Notun Somoy

11/08/2026

• নাজিৰাৰ বামুনপুখুৰীত পোহনীয়া কুকুৰ পোৱালিক বচাবলৈ প্ৰাণ আহুতি দিয়া ১৩ বছৰীয়া ৰিদীপ পানীকাৰ পৰিয়ালৰ কাষত থিয় দিলে 'ট্ৰু হোপ ফাউণ্ডেচন'
• 'ট্ৰু হোপ ফাউণ্ডেচন'ৰ পৰা ১ লাখ টকাৰ সাহায্য প্ৰদান
• বানাকান্তৰ সহায়ৰ বাবে আগবাঢ়ি আহিল দিপলীনা ডেকা
Deeplina Deka

11/08/2026

মানুহে মানুহৰ বাবে...
➮ এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ
➮ তিনিচুকীয়াৰ জাগুনৰ ডলী গগৈ চেতিয়াৰ অনন্য পদক্ষেপ
➮ মানুহে মানুহৰ বাবে আমাৰ অসমৰ সাহসী নাৰী

✤ Doli Gogoi Chetia

11/08/2026

● কিয়, কাৰ স্বাৰ্থত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 'নিৰ্ধাৰিত সংবেদনশীল অঞ্চল' (Eco Sensitive Zone)ৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ লোৱা হৈছে?
● কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ

➛ Bidyut saikia-দৃঢ় আস্থা

08/08/2026

‘মানুহে মানুহৰ বাবে’
• বানে তচনচ কৰিলে উজনিৰ ভিন্ন অঞ্চল
• বানত জুৰুলা ৰাইজলৈ সহায়ৰ হাত ভিন্নজনৰ
• ইউটিউবাৰ মিষ্টাৰ বিতু এতিয়া ব্যস্ত ঘৰ সজাত
• বানে ধুই নিয়া অঞ্চলত গঢ়িব ‘জুবিন নগৰ’

08/08/2026

● উজনিৰ বানৰ ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে?
● অখিল গগৈৰ সংবাদমেলত গুৰুতৰ অভিযোগ

● ​মানৱ ইতিহাসৰ ক'লা দিন● বিশ্বই সুঁৱৰিলে হিৰোছিমাৰ বিভীষিকা● ৩.৫ লাখৰো অধিক ভুক্তভোগীলৈ স্মাৰকস্থলীত সশ্ৰদ্ধ সন্মান
06/08/2026

● ​মানৱ ইতিহাসৰ ক'লা দিন
● বিশ্বই সুঁৱৰিলে হিৰোছিমাৰ বিভীষিকা
● ৩.৫ লাখৰো অধিক ভুক্তভোগীলৈ স্মাৰকস্থলীত সশ্ৰদ্ধ সন্মান

● ​মানৱ ইতিহাসৰ ক'লা দিন
● বিশ্বই সুঁৱৰিলে হিৰোছিমাৰ বিভীষিকা
● ৩.৫ লাখৰো অধিক ভুক্তভোগীলৈ স্মাৰকস্থলীত সশ্ৰদ্ধ সন্মান

আৱেগ আৰু অশ্ৰুৰ মাজেৰে সমগ্ৰ বিশ্বই আজি স্মৰণ কৰিছে হিৰোছিমাৰ পাৰমাণৱিক আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলক। ১৯৪৫ চনৰ এই দিনটোতেই মানৱ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ট্ৰেজেডী সংঘটিত হৈছিল, য'ত নিমিষতে প্ৰাণ হেৰুৱাইছিল সহস্ৰাধিক জনতাই। বিভীষিকাময় সেই বছৰটোৰ শেষলৈ এই ধ্বংসলীলাই প্ৰায় ১ লাখ ৪০ হাজাৰ নিৰপৰাধী লোকৰ জীৱন কাঢ়ি নিছিল।

এই মৰ্মান্তিক দিনটোৰ স্মৃতি সুঁৱৰি হিৰোছিমাৰ পিচ মেম'ৰিয়েল পাৰ্কত আজি এক শোক অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱাৰ ভাগতে এক মিনিটৰ মৌন প্ৰাৰ্থনাৰে নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখযোগ্য যে, এই অনুষ্ঠানতে স্মাৰকস্থলীত ৩ লাখ ৫৩ হাজাৰ ৬৩৯ গৰাকী ভুক্তভোগীৰ নাম সন্নিৱিষ্ট এখন তথ্যপঞ্জী স্থাপন কৰা হয়।

পাৰমাণৱিক অস্ত্ৰৰ বিভীষিকাৰ বলি হৈ আজিও জীয়াই থকা বয়সস্থ নিৰ্যাতিতসকলক 'হিবাকুশ্বা' বুলি জনা যায়। এই লোকসকলে বিশ্বৰ পৰা পাৰমাণৱিক অস্ত্ৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে আহ্বান জনাইছে। অনুষ্ঠানত উপস্থিত থকা বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলেও এই দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে, যাতে ভৱিষ্যতে কোনো মানৱ সন্তানে এনে ধ্বংসলীলাৰ সন্মুখীন হ'ব লগা নহয়।

হিৰোছিমাৰ এই ক'লা দিনটোৰ ঠিক তিনিদিনৰ পাছতেই নাগাছাকিতো আমেৰিকাৰ দ্বাৰা অনুৰূপ পাৰমাণৱিক আক্ৰমণ সংঘটিত হৈছিল। এই দুয়োটা ঘটনাই অৱশেষত দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলাইছিল যদিও মানৱতাৰ বুকুত এৰি থৈ গৈছিল কেতিয়াও নুশুকুৱা এক দকৈ বহা ক্ষতচিহ্ন।

নিযুক্তি সংবাদ
06/08/2026

নিযুক্তি সংবাদ

নিযুক্তি সংবাদ

● উপসাগৰীয় অঞ্চলত ভাৰতৰ সামুদ্ৰিক তৎপৰতা● হৰমুজ প্ৰণালীৰে নিৰাপদে পাৰ হ'ল ভাৰতৰ ৬০ খন বাণিজ্যিক জাহাজ● হৰমুজ প্ৰণালীৰে ...
06/08/2026

● উপসাগৰীয় অঞ্চলত ভাৰতৰ সামুদ্ৰিক তৎপৰতা
● হৰমুজ প্ৰণালীৰে নিৰাপদে পাৰ হ'ল ভাৰতৰ ৬০ খন বাণিজ্যিক জাহাজ
● হৰমুজ প্ৰণালীৰে দেশৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ সক্ৰিয় ৰাখিলে নতুন দিল্লীয়ে

● উপসাগৰীয় অঞ্চলত ভাৰতৰ সামুদ্ৰিক তৎপৰতা
● হৰমুজ প্ৰণালীৰে নিৰাপদে পাৰ হ'ল ভাৰতৰ ৬০ খন বাণিজ্যিক জাহাজ
● হৰমুজ প্ৰণালীৰে দেশৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ সক্ৰিয় ৰাখিলে নতুন দিল্লীয়ে

পশ্চিম এছিয়াত অব্যাহত থকা তীব্ৰ উত্তেজনা আৰু নিৰাপত্তাজনিত সংকটৰ মাজতো ভাৰতে হৰমুজ প্ৰণালীৰে সফলতাৰে ৬০ খন বাণিজ্যিক জাহাজ সুৰক্ষিতভাৱে পাৰ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ সংসদত এই তথ্য সদৰী কৰি চৰকাৰে দেশৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ সক্ৰিয় কৰি ৰখাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰে।

কেৱল জাহাজৰ সুৰক্ষাই নহয়, চৰকাৰী তথ্য অনুসৰি উপসাগৰীয় অঞ্চলটোৰ পৰা ৩,৯৭২ জন ভাৰতীয় নাবিকক নিৰাপদে স্বদেশলৈ ঘূৰাই আনা হৈছে। ইয়াৰ সমান্তৰালকৈ ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা চৰকাৰৰ এক জৰুৰীকালীন ব্যৱস্থাপনা কেন্দ্ৰৰ জৰিয়তে আবদ্ধ লোকসকলৰ পৰা অহা হেজাৰ হেজাৰ বিপদজনক ফোন কল আৰু ই-মেইলৰো দ্ৰুত সঁহাৰি জনোৱা হৈছে।

সাম্প্ৰতিক সময়ত পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিস্থিতিয়ে সাগৰীয় পৰিবহণৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। এনে এক জটিল সময়ত নতুন দিল্লীৰ এই সামুদ্ৰিক তৎপৰতাই দেশখনৰ শক্তি যোগানৰ আটাইতকৈ স্পৰ্শকাতৰ জলপথটোৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

পাৰস্য উপসাগৰক ওমান উপসাগৰ আৰু আৰৱ সাগৰৰ সৈতে সংযোগ কৰা হৰমুজ প্ৰণালী হৈছে বিশ্বৰ শক্তি সৰবৰাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কৌশলগত কেন্দ্ৰ। এই জলপথৰ সুৰক্ষাই কেৱল ভাৰতৰ অৰ্থনীতিয়েই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ শক্তিখণ্ডৰ সুৰক্ষাৰ ক্ষেত্ৰতো এক ইতিবাচক প্ৰভাৱ পেলাব।

শিৱসাগৰ জিলাত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ
05/08/2026

শিৱসাগৰ জিলাত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ

বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি
05/08/2026

বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও বিভিন্ন অংশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি হৈছে। বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ বহু অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ২৮টা ৰাজহ চক্ৰৰ ৩৬৫ খন গাঁৱৰ ১৫ হাজাৰ ৩৪২ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি পাইছে।

Address

Rajgarh, Bye Lane No 4, House No 5 (A)
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Notun Somoy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Notun Somoy:

Shortcuts

Share