25/04/2026
অসমীয়াৰ স্বভিমান জোৰেৰেই হেৰাই গ'ল এটি মিঠা জীৱন 🥺বিহুৰ ৰঙতেই যেন বিলিন হ'ল তোমাৰ ৰক্তৰ ৰঙ 💔
আত্মাই চিৰশান্তি লাভ কৰক 🙏
ঔম শান্তি
যোৱানিশা প্রায় ৩ মান বজাত তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত নলবাৰী জিলাৰ হাৰিভাংগাৰ ভাস্কৰজ্যোতি বিহু-হুঁচৰি দলটি এক ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এই দুৰ্ঘটনাত দলটোৰ মূল বিহুৱতী তথা নাগাৰা নামৰ সকলোৰে পৰিচিত জনপ্ৰিয় পাঠিকা নিশামণি হালৈ থিতাতে নিহত হয়,তেখেতৰ বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ।নিশামণিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন তথা শুভাকাংক্ষীসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তদুপৰি, দুর্ঘটনাটিত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা ভাস্কৰজ্যোতি বিহু-হুঁচৰি দলটিৰ সকলো বিহুৱা-বিহুৱতী যাতে সোনকালে সুস্থ হৈ উভতি আহে।🙏🥺
বিহুৰ সময়ত যাতে আৰু এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয়।সকলো সুৰক্ষিত হৈ থাকে।