23/09/2025
তাহানিৰ জুবিন গাৰ্গক ঘূৰাই পাম নে?
--------------------------------------------------------
#অসমীয়াবাতৰি
অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো পৰিয়ালৰ অন্তৰত এক বিশাল স্থান অধিকাৰ কৰি থকা জুবিন গাৰ্গক যেন বিতৰ্কই লগ নেৰিব। বিহু আহিলেই বিতৰ্কৰ মাজত আৱদ্ধ হোৱাৰ বদনামৰ পৰা জুবিন মুক্ত নহ'ব। নানান শাৰীৰিক বাধা, ঘাট-প্ৰতিঘাট, পৰিয়াল আৰু লাখ লাখ অনুৰাগীৰ অনুৰোধৰ পিছতো জুবিন গাৰ্গৰ সেই মতলীয়া, বেপেৰোৱা স্বভাৱৰ কোনো পৰিৱৰ্তন নঘটিল।
শেহতীয়াকৈ যোৱা ৪ এপ্ৰিলৰ গুৱাহাটীত নিজকে অসমীয়া সংস্কৃতিৰ সংৰক্ষক হিচাপে জাহিৰ কৰিব বিচৰা লোক এজনৰ উদ্যোগত অনুষ্ঠিত হোৱা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ বাবে দাবী কৰা এক অনুষ্ঠানত জুবিন গাৰ্গৰ আচৰণে পুনৰ অসমৰ ৰাইজক লজ্জানত কৰিলে। অনুষ্ঠানটোৰ আয়োজকে Status Simbale হিচাপে আমদানি কৰা Bouncerৰ ইতিমধ্যে বহুলভাৱে প্ৰচাৰিত আচৰণ আৰু ভংগিমাই আয়োজক গৰাকীক অসমীয়া সাংস্কৃতিক বিশ্বজনীন কৰাৰ ক্ষেত্ৰত কেনে ধৰণে সহায় কৰিব ,সেই কথাবোৰ এই ব'হাগটেই ভাবি চাবৰ হ'ল।
সুধাকণ্ঠ ভূপেন হাজৰিকা, গণশিল্পী খগেন মহন্তৰ অনুষ্ঠানত সমবেত হোৱা লাখ লাখ অনুৰাগীক নিয়ন্ত্ৰণ কৰিবলৈ Bouncerৰ প্ৰয়োজন জানো হৈছিল? অসমৰ অৰঙে দৰঙে অনুষ্ঠিন হৈ অহা বিহু সন্মিলনসমূহত এনে Bouncerৰ প্ৰয়োজন জানো হয়?
অসমীয়া সাধাৰণ চহা মানুহৰ ধাৰণা এই Bouncerৰ জাতীয় লোকসকলক বাৰ, ডিস্ক প্ৰদৰ্শন কৰা ঠাইসমূহত ব্যৱহাৰ কৰা হয়। কিয়নো সেই ঠাইবোৰত সমবেত হোৱা লোক সকলে বিশৃঙ্খল পাৰস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। কিন্ত সংস্কৃতিৰ পূজা কৰিবলৈ আয়োজন কৰা অনুষ্ঠানত Bouncerৰ ব্যৱহাৰে প্ৰকৃততে সততে বৰ্তমান অসমৰ একাংশ লোকৰ মাজত ক'ব নোৱাৰাকৈ গঢ়ি উঠা অসাংস্কৃতিক মানসিকতাক আয়োজক সকলে স্বীকৃতি দিয়া যেন হে ভাৱ হৈছে।
সেই অনুষ্ঠানটোত আয়োজকৰ দায়িত্বহীনতা আৰু Bouncerৰ আচৰণে বিষ্ণু ৰাভাৰ আদৰ্শক জীৱনৰ পণ হিচাপে গ্ৰহণ কৰা জুবিন গাৰ্গৰ অপেছাদাৰী আচৰণে এইখিনি মূহুৰ্তত লাখ লাখ জুবিন অনুৰাগীক ব্যথিত কৰি তুলিছে। এতিয়া সকলোৱে বিচাৰিছে সু-স্বাস্থ্যৰ গৰাকী হৈ উঠক জুবিন গাৰ্গ। পেছাদাৰী আচৰণেৰে আগবাঢ়ি গৈ আকৌ অধিক টনকিয়াল কৰক অসমীয়া সংগীতৰ বৰ ভড়াল, বৰ্ণিল সৃষ্ঠিৰে অসমৰ আকাশ উজ্বলাই ৰাখক। "মায়া", "অনামিকা", "মুক্তি" আৰু "বাঁহী"ৰ সুৰীয়া সুৰেৰে জিপাল কৰক অসমৰ উৰ্বৰা মাটি।
আজি সকলোৱে বিচাৰিছে জুবিন গাৰ্গ একাংশ স্তাৱক আৰু তোষামোদকাৰীৰ কবলৰ পৰা ওলাই আহি জুবিন গাৰ্গ তাহানিৰ জুবিন গাৰ্গ হৈ উঠক। জুবিন গাৰ্গ জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত জাতীয় সাহস হৈ উজলি উঠক।