16/01/2025
গুৱাহাটী : অন্ধ্ৰ প্ৰদেশৰ কৰনুলত( ৮-১১ জানুৱাৰী) অনুষ্ঠিত ১৬ সংখ্যক ৰাষ্টীয় জুনিয়ৰ ৰোলবল চেম্পিয়নশ্বিপত অসম "মুলাগাভৰু " চেম্পিয়ন হয় ।
আনহাতে অসমৰ লৰা দলটোৱে লীগ পৰ্যায়ৰ পৰাই বিদায় লব লগীয়া হয়। ইয়াত অসমে কৰ্নাটক আৰু হাৰিয়ানাৰ বিৰুদ্ধে জয়ী হোৱাৰ বিপৰীতে মহাৰাষ্ট আৰু তামিলনাডুৰ হাতত পৰাস্ত হয়। আনহাতে অসমৰ ছোৱালীয়ে লীগ পৰ্যায়ত কেৰলা ৩-০, চটিচগড়ক ২-১ গলত পৰাস্ত কৰাৰ বিপৰীতে গুজৰাটৰ হাতত ২-১ ত পৰাস্ত হয়।
কোৱাৰ্তাৰ ফাইনেলত তামিলনাডুক ৫-০ ত, চেমি ফাইনেলত উত্তৰ প্ৰদেশক ৮-১ গলত পৰাস্ত কৰ াৰ বিপৰীতে ফাইনেলত ৰাজস্হানক তীব্ৰ প্ৰতিদ্নিতাৰ মুৰকত ৪-২ দলৰ ( মিস্কা, কৃস্টি, নম্ৰতা, শ্ৰীনিকাই গাইপতি এগলকৈ দিয়ে ) ব্য়বধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। তৃতীয় স্হান - মহাৰাষ্ট্ৰ।
লৰাৰ শাখাত প্ৰথম - ৰাজস্হান, দিত্বীয় - তামিলনাডু, তৃতীয় - গুজৰাট।