02/06/2026
➠ ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা
➠ ঘটনাৰ স্থান ধুবুৰী জিলাৰ বিলাসীপাৰা
➠ মিঞাঁ নহয়, খিলঞ্জীয়া মুছলমান যুৱকে ব্লাকমেইলিঙ কৰি হিন্দু যুৱতীৰ লগত সংঘটিত কৰিছে ভয়ংকৰ লাভ জেহাদ
➠ ঘটনাক লৈ বিলাসীপাৰা থানাত ৫ জনৰ বিৰুদ্ধে ৰুজু গোচৰ
বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ অসমত এইবোৰ হৈছে কি? নলবাৰীৰ লাভ জিহাদ কাণ্ডৰ জুই জ্বলি থকাৰ মাজতেই বিলাসীপাৰাত পোহৰ লৈ আহিছে চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা। উল্লেখ্য যে- বিলাসীপাৰাৰ সূৰ্যখাতা দ্বিতীয় খণ্ডৰ মিনাৰ হুছেইন নামৰ খিলঞ্জীয়া মুছলমান যুৱকে নিজকে হিন্দুৰ পৰিচয় দি লুটাপাৰা গাঁৱৰ সুচিত্ৰা নাথ নামৰ এগৰাকী হিন্দু যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। প্ৰেমৰ সম্পৰ্কৰ ছলনাৰে যুৱতী গৰাকীৰ লগত শাৰিৰীক সম্পৰ্ক কৰি দুই নম্বৰী কায়দাৰে মোবাইলত বন্দি কৰি ৰাখিছিল অশ্লীল দৃশ্য। পিছলৈ সেই দৃশ্যৰে ব্লাকমেইলিঙ কৰি হিন্দু সুচিত্ৰা নাথক মুছলমান ধৰ্মত পৰিৱৰ্তন কৰি বিয়াৰ সময়ত খাদিজা বেগম নাম ৰাখি বিবাহ কৰিছিল হিন্দু যুৱতী গৰাকীক। মিছা বিবাহ কৰি ভাৰা ঘৰত লৈ যুৱতী গৰাকীৰ ওপৰত লম্পট মিনাৰে আৰম্ভ কৰিছিল শাৰিৰীক, মানসিক নিৰ্যাতন। সমান্তৰালভাৱে দুষ্ট মিনাৰে হিন্দু যুৱতী গৰাকীক চলাইছিল যৌন উৎপীড়ন। পিছলৈ মিনাৰ হুছেইন নামৰ খিলঞ্জীয়া মুছলমান যুৱক বুলি গম পাইছিল হিন্দু যুৱতী গৰাকীয়ে। এই সমগ্ৰ ঘটনা এজহাৰত বৰ্ণনা কৰিছে ভুক্তভোগী হিন্দু যুৱতী গৰাকীয়ে। সমান্তৰালভাৱে যুৱতী গৰাকীয়ে সংবাদ মাধ্যমতো প্ৰদান কৰিছে বহু বিস্ফোৰক ভাষ্য৷
মিনাৰৰ অস্বাভাৱিক আৰু অমানৱীয় নিৰ্যাতন সহ্য কৰিৱ নোৱাৰি যুৱতী গৰাকী কাষ চাপিছিল বিলাসীপাৰা আৰক্ষীৰ। কিন্তুু বিলাসীপাৰা আৰক্ষীয়ে আচামিৰ সৈতে মিলি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীয়ে। বিলাসীপাৰা আৰক্ষীৰ পৰা ন্যায় নাপাই নিৰুপায় হৈ যুৱতীগৰাকীয়ে কাষ চাপিছিল ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। অৱশেষত বিলাসীপাৰা আৰক্ষীয়ে মিনাৰ হুছেইন, ইউছব আলী, গোলেবানু বিবি, মাফ্ৰুজা বেগম আৰু নওসাদ আলী সহ ৫ জনৈক লোকৰ বিৰুদ্ধে 144/26 নম্বৰত গোচৰ ৰুজু কৰিছে যদিও বৰ্তমান লৈ আচামিৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। মিঞাঁক লৈ ৰাজ্য গৰম কৰি থকাৰ সময়তে বিলাসীপাৰাৰ খিলঞ্জীয়া মুছলমান যুৱকৰ এই চাঞ্চল্যকৰ লাভ জিহাদৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।