Ne Plus

Ne Plus Voice of North-East

05/10/2025

BTC ত হাত নিদিয়ে ৰাজ্য চৰকাৰে। উচ্ছেদ, মাটিৰ পট্টা সকলো হাগ্ৰামা চৰকাৰৰ মতেই হ'ব। হাগ্ৰামা মহিলাৰীৰ লগত থকাৰ আশ্বাস দি কি ক'লে মুখ্যমন্ত্ৰীয়ে?

05/10/2025

BTC চীফ হিচাপে শপত লৈ কি ক'লে হাগ্ৰামা মহিলাৰীয়ে?

05/10/2025

লখিমপুৰৰ নাওবৈচাত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ লৈ আহি জুবিনৰ কথা কৈ কান্দোনত ভাগি পৰিল এগৰাকী বয়োজেষ্ঠ মহিলা।

05/10/2025

'জুবিনক আমাৰ সি লাইফ জেকেটটো পিন্ধাই দিছিল। জুবিনে বাৰে-বাৰে পিন্ধিব বিচৰা নাছিল।' ছিংগাপুৰৰ য়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকনৰ মাতৃয়ে কি ক'লে?

05/10/2025

'ছিংগাপুৰত CID য়ে তদন্ত কৰিব নোৱাৰে। সেয়ে CBI ক তদন্ত অৰ্পণ কৰিব লাগে।'- দেৱব্ৰত শইকীয়া

05/10/2025

'অসম চৰকাৰে ছিংগাপুৰৰ পৰা কাকো আনিব নোৱাৰো। তেওঁলোকৰ পিতৃ-মাতৃৰ লগত কথা পাতি নিজৰ ল'ৰাক আনিবলৈ ক'ম। ছিংগাপুৰলৈ গৈ অসম পুলিচে কাকো ধৰি আনিব নোৱাৰে। ৬ তাৰিখৰ ভিতৰত নাহিলে আমি যিমান পাৰোঁ কঠোৰ হ'ম'।- মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

04/10/2025

'মোৰ ফোন কিয় নিলে? মইয়ো তাৰ ঘৰৰ পৰা বেটেৰী লৈ আহিলো' লখিমপুৰত চোৰ কা বদলা চোৰ!

04/10/2025

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীক হুইল চেয়াৰ প্ৰদান কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। লাহদৈগড় মৰান গাঁৱৰ দহ নং ৱাৰ্ডৰ প্ৰদীপ গগৈ আৰু লক্ষী গগৈৰ বিশেষভাৱে সক্ষম কন্যা জোনালী গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে এখন হুইল চেয়াৰ বিচাৰি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছিল। এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীক যুৱতী গৰাকীক এখন হুইল চেয়াৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

04/10/2025

নগাঁৱৰ উৰিয়াগাঁৱৰ ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পত অভিযান জিলা আয়ুক্তৰ। ট্ৰেড লাইচেঞ্চ নথকাৰ অভিযোগত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অভিযান চলাই বন্ধ কৰি দিলে পেট্ৰল পাম্প। গ্ৰাহকক কম পৰিমাণৰ তেল দিয়াৰো অভিযোগ পেট্ৰল পাম্পটোৰ বিৰুদ্ধে। গ্ৰাহকৰ অভিযোগৰ ভিত্তিত অভিযান চলাই ছীল কৰিলে পেট্ৰল পাম্পটো।

04/10/2025

ইনভাৰ্টাৰৰ বেটেৰী চুৰি কৰি ৰাইজৰ হাতত ধৰা পৰা এটা চোৰে বিচাৰিলে ন্যায়। লখিমপুৰৰ বঙালমৰাৰ ১নং আহমেদপুৰত ধৃত চোৰ জেকব বৰুৱাক ৰাইজে চমজালে আৰক্ষীক।

04/10/2025

‘জুবিনৰ অনুৰাগী হিচাপে গৰিমাৰ সৈতে, জুবিনৰ পিতৃৰ সৈতে কিছু সময় কটালো। ছিংগাপুৰত থকা অসমীয়া লোকসকল অসমলৈ আহিবনে নাই সেয়া চিন্তাৰ বিষয়।' জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।

04/10/2025

CID ৰ কাৰ্য্যালয়ত পুত্ৰ শ্যামকানু মহন্তক চাবলৈ আহিল বৃদ্ধা মাতৃ। হাতত ধৰি লৈ আনিলে শ্যামকানুৰ পত্নীয়ে।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Ne Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share