Shankar Dutta

Shankar Dutta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Shankar Dutta, Social Media Agency, Guwahati, Guwahati.

পেছাগতভাৱে এগৰাকী সাংবাদিক। ৰাজনৈতিক আদৰ্শত নিৰপেক্ষ। ধৰ্মীয় চেতনা মানৱতা নিৰ্ভৰ।
মই শৰীৰত আঙঠি, ঘড়ী, তাবিজ মাদলি পিন্ধি বেয়া পাওঁ। মোৰ মনটোকো একো তাবিজ আঙঠিয়ে বান্ধি ৰাখিব নোৱাৰে। চিন্তা বিবেক চলন ফুৰণৰ স্বাধীনতা মোৰ জন্মগত অধিকাৰ।

ক্ৰিকেট প্ৰেমীসকলৰ বাবে ডাঙৰ ধামাকা! সূৰ্য্যকুমাৰ নহয়, ভাৰতৰ নতুন T20 অধিনায়ক হ’ল শ্ৰেয়াছ আয়াৰ! 💥🔥​ক্ৰিকেট জগতত তোলপ...
06/06/2026

ক্ৰিকেট প্ৰেমীসকলৰ বাবে ডাঙৰ ধামাকা! সূৰ্য্যকুমাৰ নহয়, ভাৰতৰ নতুন T20 অধিনায়ক হ’ল শ্ৰেয়াছ আয়াৰ! 💥🔥

​ক্ৰিকেট জগতত তোলপাৰ! এক নাটকীয় সিদ্ধান্তৰে সূৰ্য্যকুমাৰ যাদৱক আঁতৰাই টীম ইণ্ডিয়াৰ নতুন T20 অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শ্ৰেয়াছ আয়াৰক। মুম্বাইত BCCI-ৰ সম্পাদক দেৱজিৎ শইকীয়াৰ উপস্থিতিত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কিছুসময় পূৰ্বে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

​কেৱল সিমানেই নহয়, অনুৰাগীৰ দীৰ্ঘদিনীয়া দাবীক সাৰ্থক কৰি দলত স্থান পাইছে যুৱ তাৰকা বৈভৱ সূৰ্যবংশীয়ে! আনহাতে, দলৰ নতুন উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিস্ফোৰক বেটাৰ তিলক বাৰ্মাক। 🇮🇳⚡

​🧠 গম্ভীৰ-আগৰকাৰৰ মাষ্টাৰপ্লেন!

​যোৱা ২০২৩ চনৰ ডিচেম্বৰৰ পৰা টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাই যদিও শ্ৰেয়াছ আয়াৰৰ শক্তিশালী নেতৃত্বৰ দক্ষতাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকট কৰিছে বৰ্ডে। যোৱা বছৰৰ অক্টোবৰত ওৱানডে-ৰ উপ-অধিনায়ক হোৱা আয়াৰক লৈ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু বাছনি সমিতি একমতত উপনীত হৈছে।

​📅 টীম ইণ্ডিয়াৰ আগন্তুক মেগা সূচী:

​নতুন অধিনায়কৰ নেতৃত্বত ভাৰতে খেলিব লগা হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ মেচ:

​আয়াৰলেণ্ড ভ্ৰমণ: ২৬ আৰু ২৮ জুনত দুখন T20 মেচ।

​ইংলেণ্ড ভ্ৰমণ (১ জুলাইৰ পৰা): ৫ খন T20 আৰু ৩ খন এদিনীয়া (ODI) খেল।

​১ জুলাই: প্ৰথম T20 (চেষ্টাৰ-লীগ)

​৪, ৭, ৯ আৰু ১১ জুলাই: বাকী ৪ খন T20 মেচ।

​১৪ জুলাই: প্ৰথম ওৱানডে (বাৰ্মিংহাম)

​১৯ জুলাই: অন্তিম ওৱানডে (ঐতিহাসিক লৰ্ডছ খেলপথাৰ, লণ্ডন)

​এছিয়ান গেমছ (ছেপ্টেম্বৰ-অক্টোবৰ): জাপানত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ভাৰতে নিজৰ খিতাপ ৰক্ষাৰ যুঁজত নামিব।

​📋 আয়াৰলেণ্ড ছিৰিজৰ বাবে ঘোষিত সম্পূৰ্ণ ভাৰতীয় দল:

​👇 লাইক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধুসকলকো জনাওক 👇

​১/ শ্ৰেয়াছ আয়েৰ (অধিনায়ক) 👑

২/ তিলক বৰ্মা (উপ অধিনায়ক) 🎯

৩/ অভিষেক শৰ্মা

৪/ সঞ্জু চেমছন (উইকেটকীপাৰ) 🧤

৫/ ঈশান কিষাণ (উইকেটকীপাৰ) 🧤

৬/ বৈভৱ সূৰ্য্যবংশী ⭐

৭/ শিৱম ডুবে

৮/ নীতিশ কুমাৰ ৰেড্ডী

৯/ অক্ষৰ পেটেল

১০/ ৱাশ্বিংটন সুন্দৰ

১১/ বৰুণ চক্ৰৱৰ্তী

১২/ ৰবি বিষ্ণই

১৩/ মহম্মদ ছিৰাজ 🎯

১৪/ হৰ্ষিত ৰাণা

১৫/ অৰ্শদীপ সিং

১৬/ ৰাজকুমাৰ যাদৱ

​ #👉 আপোনাৰ মতে BCCI-ৰ এই সিদ্ধান্ত সঠিক হৈছেনে? সূৰ্য্যকুমাৰক আঁতৰোৱাটো আপুনি সমৰ্থন কৰে নে? তলত কমেন্ট কৰি জনাওক! ✍

আই পি এল-ত এজন বলাৰক ৫অভাৰকৈ দিব লাগে। বলাৰ সকলক বৰ অন্যায় কৰি অহা হৈছে। পাৱাৰ প্লে সলনি কৰিব লাগে। ইমপেক্ট প্লেয়াৰৰ নি...
05/06/2026

আই পি এল-ত এজন বলাৰক ৫অভাৰকৈ দিব লাগে। বলাৰ সকলক বৰ অন্যায় কৰি অহা হৈছে। পাৱাৰ প্লে সলনি কৰিব লাগে। ইমপেক্ট প্লেয়াৰৰ নিয়ম উঠাই দিব লাগে। -আই পি এলৰ কিছুমান নীতি নিয়ম শুধৰোৱাৰ পোষকতা কৰিছে ক্ৰিকেটৰ মহানায়ক শচীন টেণ্ডুলকাৰে।
কেইদিনমান আগতে শচীন টেণ্ডুলকাৰে এটা বঁটা প্ৰদান অনুষ্ঠানত আই পি এলৰ কিছুমান নীতি নিয়মক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল। বিশেষকৈ ইমপেক্ট প্লেয়াৰ আৰু বলাৰৰ ভূমিকাক লৈ শচীনে কিছুমান প্ৰসংগ উত্থাপন কৰিছিল যিবোৰ আলোচনা এইকেইদিন ক্ৰিকেট ক্ষেত্ৰত চৰ্চিত হৈ আছে। শচীনৰ মতে, মাত্ৰ ২০ অভাৰৰ খেল , তাত এঘাৰজন খেলুৱৈয়ে ভালকৈ খেলাৰ সুযোগেই নাপায়। তাত আকৌ অতিৰিক্ত খেলুৱৈৰ কি দৰকাৰ! ১১জন খেলুৱৈৰ খেল ১১জন খেলুৱৈৰে খেলিব লাগে। ইমপেক্ট প্লেয়াৰ খেলিবলৈ দিলে অলৰাউণ্ডাৰ গুৰুত্বহীন হৈ পৰে। এজন বেটাৰ বলিং-ফিল্ডিঙৰ সময়তো ভিন্ন দিশত নিজৰ উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিব পাৰে, কিন্তু ইমপেক্ট প্লেয়াৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে খেলুৱৈ এগৰাকীৰ অলৰাউণ্ডাৰ প্ৰদৰ্শন নোহোৱা হৈ পৰে। আনহাতে শচীনে দিয়া বলাৰসকলকো এক অভাৰ বেছিকৈ বল দিয়াৰ সুযোগ দিয়াৰ পৰামৰ্শ দিছিল। টি ২০খেলত বলাৰ সকলে ৪ অভাৰ পায়। কিন্তু তেওঁ যদি ভাল খেলি থাকে, তেওঁৰ সেই প্ৰদৰ্শনৰ সুযোগ লবলৈ কেপ্টেইনে সুযোগ নাপায়। সেইবাবে ৪ অভাৰৰ পৰিৱৰ্তে ৫ অভাৰ পালে বলাৰসকলে আৰু অলপ নিজৰ উন্নত প্ৰদৰ্শন তুলি ধৰাৰ সুযোগ পাব। -শচীনৰ এই পৰামৰ্শদুটাই বহুতৰে সমৰ্থন আদায় কৰিছে। শচীনে তৃতীয়টো পৰামৰ্শ দিছিল পাৱাৰ প্লেক লৈ। পাৱাৰ প্লে-ত ৬অভাৰ থাকে, কিন্তু পাৱাৰ প্লে ৬ অভাৰ হোৱাৰ বাবে বলাৰ সকলে নিৰ্দয় প্ৰহাৰৰ সন্মুখীন হয়। শচীনে পাৱাৰ প্লে কমাবলৈ পৰামৰ্শ দিয়া নাই, কিন্তু তাক দুটা পৰ্যায়ত বিবেচনা কৰিবলৈ দিছে। প্ৰথম ৪অভাৰ পূৰ্বৰ দৰে ফিল্ডাৰ নীতি বাহাল থাকক (মাত্ৰ ২ জন ফিল্ডাৰ ৩০ গজ বৃত্তৰ বাহিৰত)। কিন্তু পাৱাৰ প্লেৰ শেষৰ দুটা অভাৰ ফিল্ডিঙ কৰা দলটোৰ অধিনায়কৰ বিবেচনাধীন কৰি ৰাখিবলৈ পৰামৰ্শ দিছে। অধিনায়কে ইচ্ছা হলে অতিৰিক্ত এজন ফিল্ডাৰ আউটচাইডত ৰাখিব পাৰিব। শচীনৰ পৰামৰ্শ বিচিচিআয়ে কিমান গুৰুত্বসহকাৰে লৈছে , সেয়া এতিয়াই ৰাজহুৱা কৰা নাই। ক্ৰিকেটৰ স্বাস্থ্যৰ বাবে শচীনৰ উপদেশ খুবেই মূল্যবান। কিন্তু আই পি এলক কমাৰ্চিয়েল কৰাৰ ক্ষেত্ৰত শচীনৰ পৰামৰ্শসমূহ মানি চলিবলৈ টান হৈ পৰিবও পাৰে। ইফালে কিংবদন্তি তাৰকাগৰাকীৰ পৰামৰ্শ উলাই কৰিও হয়তো চলিব নোৱাৰিব বিচিচিআয়ে। সময়ে কব- কি সিদ্ধান্ত লয় অথৰিটিয়ে।

20/05/2026

Feel the music, feel the pain...

স্মৃতিৰ অলেখ সমাধিৰ কাষত বহিএতিয়াও সাৰে আছে তেওঁতেওঁ ভাগৰা নাই , তেওঁৰ জীৱন হেৰোৱা নাইতেওঁ আছে, সেয়ে অসমৰ কোণে কোণে ইমান...
18/11/2025

স্মৃতিৰ অলেখ সমাধিৰ কাষত বহি
এতিয়াও সাৰে আছে তেওঁ
তেওঁ ভাগৰা নাই , তেওঁৰ জীৱন হেৰোৱা নাই
তেওঁ আছে, সেয়ে অসমৰ কোণে কোণে ইমান আয়োজন।

চকুলো সামৰি অসমে পাতিছে জুবিন জয়ন্ত।
বুকুৰ হেৰোৱা মাণিক বিচাৰি এফালে হাহাকাৰ।
আনফালে সুৰৰ মাজত জুবিনক বিচাৰি মুখৰ আকাশ বতাহ।
জুবিনবিহীন অসমত এতিয়া জুবিনময় অসম।
জুবিন নোহোৱাকৈ কেনেকৈ ৬০ দিন পাৰ হল ভাবিবই পৰা নাই বহুজনে, কাৰণ যদিও জুবিনৰ গানত অসমত পুৱা হৈছে, জুবিনৰ গানত নিশাৰ আন্ধাৰ নামিছে। আনকি জুবিনৰ গান বুকুত লৈয়েই উজাগৰে কটাইছে বহুজনে। বিগত ৬০ দিন সকলো বিতৰ্ক, ৰাজনৈতিক বাগধাৰা, নিৰ্বাচনী খদমদম এৰি গোটেই অসমীয়াই কেৱল জুবিনৰ স্মৃতিচাৰণ কৰিছে। জুবিনে দেখুৱাই যোৱা বাটেৰে চিনেমা, সংস্কৃতি আৰু বৌদ্ধিক চৰ্চা চলাইছে গুণমুগ্ধই। জুবিনৰ বাবেই গান কবিতা নিবন্ধৰে উপচাই দিছে লেখক সমাজে, জুবিনৰ বাবে ৰচনা হৈছে ইটোৰ পিছত সিটো গান। জুবিনে ভাল পাব বুলিয়েই অসমীয়াই ৰুইছে গছ, জুবিনৰ বাবেই সংঘবদ্ধ হৈছে জাতি ধৰ্ম নিৰ্বিশেষ সমাজ। জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে উছাহেৰে চাবলৈ গৈ প্ৰতিদিনে হল হাউছফুল কৰি তুলিছে আবেগিক অসমীয়া জনতাই। কোনো মুহুৰ্ততে যেন অসমীয়াই ভাবিব খোজা নাই, অথবা ভবাই নাই, প্ৰাণৰ আপোন,হিয়াৰ আমঠু জুবিন আৰু নাই। জুবিন থাকক বা নাথাকক , শৰত হেমন্তৰ দোমোজাকাল ৰঙীন কৰিবই জুবিন অনুৰাগী অসমীয়াই। জুবিন থাকক বা নাথাকক প্ৰতি শৰতৰ প্ৰভাতী ফুলে এওঁলোকক কব তেওঁৰ কথা। ফেচবুক ইনষ্টাগ্ৰামত জুবিনৰ পুৰণি ৰীল চাই চাই আপোনপাহৰা হৈ আছে জুবিন বলীয়া অসমীয়া। পদকাষ্টত জুবিনৰ ঘনিষ্ঠ বন্ধুৰ ৰোমন্থন শুনি শুনি জুবিনক নতুনকৈ আৱিস্কাৰ কৰিছে জুবিন অনুৰাগী অসমীয়াই।
জুবিন নাই, সেয়া বিশ্বাসৰ অতীত। জুবিন আছে, সেই ভ্ৰমতে জী ৰ’ব খোজে আপোন মানুহবোৰ। আৰু যি সকলে ভ্ৰমৰ বাহিৰ হৈ জুবিন নথকাৰ হাহাকাৰ হৃদয়ত কঢ়িয়াই ফুৰিছে, সেইসকলে এতিয়াও তুলি আছে ন্যায়ৰ দাবী।

আকৌ পাম, আমাৰ বিশ্বাস।
17/11/2025

আকৌ পাম, আমাৰ বিশ্বাস।

Rearrange 1 stick to fix the equation.
18/08/2025

Rearrange 1 stick to fix the equation.

অলপতে যোৰহাটৰ বাঘমৰা ইক ৰিজৰ্টলৈ গৈছিলো। ৰিজৰ্টখনৰ কথা বিশেষ নকওঁ, ঠাইখিনি বৰ সুন্দৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ হেঙুলীয়া আবেলিট...
01/08/2025

অলপতে যোৰহাটৰ বাঘমৰা ইক ৰিজৰ্টলৈ গৈছিলো। ৰিজৰ্টখনৰ কথা বিশেষ নকওঁ, ঠাইখিনি বৰ সুন্দৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ হেঙুলীয়া আবেলিটোৱে মন চুলে। যিকোনো লোকৰে মন সজীৱ কৰি তুলিব পৰিৱেশটোৱে।

14/04/2025

বিহুৰ বতৰ, উকা চহৰ, সেমেকা সেমেকা মন।
গীতটো শুনি কেনে পালে পাৰিলে জনাবচোন।
সকলোলৈ ৰঙালীৰ শুভেচ্ছা যাচিলো।

কুম্ভলৈ অহা এই ধুনীয়া ছোৱালীজনী চকযুৰিৰ বাবেই ভাইৰেল হৈ আছে।
18/01/2025

কুম্ভলৈ অহা এই ধুনীয়া ছোৱালীজনী চকযুৰিৰ বাবেই ভাইৰেল হৈ আছে।

সকলোলৈকে শুভকামনা
01/01/2025

সকলোলৈকে শুভকামনা

Address

Guwahati
Guwahati
781001

Telephone

9101843165

Website

Alerts

Be the first to know and let us send you an email when Shankar Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share