Breaking Time

Breaking Time Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Breaking Time, News & Media Website, Guwahati.

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা M.Sc. Physics–ত শীৰ্ষস্থান: সাগৰিকা দেৱীক Gold আৰু University Bronze ...
21/01/2026

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা M.Sc. Physics–ত শীৰ্ষস্থান: সাগৰিকা দেৱীক Gold আৰু University Bronze Medal

গোৱালপাৰা জিলাৰ টিপলাই গাঁৱৰ কন্যা সাগৰিকা দেৱীয়ে শিক্ষাজগতত এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰি অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (Assam Science and Technology University)ৰ অধীনত ২০২২–২০২৪ শিক্ষাবৰ্ষৰ M.Sc. Physics পাঠ্যক্ৰমত তেওঁ শীৰ্ষস্থান লাভ কৰি Gold Medal অর্জন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো M.Sc. পাঠ্যক্ৰম—Physics, Chemistry, Mathematics, Zoology, Botany, Anthropology আদি—ৰ মাজত সৰ্বমুঠ উৎকৃষ্ট ফলাফলৰ বাবে University Bronze Medal লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে,চলিত মাহৰ ১৯ তাৰিখ সোমবাৰে অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ পঞ্চম দীক্ষান্ত সমাৰোহ অনুষ্ঠানত সাগৰিকা দেৱীক এই দুয়োটা সন্মানেৰে সন্মানিত কৰ হয়। তেওঁৰ এই ব্যতিক্ৰমী সাফল্যই অধ্যৱসায়, একাগ্ৰতা আৰু শৈক্ষিক উৎকৰ্ষৰ স্পষ্ট প্ৰতিফলন ঘটাইছে।

সাগৰিকা দেৱী গোৱালপাৰা জিলাৰ টিপলাইৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক আৰু ক্ৰীড়া সংগঠক, পাটপাৰা বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনী, গোৱালপাৰা জিলা শাখাৰ সভাপতি হৰমোহন নাথ আৰু টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিনতি দেৱীৰ একমাত্ৰ কন্যা।

তেওঁৰ এই গৌৰৱময় সাফল্যত অঞ্চলবাসী, শিক্ষা সমাজ আৰু শুভাকাঙ্ক্ষীসকলে গভীৰ আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে। সাগৰিকা দেৱীৰ এই কৃতিত্বই অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে ।

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা সাগৰিকা দেৱীৰ সাফল্যM.Sc. Physics–ত শীৰ্ষস্থান, সাগৰিকা দেৱীক Gold আৰ...
21/01/2026

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা সাগৰিকা দেৱীৰ সাফল্য
M.Sc. Physics–ত শীৰ্ষস্থান, সাগৰিকা দেৱীক Gold আৰু University Bronze Medal

গোৱালপাৰা জিলাৰ টিপলাই গাঁৱৰ কন্যা সাগৰিকা দেৱীয়ে শিক্ষাজগতত এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰি অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (Assam Science and Technology University)ৰ অধীনত ২০২২–২০২৪ শিক্ষাবৰ্ষৰ M.Sc. Physics পাঠ্যক্ৰমত তেওঁ শীৰ্ষস্থান লাভ কৰি Gold Medal অর্জন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো M.Sc. পাঠ্যক্ৰম—Physics, Chemistry, Mathematics, Zoology, Botany, Anthropology আদি—ৰ মাজত সৰ্বমুঠ উৎকৃষ্ট ফলাফলৰ বাবে University Bronze Medal লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে,চলিত মাহৰ ১৯ তাৰিখ সোমবাৰে অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ পঞ্চম দীক্ষান্ত সমাৰোহ অনুষ্ঠানত সাগৰিকা দেৱীক এই দুয়োটা সন্মানেৰে সন্মানিত কৰ হয়। তেওঁৰ এই ব্যতিক্ৰমী সাফল্যই অধ্যৱসায়, একাগ্ৰতা আৰু শৈক্ষিক উৎকৰ্ষৰ স্পষ্ট প্ৰতিফলন ঘটাইছে।
সাগৰিকা দেৱী গোৱালপাৰা জিলাৰ টিপলাইৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক আৰু ক্ৰীড়া সংগঠক, পাটপাৰা বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনী, গোৱালপাৰা জিলা শাখাৰ সভাপতি হৰমোহন নাথ আৰু টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিনতি দেৱীৰ একমাত্ৰ কন্যা।
তেওঁৰ এই গৌৰৱময় সাফল্যত অঞ্চলবাসী, শিক্ষা সমাজ আৰু শুভাকাঙ্ক্ষীসকলে গভীৰ আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে। সাগৰিকা দেৱীৰ এই কৃতিত্বই অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে ।

গোৱালপাৰা জিলাৰ টিপলাইৰ হৰমোহন নাথক সমাজ সতীর্থ বঁটা, ২০২৫অনুষ্ঠানত ঋতুস্মিন শৰ্মা সহ বহুতো বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান...
17/01/2026

গোৱালপাৰা জিলাৰ টিপলাইৰ হৰমোহন নাথক সমাজ সতীর্থ বঁটা, ২০২৫

অনুষ্ঠানত ঋতুস্মিন শৰ্মা সহ বহুতো বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান

গোৱালপাৰা জিলাৰ টিপলাইৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক, ক্রীড়া সংগঠক হৰমোহন নাথক শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত দীর্ঘদিন ধৰি আগবঢ়াই অহা সেৱাৰ স্বীকৃতিস্বৰূপে 'সমাজ সতীর্থ বঁটা, ২০২৫' প্ৰদান কৰা হয়। যোৱা ১১ জানুৱাৰী তাৰিখে মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত 'পাব্লিক প্ৰেছ' সংবাদ মাধ্যমৰ অষ্টম বর্ষপূর্তি অনুষ্ঠানত তেওঁক এই বঁটা আনুষ্ঠানিকভাবে প্রদান কৰা হয়। উল্লেখযোগ্য যে হৰমোহন নাথ পাটপাৰা বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক। শিক্ষা জীৱনত দীর্ঘদিন ধৰি সেৱা আগবঢ়োৱাৰ উপৰি তেওঁ সমাজসেৱাৰ বিভিন্ন ক্ষেত্রতো সক্রিয় ভূমিকা পালন কৰাৰ লগতে ক্রীড়াৰ ক্ষেত্ৰত দীর্ঘদিন ফুটবল খেলৰ পৰিচালকৰ দায়িত্ব পালন কৰিছিল। তেওঁ বর্তমান ৰামচন্দ্ৰ বিগ্রহ, টিপলাইৰ সভাপতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সম্মিলনী, গোৱালপাৰা জিলা শাখাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে। শিক্ষা ক্ষেত্রত নৈতিকতা, শৃংখলা আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমাজৰ সৰ্বস্তৰৰ লোকৰ সৈতে সম্পৃক্ত হৈ বিভিন্ন সামাজিক কাম-কাজত তেওঁ জড়িত হৈ আহিছে। এইবোৰ কাৰণতে তেওঁক উক্ত বঁটাৰ বাবে নিৰ্বাচন কৰা বুলি অনুষ্ঠানত জানিবলৈ দিয়ে আয়োজক পক্ষই। উক্ত বঁটা প্রদান অনুষ্ঠানত নাৰী শক্তি অসমৰ সভানেত্রী নম্রতা শর্মা আৰু পাব্লিক প্ৰেছৰ পৰিচালন সঞ্চালক অনির্বাণ সেনে হৰমোহন নাথক 'সমাজ সতীৰ্থ বঁটা, ২০২৫' প্রদান কৰে। অনুষ্ঠানত উপস্থিত নিউজ লাইভ বাংলা চেনেলৰ পৰিচালন সম্পাদক মানস ৰায়, অসম লাইভ ২৪ ৰ পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ লগতে
বিশিষ্ট লোক, সাংবাদিক আৰু অতিথিসকলে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ এই স্বীকৃতি লাভৰ পিছতেই সমগ্ৰ গোৱালপাৰা জিলাতেই আনন্দৰ বন্যা বৈছে ৷

02/01/2026

কংগ্ৰেছী নেত্ৰীৰ সমৰ্থনত শতাধিক মহিলাৰ প্ৰতিবাদ

ধূপধৰাত শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞৰ আয়োজনচাৰিদিনীয়া ধৰ্মীয়–সাংস্কৃতিক কাৰ্যসূচীৰে ব্যাপক প্ৰস্তুতিগোৱালপাৰা জিলাৰ...
21/12/2025

ধূপধৰাত শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞৰ আয়োজন
চাৰিদিনীয়া ধৰ্মীয়–সাংস্কৃতিক কাৰ্যসূচীৰে ব্যাপক প্ৰস্তুতি

গোৱালপাৰা জিলাৰ ধূপধৰা ৰাধাগোবিন্দ মন্দিৰ প্ৰাঙ্গণত অহা ২৫ ডিচেম্বৰ পৰা ২৮ ডিচেম্বৰলৈকে শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞৰ আয়োজন কৰা হৈছে। ধূপধৰা সাৰ্বজনীন অষ্টপ্ৰহৰ উদযাপন কমিটিৰ উদ্যোগত আয়োজিত এই চাৰিদিনীয়া ধৰ্মীয় অনুষ্ঠান উপলক্ষে অঞ্চলজুৰি ব্যাপক প্ৰস্তুতি চলি আছে।

এই অনুষ্ঠান সফলভাৱে সম্পন্ন কৰিবলৈ অজয় কুমাৰ শীলক সভাপতি আৰু জয়ন্ত দেক কাৰ্যকৰী সভাপতি, স্বপন কুমাৰ সৰকাৰ, উত্তম বিশ্বাস, হাৰান ৰাভা, প্ৰদীপ নাথ আৰু স্বপন সাহাক উপ-সভাপতি, পৱিত্ৰ শীলক সম্পাদক আৰু ভক্ত সাহা, মাধৱ দাস আৰু অনিল সৰকাৰক লৈএখন শক্তিশালী কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। উদযাপন কমিটিৰ সভাপতি অজয় কুমাৰ শীলে জানিবলৈ দিয়া মতে, ২৫ ডিচেম্বৰৰ পুৱা শ্ৰী শ্ৰী ৰাধাগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নৰকান্ত ৰাভাই ধৰ্মধ্বজা উত্তোলনৰ মাধ্যমেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব। ইয়াৰ পিছতে বিশিষ্ট শিক্ষাবিদ কৈলাশ গোস্বামীয়ে মুখ্য ৰোপক ৰূপে গছপুলি ৰোপণ কৰিব। সন্ধিয়া গংগা আনয়নৰ পিছত ৰাধাগোবিন্দ মন্দিৰ প্ৰাঙ্গণত বিশিষ্ট সমাজকৰ্মী দিলীপ পোদ্দাৰে মুখ্য প্ৰজ্বলক হিচাপে বন্তি প্ৰজ্বলন কৰিব।
কাৰ্যকৰী সভাপতি জয়ন্ত দেই অন্নপূৰ্ণা ভঁৰাল স্থাপন কৰাৰ পিছতে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তিলক ৰাভাই হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব। ইয়াৰ পিছতে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদ, দুধনৈৰ সাধাৰণ সদস্য অনাদী সৰকাৰে অস্থায়ী নাটঘৰ মুকলি কৰিব আৰু পাঠক বিপুল ভট্টাচাৰ্যই ভাগৱত পাঠ আৰম্ভ কৰিব। উক্ত দিনা অধিবাস কীৰ্তনসহ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে প্ৰথম দিনাৰ অনুষ্ঠান সম্পন্ন হ’ব।২৬ ডিচেম্বৰৰ ব্ৰহ্মমুহূৰ্তৰ পৰা তাৰক ব্ৰহ্ম মহানাম যজ্ঞ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। এই যজ্ঞত অসম তথা বহিঃৰাজ্যৰ বিভিন্ন সম্প্ৰদায়ৰ কীৰ্তনিয়াসকলে অংশগ্ৰহণ কৰি পৰিৱেশ ভক্তিময় কৰি তুলিব। পৰৱৰ্তী দিনা সন্ধিয়া শ্ৰদ্ধা নিবেদন অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ’ব।২৭ ডিচেম্বৰত মহানাম যজ্ঞৰ সমাপ্তিৰ পিছত পশ্চিমবংগৰ প্ৰসিদ্ধ কীৰ্তনিয়া কবিতা দাসে পদাৱলী কীৰ্তন পৰিৱেশন কৰিব। শেষৰ দিনা পুৱা কুঞ্জভংগ সম্পন্ন কৰাৰ পিছতে সন্ধিয়া ধৰ্মধ্বজা অবনমন কৰাৰ মাধ্যমেৰে এই ধৰ্মীয় অনুষ্ঠানৰ আনুষ্ঠানিক সামৰণি পৰিব।
এই মহানাম যজ্ঞৰ জৰিয়তে সমাজত ভক্তি, নৈতিকতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাণী অধিক শক্তিশালী হ’ব বুলি আয়োজকসকলে আশাবাদ ব্যক্ত কৰিছে।

24/11/2025

অহা ১৪ ডিচেম্বৰত বকোত শ্রীশ্রী ঠাকুৰ অনুকূলচন্দ্ৰৰ ১৩৮ তম্ শুভ জন্মমহোৎসৱ ও সৎসঙ্গ বিহাৰ বকোৰ শ্রীমন্দিৰৰ ঊনৈশতম্ প্রতিষ্ঠা দিৱস উদযাপন

খুটাবাৰী আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ বিশাল প্ৰস্তুতি এইবাৰো নতুন ৰূপত মানৱ প্ৰতিমা প্ৰদৰ্শিত হ’ব ধূপধৰা ১নৱেম্বৰ ২০২৫:...
01/11/2025

খুটাবাৰী আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ বিশাল প্ৰস্তুতি

এইবাৰো নতুন ৰূপত মানৱ প্ৰতিমা প্ৰদৰ্শিত হ’ব

ধূপধৰা ১নৱেম্বৰ ২০২৫: নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ সাংস্কৃতিক কেন্দ্ৰস্থল খুটাবাৰী সাৰ্বজনীন আঞ্চলিক ৰাস মহোৎসৱে এইবেলি ৪০ বছৰত ভৰি দিলে। সেই উপলক্ষে পৌৰাণিক আখ্যান মতে শ্ৰী কৃষ্ণই বৃন্দাবনত ৰাধা সহিতে অন্য গোপিনী সকলৰ মনোবাঞ্ছা পূৰণাৰ্থে পূৰ্ণিমাৰ নিশা নৃত্য -গীতেৰে যি আত্মিক আনন্দৰ পয়োভৰেৰে ৰাসক্ৰীড়া কৰিছিল তাৰেই আলমেৰে নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিক চিন্তা-চেতনা ,প্ৰকৃত প্ৰেম আৰু মানৱীয় প্ৰমূল্যবোধ বজাই ৰখাৰ স্বাৰ্থত খুটাবাৰী শ্ৰী শ্ৰীচতুৰ্ভূজ নামঘৰ বাকৰিত অহা ৫ নৱেম্বৰ তাৰিখৰ পৰা ১৩ নৱেম্বৰ তাৰিখলৈ হবলগীয়া অতুলনীয় মানৱ প্ৰতিমাৰ সমাহাৰেৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱখনি উলহ মালহেৰে পালন কৰা হ’ব ৷ ইতিমধ্যে অনুষ্ঠানসমূহ সুকলমে চলাই নিবলৈ মানিক দাসক সভাপতি,ভূপেন কলিতাক কাৰ্যকৰী সভাপতি, বাবুল নাথ ,মো: ফিৰোজ আলি ,মো: তফেৰ আলি,আৰু সঞ্জীৱ চক্ৰৱৰ্ত্তীক উপ-সভাপতি , দিপক দাস ,সঞ্জয় দাস আৰু হৰ্কেশ্বৰ দাসক সহ:সম্পাদক হিচাপে লৈ এখনি শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হৈছে । ৪০ সংখ্যক খুটাবাৰী আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ পৰিকল্পনা আৰু প্ৰচাৰ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এক প্ৰেছ বিঞ্জপ্তিযোগে জানিবলৈ দিয়া অনুসৰি অইন অইন বছৰৰ দৰে এইবেলিও সম্পূৰ্ণ আটকধুনীয়া ৰূপত মানৱ প্ৰতিমা পৰিৱেশন কৰা হ’ব ৷ নামনি অসমৰ ভিতৰত এইখনেই একমাত্ৰ ব্যতিক্ৰমীভাৱে পালন কৰা ৰাস মহোৎসৱ ,য’ত মানৱ প্ৰতিমা প্ৰতি বছৰে প্ৰদৰ্শিত কৰা হয় । ইয়াৰ ওপৰিও বিশেষকৈ এই ৯ দিনীয়া কাৰ্যসূচীত ভাগৱত পাঠ , সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ শতবৰ্ষ উদযাপন উপলক্ষে সংগীতানুষ্ঠান,হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি তথা সোঁৱৰণত বিচিত্ৰানুষ্ঠান ,ভকত সেৱা,সমূহীয়া বন্তি প্ৰজ্বলন,একক নৃত্য প্ৰতিযোগিতা,জাগৰণী গীত,স্থানীয় নামদলৰ দ্বাৰা নাম পৰিৱেশন,দিহানাম আৰু থিয়নাম প্ৰতিযোগিতা, আমন্ত্ৰিত 'ভাৰ্গবেন্দু নাট্য দল'ৰ যাত্ৰাভিনয়, আমন্ত্ৰিত শিল্পী জিতুল পৰশ আৰু কৰিশ্মা কৌশিকৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত পল্লৱজ্যোতি শৰ্মাৰ নাম দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হ’ব। এই সমূহ কাৰ্যসূচীতে সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু গঠনমূলক দিহা- পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰা হৈছে ৷

27/09/2025

মিলনপুৰ বজাৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই বাতিল কৰা হ’ল সকলো সাংস্কৃতিক কাৰ্যসূচী৷ কেৱল মাংগলিক কাৰ্যসূচীৰে পালন কৰা হ’ব পূজভাগ৷

হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৪৭তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল  জুবিনৰ ...
27/09/2025

হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৪৭তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি জুবিনৰ সোঁৱৰণত অষ্টমীত “জুবিনৰ গানৰ এসন্ধ্যা”

৪৭ তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰেক্ষাগৃহত আজি দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়াৰ লগতে অঞ্চলবাসী ৰাইজে আগন্তুক দুৰ্গাপূজাত সাংস্কৃতিক অনুষ্ঠান পতা নপতা সম্পৰ্কে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত সমিতিয়ে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দুৰ্গোৎসৱত সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও অষ্টমীৰ নিশা হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ সোঁৱৰণত “জুবিনৰ গানৰ এসন্ধ্যা ” অনুষ্ঠান আয়োজন কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়। উক্ত দিনা জুবিনৰ গানৰ এসন্ধ্যাত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তৃষ্ণা দাস আৰু নিকন লাহনে জুবিনৰ গান পৰিবেশন কৰিব । লগতে কেৱল আধ্যাত্মিক আৰু মাংগলিক কাৰ্যসূচীৰে এইবাৰৰ পূজাভাগ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ লগতে দশমীৰ দিনা নগৰ পৰিক্ৰমা বা দেৱী বিসৰ্জনত ডিজে বা মাইক বজোৱাৰ বিপৰীতে কেৱল ঢাক বজাই দেৱী বিসৰ্জন কৰা হ’ব বুলি বিষয়ববীয়া সকলে জানিবলৈ দিয়ে। আজি অনুষ্ঠিত হোৱা বিশেষ সভাত ৪৭সংখ্যক লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উপদেষ্টা হৰিদাস বিশ্বাস ,নবকুমাৰ বিশ্বাস,নিৰঞ্জন ঠাকুৰীয়া ,খুকন বাঢ়ৈ ,ৰোহিদাস বিশ্বাস ,বলোৰাম বিশ্বাস , সুবল বিশ্বাস ,ভজন বিশ্বাস ,সভাপতি মনোৰঞ্জন বিশ্বাস ,কাৰ্যকৰী সভাপতি দিপক কুমাৰ বৰ্মন ,সাধাৰণ সম্পাদক আৰাধন বিশ্বাস ,উপ সভাপতি সুকুমাৰ বিশ্বাস ,সহ:সম্পাদক মহিৰাম মজুমদাৰ ,বিজিত বিশ্বাস,অনন্ত বিশ্বাস,অৰ্জুন বিশ্বাস ,সাংস্কৃতিক বিভাগৰ সভাপতি প্ৰণয় কুমাৰ বিশ্বাস ,সম্পাদক নিৰ্মল বিশ্বাসৰ লগতে অঞ্চলবাসী ৰাইজ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে নিজৰ নিজৰ মতামত ব্যক্ত কৰে ৷৪৭ তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰচাৰ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এক প্ৰেছ বিঞ্জপ্তিযোগে এই কথা জানিবলৈ দিয়াৰ লগতে অঞ্চলবাসী ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছে ৷

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ধূপধৰাৰ লগতে বিভিন্ন প্ৰান্তত দুৰ্গা পূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল শনি...
27/09/2025

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ধূপধৰাৰ লগতে বিভিন্ন প্ৰান্তত দুৰ্গা পূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

শনিবাৰে ধূপধৰা বিষহৰি মন্দিৰ প্ৰাঙ্গনত ৬০ সংখ্যক ধূপধৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতি , ২৩ সংখ্যক ধূপধৰা -চৰাইবাহা - বাখাৰাপাৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতি আৰু ৩ সংখ্যক শান্তিপুৰ- বাপুজীনগৰ সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়া সকলে আগন্তুক দুৰ্গাপূজা সম্পৰ্কে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত সমিতিবোৰে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দুৰ্গোৎসৱত সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷লগতে কেৱল মাংগলিক কাৰ্যসূচীৰে এইবাৰৰ পূজাভাগ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে দশমীৰ দিনা নগৰ পৰিক্ৰমা বা দেৱী বিসৰ্জনত ডিজে বা মাইক বজোৱাৰ বিপৰীতে কেৱল ঢাক বজাই দেৱী বিসৰ্জন কৰা হ’ব বুলি বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ।
আজি অনুষ্ঠিত হোৱা আলোচনাচক্ৰত ৬০ সংখ্যক ধূপধৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সভাপতি বিষ্ণু পাটগিৰী ,কাৰ্যকৰী সভাপতি নন্দেশ্বৰ ৰাভা ,সাধাৰণ সম্পাদক হৃদয়জ্যোতি নাথ ,উপদেষ্টা দশানন ৰাভা ,সঞ্জীৱ ৰাভা ,মাধৱ দাস ,ৰণধীৰ চৌধুৰী , সাংস্কৃতিক বিভাগৰ সভাপতি মিঠুন ভট্টাচাৰ্য , ২৩ সংখ্যক ধূপধৰা -চৰাইবাহা - বাখাৰাপাৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ সভাপতি নন্দদুলাল পাল ,সম্পাদক সিদ্ধেশ্বৰ ৰাভা আৰু ৩ সংখ্যক শান্তিপুৰ-বাপুজীনগৰ সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ সভাপতি বিশ্বজিৎ চৌধুৰী ,সাধাৰণ সম্পাদক প্ৰদীপ সাহা উপস্থিত থাকে ৷
৬০ সংখ্যক ধূপধৰা সাৰ্বজনীন দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ উপদেষ্টা তিলক ৰাভা,সুকান্ত বসাক, প্ৰচাৰ বিভাগৰ সভাপতি বিনয় কলিতা আৰু সম্পাদক অজয় কুমাৰ শীলে এক প্ৰেছ বিঞ্জপ্তিযোগে এই কথা জানিবলৈ দিয়াৰ লগতে অঞ্চলবাসী ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছে ৷

গোৱালপাৰা জিলাৰ ধূপধৰাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি জনপ্ৰিয় কন্ঠশিল্প নৱনিতা শৰ্মা আৰু চানু কাশ্যপে গীত পৰিৱেশন কৰিবঅব...
27/09/2025

গোৱালপাৰা জিলাৰ ধূপধৰাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
জনপ্ৰিয় কন্ঠশিল্প নৱনিতা শৰ্মা আৰু চানু কাশ্যপে গীত পৰিৱেশন কৰিব

অবিভক্ত গোৱালপাৰা জিলাৰ এক গৌৰৱোজ্জ্বল ধূপধৰা সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও ১১ আহিন ষষ্ঠীৰ পৰা (২৮ চেপ্তেম্বৰ ) ১৫ আহিন দশমী তিথি ( ২ অক্টোবৰ) লৈ শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক আয়োজন কৰা হৈছে ৷ইতিমধ্যে বিষ্ণু পাটগিৰীক সভাপতি ,হৃদয়জ্যোতি নাথক সম্পাদক,নন্দেশ্বৰ ৰাভাক কাৰ্যকৰী সভাপতি ,সুজেন ৰাভা ,অনন্ত ৰাভা ,মনোজ মিত্ৰ, ৰবেন ৰাভা ,আশীষ দেব,ড°মিঠুন ভট্টাচাৰ্য,মাধৱ দাস,ৰণধীৰ চৌধুৰী,ৰাজীৱ ৰাভা ,জয়দেৱ ৰাভাক উপ-সভাপতি হিচাপে লৈ এখন শক্তিশালী পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা৬০ সংখ্যক ধূপধৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ সভাপতি বিষ্ণু পাটগিৰিয়ে মুখ্য তোৰণ উন্মোচন কৰিব ৷তাৰ পিছতে নৰকান্ত ৰাভাই প্ৰতিমা উন্মোচন কৰাৰ পিছতেই ৬০ গছি বন্তি প্ৰজ্বলন কৰা হ’ব । উন্মোচক সঞ্জীৱ ৰাভাৰ দ্বাৰা মূল ৰভাৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে কাৰ্যালয় উদ্বোধন আৰু বাণিজ্য কেন্দ্ৰৰ দ্বাৰ মুকলি কৰা হ’ব ৷ ৩০ চেপ্তেম্বৰ অৰ্থাৎ দ্বিতীয় দিনা ৰাতিপুৱা ১০:৩০বজাত চিত্ৰাংকন প্ৰতিযোগিতা ,নিশা ৮:০০ বজাত আধুনীক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৩০ চেপ্তেম্বৰ ৰাতিপুৱা ১০:৩০ আয়তীসকলৰ দ্বাৰা নাম পৰিৱেশন ,সন্ধিয়া ৭:০০বজাত শংখ নাদন,উৰুলি ধ্বনি আৰু মুকলি কুইজ প্ৰতিযোগিতাৰ লগতে ‘ক’ আৰু ‘খ’শাখাৰ আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৪ আহিন (১ অক্টোবৰ ) ৰাতিপুৱা ১০:০০ বজাৰ পৰা আয়তীসকলৰ দ্বাৰা নাম পৰিৱেশন কৰাৰ পিছতে নিশা ৮:৩০ বজাত ধূপধৰা ৰাভাপাৰা বহুৰঙী দলৰ দ্বাৰা বহুৰঙী নৃত্য পৰিৱেশন ,পূৱ ৰাভাপাৰা বহুৰঙী দলৰ বহুৰঙী নৃত্য পৰিৱেশন হৈ যোৱাৰ পিছতে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নৱনিতা শৰ্মা আৰু চানু কাশ্যপৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব ৷ ১৫ আহিন (২ অক্টোবৰ) বিজয়া দশমী উপলক্ষে আয়তী সকলৰ দ্বাৰা দেৱীক তেল -সেন্দূৰ পৰিধান,প্ৰতিমা লৈ নগৰ পৰিভ্ৰমণ আৰু নৈৰ ঘাটত প্ৰতিমা বিসৰ্জন ও পূজাথলীত শান্তি জল গ্ৰহণ ,দেবীৰ অংগ বস্ত্ৰ বিতৰণ আৰু প্ৰীতি সন্মিলন অনুষ্ঠিত হ’ব ৷৬০ সংখ্যক ধূপধৰা সাৰ্বজনীন দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ উপদেষ্টা দশানন ৰাভা ,প্ৰচাৰ বিভাগৰ সভাপতি বিনয় কলিতা আৰু সম্পাদক অজয় কুমাৰ শীলে এই সমুহ কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৷

পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব প্ৰাঞ্জল কলিতালৈ...
04/07/2025

পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব প্ৰাঞ্জল কলিতালৈ...

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Breaking Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share