Bhal Khabar

Bhal Khabar Bhal Khabar. featuring all the good and positive news. follow us on YouTube " Bhal khabar " An Assamese Weekly.

শিল্পা ছেট্টীয়ে কি ব্যায়ামেৰে পেটৰ চৰ্বি হ্ৰাস কৰে? শিল্পা ছেট্টী ধুনীয়া হৈ থকাৰ গোপন ৰহস্য কি... ডিজিটেল ডেস্কঃ পেটৰ...
05/08/2025

শিল্পা ছেট্টীয়ে কি ব্যায়ামেৰে পেটৰ চৰ্বি হ্ৰাস কৰে? শিল্পা ছেট্টী ধুনীয়া হৈ থকাৰ গোপন ৰহস্য কি...

ডিজিটেল ডেস্কঃ পেটৰ চৰ্বি কমোৱাটো কঠিন। বলীউডৰ অভিনেত্ৰী শিল্পা শেট্টীয়ে কি ব্যায়াম কেনেকৈ কৰি ইমান ফিট হৈ আছে আজি জানোঁ আঁহক....

বলীউডৰ অভিনেত্ৰী শিল্পা শেট্টী ইণ্ডাষ্ট্ৰীৰ অন্যতম ফিট অভিনেত্ৰী। সামাজিক মাধ্যমৰ যোগেদি শিল্পাই তেওঁৰ অনুৰাগীসকলক এই বিষয়ে অৱগত কৰিছিল। যদি আপুনি শিল্পাৰ দৰে চৰ্বিমুক্ত পেট পাব বিচাৰে তেন্তে আপুনি এটা বিশেষ ব্যায়ামৰ পৰাই লাভ পাব পাৰে।

ফ্লেটাৰ কিক

শিল্পাৰ মতে, তেওঁ নিয়মিতভাৱে পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ আৰু মূল পেশীবোৰ শক্তিশালী কৰিবলৈ চাপৰ মাৰিবলৈ অনুশীলন কৰে। অৰ্থাৎ মাটিত বাগৰি দুয়োখন ভৰি সমান্তৰালভাৱে আগলৈ আৰু পিছফালে ঘূৰে। আপোনাৰ লগত এটা টেনিছ বল ৰাখক যাতে ব্যায়াম ফলপ্ৰসূ হয়।

কেনেকৈ কৰিব?

1) মাটিত বাগৰি পৰক। তাৰ পিছত, আপুনি দুয়োখন ভৰি মাটিত ৰাখিব লাগিব। পিঠিটো মাটিত থাকিব।

2) একে সময়তে, মূৰটো অলপ ওপৰলৈ উঠা উচিত আৰু দুয়োখন ভৰি কেচিৰ দৰে আগ আৰু পিছফালে কৰা উচিত।

3) আপুনি টেনিছ বল এটা ধৰি ৰাখিব পাৰে। দুয়োখন হাত দুয়োখন ভৰিৰ ছন্দত ৰাখি বলটো ভৰিৰ ব্যৱধানৰ পৰা আনটো হাতলৈ স্থানান্তৰ কৰিব লাগে।

কিমান বাৰ কৰিব

৫ টা চেট ৫ৰ পৰা ২০ বাৰলৈকে কৰিব লাগে। সপ্তাহত অন্ততঃ দুবাৰকৈ ফ্লেট এটা কিক মাৰিব পাৰিলে উপকৃত হোৱা সম্ভৱ। প্ৰথমতে লাহে লাহে আৰম্ভ কৰিব লাগে। পিছলৈ গতি বৃদ্ধি কৰিব পাৰে।

লাভ

৩) পেটৰ চৰ্বি সোনকালে কমিব লগতে পেটৰ পেশীৰ শক্তি বৃদ্ধি পাব।

২) পেট আৰু কঁকালৰ শক্তি শৰীৰৰ ওপৰৰ অংশ আৰু শৰীৰৰ তলৰ অংশৰ সৈতে ভাৰসাম্য বৃদ্ধি পাব ৷

গোৱালপাৰাত মহাত্মা গান্ধীৰ  প্ৰতিমূৰ্তি উন্মোচন কৰে পিযুষ হাজৰিকাই।
05/08/2025

গোৱালপাৰাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে পিযুষ হাজৰিকাই।

গৱেষক শিক্ষাৰ্থীৰ বাবে সুখবৰ
05/08/2025

গৱেষক শিক্ষাৰ্থীৰ বাবে সুখবৰ

ভাল খবৰ, হ্ৰাস পালে ৩৫ বিধকৈ ঔষধৰ দাম
05/08/2025

ভাল খবৰ, হ্ৰাস পালে ৩৫ বিধকৈ ঔষধৰ দাম

ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ভাৰতৰ জয়লাভ
04/08/2025

ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ভাৰতৰ জয়লাভ

BTC নিৰ্বাচনৰ বাবে BPFৰ প্ৰাৰ্থী তালিকা ঘোষণা..
04/08/2025

BTC নিৰ্বাচনৰ বাবে BPFৰ প্ৰাৰ্থী তালিকা ঘোষণা..

বিজেপি নেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি।
04/08/2025

বিজেপি নেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি।

04/08/2025

ভাৰতত বৃদ্ধি স্মাৰ্টফোনৰ বিক্ৰী ...ডিজিটেল ডেস্কঃ ভাৰতত এতিয়া অভাৱনীয় ভাবে  বৃদ্ধি পাইছে স্মাৰ্টফোনৰ বিক্ৰী। শেহতীয়াকৈ প...
04/08/2025

ভাৰতত বৃদ্ধি স্মাৰ্টফোনৰ বিক্ৰী ...

ডিজিটেল ডেস্কঃ ভাৰতত এতিয়া অভাৱনীয় ভাবে বৃদ্ধি পাইছে স্মাৰ্টফোনৰ বিক্ৰী। শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে, স্মাৰ্টফোনৰ বিক্ৰী ভাৰতত প্ৰায় ৮শতাংশ বৃদ্ধি পাইছে।

স্মাৰ্টফোনৰ মূল্য পূৰ্বতকৈ ১৮শতাংশ বৃদ্ধি পোৱাৰ পাছতো স্মাৰ্টফোনৰ সমাদৰ বৃদ্ধি পাইছে ভাৰতত। বজাৰত নেতৃত্বৰ ক্ষেত্ৰত ভিভ’ই চালানৰ পৰিমাণৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰি ২০ শতাংশ বজাৰ অংশীদাৰিত্ব লাভ কৰে। অৱশ্যে মূল্যৰ ক্ষেত্ৰত চেমচাঙে ২৩ শতাংশ অংশীদাৰিত্ব দখল কৰি বজাৰত আগবাঢ়ি আছে।

ভিভ’ৰ ২০ শতাংশ শ্বেয়াৰ আৰু চেমচাঙৰ ১৬ শতাংশ চেণ্টিন ভলিউমৰ বাহিৰেও অ’প’ৰ ১৩ শতাংশ, ৰিয়েলমৰ ১০ শতাংশ আৰু ছাইঅ’মিৰ ৮ শতাংশ বিক্ৰী বৃদ্ধি পাইছে।

পথাৰতে সপোন ৰচিছে এগৰাকী ছাত্ৰ নেতাই।নেতৃত্ব, খেতি আৰু জনসেৱাৰ অনন্য দৃষ্টান্ত... শাওনৰ প্ৰখৰ ৰ'দত খেতি পথাৰত নাঙল বাই ল...
04/08/2025

পথাৰতে সপোন ৰচিছে এগৰাকী ছাত্ৰ নেতাই।নেতৃত্ব, খেতি আৰু জনসেৱাৰ অনন্য দৃষ্টান্ত...

শাওনৰ প্ৰখৰ ৰ'দত খেতি পথাৰত নাঙল বাই লৈ হাতে কামে ব্যস্ততাৰ এক সুন্দৰ দৃশ্য, আৰু সেই দৃশ্যৰ মাজত এজন উদ্যমী ছাত্ৰ নেতা — দীপজ্যোতি গোৱালা। চাহ জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ৰ সক্ৰিয় নেতা গোৱালা ৰাজনীতি আৰু নেতৃত্বৰ লগতে খেতি-পথাৰতো সমানে ব্যস্ত।

দীপজ্যোতি গোৱালাই শৈশৱ কালৰে পৰা পিতৃৰ সৈতে খেতি পথাৰত খেতি কৰি আহিছে। আজিও তেওঁ নিজৰ ৬০ বিঘা মাটিত ধান, ৰবি শস্য আৰু আন বিভিন্ন উৎপাদনেৰে পৰিয়ালৰ জীৱন-জীৱিকা চলাই আহিছে। নিজৰ পৰিয়ালৰ লগতে গাঁৱৰ বহু ৰাইজেও তেওঁৰ পৰা অনুপ্ৰেৰণাৰ উৎস লাভ কৰিছে। এই যুৱ নেতাগৰাকীয়ে চাহ জনগোষ্ঠীৰ অধিকাৰ, ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ সুযোগ, শ্ৰমিকসকলৰ সমস্যা আদিৰ দাবীত সদায় আন্দোলনত আগভাগত লয়। বহু অনুষ্ঠান আৰু প্ৰতিবাদ কাৰ্যসূচীৰ নেতৃত্ব দিয়া দীপজ্যোতিয়ে নিজৰ ব্যস্ত ৰাজনৈতিক জীৱনৰ মাজতো কৃষিক আঁকোৱালি লৈছে ।

তেওঁ কয় যে — "খেতি মোৰ পৰিচয়, আৰু জনসেৱা মোৰ দায়িত্ব। দুয়োটা একেলগে আগবঢ়াব পাৰিলেই সমাজৰ উন্নতি সম্ভৱ।" আনহাতে, তেওঁ চৰকাৰ আৰু কৃষি বিভাগৰ তীব্ৰ সমালোচনা কৰে। তেওঁৰ অভিযোগ — "চাহ জনগোষ্ঠীৰ খেতিয়কৰ বাবে কোনো আঁচনি দিয়া নহয় তেওঁলোকক। মই নিজে কৃষি বিভাগত এটা ইছ-প্ৰে মেচিনৰ বাবে আবেদন দিছিলোঁ, এতিয়ালৈকে কৃষি বিভাগৰ ফালৰপৰা কোনো সহায় পোৱা নাই। 'পথাৰ আমাৰ, বজাৰ আমাৰ' বুলি শ্লোগান দি চৰকাৰে কেৱল দায়িত্ব সামৰিছে।" লগতে কয় যে — "নেতা হৈ মাথোঁ মঞ্চত বহি মাত মাতিব খুজা নাই। মই ৰাইজৰ মাজৰ মানুহ। খেতি কৰা মানুহ। আমাৰ সমাজৰ সন্তানসকলৰ শিক্ষাৰ বাবে মোৰ সাধ্য মতে সহায় কৰি যাওঁ। বহু দুখীয়া ছাত্ৰ-ছাত্ৰীক মোৰ গাঁঠিৰ টকাৰে সহায় কৰিছোঁ।"

ডিমৌৰ মাছৈ অঞ্চলত দীপজ্যোতি গোৱালা আজি নতুন প্ৰজন্মৰ বাবে এক অনুকৰণীয় নাম। খেতি, নেতৃত্ব, জনসেৱা — তিনিও দিশতে তেওঁৰ নিঃস্বাৰ্থ অৱদান সমগ্ৰ অঞ্চলতে প্ৰশংসাৰ পাতনি মেলিছে

সফলতা ভাৰত চৰকাৰৰ ছেমিকণ্ডাক্টৰ মিছনৰ !ভাল খবৰ ডেস্কঃ ভাৰতৰ ছেমিকণ্ডাক্টৰ মিছনৰ সফলতা। চিচিটিভি কেমেৰা, মোবাইল নেটৱৰ্ক, ...
04/08/2025

সফলতা ভাৰত চৰকাৰৰ ছেমিকণ্ডাক্টৰ মিছনৰ !

ভাল খবৰ ডেস্কঃ ভাৰতৰ ছেমিকণ্ডাক্টৰ মিছনৰ সফলতা। চিচিটিভি কেমেৰা, মোবাইল নেটৱৰ্ক, চেটেলাইট, গাড়ী, আৰু স্মাৰ্ট ডিভাইচকে ধৰি কেইবাটাও প্ৰয়োগত ব্যৱহাৰ হোৱা চিপছৰ প্ৰয়োগে স্বাৱলম্বীতাৰ দিশত দেশখনক আগবঢ়াই লৈ যাব বুলি বিশেষজ্ঞসকলে জনাইছে।

ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন (আই এছ এম)ৰ লক্ষ্য হৈছে এই ষ্টেকৰ সম্পূৰ্ণ মালিকীস্বত্ব নিশ্চিত কৰা। এই অভিযানৰ লক্ষ্য হৈছে চিপ ডিজাইন, ফেব্ৰিকেশন, এছেম্বলি, আৰু পেকেজিঙৰ ক্ষেত্ৰত ঘৰুৱা ক্ষমতা সক্ষম কৰা।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া
এই পদক্ষেপে ভাৰতক সমগ্ৰ ডিজিটেল প্ৰযুক্তিৰ ষ্টেকত আত্মনিৰ্ভৰশীল হোৱাৰ ভিত্তি স্থাপন কৰিছে চিপ নিৰ্মাণৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু ক্লাউড এপ্লিকেচনলৈকে। সকলো মিছন-ক্ৰিটিকেল ডিজিটেল আন্তঃগাঁথনি, সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত হওক বা ক্লাউড কম্পিউটিঙৰ সৈতে জড়িত হওক, মৌলিকভাৱে অৰ্ধপৰিবাহী চিপৰ ওপৰত নিৰ্ভৰশীল।

ভাৰত ক্লাউডৰ প্ৰতিষ্ঠাপক সদস্য দীপালী পিল্লাই ডিজিটেল ইণ্ডিয়াৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে- "এয়া এক অৰ্থনৈতিক আৰু নিৰাপত্তাৰ কাহিনী আৰু ঘৰত সকলো থকাটো অতি গুৰুত্বপূৰ্ণ। নিজৰ মাটিত সকলো থকা আৰু নিজৰ চৰ্তত কাম কৰাটো আমাৰ বাবে বৃদ্ধি আৰু উদ্ভাৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।"

▪️" বল ব'ম"▪️ঝাৰখণ্ডৰ  বৈদ্যনাথ মন্দিৰলৈ (বাবাধাম) লাখ লাখ ভক্তৰ সমাগম।এতিয়া পৱিত্ৰ শাওণ মাহ। এই শাওণ মাহ জুৰি দেৱাদিদে...
01/08/2025

▪️" বল ব'ম"
▪️ঝাৰখণ্ডৰ বৈদ্যনাথ মন্দিৰলৈ (বাবাধাম) লাখ লাখ ভক্তৰ সমাগম।

এতিয়া পৱিত্ৰ শাওণ মাহ। এই শাওণ মাহ জুৰি দেৱাদিদেৱ মহাদেৱক পূজা -আৰাধনা কৰা হয়। কথিত আছে যে শাওণ মাহৰ কোনো এক সোমবাৰে মহাদেৱৰ জন্ম হৈছিল সেয়েহে সমগ্ৰ শাওণ মাহ জুৰি ভক্ত সকলে শিৱলিংগত জল অৰ্পন কৰি পূজা -আৰাধনা কৰে। মন কৰিবলগীয়া যে ঝাৰখণ্ডৰ বাবা নগৰীত শিৱৰ মূল কামনা জ্যোর্তিলিংগ আছে। এই মন্দিৰৰ নাম ৰাৱণেশ্বৰ শ্রী শ্রী বৈদ্যনাথ ধাম অথবা বাবাধাম বুলি জনাজাত। ভাৰতৰ মুঠ ১২টা জ্যোৰ্তি লিংগৰ ভিতৰত এই মন্দিৰটো হৈছে অন্যতম কামনা জ্যোৰ্তিলিংগ। জনশ্রুতি অনুসৰি ৰাৱণে মহাদেৱক তপস্যা কৰি এই লিংগ লাভ কৰিছিল । তদুপৰি মহাদেৱে ৰাৱণক কৈছিল-তুমি লিংগ লৈ গৈ যতেই স্থাপন কৰা তাতেই পূজা কৰিব পাৰিবা। কিন্তু তুমি লিংগটো কোনো কাৰণতে মাটিত নথবা। যতে মাটিত থোৱা তাতেই প্ৰতিষ্ঠা হ'ব। কিন্তু ৰাৱণে লিংগটো কোলাত লৈ লংকা অভিমুখে খোজ কাঢ়ি গৈ থকা মুহূৰ্ততে ভগৱান বিষ্ণুয়ে অৱতাৰ ধৰিলে।এনে এক সময়তে ৰাৱণৰ প্ৰস্ৰাব লাগিল। সেই সময়তে যাত্ৰা পথত তেওঁ এজন গৰখীয়াক প্ৰত্যক্ষ কৰিলে।তেতিয়া ৰাৱণে লিংগটো গৰখীয়াৰ হাতত দি প্ৰস্ৰাৱ কৰিব গ'ল। ইয়াতেই ৰাৱণৰ লাগিল লেঠা। কিয়নো ভগৱান বিষ্ণুই সৃষ্টি কৰিছিল গৰখীয়া জনক।সেই সময়তে ৰাৱণৰ পিয়াহ লাগিল। এজন সন্যাসীৰ হাতত থকা কুণ্ডলীৰ পৰা ঘটে ঘটে পানী খাই তৃষ্ণা নিবাৰণ কৰিলে আৰু প্ৰস্ৰাৱ লাগিল। তেতিয়াই ৰাৱণৰ শৰীৰত মা গঙ্গা লম্ভিলে। যাৰ ফলত দীঘলীয়া সময় ধৰি ৰাৱণে প্ৰস্ৰাৱ কৰিব ধৰাত গৰখীয়া জনে বিৰক্তি অনুভৱ কৰিব ধৰিলে। আৰু লিঙ্গৰ ওজন বৃদ্ধি পোৱাত গৰখীয়া জনে লিঙ্গটো মাটিত থৈ দিলে। উভতি আহি ৰাৱণ হতবাক হৈ পৰিল। কাৰণ লিংগ আৰু তেওঁ উঠাই নিব নোৱাৰে বুলি জানিব পাৰিলে।অৱশেষত ৰাৱণে শক্তি প্ৰয়োগ কৰিও লিংগ উঠাব নোৱাৰিলে।লিংগ উঠাব নোৱাৰি ৰাৱণে নিজৰ বুঢ়া আঙুলিৰে সৰ্ব শক্তি প্ৰয়োগ কৰি মাটিৰ তললৈ লিঙ্গটো হেচুকী দিলে। অৱশেষত আজিৰ বাবাধামৰ যি স্থানত পূজা কৰা হয় ,সেই স্থানতে লিংগ প্ৰতিষ্ঠা হল। সেইবাবে এই মন্দিৰক 'ৰাৱণেশ্বৰ বৈদ্যনাথ মন্দিৰ' বুলি কোৱা হয়।
গৰখীয়া জনে যত লিংগটো থৈছিল- সেই স্থানতে স্থাপিত হৈছে এই পৱিত্ৰ বাবা ধাম। মূলতঃ এই শিৱলিংগত পৱিত্ৰ জল ঢালিবলৈ 'বল ব'ম' ভক্তসকলে চুলতানগঞ্জৰ উত্তৰ বাহিনী গংগা নদীৰ পৰা স্নান কৰি আৰু পৱিত্ৰ গংগা জল লৈ ঝাৰখণ্ডলৈ কাৱৰ যাত্ৰা আৰম্ভ কৰে। সেইকাৰণে ইয়াক কাৱৰীয়া যাত্ৰা বুলি কোৱা হয়।

আনহাতে ভক্ত সকলে গেৰুৱা বসন পৰিধান কৰি মুখেৰে "'ব'ল ব'ম'" শব্দ উচ্চাৰণ কৰি যাত্ৰা কৰে। মূলতঃ "ব'ল'"-মানে হ'ল কোৱা বা লোৱা আৰু 'ব'ম' -মানে হল 'সদাশিৱ'। সেইবাবে ইয়াক 'ব'ল ব'ম' বুলিও কোৱা হয়। ব'ল ব'ম ভক্ত সকলে খোজকাঢ়ি আৰু কান্ধত কাৱাৰ লৈ 'ব'ল ব'ম' শব্দ উচ্চাৰণ কৰি যোৱাৰ লগতে সমগ্ৰ পথতে কেৱল উচ্চাৰিত হয় " ব'ল ব'ম কা এক নাৰা হে/বাবা এক চাহাৰা হে।"বাবা নগৰী দূৰ হে/জানা জৰুৰ হে"। এনেদৰে চুলতান গঞ্জ ৰ পৰা ঝাৰখণ্ড লৈ আকাশ-বতাহ মুখৰিত হৈ পৰে।

চুলতানগঞ্জৰ পৰা ভক্ত সকলে পৱিত্ৰ গংগা জল তুলি আচাৰগঞ্জ, তাৰাপুৰ, ৰামপুৰ, কুমাৰচাৰ, জেলেবীয়া, সুৰীয়া, ব'ল ব'ম সেৱা সমিতি, শিৱলোক, কটৰীয়া, ইনৰাৱৰণ, গৰীয়াৰী কলকতীয়া, দর্শনীয়া, ঝাৰখণ্ড গেট হৈ সুদীর্ঘ ১২০ কিলোমিটাৰ খোজ কাঢ়ি বাবাধাম মন্দিৰ পায়। উল্লেখযোগ্য যে খোজ কাঢ়ি যোৱা ভক্ত সকলক কাৱৰীয়া বুলি কোরা হয়। একাংশই বগা সাজ পিন্ধি ২৪ ঘন্টা দৌৰি মন্দিৰ পায় আৰু তেওঁলোকক ডাক ব'ম বুলি কোৱা হয়। আনহাতে একাংশই মাটিত দীঘল দি শুই শুই যায়- তেঁওলোকক দণ্ডবট ব'ম বুলি কোৱা হয়। অৱশ্যে একাংশই বিভিন্ন বাহনেৰেও যায়।

জনশ্রুতি অনুসৰি চুলতানগঞ্জৰ উত্তৰ বাহিনী গংগা নদীৰ পৰা গংগা জল লৈ কাৱৰ যাত্ৰা কৰিছিল ৰাৱণে। ইয়াৰ পিছত প্ৰভু শ্রীৰামচন্দ্ৰয়ো একেই স্থানৰ পৰা কাৱৰ যাত্ৰা কৰিছিল। এই কিংবদন্তী অনুসৰি পৰম্পৰাগত ভাৱে ভক্ত সকলে চুলতানগঞ্জৰ পৰা -গংগা জল লৈ বর্তমানলৈ ঝাৰখণ্ডৰ বাবাধামলৈ যাত্ৰা কৰি আহিছে।

এনেদৰে প্রতিদিনে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লাখ লাখ ভক্তৰ লগতে অসমত ভিন ভিন প্ৰান্তৰ উপৰিও নলবাৰীৰ পৰাও হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে পবিত্র বাবা ধাম মন্দিৰলৈ।

নিয়ম অনুসৰি বৈদ্যনাথ মন্দিৰ অথবা বাবাধাম মন্দিৰৰ জ্যোৰ্তিলিংগত ভক্তসকলে গঙ্গা জল অৰ্পণ কৰাৰ পূৰ্বে ইয়াৰ ওচৰতে থকা 'শিৱ গঙ্গা' পুখুৰীত পুনৰ স্নান কৰি আৰু পুৰোহিতৰ পৰা সংকল্প গ্রহন কৰিহে লিংগত গংগা জল অৰ্পণ কৰিব পাৰে। তদুপৰি জল অৰ্পণৰ পিছতে ভক্ত সকলে আৰতি প্রদান কৰিব পাৰে। উল্লেখযোগ্য ভক্ত সকলে প্ৰতিদিনে পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ জ্যোর্তিলিংগত জলাভিষেক কৰিব পাৰে। ইপিনে মূল বাবাধাম মন্দিৰৰ মুখা মুখিকৈ আছে মা পাৰ্বতীৰ মন্দিৰ। লিংগত জল অৰ্পণ কৰাৰ পিছত ভক্ত সকলে মা পার্বতী মন্দিৰত পূজা-অর্চনা কৰে। উল্লেখযোগ্য এই মন্দিৰত ভক্ত সকলে জল অৰ্পণ কৰিবলৈ দীঘলীয়া শাৰী পাতিব লাগে।প্ৰতিদিনে ৰাতিপুৱা জল অৰ্পণ কৰিবলৈ হলে নিশা এক বজাৰ পৰা ভক্ত সকলে শাৰী পাতে।ভক্তই সাত কিলোমিটাৰ পৰ্যন্ত শাৰী পাতিব লাগে। ইপিনে জল অৰ্পণ কৰিবলৈ মন্দিৰ কৰ্তৃপক্ষৰ পৰা ভি আই পি পাছৰ ব্যৱস্থাও আছে।ভি আই পি পাচৰ বাবে ৫০০/৬০০ টকা দিব লাগে।আনহাতে ভক্ত সকলে বাবাধাম মন্দিৰৰ জ্যোৰ্তিলিংগত জল অৰ্পণ কৰি ঝাৰখণ্ডৰ পৰা ৬৮ কিলোমিটাৰ দূৰত্বত থকা বাসুকীনাথ মন্দিৰত জল অৰ্পণ কৰে।ভক্ত সকলে আনকি ত্ৰিকুট পাহাৰ আৰু তপোবনলৈ ও যায়।

মনকৰিব লগীয়া যে এই বাবাধাম মন্দিৰত মুঠ ২১টা মন্দিৰ সংলগ্ন হৈ আছে । এই মন্দিৰ কেইটা হ'ল ক্ৰমে; মহাকাল, মা বগলা দেৱী, গণেশ, সৰস্বতী, লক্ষ্মী দেৱী,মা কালী, মা অন্নপূৰ্ননা,জগত জননী,মা সন্ধ্যা, হনুমান,মনসা,সূৰ্য্য নাৰায়ণ,ৰাম ,গঙ্গা,আনন্দ ভৈৰৱ,গৌৰী শংকৰ, মা তাৰা, নীলকণ্ঠ, ব্ৰহ্মা, লক্ষ্মী নাৰায়ণ আৰু মা পাৰ্বতী(দুৰ্গা শক্তিপীঠ)।

জনশ্রুতি অনুসৰি পৱিত্ৰ শাওণ মাহৰ কোনো এটি সোমবাৰে মহাদেৱৰ জন্ম হোৱা বাবে সোমবাৰৰ দিনটোত ভক্তসকলে শিৱলিংগত সর্বাধিক জলাভিষেক কৰে। মাৰ পৰিপ্রেক্ষিতত অসমৰ বিভিন্ন স্থানতো ব'ল ব'ম ভক্ত সকলে প্ৰতি দেওবাৰে নিশা ১২ বজাৰ পিছত নদী, জান, জুৰিৰ পৰা পানী তুলি শিৱলিংগত জল অৰ্পণ কৰা দেখা যায়। মূলতঃ ভাৰতবর্ষৰ ভিতৰত ১২টা জ্যোর্তিলিংগৰ ভিতৰত ঝাৰখণ্ডৰ বৈদ্যনাথ মন্দিৰত (বাবাধাম) এই শাওণ মাহত লাখ লাখ ভক্তই জলাভিষেক কৰে। উল্লেখযোগ্য ঝাৰখণ্ড ৰ এই স্থানক বাবানগৰী বুলিহে সৰ্বজনবিদিত । সমগ্ৰ শাওণ মাহ জুৰি ঝাৰখণ্ডৰ দেওঘৰ জিলাত শ্রাবণ মেলা উদযাপন কৰা হয়। এই শ্রাবণী মেলাৰ সময়ত বাবাধামত (দশৰ প্রধানমন্ত্রীৰ পৰা বিন্নি ৰাজ্যৰ মুখ্যমন্ত্রী, সাংসদ, মন্ত্রী-বিধায়ক আদিয়েও ভক্তৰ সৈতে নিজৰ অভীষ্ঠ পূৰণৰ অর্থে শিৱলিংগত জল অর্পন কৰে। এই সমগ্র শাওণ মাহ জুৰি বাবাধামত লাখ লাখ ভক্তৰ উদুলি-মুদুলিৰে এক ভক্তিৰস অধ্যাত্মিক পৰিবেশ, মানৱ প্রেমেৰে এক স্বর্গীয় অনুভূতি প্রকাশ-পায়।এই মন্দিৰত ভক্ত সকলে যি মনোকামনা পূৰণৰ বাবে দেবাদীদেৱক আৰাধনা কৰে ,সেয়া ফলৱৰ্তী হৈ বুলি জনশ্ৰুতি আছে। সেয়েহে এই মন্দিৰক কামনা জ্যোৰ্তিলিঙ্গ বুলি কোৱা হয়।

-----------------------
▪️ বসন্ত দাস। (প্ৰবক্তা)
------------------------

Address

Guwahati
781008

Alerts

Be the first to know and let us send you an email when Bhal Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhal Khabar:

Share

Our Story

Bhal Khabar. A weekly newspaper from Guwahati, Assam, featuring all the good and positive news.