
10/10/2025
ভিডিঅ’ ক্ৰিয়েটৰসকলৰ বাবে সুখবৰ। ভিডিঅ’ ক্ৰিয়েটৰে অংশ ল'ব পাৰিব এক বিশেষ সন্মিলনত। Skaraৰ উদ্যোগত ১২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ'ব Super CreatorCon 2025 – Assam Editionৰ সন্মিলন। ভিডিঅ’ টেকন’লজী কোম্পানী Skaraই গুৱাহাটীৰ হোটেল ভিভাণ্টাত আয়োজন কৰিছে এই সন্মিলনৰ। যি সন্মিলনত একত্ৰিত হ'ব পাৰিব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিডিঅ’ ক্ৰিয়েটৰসকল। শিকিব পাৰিব বহু কথা, সহযোগিতা লাভ কৰিব উদ্যোগ বিশেষজ্ঞ আৰু ভিন্ন ব্ৰেণ্ডৰ। মূলত শিক্ষামূলক আৰু তথ্য-বিনোদন বিষয়বস্তু (Infotainment content)ৰ জৰিয়তে প্ৰভাৱ পেলোৱা আঞ্চলিক ভিডিঅ’ ক্ৰিয়েটৰসকলক লৈ অনুষ্ঠিত কৰা হ'ব এই Super CreatorCon 2025 – Assam Editionৰ সন্মিলন।
গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলন আঞ্চলিক ভিডিঅ’ ক্ৰিয়েটৰসকলৰ বাবে এক সোণালী সুযোগ হিচাপে পৰিগণিত হ'ব। গুৱাহাটীৰ হোটেল ভিভাণ্টাৰ পিছত দেশৰ ৰাজধানী দিল্লীতো অনুষ্ঠিত হ'ব এই সন্মিলন। পৰৱৰ্তী পৰ্যায়ত বেংগালুৰু, হায়দৰাবাদ, আৰু মুম্বাইৰ দৰে মুখ্য চহৰতো উক্ত বিষয়ৰ সন্মিলন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। যি সন্মিলনে সমগ্ৰ দেশৰে ভিডিঅ’ ক্ৰিয়েটৰসকলক একত্ৰিত কৰাত ভূমিকা ল'ব। তদুপৰি Skaraৰ ভূমিকা আৰু দৃষ্টিভংগী সৰ্বাংগীন, সৱলীকৰণত উদগনি যোগাব।