
30/05/2025
মাননীয় মখ্যমন্ত্ৰী মহোদয়,
আমি ট্ৰাক এখন চলাই যেনে তেনে সংসাৰ এখন চলাই আছোঁ। দিনে ৰাতি টোপনি খতি কৰি গাড়ী চলাই পৰিয়াল পোহপাল দি আছোঁ আৰু কিছুমান দালালে আমাৰ কষ্টৰ পইচা জুৰ-জুলুম কৰি কাঢ়ি নিয়ে। নিদিলে মাৰিয়ে পেলাব। বিৰোধ কৰিব নোৱাৰি। এনে নহয় যে আমি বিৰোধ কৰা নাই, যোৱা বছৰ পুলিচ Complaintও কৰিছিলোঁ। কিন্তু, একো ব্যৱস্থা লোৱা দেখা নাপালোঁ।
সেয়েহে, অন্তিম আশা আপোনাৰ ওচৰত এৰিছোঁ।
ঠিকনা:
Dalmia Cement Factory লৈ যোৱা ৰাস্তাটোৰ পৰা প্ৰায় ৪০০-৫০০ মিটাৰ দূৰত্বত অৱস্থিত।
Lanka, Hojai District (Assam)
Himanta Biswa Sarma
CMO Assam
Hojai Police
Hojai District Administration