27/09/2025
গোৱালপাৰা জিলাৰ ধূপধৰাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
জনপ্ৰিয় কন্ঠশিল্প নৱনিতা শৰ্মা আৰু চানু কাশ্যপে গীত পৰিৱেশন কৰিব
অবিভক্ত গোৱালপাৰা জিলাৰ এক গৌৰৱোজ্জ্বল ধূপধৰা সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও ১১ আহিন ষষ্ঠীৰ পৰা (২৮ চেপ্তেম্বৰ ) ১৫ আহিন দশমী তিথি ( ২ অক্টোবৰ) লৈ শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক আয়োজন কৰা হৈছে ৷ইতিমধ্যে বিষ্ণু পাটগিৰীক সভাপতি ,হৃদয়জ্যোতি নাথক সম্পাদক,নন্দেশ্বৰ ৰাভাক কাৰ্যকৰী সভাপতি ,সুজেন ৰাভা ,অনন্ত ৰাভা ,মনোজ মিত্ৰ, ৰবেন ৰাভা ,আশীষ দেব,ড°মিঠুন ভট্টাচাৰ্য,মাধৱ দাস,ৰণধীৰ চৌধুৰী,ৰাজীৱ ৰাভা ,জয়দেৱ ৰাভাক উপ-সভাপতি হিচাপে লৈ এখন শক্তিশালী পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা৬০ সংখ্যক ধূপধৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ সভাপতি বিষ্ণু পাটগিৰিয়ে মুখ্য তোৰণ উন্মোচন কৰিব ৷তাৰ পিছতে নৰকান্ত ৰাভাই প্ৰতিমা উন্মোচন কৰাৰ পিছতেই ৬০ গছি বন্তি প্ৰজ্বলন কৰা হ’ব । উন্মোচক সঞ্জীৱ ৰাভাৰ দ্বাৰা মূল ৰভাৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে কাৰ্যালয় উদ্বোধন আৰু বাণিজ্য কেন্দ্ৰৰ দ্বাৰ মুকলি কৰা হ’ব ৷ ৩০ চেপ্তেম্বৰ অৰ্থাৎ দ্বিতীয় দিনা ৰাতিপুৱা ১০:৩০বজাত চিত্ৰাংকন প্ৰতিযোগিতা ,নিশা ৮:০০ বজাত আধুনীক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৩০ চেপ্তেম্বৰ ৰাতিপুৱা ১০:৩০ আয়তীসকলৰ দ্বাৰা নাম পৰিৱেশন ,সন্ধিয়া ৭:০০বজাত শংখ নাদন,উৰুলি ধ্বনি আৰু মুকলি কুইজ প্ৰতিযোগিতাৰ লগতে ‘ক’ আৰু ‘খ’শাখাৰ আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৪ আহিন (১ অক্টোবৰ ) ৰাতিপুৱা ১০:০০ বজাৰ পৰা আয়তীসকলৰ দ্বাৰা নাম পৰিৱেশন কৰাৰ পিছতে নিশা ৮:৩০ বজাত ধূপধৰা ৰাভাপাৰা বহুৰঙী দলৰ দ্বাৰা বহুৰঙী নৃত্য পৰিৱেশন ,পূৱ ৰাভাপাৰা বহুৰঙী দলৰ বহুৰঙী নৃত্য পৰিৱেশন হৈ যোৱাৰ পিছতে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নৱনিতা শৰ্মা আৰু চানু কাশ্যপৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব ৷ ১৫ আহিন (২ অক্টোবৰ) বিজয়া দশমী উপলক্ষে আয়তী সকলৰ দ্বাৰা দেৱীক তেল -সেন্দূৰ পৰিধান,প্ৰতিমা লৈ নগৰ পৰিভ্ৰমণ আৰু নৈৰ ঘাটত প্ৰতিমা বিসৰ্জন ও পূজাথলীত শান্তি জল গ্ৰহণ ,দেবীৰ অংগ বস্ত্ৰ বিতৰণ আৰু প্ৰীতি সন্মিলন অনুষ্ঠিত হ’ব ৷৬০ সংখ্যক ধূপধৰা সাৰ্বজনীন দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ উপদেষ্টা দশানন ৰাভা ,প্ৰচাৰ বিভাগৰ সভাপতি বিনয় কলিতা আৰু সম্পাদক অজয় কুমাৰ শীলে এই সমুহ কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৷