16/12/2024
#গুৱাহাটীৰ_গল্প
তোমাৰ নাম কি?
কোনে সুধিছে, কাক সুধিছে একোৰে ইয়াত্তা নাই। কিন্তু কথাটো আলোড়ন হৈ পৰিছে। চৰ্চা চলিছে, বিতৰ্ক হৈছে। উত্তৰ কাকো দৰকাৰ নাই, সুধিছে কোনে সেইটোহে ডাঙৰ কথা হৈ পৰিছে। এনেকুৱা নহয় যে প্ৰথমবাৰ কোনোবাই এনে প্ৰশ্ন সুধিছে। অৱশ্যে প্ৰথমবাৰ সোধাৰ পিছত দ্বিতীয়বাৰ কোনেও নোসোধেও। অ নহয়, দ্বিতীয়বাৰো সুধিছিল। ধৰ্মেন্দ্ৰই টাংগাৱালী হেমামালিনীক সুধিছিল, বাসন্তী, তুমহাৰা নাম ক্যা হেয়? মানুহে হাঁহিছিল, আমোদ বিচাৰি পাইছিল। কোনোবা এখন চিনেমাত অমিতাভ আৰু নীতুৱে দুয়ো দুয়োক তেৰা ক্যা নাম হে বাৰে বাৰে সুধি সুধিতো এটা গানেই গাই দিলে। তাৰপিছতো অজস্ৰবাৰ অজস্ৰজনে এই প্ৰশ্নটো সুধিছে- তোমাৰ নাম কি? কোনোবাই নোসোধাকৈয়ে উত্তৰ দিছে। মাই নেম ইজ খান। মেৰা নাম ৰাহুল, নাম ত' চুনা হি হৌগা...। ইমানদিনে প্ৰশ্নটো নহয় উত্তৰবোৰ হে মুখে মুখে সাংঘাতিক হিট হৈ পৰিছিল।
কিন্তু এইবাৰ প্ৰথমবাৰলৈ তোমাৰ নাম কি বুলি সোধা প্ৰশ্নটো চৰ্চিত হৈ পৰিছে। ফেচবুকতো সাংঘাতিক চিন্তা ভাৱনা - এই প্ৰশ্নত আবেগ আছে, হয়তো কোনোবাই কবিতাৰ কিতাপ উলিয়াইছে! আমাৰ কাৰণে কিজানি বৰ আশাৰ খবৰ।
লগে লগে সেই ভাৱনা মষিমূৰ কৰি কোনোবাই উত্তৰ দিছে, ইমান কোটি কোটি টকাৰ বিজ্ঞাপন দি কোন মূৰ্খই পঞ্চাশ হাজাৰ টকীয়া কিতাপত মাথা মাৰিব! এইবোৰ চিন্তা-ভাৱনা চলি শেষ নৌহওঁতেই তোমাৰ নাম কি বুলি আৰম্ভ কৰি কেইবাগণ্ডা কবিতাও প্ৰকাশ পালে।
পানদোকান চাহৰ ঘুমটিত চৰ্চা- এইটো কি অ?
-কোনটো?
-এই যে যতে ততে অকল তোমাৰ নাম কি সুধি সুধি বেনাৰ প’ষ্টাৰ মাৰি ফুৰিছে।
-এডভাৰটাইজ আকৌ।
-সেইটো বুজিছো। কিন্তু মাৰিছে কোনে?
-কোনোবা হব আৰু ডাঙৰ পাৰ্টি। আগৰবাৰ টাইগাৰ আহি আছে যেনেকৈ মাৰিছিল, তেনেকুৱা আৰু কোনোবা পাৰ্টি।
-মাথা ভাল মাৰিছে। টকাৰ বাবে কি কি যে চিন্তা কৰি থাকে। কোনোবাই নাম সুধি টকা কমাই থাকিব। আমাৰ চাল্লা নাম পুচোতা কোনোবা নোলায়।
-তোৰ মোৰ মাথাত নেখেলায় কাৰণে তো দুবছৰ আগতে যিটো ঔকাদ আছিল, আজিও একেই ৰকম চলি আছে।
-আচলতে মেইন খেলাটো চমক। চমকটো বেচিব পাৰিলেই তই ৰইচ বনি গলি। যি চমক বেচিব পৰা নাই, সি য’ৰ মাল ততে পৰি থাকিব।
-আমাৰ চৰকাৰটো সেইকাৰণে চাকচেচ। নহয় নেকি ক।
-অ তো। সেইকাৰণে চৰকাৰ উঠি উঠি গৈ আছে, আমাৰ ককালৰ জোৰা লৰি গৈ আছে।
-চাকচেচ লাগে যদি চমক চিন্তা কৰ ভাই, চমক। পিছত লাগিলে যি কৰ কৰি থাক। আগতে শিকিছিলো টেঙা আম এবাৰহে বেচিব পাৰি। চৰকাৰে শিকাই দিছে, এবাৰ গেলা আম বেচিলি, পিছৰবাৰ আমৰ বিজনেছ এৰি কলৰ বিজনেছত ধৰ। কল এনেকুৱা চমকদাৰ ভাবে বেচিবি, যেন কাহানিও তেনেকুৱা কল খায়েই পোৱা নাই। কমপ্লেইন দিবলৈ আহিও মানুহে গেলা আমৰ কথা পাহৰি যাব।
কৰবাত কৰবাত কোনোবাই ভেৰা বনোৱাৰ চেষ্টা চলাইছে।
মবাইল ৰিপেয়াৰিঙৰ দোকান এখন খুলি জীৱিকা চলাই থকা ৰিংকু নামৰ ল'ৰাটোৰ আনক ভেড়া বনোৱাৰ চখ এটা আছে। নতুন নতুন মোবাইল ফোন ওলাওঁতে বেলেগ বেলেগ মাত উলিয়াই কিমানক যে সি প্ৰেংক কল কৰি মজা লুটিছিল! অনিৰ্বচনীয় আসুৰিক তৃপ্তিটো সোৱাদ লগাকৈ বেলেগৰ আগত কৈও আৰু কেইবাৰ মান মজা লৈছিল। ৰিংকুৰ দোকানলৈ স্ক্ৰীন ভগা মোবাইলটো ভাল কৰিবলৈ আহি লক্ষ্মণ ধোবাই সুধিলে, এইটো কোনে মাৰিছে?
-কি?
-চবতে যে তুমহাৰা নাম ক্যা হে সৱাল কৰি আছে?
ৰিংকুৰ ভিতৰত হঠাৎ আসুৰিক হাঁহিটো খেলি গ'ল। হাঁহি লুকুৱাই ক'লে - আৰে চাচা, এইটো নাজানা। চৰকাৰে দেখোন চবতে এনাউন্স কৰি গৈছে।
-কি এনাউন্স?
-চৰকাৰে নতুন স্কীম কৰিছে। তুমহাৰা নাম ক্যা হে, মানে তোমাৰ নাম কি। যাৰ যাৰ প্ৰবলেম আছে, ৰৌজগাৰ, গৰীবিকে ধৰি যাৰ যাৰ টেনচন আছে, সিহঁতকেই চৰকাৰে নাম সুধিছে। কাৰো হাতত দিব নালাগে, ডাইৰেক্ট চৰকাৰৰ ঠিকনাত তোমাৰ আতা-পাতা পষ্ট কৰি দিয়া। নামটো লিখি নিজৰ সমস্যাবোৰ কৈ চৰকাৰলৈ চিঠি দিলেই একাউন্টত চুইটকে লাখ টকা সোমাই যাব।
লক্ষ্মণে অবিশ্বাস্যভাৱে ৰিংকুলৈ চালে। লক্ষ্মণ পাণ্ডেৰ বিগত কেইবাপুৰুষ কাপোৰ ধুওঁতে গৈছে। আগতে বজাৰ ভাল চলিছিল। দোকান খন ফ্লাইঅভাৰৰ তলত পৰাৰ পিছত বজাৰ ভেচভেচীয়া হৈ গ'ল। আজিৰ দিনত লক্ষ্মণক বহুত টকাৰ দৰকাৰ। চৰকাৰে ফ্লাই অভাৰ বনাইছে, তাত আপত্তি নাই, কিন্ত চৰকাৰৰ উন্নতিয়ে তালৈ গৰীবি মাতি আনিছে। এনেকুৱা সময়ত তাৰ নিচিনা গৰীববোৰলৈ চৰকাৰে অলপ যদি চকু মেলি চায়, তেন্তে বহুত সুখৰ কথা হব।
-তই মাজাক কৰিছ?
-আৰে চাচা, তুমি খবৰ লৈ থাকোতেই যাব। ইফালে লাষ্ট ডেট শেষ হৈ যাব। মই দিবলগীয়া খবৰ দিলো, বাকী তোমাৰ যি মৰ্জি কৰা।
লক্ষ্মণে একো নামাতিলে, জিন্দেগী তাৰ এনেও মজাক বনি গৈছে। বহুত সহিছে, একবাৰ ঔৰ সহি।
ফোনটো ভাল কৰিবলৈ জমা দি লক্ষ্মণে কাষৰ ষ্টেচনাৰী দোকানখনলৈ গ'ল। ৰিংকুৰ কাণত পৰিল, লক্ষ্মণে সুধিছে, লাল এনভেলপ আছে নেকি?
ৰিংকুৰ ওঠৰ ভিতৰেদি মজা লোৱাৰ হাঁহিটো খেলি গ'ল।
লক্ষ্মণে এনভেলপটো হাতত লৈ বাহিৰলৈ ওলাই আহিল। আহিয়েই সি ওপৰলৈ মূৰ তুলি চালে। এখন বিশাল হৰ্ডিং - তোমাৰ নাম কি। কাষতে আন এখন হৰ্ডিঙত মুখ্যমন্ত্ৰীৰ হাঁহি ভৰা মুখ। মুখখন দেখি তাৰ এনেই কিবা এটা ভাল লাগি গ'ল । সঁচাকৈ এই চৰকাৰ বহুত দিলদাৰ। দুখীয়াৰ দৰদ বুজা চৰকাৰ।
কিন্তু চৰকাৰৰ ওপৰত চৰম ক্ষোভ বিতোপনহঁতৰ।
গৰাখহনীয়াই ভেটি কাঢ়ি নিয়াৰ পিছৰ পৰা আলাই আথানি নোহোৱা হৈছে বিতোপনহঁতৰ। বিতোপন শইকীয়া, মাণিক কাকতি, সন্দীপ ৰায় আদি পৰিয়ালবোৰ অৰ-তৰ পৰা উঠি আহি পাহাৰ এটাত ঘৰ সাজি আছিল। চৰকাৰৰ তাতো চকু পৰিল। বুলডজাৰ এস্কেভেটৰেৰে চৰকাৰে ভঙা ছিঙা চলোৱাৰ পিছত বাকী লাম লাকটু যি আছিল, সকলো সামৰি সুতৰি সিঁহত ৰেল লাইনৰ মাটি এডোখৰত বহিল। এইডোখৰ মাটিও কেতিয়া খহি পৰে হিচাপ নাই। স্থায়ী সংস্থাপনৰ বাবে চৰকাৰক ভূমি বিচাৰি সিঁহতে কতবাৰ দৰখাস্ত লিখিছে। দৰখাস্তবোৰ কি হয়গৈ তাৰ একো ভূ নাপায়। এজেন্ট বিনোদক মাজে মাজে টকা সিকাও দিছে। এজেণ্ট বিনোদ চৰকাৰৰ দলৰ মানুহ। বিনোদ দাস, বেছিভাগ দালালিৰ কাম সিয়ে কৰি দিয়ে বাবে কোনোবা তীখৰৰ মুখত তাৰ চলা নাম দালাল বিনোদ ওৰফে এজেন্ট বিনোদ হ'ল। বিনোদে কৈছে, সিঁহতৰ মাটি হবগৈ। কিন্তু অলপ টকা আৰু ভৰিব লাগিব। অথচ কাষতে থকা ফৰিদুল মিঞাহঁতৰ হেনো মাটি এই হৈ যাওঁ হৈ যাওঁ। চৰ চাপৰিত যিবোৰ মুছলমান মানুহে মাটি হেৰুৱাইছে, চৰকাৰে কিবা নিয়ম কৰি হেনো সিঁহতক মাটি দিয়াব। প্ৰতিটো চৰুৱা মুছলমান পৰিয়ালে হেনো ৭ বিঘামানকৈ মাটি পাব ।
বিতোপনহঁতৰ খংবোৰ ভিতৰতে গুজৰি গুমৰি থাকে। সিঁহতৰ নম্বৰ কেতিয়া আহিব?
মাটি এজেন্ট বিনোদকো লাগে। এজেণ্ট বিনোদে হৰ্ডিঙৰ ঠাই বিচাৰি ফুৰিছে। ৰাস্তাৰ কাষৰ মাটিত হৰ্ডিং বহুৱাৰ নতুন বিজনেছ আৰম্ভ কৰিছে।
-তোৰ ঘৰৰ খুটা দুটা লোৰ কৰি দিব লাগে নেকি?
বিতোপনৰ ঘৰটোৰ খুটাবোৰ পচিছে। বাঁহৰ বেৰ কেইখন সোলোক ঢোলোক হৈছে। সি বৰ আশা আৰু বিস্ময়েৰে বিনোদলৈ চাইছে।
-দুটা খুটা লোৰ পষ্ট! মানে থকা দিনকেইটালৈ ঘৰটো পোন হৈ থাকিব।
-দুটা খুটা আইৰণ পষ্ট। তলটো মজবুতকে চিমেন্টেৰে পকা কৰি দিয়া হব। জিন্দেগী ভৰ নিহিলে।
-জিন্দেগীটোৱে হিলি আছে, আজি অত, কালি তত। তহঁতৰ চৰকাৰে কিবাটো কৰি দিবগৈ নে।
-চৰকাৰে চৰকাৰৰ কাম কৰি আছে। তাৰ আগতে তই তোৰ এতিয়াৰটো চিন্তা কৰ। এটা খুটাত ৫শকৈ দিবি। তোক যদি নালাগে, ফৰিদুলহঁতক সোধোগৈ।
পিছৰ বাক্যটো বিনোদে জেক দিবলৈ এৰিছিল, জেগাত ঠিকেই পৰিল। বিতোপনে সুযোগ এৰিব নুখুজিলে। কিন্তু ইতস্তত এটায়ো লগ দিলে - ৫শ!
-অঁ, দুইটাত হাজাৰ। তোক যদি নালাগে..
-দিম, কিন্তু লগে লগে নাপাৱ, তঁহতে কাম চালু কৰি দে, মই দি আছো।
বিতোপনৰ পৰা খোজা ধন বিনোদৰ বাবে মাথোন ওপৰঞ্চি। এনেও ৰাস্তাৰ কাষৰ মাটিত বেদখল চলাই ইতিমধ্যে বিতোপনহঁতে তাৰ কাম সহজ কৰি থৈছে। পাৰ্মিচন লোৱাটো তাৰ বাঁওহাতৰ খেল। হৰ্ডিং প্লেচ ৰেডি হোৱা মানেই লাখ লাখ টকাৰ আৰ্জন চুৰু। এনেকুৱা ঠাইত পাৰ্টিও একে চাটতে ৰেডি হৈ যাব। বিতোপনৰ পৰা বিনোদৰ ধন লোৱাৰ এটাই অৰ্থ যে, বেপাৰত একো বস্তুৱেই ফৌকতত দিয়া নাযাব।
ভাবত মছগুল বিতোপনৰ গুণাগঁথা ভাঙি বিনোদে ক'লে, ওপৰত ডাঙৰ ডাঙৰ কোম্পানীৰ ডাঙৰ হৰ্ডিং ওলমি থাকিব। তোৰ লাভ হব এটাই, এইবোৰ হৰ্ডিং ওলমি থকালৈকে তোৰ ঘৰ হিলাবলৈ কোনো নাহিব। ধৰি ল তোৰ ঘৰ আধা আধি পাৰ্মানেন্ট। লো চিমেন্টৰ খুঁটাকিটাৰ দৰে মজবুত।
এজেন্ট বিনোদে কাৰ পৰা কাম কেনেকৈ হাচিল কৰিব লাগে সেয়া ভালকৈ জানে।
বিতোপনৰ পৰা হয়ভৰ পোৱাৰ লগে লগে কাম আৰম্ভ হ’ল। তাৰ ঘৰৰ ভেঁটিত খুটা উঠিল। ওপৰত হৰ্ডিং জিলিকিল। দূৰৰ পৰাই মানুহে দেখিলে, গাড়ীৰ পৰাই পঢ়িলে, তোমাৰ নাম কি...
ইমানদিনে বিতোপনহঁতৰ ভয় আছিল, ৰেলৱেৰ মানুহ আহি কিজানি সোধেহি, তহঁতৰ নাম কি? পিছে হৰ্ডিঙৰ খুটাকেইটা বহুৱাৰ পিছত বিনোদে কোৱামতে সিও পতিয়ন গ’ল- অন্তত খুটাকেইটা হিলাবলৈ এতিয়া কোনো নাহে। লোৰ খুটা কেইটা পৃথিৱীৰ সবাতোকৈ শক্তিশালী খুটা যেন লগা হ’ল তাৰ। বিনোদে কোৱা মতে ওপৰৰ এডভাৰটাইজিঙৰ কেম্পেইনটো হেনো ১৫ দিন মানৰহে। বিতোপনৰ মাথো এটাই আশা, হৰ্ডিংখন সলালে ফ্লেক্স পেপাৰখন গা ধুৱা ঠাইৰ বেৰ হিচাপে যাতে কামত লগাব পাৰে। ইমান দিনে সিঁহতে নিৰ্জনতাৰ আঁৰ লৈ হাবিয়ে জংঘলে নিয়মমাফিক কামবোৰ কৰি আহিছে। আটাইতকৈ মজবুত বুলি দাবী কৰা চিমেন্ট কোম্পানীৰ ফ্লেক্সেৰে বিতোপনহঁতৰ ধুই থকা নগ্ন দেহবোৰৰ সন্মান ৰক্ষা হব! সেয়া কম কথা নে!
আগতে অসমলৈ মানুহ আহিবলৈ ভয় কৰিছিল। অসমত হেনো যাদু টোনা কৰে। মায়ঙত মানুহক গোটে গোটে চকুৰ আগতে ভেড়া ছাগলী বনাই দিব পৰা যাদুকৰ আছিল।
সেই মায়ঙৰ মাহাত্ম্য কালৰ বালিয়ে ঢাকি ধৰিলে। তাৰ সলনি এতিয়া মায়ং নহয়, অসম নহয় গোটেই দেশতে জীয়াই জীয়াই ভেড়া বনাই দিব পৰা অসংখ্য যাদুকৰ ওলাইছে। এনেকুৱা একাংশ যাদুকৰে কৰবাত চৰকাৰ চলাইছে, কৰবাত কোম্পানী চলাইছে।
এই যাদুকৰবোৰৰ ভেলেকিবাজিত কেতিয়াবা আমাৰ চকু কণা নহলেই হ'ল।
মবাইলৰ স্ক্ৰীণ স্ক্ৰল কৰি কৰি অত্যন্ত দাৰ্শনিক প্ৰৱণ হৈ প্ৰাচুৰ্য শৰ্মাই কৈ উঠে। প্ৰাচুৰ্য শৰ্মা পোনপটীয়াকৈ বাঁওপন্থী নহয়, কিন্তু প্ৰায়ে চৰকাৰ আৰু পূঁজিপতি বিৰোধী দৃষ্টিভংগীৰে মন্তব্য আগবঢ়োৱাটো তেওঁৰ স্বভাৱজাত বৈশিষ্ট্য।
নাটক লিখা মানুহ প্ৰাচুৰ্য শৰ্মা। হঠাতে আগ গুৰি নোহোৱাকৈ প্ৰাচুৰ্যই এনেকৈ প্ৰসংগ এটা নাটকীয় ভাৱে উত্থাপন কৰিলে ৰিলেক্স ক্লাবৰ কোনো এটা সতীৰ্থই প্ৰায়েই একো আঁত নাপায়। সেইবোৰলৈ চকু নিদি মবাইল স্ক্ৰলিঙৰ পৰাই প্ৰাচুৰ্যই কৈ উঠে-ত্ৰিপুৰাত ভাল কৰিছে।
ৰিলেক্স ক্লাব, কোনো ৰেজিষ্টাৰ্ড ক্লাব নহয়। চাকৰি বাকৰিৰ পৰা আজৰি হৈ সন্ধিয়া সঞ্জীৱনী সুধা পান কৰা এটা পাঁচ ছয়জনীয়া বন্ধুৰ দল।
-কিয় কি হ'ল ত্ৰিপুৰাত - উৎসুকতাৰে সোধে নৱ তালুকদাৰে।
News18 ৰ ডিজিটেল পেজ এটাৰ বাতৰি দেখুৱাই প্ৰাচুৰ্য্যই কয় - যতে ততে তোমাৰ নাম কি সুধি কোনোবা কোম্পানীয়ে পষ্টাৰ আঁৰি আছিল, ফাইন লগাই দিলে এডমিনিষ্ট্ৰেচনে। ভাল কৰিছে। চাৰে চাৰি লাখ টকাৰ ফাইন।
-আৰে ভাল কিটো হ'ল। বেনিফিট অব নিগেটিভ পাব্লিচিটি। কলেজৰ শিক্ষক হিমাংশু লাহনে এহাতেৰে ধোঁৱা উৰুৱাই কৈ উঠিল - এখন হৰ্ডিঙতে পাৰ্টিয়ে লাখ টকা খৰচ কৰে। চাৰে চাৰি লাখ টকাৰ ফাইনে চাৰে চল্লিশ লাখ টকাৰ পাব্লিচিটি দিলে।
অংকটোত ৰস পালে প্ৰাচুৰ্য শৰ্মাই।
-চব মিলি ভগত। আমি ভেড়া বনি আছো। কাৰ কত কি অংক, আমি নাজানো, আমি নুবুজো।
মবাইল কাষৰীয়া কৰি প্ৰাচুৰ্য শৰ্মাই হাতত কাষৰ গ্লাছ তুলি লয়।
আইতা চোৱা-তোমাৰ নাম কি - চোৱা কি লিখিছে আইতা -বেনাৰ হৰ্ডিং পঢ়ি অহা জিকে প্ৰচণ্ড উৎসাহেৰে চিঞৰি উঠিল। গাড়ীৰ গ্লাছৰ মাজেৰে দূৰৈৰ চাৰি পাঁচখন বেনাৰত একেটাই বাক্য দেখি উৎসাহ আৰু বাঢ়িল তাৰ।
পল্লৱী ভূঞাৰ জীৱনত ব্যক্তিগত বুলিবলৈ সময় নোহোৱা হৈছে। ইংৰাজী বিভাগৰ প্ৰৱক্তা পল্লৱী। টিউচন, গৱেষণা, সভা-সমিতি বিলাকে পৰিয়াললৈ সময় কমাই দিছে। দেউতাক কৰ্পৰেটৰ চাকৰিয়াল, তেওঁৰো ব্যস্ত জীৱন। সন্তান জিকৰ তদাৰক কৰিবলৈ পল্লৱীয়ে গাঁৱৰ পৰা নিজৰ মাকক মাতি আনিছে।
পল্লৱীৰ দেউতাক ঢুকুৱাৰ পিছত মাক অকলশৰীয়া হৈ পৰিছিল। হলেও গাঁৱৰ ঘৰ এৰি অহাৰ মন নাছিল তেওঁৰ।
সেয়া এক বেলেগ জীৱন আছিল। পল্লৱীক মানুহ কৰিবলৈ মাকে কম সংগ্ৰাম কৰিবলগীয়া নহৈছিল। দেউতাকৰ আছিল মুক্তিযোদ্ধা হোৱাৰ অহংকাৰ। সেই অহংকাৰৰ লগত পৰম্পৰাগত পুৰুষতন্ত্ৰৰ পৰা পোৱা অহংকাৰ মিহলি হৈ তেওঁক এনে এক চূড়ান্ত স্বাভিমানী কৰি তুলিছিল যে ঘৰ সংসাৰ চলোৱাৰ ক্ষেত্ৰত তেওঁৰ অৰিহণা শূন্য হৈ পৰিছিল। কাৰোবাৰ অহংকাৰ জী থাকিবলৈ হলে কোনোবাই ত্যাগ স্বীকাৰ কৰিব লাগিব। ত্যাগৰ জ্বলন্ত প্ৰতীক হৈ নিমাত নিমাখিত ভাৱে পল্লৱীৰ মাকে সংগ্ৰাম চলাই গৈছিল। স্বামীৰ অহংকাৰ জীয়াই ৰাখিবলৈ নিজৰ সকলো অহংকাৰ এৰি আনৰ পথাৰত দোৱা-তোলা, আনৰ ঘৰত ধোৱা-পখলা কৰিবলৈ ধৰিছিল। আনহাতে মুক্তিযোদ্ধা গিৰিন্দ্ৰ ভূঞাৰ মেজাজ চিনেমাৰ শ্বাহেনশ্বাহত কৈ যেন কোনো গুণেই কম নহয়। নামটো মুখৰ আগত এনেকৈ থাকে যে, অপৰিচিতজনক কবলৈ হলেও আজিৰ ধৰণত ক’লেহেতেন, মোৰ নাম গিৰিন্দ্ৰ ভূঞা, নামতো চুনা হি হৌগা। কেইবাৰমান চৰকাৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ মাতিছিল, পিছত দুবাৰমান ঘৰতে গামোছা চেলেং চাদৰো পিন্ধাই গৈছিল। সময় সদায় একে নাথাকে, চৰকাৰ সলনি হয়, প্ৰশাসন সলনি হয়। বিষয়াও ৰদবদল হৈ থাকে। বহুবছৰ তেওঁক প্ৰশাসনে পাহৰি পেলাইছিল। এবাৰ তেওঁলৈ কোনোবা এটা কাৰ্য্যসূচীত প্ৰশাসনৰ নিমন্ত্ৰণী পত্ৰ এখন আহিল, তেওঁ ভাবিলে যাহওক বৰঘৰৰ মনত পৰিল। সভালৈ তেওঁ আগ্ৰহেৰে গ'ল যদিও সভাত তেওঁক আথেবেথে বহুৱা মানুহ কোনো নোলাল। ভাবিলে পিছত ঘোষণা কৰি মাতিব। কিন্তু সম্বৰ্ধনা পৰ্ব শেষ হৈ যোৱাৰ পিছতো তেওঁৰ নাম যেতিয়া কোনোভাৱে উচ্চাৰিত নহ'ল, ঘোষণাৰ দায়িত্বত থকা বিষয়াজনৰ কৰ্মপটুতাত সন্দেহ হ'ল। বিষয়াজনৰ ভুল হোৱা বুলি তেওঁ এশ শতাংশই নিশ্চিত হ'ল। প্ৰায় খঙেৰেই মঞ্চৰ তললৈ গৈ মানুহজনক লগ কৰি কঠোৰ মাতেৰে তেওঁ ডাবি দিলে - আপোনালোকক মানুহ মাতি আনি অপমান কৰাৰ অধিকাৰ কোনে দিলে?
বিষয়াজন হতভম্ব হ' ল। যাক যেনেকৈ মাতিবলৈ দিয়া হৈছে তেওঁতো নিৰ্ভুলভাৱে মাতি আনিছে। এই অনাহূত উত্তেজিত বয়স্ক মহাপুৰুষৰ কৰ পৰা আৱিৰ্ভাৱ ঘটিল! নিজৰ শুদ্ধাশুদ্ধ পৰীক্ষা কৰিবলৈ গিৰিন্দ্ৰ ভূঞাত তেওঁ মাত্ৰ সুধিছিল - আপোনাৰ নাম কি?
যেন বজ্ৰ হে পৰিল। এই সৰু প্ৰশ্নটোৱে হঠাৎ সলনি কৰি দিলে পৰিৱেশ। এই সৰু প্ৰশ্নটো সাংঘাতিক তীক্ষ্ণ হৈ গিৰিন্দ্ৰ ভূঞাৰ বুকু বিদ্ধ কৰিলে। তেওঁক চিনি নোপোৱা মানুহো এতিয়া এই প্ৰশাসনত আছে!
গিৰিন্দ্ৰ ভূঞাই কেইটামান মৌন মুহূৰ্ত একেথিৰে বিষয়ালৈ চালে, আৰু তাৰ পিছত ঘৰলৈ খোজ ললে।
তাতেই গিৰিন্দ্ৰ ভূঞাৰ ৰাজহুৱা জীৱনৰ মোহ ভংগ হ’ল। হতাশাগ্ৰস্ত হৈ পৰৱৰ্তী কেইটামান বছৰ নিশ্চুপ হৈ কটোৱাৰ পিছত পত্নী কন্যাক এৰি গিৰিন্দ্ৰ ভূঞাই ইহ সংসাৰৰ পৰা মেলানি মাগিলে।
দেউতাকৰ ওপৰত খং, পুৰুষতন্ত্ৰৰ ওপৰত প্ৰচণ্ড ঘৃণা লৈ পল্লৱী ভূঞাই ঘৰৰ বাহিৰে বাহিৰেই কলেজ ইউনিভাৰ্ছিটি পঢ়ি শেষ কৰিলে। এটা সময়ত চাকৰিও গোটালে। কন্যাৰ চাকৰি আৰু দেউতাকৰ বিয়োগে আপাতত পল্লৱীৰ মাকক জীৱনৰ ক্লেদৰ পৰা মুক্তি প্ৰদান কৰিলে।
কিন্তু বোকাত থকা মাছৰ বোকাই জীৱন হৈ পৰে। স্বামীৰ শুশ্ৰূষা কন্যাৰ প্ৰতিপালন জীৱনৰ অভ্যাস হৈ পৰিছিল তেওঁৰ। এই অভ্যাস হঠাৎ পৰিৱৰ্তন হোৱাটো অতি কঠিন হৈ পৰিল। তাৰপিছত পল্লৱীয়ে নিজৰ জীৱনৰ দিক নিজেই নিৰ্ধাৰণ কৰিলে। মহানগৰলৈ বিয়া, মহানগৰৰ মহাবিদ্যালয়ৰ চাকৰিয়ে পল্লৱীক লাহে লাহে গাঁৱৰ পৰা আঁতৰাই আনিলে। মহানগৰে পল্লৱীক পৰিচয় দিলে। পিতৃৰ পুৰুষতান্ত্ৰিক দম্ভালিক তাচ্ছিল্য কৰা পল্লৱীয়ে জেণ্ডাৰ ইকুৱেচনৰ প্ৰবক্তা হৈ সমাজত প্ৰতিষ্ঠা পালে। টিভি টক শ্ব বোৰতো ঘনে ঘনে আমন্ত্ৰিত হ’ল।
জিন এক সাংঘাতিক বস্তু। যি পল্লৱীয়ে দেউতাকৰ সংসাৰ উদাসীন্যক লৈ অতিষ্ঠ হৈছিল, সেই পল্লৱীৰ নিজৰ সন্তানলৈ সময় নোহোৱা হ'ল। তাতকৈ আচৰিত ঘটনাটো হ' ল, পল্লৱী ভূঞাই নকৈ গঢ়ি উঠা নিজৰ পৰিচয়ক লৈ ইমান সষ্টম হ'ল, কোনোবাই চিনি নোপোৱা দেখুৱালেও পল্লৱীৰ স্বাভিমানত আঘাত লগা হ' ল।
পল্লৱীৰ মাকে গাঁৱৰ ঘৰখন এৰি আহিবলৈ মন কৰা নাছিল। হাজাৰ হলেও সেইখন গাঁৱতে জীৱন কটাম বুলি ধৰি লৈছিল, সেইখন গাঁৱৰে ইঘৰ সিঘৰৰ লগ লাগি জীৱনৰ চাকনৈয়াত খেও ধৰিছিল। এতিয়া পাৰ পালে বুলিয়েই গাওঁখন পৰ কৰিব নে! পল্লৱী মহানগৰ মুখী হোৱাৰ পিছতো গাঁৱৰ ঘৰখন নিয়াৰিকৈ ধৰি ৰাখি মাকে এযুগ কটাই দিলে। কিন্তু জিক ডাঙৰ হোৱাৰ পিছত কথাবোৰ সলনি হ'ল। জিকক চাবলৈ মাক দেউতাকৰ সময় নাই। এনেকুৱা ক্ষেত্ৰত আইতাকতকৈ উত্তম কোন হ' ব পাৰে!
আইতাকৰ আহিবলৈ অলপো মন নাছিল। কিন্তু কথা যেতিয়া আহি পৰে নাতিক লৈ, আইতাকে কোন সতেৰে নাহো বুলি ক’ব পাৰে। হাজাৰ প্ৰত্যাহ্বানো আইতাকৰ কাৰণে ভ্ৰূক্ষেপৰ বাহিৰত। আৰু জিকৰ মুখখন মনলৈ আহিলে আইতাকৰ হৃদয় পমি যায়। নাতিয়েকক আইতাকৰ প্ৰয়োজন হোৱাৰ পিছতো গাঁৱৰ মোহত বন্দী হৈ তেওঁ নগৰলৈ নহাকৈ থাকিবনে!
-আইতা চোৱা, এইফালে আৰু এখন চাইনবৰ্ড, তোমাৰ নাম কি।
জিকে প্ৰথম শ্ৰেণীত আখৰ জোটাবলৈ শিকিছে। চাইনবৰ্ড বেনাৰ পঢ়াৰ চখ নতুনকৈ হৈছে। তোমাৰ নাম কি লিখা অভিনৱ হৰ্ডিং কেইখনে তাৰ উৎসাহ হঠাতে জোৰদাৰ কৰি তুলিছে। হৰ্ডিং পঢ়ি চিৎকাৰ কৰিবলৈ আৰম্ভ কৰিছে
তোমাৰ নাম কি - মোৰ নাম হৃদিক দৰ্শন ভূঞা
মোৰ নাম জিক
তোমাৰ নাম কি
মোৰ নাম হৃদিক দৰ্শন ভূঞা
হঠাত জিকে চিঞৰিবলৈ এৰি আইতাকলৈ ঘূৰি চালে। তাৰ দিনে ৰাতিয়ে খেলৰ সংগী আইতাক। এই নতুন খেলটোৰ ভাগ আইতাকেও লব লাগিব। -আইতা তুমিও মোৰ নিচিনাকৈ চিঞৰা তোমাৰ নাম।
-মই নিচিঞৰো। মানুহে খং কৰিব সোণ।
নহ’ব আইতা, তুমি চিঞৰিবই লাগিব-কোৱা তোমাৰ নাম কি..
-মই নিচিঞৰো। মোৰ ডিঙি ফাটি যাব। -আইতাকে অজুহাত বিচাৰি ফুৰিছে।
প্ৰচণ্ড জেদী হৈ জিকে উৎপাত আৰম্ভ কৰি দিলে - তুমি চিঞৰিবই লাগিব আইতা। ডিঙি বিষালে লাহেকৈ হলেও চিঞৰিব লাগিব তোমাৰ নাম কি?
নাতিয়েকৰ জেদ এৰাব নোৱাৰি লাহেকৈ নিজৰ নামটো কবলৈ চেষ্টা কৰিলে। কিন্তু ৰবাচোন, কি আছিল তেওঁৰ নাম? নামটো কবলৈ গৈ তেওঁ থমকি গ'ল।
কি আছিল তেওঁৰ নাম? নাম কি তেওঁৰ? ঘৰৰ মানুহে কি বুলি মাতে ? মানুহজনে কি বুলি মাতিছিল! হেৰা, হেৰি কৰি সমষ্ট দাম্পত্য চক্ৰ পাৰ কৰি দিলে তেওঁ! খঙত কেতিয়াবা মৰতীৰ পৰা মূৰখাতী লৈ অজস্ৰ বিশেষণ উপহাৰ দিছিল, তাৰ মাজত আচল নাম আছিল নেকি কাহানিবা? প্ৰতিৱেশীবোৰে কাহানিবা নাম ধৰি মাতিছিল? বেছিভাগৰ বাবে তাই আছিল পৰীৰ মাক। কোনোবাই মাতিছিল গিৰীণৰ ঘৈণীয়েক। সম্বন্ধীয় আত্মীয় স্বজন অজস্ৰ মানুহৰ মুখ মনলৈ আহিল। কাৰোবাৰ বাবে তেওঁ পেহী, মাহী, খুৰী, বৰমা, জেঠাই, আমৈ। কোনোবাই মাতিছিল মাকণ, নিজৰ মাক-দেউতাকে মাতিছিল সৰু। কিন্তু তেওঁৰ নামটো কি আছিল। অতবোৰ পৰিচয়ৰ মাজত তেওঁৰ আচল পৰিচয় কি আছিল?
কথাবোৰ ভাবি মূৰ ঘূৰাই গ'ল। তেওঁকো তো নাম এটা দিয়া হৈছিল। অথচ কিয়ে বা অৰ্থ আছিল, কিয়ে বা মূল্য আছিল সেই নামৰ, যিটো নাম এবাৰলৈও কোনেও নামাতিলে? ভোটাৰ তালিকাত খুচৰিলে ওলাব। কিন্তু কতবছৰ ভোটেই দি পোৱা নাই তেওঁ। কত হেৰাই গল তেওঁৰ নাম।
মগজুত চাপ দিও সৰুকালৰ সেই নাম মনলৈ আনিব নোৱাৰিলে আইতাকে।
বুঢ়া কালৰ পাহৰা বেমাৰ নে মগজুৰ গণ্ডগোল!
জিকে চিঞৰি আছে, আইতা কোৱা না তোমাৰ নাম কি?
জোঁৱায়েকে নীৰৱে কিবা ভাবি গাড়ী চলাই গৈ আছে। জোঁৱাইকে এবাৰ সুধিব নেকি, কি আছিল মোৰ নাম!
ধেইত, লাজ নাই!
জিকে আৰু এবাৰ বিননি জুৰিলে, আইতা কোৱানা তোমাৰ নাম কি?
-Shankar Dutta
LLipimoni DuttaDDutta Shankar