰাম কৰ্তৃত্বশীল পক্ষৰ প্ৰতি সকীয়নি হৈ ৰ’ব। পুনৰবাৰ সকলোৰে প্ৰতি গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জনালো। উল্লেখযোগ্য যে কাইলৈ ৩০.০৩.২০২৫ তাৰিখৰ সভাখন পূৰ্বনিৰ্ধাৰিত সময়তে অনুষ্ঠিত হব। সভাত সকলোৰে উপস্থিতি কামনা কৰিলো।
সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Guwahati Press Club - Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share