11/09/2026
অখিল গগৈয়ে উষ্মা আৰু উন্মাদনা পৰিহাৰ কৰক
✍️ ড০ অখিল ৰঞ্জন দত্ত
ড° হীৰেন গোহাঁই ছাৰে অখিল গগৈ সম্পৰ্কে কিছু কথা কৈছে ৷ কিছু শংকা প্ৰকাশ কৰিছে ৷ কিছু সতৰ্কবাণী শুনাইছে ৷ তাক লৈ ৰাইজৰ দলৰ কৰ্মীসকলৰ ইমান খং উঠাৰ বিশেষ কাৰণ মই দেখা নাই ৷ ছাৰে অভিজ্ঞতাৰ ভিত্তিত এইখিনি কথা কৈছে । অসম আন্দোলন আৰম্ভ হওঁতেই ছাৰে যিবোৰ আশংকা প্ৰকাশ কৰিছিল সেইবোৰ বহুদূৰ সত্য বুলি প্ৰমাণিত হ’ল ৷ আলফাৰ উথ্থানৰ সময়ত আৰু আলফাৰ সশস্ত্ৰ সংগ্ৰামে শক্তিশালী ৰূপ লোৱাৰ সময়ত ছাৰে যিবোৰ প্ৰশ্ন তুলিছিল সেইবোৰো সত্য বুলিয়েই প্ৰমাণিত হ’ল ৷ ভাৰতীয় জনতা পাৰ্টী শাসনলৈ অহাৰ সময়ত বা তাৰ পৰৱৰ্তী সময়ত কোৱা কথাবোৰো মিছা বুলি প্ৰমাণিত হোৱা নাই ৷ সেই সময়ত এইবোৰক ছাৰৰ অলীক বৌদ্ধিক ভ্ৰম বুলিয়েই উৰুৱাই দিব খোজা হৈছিল ৷ ড° গোহাঁই ছাৰেঅখিল গগৈৰ সামাজিক ৰাজনৈতিক জীৱন ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে ৷ অখিল গগৈৰ সম্ভাৱনা আৰু দুৰ্বলতাক অনুধাৱন কৰিছে ৷ তেওঁৰ শেহতীয়া কামকাজে ছাৰৰ মনত গভীৰ শংকা সৃষ্টি কৰিছে ৷ অখিল গগৈয়ে তেওঁৰ কামকাজৰ জৰিয়তে প্ৰমাণ কৰক যে ছাৰৰ শংকা শুদ্ধ নহয় ৷ লগতে তেওঁ সংযমী হ’বলৈকো শিকক ৷ ৰাইজৰ দলৰ সংগঠন শক্তিশালী কৰক ৷ এই দলে কৈ থকা বিকল্পক বাস্তৱায়িত কৰিবৰ বাবে ৰণকৌশল নিৰ্মাণ কৰক ৷ তাকে নকৰি গোহাঁই ছাৰক উদ্দেশ্যি দীঘলীয়া মুকলি চিঠিৰ জৰিয়তে ছাৰৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰীতি আৰু তেওঁৰ অৰ্থাৎ অখিল গগৈৰ বিৰুদ্ধে ২০২১ চনৰ নিৰ্বাচনতে ছাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ আনি ৰাজনৈতিক অপৰিপক্বতাৰহে পৰিচয় দিছে।
আজি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক আৰু প্ৰগতিশীল শিবিৰ কংগ্ৰেছৰ প্ৰতি কিয় সদয় সেই কথা সকলোৱে বুজি পোৱা উচিত ৷ ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বকালৰ ৰাজনৈতিক প্ৰতিদণ্ডী কংগ্ৰেছ দলহে ৷ অন্য দল সংগঠন নহয় ৷ আঞ্চলিক দলবোৰো নহয় ৷ আনকি ৰাইজৰ দলো নহয় ৷ গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰয়োজনত কংগ্ৰেছ দলৰ বাহিৰে সকলো দলৰ লগতেই মিত্ৰতা কৰিবলৈ সাজু ৷ মুকলি মিত্ৰতা কৰিব নোৱাৰিলে গোপনে সহায় কৰিব । কংগ্ৰেছক দুৰ্বল কৰিবলৈ অন্য দলক প্ৰক্ষেপ কৰাটোও ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক কৌশল ৷ কংগ্ৰেছৰ লগত মিত্ৰতাৰ সম্ভাৱনা থকা দলসমূহৰ ক্ষেত্ৰত সন্দেহৰ ভাৱ বিয়পাই দিয়াটোও ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক কৌশল ৷ অসমত ৰাইজৰ দলৰ ক্ষেত্ৰত এইটোৱেই কৰি থকা হৈছে ৷ অসমত ৰাইজৰ দলেই অনাগত দিনত মূল বিৰোধী দল হ’ব বুলি প্ৰচাৰ কৰি থকা হৈছে ৷ তাৰবাবে ৰাইজৰ দলে পৰা গালিগালাজৰ প্ৰতিও যোৱা সময়ছোৱাত চৰকাৰ আৰু শাসক দলে সহনশীলতা প্ৰদৰ্শন কৰিছে ৷ ৰাইজৰ দলৰ সভাপতি আৰু বিধায়ক অখিল গগৈৰ বহু দাবী আপাততঃ মানিও লৈছে ৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ সমষ্টিলৈ গৈ একঁকাল পানীত নামিছেগৈ ৷
এই পৰিস্থিতিত অখিল গগৈৰ ভুমিকা সম্পৰ্কে ড° হীৰেন গোহাঁই ছাৰে কিছু শংকা ব্যক্ত কৰিছে ৷ অখিল গগৈক এজন ব্যক্তি হিচাপে লক্ষ্য কৰি এই কথা কোৱা হোৱা নাই ৷ এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে তেওঁৰ বিষয়ে এইখিনি কথা কৈছে ৷ ছাৰৰ এই শংকা মিছা বুলি প্ৰমাণ কৰিব পৰাতহে অখিল গগৈৰ সফলতা ৷ ছাৰৰ বিৰুদ্ধে প্ৰতি অভিযোগ তোলাত তাৰ সাৰ্থকতা নাই ৷
অখিল গগৈৰ প্ৰতি মই প্ৰয়োজনাধিক সদয় বুলি মোৰ এটা বদনাম আছে ৷ গণ আন্দোলনৰ মঙহা দিনত অখিল গগৈয়ে অসমত এক আশাৰ সঞ্চাৰ কৰিছিল ৷ তেতিয়া আছিল কংগ্ৰেছ দলৰেই আধিপত্য ৷ সেই সময়ত ড° গোহাঁই ছাৰ প্ৰমুখ্যে বহুজন অখিল গগৈৰ পক্ষত থিয় দি কংগ্ৰেছ চৰকাৰৰ গণস্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে অৱস্থান লৈছিল । এতিয়া কংগ্ৰেছ শাসনত নাই ৷ গতিকে কংগ্ৰেছৰ বিৰুদ্ধে অৱস্থান লোৱাৰ কথা নাহে ৷ অখিল গগৈৰ বাবে কংগ্ৰেছ আৰু বিজেপি উভয়েই মতাদৰ্শগত শত্ৰু ৷ তাত কাৰো আপত্তি কৰিবলগীয়া নাই ৷ কিন্তু ২০১১ আৰু ২০১৪ চনত অখিল গগৈয়ে কংগ্ৰেছক পৰাস্ত কৰিবৰ বাবে বিজেপিৰ পক্ষতো থিয় দিছিল ৷ ২০২৬ ত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ কংগ্ৰেছৰ স’তে মিত্ৰতা কৰিছিল । এইবোৰ ঢাকি পেলাব পৰা কথা নহয়।
এতিয়া হঠাৎ শাসনত থকা বিজেপিতকৈও কংগ্ৰেছকহে অখিল গগৈয়ে অধিক আক্ৰমণ কৰা আৰম্ভ কৰিছে ৷ দলীয় আদৰ্শতকৈও দলৰ নেতৃত্বক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে বেছিকৈ । অখিল গগৈৰ এই পৰিবৰ্তিত ভুমিকাই বহুতৰে মাজত প্ৰচুৰ শংকা সৃষ্টি কৰিছে ৷ তাৰ পাছতো মই হয়তো নিৰ্বোধৰ দৰেই অখিল গগৈৰ প্ৰতি এতিয়াও সদয় ৷ কিন্তু ড° গোহাঁই ছাৰৰ এটা চমু প’ষ্টক লৈ ৰাইজৰ দল আৰু অখিল গগৈৰ প্ৰতিক্ৰিয়া দেখি মোৰ মনতো প্ৰচুৰ শংকা হৈছে ৷ মোৰ শংকা ছাৰতকৈ বেলেগ ৷ মোৰ শংকা এয়েহে যে এটা দশকৰো অধিককাল শাসনৰ বাহিৰত থকা কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ নিৰন্তৰ অভিযোগে অসমত হিন্দুত্ব ৰাজনীতিক সাৰপানী যোগাব আৰু হিন্দুত্ব ৰাজনীতিয়ে দীৰ্ঘকালত অখিল গগৈয়ে নিৰ্মাণ কৰা ৰাজনৈতিক সাংগঠনিক আধাৰ সমূহক নিজৰ আয়ত্তলৈ নিব আৰু ৰাইজৰ দলক নিশকতীয়া কৰি পেলাব । অৰ্থাৎ প্ৰচাৰ কৰি থকাৰ দৰে অখিল গগৈ মূল বিৰোধী দল হোৱাটো দূৰৰে কথা এই দলৰ অস্তিত্বৰ সংকটহে ঘনীভূত হ’ব ৷
মোৰ এনে শংকা ভুল বুলি প্ৰমাণিত হওক । তাৰবাবে ৰাইজৰ দল নিজেই অধিক সংবেদনশীল হ’ব লাগিব আৰু সমালোচনাৰ প্ৰতি সহনশীল হ’ব লাগিব ৷ সমালোচনা কৰাৰ অধিকাৰ ৰাইজৰ দলৰ অথবা অখিল গগৈৰ একক অধিকাৰ বুলি ভৱাটো শুদ্ধ কথা নহয় ৷ আনক সমালোচনাৰে তুলাধুনা দিয়া ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে আনৰ সমালোচনাকো যুক্তি আৰু ধৈৰ্য্যৰে শুনিব লাগিব ৷ আৰু সকলো সমালোচনাক তাৎক্ষণিকভাৱে কেবল কথাৰে উত্তৰ দিব লাগে বুলিও কোনো কথা নাই । অখিল গগৈয়ে নিজে দাবী কৰাৰ দৰে তেওঁ যদি সঁচাকৈয়ে অসমত এক বিকল্প ৰাজনীতি কৰিব খুজিছে তেন্তে উষ্মা আৰু উন্মাদনা পৰিহাৰ কৰিব লাগিব ৷ বানাক্ৰান্ত মানুহৰ মাজত থাকি দিনেৰাতিয়ে কৰা পৰিশ্ৰম আৰু তেওঁৰ প্ৰতি চাৰিওফালৰ পৰা অহা সহায় সমৰ্থন যাতে অথলে নাযায় তাৰ প্ৰতি অখিল গগৈ আৰু ৰাইজৰ দল অধিক সতৰ্ক হওক।