TIME8

TIME8 TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India.

TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. Today, TIME8 is a household name having millions of followers across the North-East on different digital platforms.

11/09/2026

ডুমডুমাৰ ৰূপাই চাহ বাগিচাৰ চৌহদত ভয়ংকৰ ঘটনা । চাহ শ্ৰমিকৰ কৰুণ ঘটনাৰ পিছতেই হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। দীৰ্ঘসময় ধৰি এম্বুলেন্স নহাৰ পিছতেই শ্ৰমিকৰ ৰু্দ্ৰমূৰ্তি

ঐতিহ্যমণ্ডিত বি. বৰুৱা মহাবিদ্যালয়ৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত আজি শিক্ষানুষ্ঠানখনত উপস্থিত হৈ ৰাজ্যৰ বিত্...
11/09/2026

ঐতিহ্যমণ্ডিত বি. বৰুৱা মহাবিদ্যালয়ৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত আজি শিক্ষানুষ্ঠানখনত উপস্থিত হৈ ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মহাবিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰে। মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে নষ্টালজিক হৈ পৰাৰ লগতে স্মৃতিবিজড়িত প্ৰতিষ্ঠানখনৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। নিউ গুৱাহাটী সম-জিলা ভূমি উপদেষ্টা সমিতিৰ (CDLAC) জৰিয়তে অসম চৰকাৰে মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু আন্তঃগাঁথনি বিকাশৰ স্বাৰ্থত ৩ বিঘা, ১ কঠা, ১.৭৬ লেচা ভূমিৰ অনুমোদন জনায়

11/09/2026

ধুমুহা-বৰষুণৰ মাজতে কলিয়াবৰ হাতীবন্ধাত ভয়ংকৰ ঘটনা । ভয়াৱহ বজ্ৰ পৰি বহু পৰিয়ালৰ বৈদ্যুতিক মিটাৰ, ফ্ৰীজ, টিভি আদি সামগ্ৰী নষ্ট

11/09/2026

পৌৰনিগমৰ নিৰ্বাচনক লৈ শিলচৰত বিজেপি-অগপ প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শন।মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বিশাল ৰেলীৰে শক্তি দেখুৱালে প্ৰাৰ্থীয়ে।হাতে হাতে পতাকা, পোষ্টাৰ, ঢোলে-ডগৰে বাহিল কৰে মনোনয়ন ৰেলী।

11/09/2026

ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা ছহিদুল আলীক ২০ বছৰৰ জেল, ১০ হাজাৰ টকাৰ জৰিমনা । জৰিমনা আদায় দিব নোৱাৰিলে খাটিব লাগিব অতিৰিক্ত ছমাহৰ কাৰাদণ্ড । নুৰজামাল হকৰ বিশেষ আদালতে দিয়ে এই ৰায়

11/09/2026

আজি নিশালৈ সাৱধান হওক ৰাজ্যবাসী! অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট । যিকোনো মুহূৰ্তত ধুমুহা-বৰষুণে চলাব তাণ্ডৱ । ১৫ ছেপ্টেম্বৰ পৰ্যন্ত অসম, উত্তৰ-পূবত বতৰে ধাৰণ কৰিব কালৰূপ

11/09/2026

মনোনয়ন দাখিলৰ অন্তিম দিনা শিলচৰত বিজেপি-অগপৰ শক্তি প্ৰদৰ্শন। সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত উৎসৱমুখৰ পৰিৱেশত সমদল উলিয়াই ৩৮ গৰাকী বিজেপি আৰু ৪ গৰাকী অগপ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন।

11/09/2026

পশ্চিমবংগলৈ জাৱৰৰ দম বুলি পাৰ কৰা হৈছিল কণ্টেইনাৰ! কিন্তু জাৱৰৰ মাজত ওলাল কি? চাওঁক এই প্ৰতিবেদন...

১৮ সংখ্যক BRICS সন্মিলনৰ বাবে নতুন দিল্লীত উপস্থিত ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। শতিকাজুৰি চলি অহা ঐতিহাসিক বন্ধু...
11/09/2026

১৮ সংখ্যক BRICS সন্মিলনৰ বাবে নতুন দিল্লীত উপস্থিত ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। শতিকাজুৰি চলি অহা ঐতিহাসিক বন্ধুত্ব আৰু BRICS-ৰ যৌথ প্ৰয়াসৰ জৰিয়তে উজ্জ্বল ভৱিষ্যতৰ দিশে ভাৰত-ইৰান! নতুন দিল্লীত উপস্থিত হোৱাৰ মুহূৰ্তত ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানক বিমান বন্দৰত উষ্ণ আদৰণি জনায় কেন্দ্ৰীয় প্ৰতিৰক্ষা, জাহাজ পৰিবহণ বিভাগৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰে

১৮ সংখ্যক BRICS সন্মিলনৰ বাবে নতুন দিল্লীত উপস্থিত মিচৰৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল-ছিছি। ভাৰত আৰু মিচৰৰ গভীৰ বন্ধুত্বই ...
11/09/2026

১৮ সংখ্যক BRICS সন্মিলনৰ বাবে নতুন দিল্লীত উপস্থিত মিচৰৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল-ছিছি। ভাৰত আৰু মিচৰৰ গভীৰ বন্ধুত্বই BRICS মঞ্চক প্ৰদান কৰিব নতুন মাত্ৰা ! নতুন দিল্লীত উপস্থিত হোৱাৰ মুহূৰ্তত মিচৰৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল-ছিছিক বিমান বন্দৰত উষ্ণ আদৰণি জনায় কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠে

Address

1st Floor
Guwahati
781005

Alerts

Be the first to know and let us send you an email when TIME8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8:

Shortcuts

Share