Bartabahak

Bartabahak Bartaabs

২ মহিলা সৰবৰাহকাৰীৰ পৰা জব্দ ৯ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী
01/07/2026

২ মহিলা সৰবৰাহকাৰীৰ পৰা জব্দ ৯ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ সহযোগত লক্ষীপুৰ সম জিলাৰ আৰক্ষী অধী.....

চামগুৰিত কৃত্ৰিম বানে সংহাৰী ৰূপ
01/07/2026

চামগুৰিত কৃত্ৰিম বানে সংহাৰী ৰূপ

চামগুৰিত কৃত্ৰিম বানে সংহাৰী ৰূপ।। মাত্ৰ এজাক বৰষুণতে চামগুৰি ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গুৰুত্বপূৰ্ণ উ.....

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ আজি নতুন দিল্লীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী
01/07/2026

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ আজি নতুন দিল্লীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ আজি নতুন দিল্লীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি। পূৰ্বৰ নিৰ্ধাৰিত ভ্.....

আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস
01/07/2026

আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস

ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ মাজতে গ্ৰাহকৰ ভাল খবৰ। আজিৰে পৰা হ্ৰাস পালে চিলিণ্ডাৰৰ দাম। নতুনকৈ নিৰ্ধাৰণ কৰা চিলিণ্.....

01/07/2026
01/07/2026

চেকনী চাহ বাগিচাৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে দিছপুৰৰ তৎপৰতা

শ্ৰম মন্ত্ৰীৰ উদ্যোগত মালিক-শ্ৰমিক-প্ৰশাসনৰ বৈঠক অচিৰেই পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত

নগাঁও, ৩০ জুন: বিগত পোন্ধৰ দিনতকৈও অধিক সময় ধৰি নগাঁও জিলাৰ জখলাবন্ধাৰ চেকনী চাহ বাগিচাত চলি থকা অচলাৱস্থাৰ স্থায়ী সমাধান বিচাৰি আজি ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ আৰু চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দিছপুৰৰ সচিবালয় ভৱনৰ সভাকক্ষত অনুষ্ঠিত উক্ত বৈঠকত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মন, চাহ বাগিচাখনৰ পৰিচালনা সমিতি, শ্ৰমিক সংগঠনৰ নেতৃত্ব আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতিনিধি উপস্থিত থাকে।
বৈঠকত চাহ বাগিচাখনৰ শ্ৰমিক কল্যাণ, মজুৰি সম্পৰ্কীয় বিষয়, স্বাস্থ্যসেৱা আৰু বাগিচাখনৰ সামগ্ৰিক কাৰ্যপ্ৰণালীৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ দিশ বিতংভাৱে পৰ্যালোচনা কৰা হয়, য’ত সকলো পক্ষই এক স্থায়ী সমাধানৰ লক্ষ্যৰে নিজৰ নিজৰ মতামত দাঙি ধৰে। ​শ্ৰমিকসকলৰ অভাৱ-অভিযোগসমূহৰ ফলপ্ৰসূ সমাধান আৰু এক গঠনমূলক আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে, জিলা প্ৰশাসনৰ অধীনত এখন নিৰীক্ষণ কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই কমিটীয়ে চাহ বাগিচাখনৰ কাম-কাজ পৰ্যবেক্ষণ কৰিব, শ্ৰমিকসকলে উত্থাপন কৰা সমস্যাসমূহৰ সমাধান কৰিব আৰু চেকনী চাহ বাগিচাখন পুনৰ খোলাৰ লগতে ইয়াৰ সুচাৰু পৰিচালনাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ কাম কৰিব। সভাত মালিক-শ্ৰমিক সংঘাতৰ বাবে বন্ধ হৈ থকা বাগিছাখনৰ কাম-কাজ অচিৰেই পুনৰ আৰম্ভ কৰাৰ বাবে লোৱা সিদ্ধান্তত সকলো পক্ষ‌ই সহমত পোষণ কৰে। উল্লেখযোগ্য যে, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উদ্যোগতো বাগিছাখনৰ অচলাবস্থাৰ অৱসানৰ বাবে ইতিপূৰ্বে দুলানি আলোচনা অনুষ্ঠিত হৈ গৈছে। জিলা প্ৰশাসন আৰু শ্ৰম বিভাগৰ প্ৰচেষ্টা সফল নোহোৱাত আজি অসম চৰকাৰৰ হৈ শ্ৰম মন্ত্ৰীয়ে নিজেই বিষয়টো সমাধানৰ উদ্যোগ লৈ আলোচনা অনুষ্ঠিত কৰে।

স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ; প্ৰাণ গ’ল দুই যুৱকৰ
01/07/2026

স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ; প্ৰাণ গ’ল দুই যুৱকৰ

নিশা পুৰণিগুদামৰ কেঞাপট্টিত শোকাৱহ পথ দুৰ্ঘটনা। স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। এই ভয়ংকৰ দুৰ্ঘটনাত দুজন যুৱক...

গহপুৰত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোঁহাইয়ে
30/06/2026

গহপুৰত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোঁহাইয়ে

আজি গহপুৰ সমজিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান আৰু খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায....

Address

Ghy
Guwahati

Alerts

Be the first to know and let us send you an email when Bartabahak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share