23/05/2026
বিশিষ্ট শিক্ষক তথা ক্ৰীড়া সংগঠক ৰাজু গৌতম বিশ্বনাথ জিলা উছু সন্থাৰ অধ্যক্ষৰ পদত নিৰ্বাচিত ।
গমিৰি স্পোৰ্ট্ছ একাডেমীৰ সভাপতি তথা পি এম শ্ৰী টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়-ৰ শিক্ষক ৰাজু গৌতম বিশ্বনাথ জিলা উছু সন্থাৰ (Wushu Association) অধ্যক্ষৰ পদত বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে নিৰ্বাচিত হয় ।
অসম ৰাজ্যিক উছু এছ’চিয়েছনৰ পৰ্যবেক্ষকৰ উপস্থিতিত চতিয়াৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত সাধাৰণ সভাত এই নিৰ্বাচন সম্পন্ন হৈছিল।
উল্লেখযোগ্য যে, বিশ্বনাথ জিলা উছু সন্থাৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰা প্ৰায় পঞ্চাশজন উছু খেলুৱৈ ইতিমধ্যে চৰকাৰী খেলুৱৈ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে।
২০১৪ চনৰ পৰাই ৰাজু গৌতমে সমৰকলা তথা উছু খেলৰ বিকাশৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে।
তেওঁ খেলুৱৈসকলক বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰাৰ লগতে প্ৰশিক্ষণ, দিশ-নিৰ্দেশনা আৰু সুযোগ-সুবিধা প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ক্ৰীড়া সংগঠক হিচাপে তেওঁৰ এই নতুন দায়িত্বই জিলাখনৰ উছু খেলৰ অধিক উন্নয়ন আৰু প্ৰসাৰত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।