NIVAZ ASOM LIVE DigiTal

NIVAZ ASOM LIVE DigiTal news 24X7
(1)

28/07/2026

তেওঁলোকে খাব নোপোৱা মানুহ নহয়, ১ কেজি আলু দি কেনে চেলফি উঠি ফেচবুকত দিয়া তেওঁলোকে বহুত লাজ পায়। এইবোৰ বন্ধ হ'ব লাগে।

UBD TECHNOLOGIES আৰু ৰাইজৰ সহযোগত বান সাহায্য লৈ শিৱসাগত উপস্থিত।।

সম্প্ৰতি উজনি অসমৰ ভয়াবহ বান পৰিস্থিতি মাজত যিসকল বানপিড়িত লোক জীবন সংগ্ৰাম কৰি আছে সেইসকল লোকক কিছু পৰিমাণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটীৰ কেইজনমান উদয়নমান যুৱক।
গুৱাহাটীৰ কাহিলীপাৰা নৰকাসুৰস্থিত UBD TECHNOLOGIES আৰু ৰাইজৰ সহযোগত শিৱসাগৰ জিলালৈ বান সাহায্য লৈ যায়। এওঁলোকে বিশেষকৈ মহিলা আৰু শিশু সকলৰ বাবে কাপোৰ আৰু শিশুৰ আহাৰ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও চাউল, ডাইল, গাখিৰ আদি প্ৰেৰণ কৰে। UBD TECHNOLOGIES ফালৰ পৰা যোৱা কালি ৰাতি উপস্থিত হৈছে শিৱসাগৰ লৈ। ৰাজু মহন্তয়ৰ লগতে কেইবা গৰাকী নৱপ্ৰজন্মৰ ডেকা লৰা।

12/06/2026

চান্দমাৰী অমিয় নগৰ উন্নয়ন সমিতি, মহিলা সমিতি, আৰু সূর্যোদয় সংঘৰ উদ্যোগত

৩৫ নং নিউ গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় দিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু অমিয়নগৰ অন্তৰ্গত কৃতি ছাত্ৰ-ছাত্ৰীলৈ সম্বর্ধনা অনুস্থান শ্রীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখা নামঘৰত আয়োজন কৰা হয়।

05/06/2026

🌳 বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে kid veda ৰ এক সুন্দৰ পদক্ষেপ ।

04/06/2026

✅মহৰ্ষি শ্ৰী শ্ৰী লোকনাথ ব্ৰক্ষাচাৰী বাবাৰ ১৩৬তম তিৰোধান দিৱস উদযাপন।

📍গুৱাহাটী পাণ্ডুস্থিত লোকো কলোণীৰ লোকনাথ মিশনত দুদিনীয়া কাৰ্যসূচীৰে মহৰ্ষি শ্ৰী শ্ৰী লোকানাথ ব্ৰক্ষাচাৰী বাবাৰ ১৩৬ তম্ তিৰোধান দিৱস উদযাপন কৰা হয়। অন্তিম দিনা বিভিন্ন ধৰণৰ ধৰ্মীয় কাৰ্য্যসূচীৰে সমাপ্তি হয়। উক্ত অনুষ্ঠানত বিভিন্ন ঠাইৰ অগণন ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। সাংবাদিকৰ আগত উক্ত অনুষ্ঠানটোৰ বিষয়ে লোকনাথ মিশনৰ সম্পাদক ফ্ৰটিক ভট্টাচাৰ্যি আৰু উদযাপন সমিতিৰ তৰফৰ ৰাজীৱ ৰয়ে বিতংভাৱে জনাই।

04/06/2026

গুৱাহাটীক Purple City হিচাপে গঢ়াৰ GMC লোৱা সিদ্ধান্তক আদৰণি জনাইছোঁ ।

আমি গুৱাহাটীক Purple City হিচাপে গঢ়াৰ অভিযান আৰম্ভ কৰিম।

5 জুনৰ পৰা এই অভিযান আৰম্ভ হব।

অসমৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ আজাৰ আৰু কাঞ্চন আৰু কপৌফুল ৰোপনৰ সিদ্ধান্ত লোৱা হৈছে।

02/06/2026

✅ এলেন কেৰিয়াৰ ইনষ্টিটিউট, গুৱাহাটীয়ে জে ই ই (এডভান্সড) ২০২৬ৰ ফলাফলত অসাধাৰণ প্ৰদৰ্শনেৰে ইতিহাসৰ এক ল্যাণ্ডমাৰ্ক মিলষ্টোন অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ শৈক্ষিক সমাজৰ বাবে এক গৌৰৱৰ মুহূৰ্তত। এলেন গুৱাহাটীৰ ৬ বছৰীয়া শ্ৰেণীকোঠাৰ ছাত্ৰ যশৰাজ সিঙে অল ইণ্ডিয়া ৰেংক (এআইআৰ) ১২২ লাভ কৰি আই আই টি গুৱাহাটী জ’নৰ বাবে জ’নেল টপাৰ হিচাপে ঘোষণা কৰে।

২০১৯ চনত কেন্দ্ৰটো আৰম্ভ হোৱাৰ পিছত এলেন গুৱাহাটীৰ এজন ছাত্ৰই জেইই(এডভান্সড)ত এতিয়ালৈকে লাভ কৰা সৰ্বোচ্চ পদবী, আৰু ইয়াৰ ধাৰাবাহিক শৈক্ষিক উৎকৰ্ষতা আৰু ছাত্ৰ সফলতাৰ প্ৰতি অদম্য দায়বদ্ধতাৰ প্ৰমাণ হিচাপে প্ৰতিষ্ঠানটোৱে তৃতীয়বাৰৰ বাবে জ’নেল টপাৰ প্ৰস্তুত কৰিছে।

উদযাপনৰ লগত আৰু অধিক যোগ দি এগ্ৰিমা সিঙে এআইআৰ ১৮৫৭ লাভ কৰি আই আই টি গুৱাহাটী মণ্ডলৰ বাবে জ’নেল গাৰ্লছ টপাৰ হিচাপে সন্মানিত হয়, যিয়ে সমগ্ৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এলেন গুৱাহাটীৰ উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে স্থান আৰু অধিক শক্তিশালী কৰে।

02/06/2026

✅ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসম কেন্দ্ৰীয় সমিতিৰ বিশেষ সংবাদ মেল।

গুৱাহাটীৰ মহানগৰীৰ দিশপুৰস্থিত দিশপুৰ প্ৰেছ ক্লাৱত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বিশেষ সংবাদ মেল আয়োজন কৰা হয়। অসম মীন উন্নয়ন নীগমৰ বৃহৎ কেলেংকাৰীৰ সন্দৰ্ভত উক্ত সংবাদ মেলত আয়োজন কৰে। সংবাদ মেল সম্বোধন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসম কেন্দ্ৰীয় সমিতিৰ সম্পাদক জনাৰ্দ্দন দাসে।

02/06/2026

নাজিৰাৰ বিশিষ্ট সাংবাদিক, শিল্পী ,অৱসৰপ্ৰাপ্ত শিক্ষক অনুজ ৰাজখোৱাৰ মৃ *ত্যু,নাজিৰা প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঞ্জলী৷

ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক লোকশিল্পী, সমাজ সংগঠক , অৱসৰপ্ৰাপ্ত শিক্ষক অনুজ ৰাজখোৱা দেহা *ৱসান। সোমবাৰে নিশা নাজিৰা সমজিলাৰ অন্তগত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত তেওঁ মৃ *ত্যু হয়।

02/06/2026

📍 গুৱাহাটী মহানগৰীক পাৰ্পল চিটীৰূপে গঢ়াৰ যি পৰিকল্পনা পৌৰ নিগমে ঘোষণা কৰিছে
সেই বিষয় লৈ যোৱা কালি গুৱাহাটী ভিন্ন অঞ্চলত নিভাজ অসম লাইভে এক ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ।

📍 গুৱাহাটী সকলো অঞ্চলৰ দোকান-ঘৰ-দেৱালত কপৌ ফুলৰ ৰং দিবলৈ অনুৰোধ পৌৰ নিগমৰ।
📍 ৰাইজে সঁহাৰি জনালে চৰকাৰে লব সিদ্ধান্ত।
📍 গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা নাগৰিক উন্নয়ন সমিতি, মহিলা সমিতি, ভিন্ন ধৰণৰ সামাজিক অনুস্থানে এই কাৰ্যসূচীত আবেদন কৰিব পাৰিব।

Address

Bagharbari Panjabari Satgaon Guwahati/37
Guwahati
781037

Telephone

+917002143296

Website

Alerts

Be the first to know and let us send you an email when NIVAZ ASOM LIVE DigiTal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NIVAZ ASOM LIVE DigiTal:

Shortcuts

Share