
28/07/2025
হয় হিন্দী মেজৰৰ প্ৰাৰ্থীৰ লগত অন্যায় কৰা হৈছে, কাৰণ হিন্দী বিষয়ৰ শিক্ষক হব গতিকে তাৰ কাৰণে হিন্দী বিষয়ৰ জ্ঞান Test কৰা দৰকাৰ আছিল যিটো TCRত হিন্দীৰ ক্ষেত্ৰত কৰা নহল।
বাকী সকলো বিষয়ৰ শিক্ষক হ'বলৈ যদি সেই বিষয়ত মেজৰ থকা হব লাগে হিন্দী ক্ষেত্ৰত কিয় নহল? প্ৰশ্ন উত্থাপন হোৱা উচিত। প্ৰবীণ/ ৰত্ন দিয়ে যদি কাম চলে ৰাইজৰ কৰৰ টকাৰে College, Universityৰ হিন্দী বিভাগ বোৰ চলাবলৈ কৌটি কৌটি টকা খৰচ কৰাৰ অৰ্থ কি? বন্ধ কৰা উচিত এইবোৰ।
প্ৰবীণ/ ৰত্ন দিয়ে কোনে? উত্তৰ এটা NGOৰ দ্বাৰা প্ৰদান কৰা Certificate , যি NGO গঠন হৈছিল তেতিয়া হে যেতিয়া নেকি ভাৰতত হিন্দী পঢ়িবলৈ শিক্ষানুষ্ঠান নাছিল, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিজে হিন্দী নাজানিছিল তেন পৰিপ্ৰেক্ষিতত হে অফিচিয়েল কাম কাজত সহায়ক হোৱাৰ বাবে.... আজি কালি সকলোতে হিন্দী পঢ়িবলৈ College, University উপলব্ধ আছে...
এই প্ৰবীণ/ৰত্ন এনে এটা Certificate যাৰ দ্বাৰা হিন্দী পঢ়িবলৈও College, University মান্যতা নিদিয়ে তেনে Certificate দি চৰকাৰী চাকৰি দিয়া হৈ আছে তাকো Hindi honours পঢ়া সকলক বঞ্চিত কৰি যি সকলে লিখা পঢ়াই কৰিছে হিন্দী Teacher হবলৈ...
Assam and its People Subject related= History, Assamese, geography, Anthropology, sociology, Political science....
Maths Related subject: Maths, Science Category. Commerce
General English subject Related: English.
General Studies Subject Related: Geography ,Education, Political Science, Economics, History and All other subjects except Hindi Honours.
আৰু ওপৰত উল্লেখ কৰা সকলোবোৰ বিষয়ৰ মানুহেই প্ৰবীণ/ ৰত্ন কৰিছে গতিকে সিহঁতৰ কাৰণে এই পৰীক্ষাত নম্বৰ পোৱা সহজ হৈছে।
Pedagogy ধৰি লওক সকলোৰে কাৰণে সমান তাৰ পিচতো Mathematical Pedagogy হে বেছি আহিছে, ভাষা বিষয়ক Pedagogy কম তাৰ পিচতো হিন্দী Honours সকলে ইয়াৰ পৰাই পোৱা নম্বৰ খিনি পাইছে , যিটো সকলোৱেই পাইছে।
কিছুমান মানুহৰ Comments চালো, সিহতে কৈছে TCR মানে বুলে statesman দিয়া সকলে বুজা নাই , সিহতে ঠিকেই বুজিছে আপোনালোকে হে বুজিব চেষ্টা কৰা নাই নিজৰ ব্যক্তি স্বাৰ্থৰ পূৰণ কৰিব গৈ শিক্ষক জীবনত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত আঘাত হানিব গৈ আছে.... সংকীৰ্ণ জ্ঞানৰ দ্বাৰা.... এই পৰীক্ষা সকলোৰে কাৰণে সমান দেখোৱা হৈছি কিন্তু হিন্দী মেজৰৰ বাবে সমান হোৱা নাই কিয়নো অইন Subject ত হিন্দী মেজৰৰ থকাৰ দৰে কোনো প্ৰতিদন্দী Subject নাই...
গতিকে এই TCR পৰীক্ষাত কোনো দিশৰ পৰাই হিন্দী বিষয় শিক্ষকৰ জ্ঞান পৰীক্ষা কৰা হোৱা নাই। হিন্দী মেজৰ সকলৰ জ্ঞান জুখা হৈছে অন্যান্য বিষয়ৰ প্ৰশ্নৰ মাধ্যমত হে.... যিটো দূৰ্ভাগ্যজনক কথা।
সময় ক্ৰমে মানুহ বাঢ়ি আছে ফলত চৰকাৰে চৰকাৰী স্কুলত নতুন Post created কৰিব হে লাগিছিল সেয়া নকৰি হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰি অন্য বিদ্যালয়ৰ লগত সংলগ্ন কৰি দিছে। কাৰণ ছাত্ৰ ছাত্ৰী কম, মানুহ বাঢ়ি আছে অথচ ছাত্ৰ ছাত্ৰী কমি প্ৰশ্ন নাজাগে মনত কিয় এনে বুলি? চৰকাৰী বিদ্যালয়ত থাকিব কিয় ছাত্ৰ ছাত্ৰী ? শিক্ষকৰ Quality Test ভুল পদ্ধতিত হোৱা হেতুকে মানুহে Private বিদ্যালয়ত পঢ়াই আছে.... ফলত Private শিক্ষা অনুষ্ঠান বাঢ়ি আছে চৰকাৰী কমি আছে।
চৰকাৰৰ লাভ - চৰকাৰে দৰমহা দিব নালাগে, উলটা private শিক্ষা অনুষ্ঠানৰ পৰা টকা পায়। গতিকে আগন্তুক সময়ত চৰকাৰে চৰকাৰী বিদ্যালয় ধ্বংসৰ পৰিকল্পনা কৰি আছে। চৰকাৰ- প্ৰশাসনিক মানুহৰ সন্তানক তো Privateত হে পঢ়ায়, লোকচান সাধাৰণ মানুহৰ সন্তানৰ হে হৈ আছে....
যিকোনো ৰাজ্যত গৈ পঢ়া শুনা/ চাকৰি কৰিবলৈ হলে ইংৰাজীৰ লগে লগে হিন্দী লাগে। বাহিৰৰ সকলো মানুহে ইংৰাজী নাজানিলেও হিন্দী জানে আৰু অসমৰ অনা ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলে ইংৰাজী কিমান জানে কোৱাৰ দৰকাৰ নাই, অসমত ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় কিমান আছে তাকো জানে আপোনালোকে অৰ্থাৎ বাহিৰৰ কাৰণে একমাত্ৰ ভৰষা হিন্দী আৰু সেই হিন্দী ও পঢ়াব হিন্দী নজনা প্ৰবীণৰ শিক্ষকৰ দ্বাৰা.... প্ৰবীণৰ হিন্দী শিক্ষক তকৈ 7-8 ক্লাচৰ ভাল ছাত্ৰ ছাত্ৰী সকলে ভাল/ বেছি হিন্দী পঢ়িছে/জানে গতিকে সিহঁতে এনে শিক্ষকৰ প্ৰতি অনুগত্যশীল থাকিব নে? পিচত দোষ দিয়ে ছাত্ৰ ছাত্ৰীৰ..... আৰু এনে শিক্ষকৰ কাৰণে বাকী শিক্ষক সকলৰ ভাৱ মূৰ্ত্তি বিনষ্ট হয় আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগু চাৰৰ দৰে সকলে কয় - শিক্ষকৰ মাথাত মাল নথকা বুলি....অসমৰ ৰাইজে চিন্তা কৰিব লাগে বিষয়বোৰ লৈ....
প্ৰবীণৰ মানুহে মাত্ৰ সিহতৰ পৰীক্ষাৰ সময়ত হে হিন্দী পঢ়ে তাকো সেই প্ৰশ্নৰ উত্তৰটো হে যিটো প্ৰশ্ন পৰীক্ষাৰ প্ৰশ্ন পত্ৰত আহে... তাকো পৰীক্ষা হলত বহি, সেই মুহুৰ্তত হিন্দী লিখিব নে পঢ়িব? নে অলপ শিকিব?.... আৰু নকও...
Pratidin Time Himanta Biswa Sarma
Ranoj Pegu Akhil Gogoi News Live
First News Assam
✍️ A. H.Dewan