23/07/2026
অসমৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ। বিশেষকৈ উজনি অসমৰ শিৱসাগৰত বানে সৰ্বাধিক ক্ষতিসাধন কৰিছে। শিৱসাগৰৰ লগতে গোলাঘাট আৰু যোৰহাটৰো হেজাৰ হেজাৰ পৰিয়ালৰ হেপাঁহৰ ঘৰবোৰ এতিয়া বানে গ্ৰাস কৰিছে। এতিয়া চাৰিওফালে কান্দোনৰ ৰোল। বহু মানুহৰ মৃত্যু হৈছে, হেজাৰ হেজাৰ জীৱ জন্তু বানত উটি গৈছে। চাৰিওফালে হাঁহাকাৰ পৰিস্হিতিৰ সৃষ্টি হৈছে। খাদ্যবস্তু, মেডিচিন, খোৱাপানী, উপযুক্ত আশ্ৰয় শিৱিৰৰ অভাৱত বানাক্ৰান্ত সকলৰ অৱস্হা নোহোৱা হৈছে।
সেয়েহে সকলোকে আগবাঢ়ি আহি সহযোগিতা আগবঢ়াবলৈ সমূহ ৰাইজক সাদৰেৰে অনুৰোধ জনালোঁ।🙏
ইতিমধ্যে বহু ব্যক্তি, অনুষ্ঠান আদিয়ে বানাক্ৰান্ত সকলক সহায় কৰি আছে। আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দাই জন্ম দিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বন ও সাজু হৈছে বানাক্ৰান্তসকলক সহায়ৰ হাত আগবঢ়াবলৈ। আপোনালোকে কলাগুৰু ফাউণ্ডেশ্বনৰ একাউণ্টত যিয়ে যি পাৰে দি সহায় কৰিব পাৰে।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যিসকল এতিয়াও সন্ধানহীন হৈ আছে তেখেতসকল সু স্বাহ্য আৰু সোঁ-শৰীৰেৰে উভতি আহক🙏 সোনকালে পানী কমি স্বাভাৱিক অৱস্হালৈ ঘুৰি আহক🙏🙏
আমাৰ ককা - আইতাসকলৰ পৰাও আন্তৰিকতাৰে মৰমৰ কলাগুৰু ফাউণ্ডেশ্বনৰ জৰিয়তে বানাক্ৰান্ত সকললৈ এধানি সহায়ৰ হাত আগবঢ়ালোঁ🙏