Studio Shruti

Studio Shruti my email address is :: [email protected]

ষ্টুডিঅ’ত বাণীবন্ধন কৰিবলৈ লোৱা মোৰ লেখা আৰু সুৰেৰে প্ৰথম গীতটো
---------

মোৰ পদুলিত আজিও ফুলে
তুমি ৰুই যোৱা ফুল |
আজিও সন্ধ্যা ৰজনী গন্ধাই
সুৰভি বিলায় আমোলমোল ||

আজিও পদুলি উদুলি মুদুলি
পুৱা গধুলি শিশুৰে খেলা.
শাৰদী আকাশত নিশা জোনাকত
তৰালী শুকুলা মেঘৰে মেলা |
বহাগ আহিলে, কুলিয়ে বিনালে
মোৰ মন বিয়াকুল ||

তুলি গ’লাগৈ সৌ সিদিনাতে
ইমান অভিমানি হৈ.
মই থাকিলোঁ ইয়াতে ৰৈ ৰৈ
তোমাৰ ভাৱনাতে বন্দিনী হৈ |
কেতিয়াবা মোৰ এনে ভাৱ হয়
যেন এপাহঁ সৰা ফুল ||
ৰামচৰণ পাঠক

Address

Baramulla

Alerts

Be the first to know and let us send you an email when Studio Shruti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Studio Shruti:

Share