Mujahid Live

Mujahid Live Saptahik Mujahid (Weekly Mujahid) is a Weekly Assamese News Papers of North East, India. It is raisi

চলিত সপ্তাহৰ সাপ্তাহিক মুজাহিদ
09/02/2026

চলিত সপ্তাহৰ সাপ্তাহিক মুজাহিদ

জিআইঅ'ৰ উদ্যোগত ৰচুল্লাৰ (ছা:) জীৱন চৰিত প্ৰতিযোগিতাদ্বিতীয় স্থানত চৈয়দা নাবিহা, 'চি গ্রুপ'ত প্ৰথম ফৰিদা চুলতানাইমুজাহিদ...
09/02/2026

জিআইঅ'ৰ উদ্যোগত ৰচুল্লাৰ (ছা:) জীৱন চৰিত প্ৰতিযোগিতা
দ্বিতীয় স্থানত চৈয়দা নাবিহা, 'চি গ্রুপ'ত প্ৰথম ফৰিদা চুলতানাই

মুজাহিদ সংবাদ,

গুৱাহাটী : গার্লছ ইছলামিক অর্গে-নাইজেচন (জিআই অ') উদ্যোগত ৰচুল্লাহ (ছাঃ) জীবন চৰিতৰ ওপৰত অসম ভিত্তিত আয়োজিত ৰচনা প্রতিযোগিতাত নাজিৰাৰ চৈয়দা নাবিহা ৰহমানে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। জামাত-ই-ইছলামী হিন্দ অসম উত্তৰৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লাই যোবা ৩১ জানুৱাৰীত জামাতৰ গুৱাহাটীৰ
হেদায়েৎপুৰত থকা ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত নাবিহা বহমানৰ হাতত পুৰষ্কাৰ তুলি দিয়ে। পুৰষ্কাৰ হিচাপে তেওঁক এখন প্ৰমাণপত্ৰ আৰু কিতাপৰ টোপোলা প্রদান কৰা হয়।

লগতে তেওঁক অসমীয়াত অনুদিত কোৰআন এখনো উপহাৰ হিচাপে প্রদান কৰা হয়। অনুষ্ঠানত জামাতৰ কাৰ্যালয় সম্পাদক বজলুল বাছিত চৌধুৰীৰ লগতে নাবিহাৰ পিতৃ আৰু মাতৃও উপস্থিত থাকে। আনহাতে বচুল্লাৰ জীৱন চৰিত প্ৰতিযোগিতাৰ 'চি গ্রুপ'ত প্রথম স্থান দখল কৰে নগাঁও জিলাৰ ফিৰদৌছ ফৰিদা চুলতানাই। এক ফেব্ৰুৱাৰীত তেওঁ অধ্যাপক মোল্লাৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰে।

14/07/2025

সংসদত এইবাৰ কেৰম নহয়, পুশ্ববেক, অমানৱীয় উচ্ছেদৰ প্ৰসংগ উত্থাপন কৰিব লাগিব ---
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনলৈ এই উদাত্ত আহ্বান লণ্ডনত বেৰিষ্টাৰ অধ্যয়নৰত সমষ্টিটোৰ যুৱক তথা ভোটাৰ ইলিয়াছ হুছেইন আনছাৰীৰ --

13/07/2025

ভালাগুৰি -মেছপাৰা পল্লা নদীত অঘ*টন

11/07/2025

গুৱাহাটীৰ জুৰিপাৰ মছজিদ ও কল্যাণ কেন্দ্ৰৰ প্ৰশংসনীয় পদক্ষেপ

👉উচ্ছেদিত অসহায় পৰিয়ালক মানৱীয় সহানুভূতিৰে জৰুৰী খাদ্য সামগ্ৰী প্ৰদান

06/07/2025

👉গুৱাহাটী ফকৰ উদ্দিন আলী আহমেদ নগৰ ঈদগাহ (পুৰণাবস্তি )মছজিদত দুৰ্বৃত্তই পেলালে গাহৰিৰ মাংস
👉এই সন্দৰ্ভত মছজিদৰ সম্পাদক নিছাদ আহমেদৰ প্ৰতিক্ৰিয়া

04/07/2025

বাকৰিকুছিৰ উচ্ছেদিত মহিলাৰ মুখ্যমন্ত্ৰী লৈ কাতৰে আহ্বান---
অকণমান থকাৰ ঠাই দিয়ক

20/06/2025

নাও দু*ৰ্ঘ*টনাৰ শিহৰণকৰী বৰ্ণনা দিছে শিক্ষক হাসমত আলী আহমেদে।

(যোৱাকালি সন্ধিয়াৰ এই ফোন বাৰ্তা)

19/06/2025

ভুমি হীন লোকক সংস্থাপন নিদিয়াকৈ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বজালী জিলা আমছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট, বজালী জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত।

19/06/2025

আমি ক'ত যাম, বহুত কষ্টত আছোঁ ছাৰ', আমাক সহায় কৰক'-----
এইদৰে সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান গোৱালপাৰা হাচিলা বিলৰ উচ্ছেদিত দুৰ্ভগীয়া লোকৰ

18/06/2025

গোৱালপাৰা জিলাৰ হাচিৰা বিলত চৰকাৰৰ উচ্ছেদ অভিযানৰ দৃশ্য। সংস্থাপন অবিহনে এইদৰে উচ্ছেদ অব্যাহত ৰাখিছে চৰকাৰে। চকুৰ সন্মুখতে ভাঙি থকা নিজৰ ঘৰখনৰ ছবি নিজেই মোবাইলত তুলি মৰমৰ ঘৰখনৰ স্মৃতি আৱদ্ধ কৰি ৰাখিছে এজন লোকে।

15/06/2025

ৰৌমাৰী গাৱৰ ইনামুল হাচানৰ সফলতা

NEET ত উজলি ৰৌমাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ইনামুল হাচানে

MBBS পাঠ্যক্ৰম পঢ়াৰ যোগ্যতা অৰ্জন ইনামুল হাচানৰ

Address

Houe No-23 Hedayetpur
Guwahati
7811003

Alerts

Be the first to know and let us send you an email when Mujahid Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mujahid Live:

Share