
13/09/2022
কিন্-লাও
------------------
কিন্-লাও, অৰ্থাৎ শপঠ খোৱা প্ৰথাটো সকলো সভ্যতাত অাৰু জাতিৰ মাজত বিৰাজমান। শপঠ খোৱা কাৰ্যক অাহোম ভাষাত "কিন্-লাও", "ছিৎ-চা", "তে-তে-তে" শব্দ সমূহৰ যোগে প্ৰকাশ কৰা হ'য়।
"অাহোমৰ বুৰঞ্জীত অাহোমে শপঠ খোৱা অাৰু অাহোমত শপঠ খোৱা ঘটনাৰ ভালেখিনি উল্লেখিত হৈছে। ইয়াতে মন কৰিব লগা এই যে অাহোমে শপঠ খোৱা অাৰু অন্যান্যই শপঠ খোৱাৰ মাজত বহুতো পাৰ্থক্য অাছে। অাহোমে শপঠ খালে শপতবোৰ অাখৰে অাখৰে পালন কৰে।………"
অাহোমৰ বুৰঞ্জীত তেনে কিছুমান শপতৰ কথা ইয়াত উদ্ধৃত কৰা হ'ল। অাহোমৰ অাৰু অন্যৰ শপঠৰ মাজত থকা পাৰ্থক্যবোৰ এই উদ্ধৃতি সমূহতে দেখা পোৱা যাব।
১) ১৪০১ খৃস্তাব্দত তাঈ-ছ্যু-লাই কোঁৱৰদেৱে ককাই ৰজা মৗং- ক্কঙৰ ছ্যু-ৰুম্-ফাদেৱে জনালেগৈ যে মৗং-দুন্-ছুন্-খামত চাও-লুং ছ্যু-কা-ফাৰ বংশৰ ৰজাই শাসন কৰা নাই। কথা শুনি ৰজাই তেখেতৰ থাও- মৗং-লুঙৰ নেতৃত্বত মৗং-দুন্-খাম্ অাক্ৰমণ কৰিবলৈ পঠালে অাৰু সিজনৰ নেতৃত্বত সৈন্যদল এটা তি-পাম্ অঞ্চল পালেহি। সেই খবৰ পাই অাহোম চাও-ফা ছ্যু-দাং-ফাদেৱে নিজৰ থাও- মৗং-লুং তা-তান্-বিং দেৱক এটা সৈন্য দল দি দয়্-কাও-ৰঙত অাক্ৰমণ প্ৰতিহিত কৰিবলৈ পঠালে। তাৰে তি-অ-লাম্ (পাছলৈ অসমীয়াত এই ঠাই ডোখৰক কুঁহিয়াৰবাৰী নাম দিয়া হ'ল) নামৰ ঠাইত দুয়োজন থাও- মৗং-লুঙে অালোচনা কৰিলে। সপিক্ষ নিশ্চিত হ'ল যে মৗং-দুন্-খামত চাও-লুং ছ্যু-কা-ফা দেৱৰ পৰিনাতি চাও-ফা ছ্যু-দাং-ফাদেৱে ৰাজত্ব কৰি অাছে অাৰু তাও-ছ্যু-লাইয়ে মিছা কথা কৈছিলগৈ। তাতে অৰ্থাৎ নং-জাং হ্ৰদৰ কাষত মাৰ্ঘেৰিটাৰ পৰা ৪৭ কিলোমিটাৰ মান দূৰত দুয়োপক্ষই ৰিক্-তাং পালন কৰি ক্ৰমে কাই-ছেং পাৎ-ছি কৰি কিন্-লাও কৰিলে অাৰু সেই ঠায়েই দুয়োখন দেশৰ সীমা নিৰ্ধাৰিত হ'ল। সেয়েহে সেই ঠাইৰ নাম "পাৎ-কাই-ছেং-কান্" ("পাৎ"--- অাহোম নিয়মত কুকুৰাৰ ডিঙিৰ বাওঁ ফালে ৰেপ দি কটা, "কাই"= কুকুৰা, "ছেং"= পৱিত্ৰ, "কান"= ঠাই) অাৰু পাছলৈ চমূতে "পাৎ-কাই" বোলা হ'ল (Gait:1926)।
২)'ত্যাও খাম্ থি ৰজাৰ মৰাবৰ সময়ত চুডাংফা কোঁৱৰ বকতাত অাছিল। তেওঁকে ৰজা ল'বলৈ সবেও মন কৰি অানিবলৈ গ'ল। পাছে সিবোৰক দেখি চুডাংফা ডৰিল, বোলে, তহঁত কেলৈ অাহিলি ? ইবোৰে বোলে অামি ককায়েকৰ উপদ্ৰবত থাকিব নোৱাৰি খুন কৰিলো। এতিয়া তোমাক ৰজা ল'বলৈ অাহিছো। চুডাংফাই বোলে, মোকো তহঁতে তেনে কৰিবি , মই ৰজা হ'ব নোৱাৰো। মোক ৰাজ্যকো নালাগে, হাল কোৰ বায়ে খাম। ইবোৰে বোলে, অামিও শপঠ কৰো, তুমিও শপঠ কৰা, অামিও তেনে নকৰো, তুমিও ককায়েকৰ ঠেনা নকৰিবা। চুডাংফাই তাতে ভাল বুলিলে। যাঁঠিৰে পুখুৰি খানি, কুকুৰা কাটি, তাতে হাত জোবোৰিয়াই, উভয়ে শপত কৰিলে' (হিতেশ্বৰঃ ১৯৮১)
'যাঁঠিৰে পুখুৰী খানি গৰু গাহৰি কাটি তাতে হাত জোবোৰাই শপঠ কৰিলে' (সাতসৰীঃ ১৯৭৪)।
অাগলৈ………
(তথ্য সংগ্ৰহ চাও নগেন হাজৰিকা পৰা)