C&AC News 24x7 NE

C&AC News 24x7 NE www.cnacnewsne.in
নিৰ্ভীক, নিৰপেক্ষ আৰু ইতিবাসক চিন্তাৰে .......
Reg --UDYAM-AS-08-0018749

নিৰ্ভীক, নিৰপেক্ষ আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ হকে আমি ঐক্যবদ্ধ
www.cnacnewsne.in

13/09/2025

ৰঙাপৰাত অষ্টম মানৰ ছাত্ৰীক অন্তঃসত্ত্বা কৰি ৰঙাঘৰৰ আলহী যুৱক* ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

13/09/2025

#অনলাইন #আই

13/09/2025

#অনলাইন

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত 'আমাৰ আলহী অনুষ্ঠানত বিশিষ্ট চাহ বিশেষজ্ঞ উদ্ধৱ চন্দ্ৰ শৰ্মা ডিব্ৰুগড়, ১৩ ছেপ্তেম্বৰ: চা...
13/09/2025

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত 'আমাৰ আলহী অনুষ্ঠানত বিশিষ্ট চাহ বিশেষজ্ঞ উদ্ধৱ চন্দ্ৰ শৰ্মা

ডিব্ৰুগড়, ১৩ ছেপ্তেম্বৰ:

চাহ উদ্যোগৰ সকলো অংশীদাৰৰ পৰা এক সামগ্ৰিক আৰু সৰ্বাংগীন দৃষ্টিভংগীৰ জৰুৰী প্ৰয়োজন আছে, যাতে প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈ আহিবলগীয়া শতিকাসমূহৰ বাবে অসমৰ চাহ উদ্যোগ আগবাঢ়িব পাৰে। বিশিষ্ট চাহ খেতিয়ক, বিশেষজ্ঞ উদ্ধৱ চন্দ্ৰ শৰ্মাই 'সংকট আৰু প্ৰত্যাৱৰ্তন - ভাৰতৰ চাহ উদ্যোগৰ ভৱিষ্যৎ' -শীৰ্ষক বক্তৃতা প্ৰদান কৰি এই মন্তব্য প্ৰদান কৰে। ডিব্ৰুগড় প্ৰেছ ক্লাবে তেওঁলোকৰ 'আমাৰ আলহী' শৃংখলাৰ অধীনত ডিব্ৰুগড়ৰ ডি আৰ ডি এ কমপ্লেক্সৰ জাগৃতি প্ৰেক্ষাগৃহত আজি এই অনুষ্ঠানৰ আয়োজন কৰিছিল। শীৰ্ষস্থানীয় চাহ উৎপাদনকাৰী কোম্পানী ৱাৰেন টি লিমিটেডৰ কাৰ্য্যবাহী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শৰ্মাই কয় যে চাহ উদ্যোগ, বিশেষকৈ অসমৰ দুশ বছৰীয়া পুৰণি চাহ উদ্যোগ আজি বাগিচাৰ পৰা নিলামলৈ আৰু উৎপাদনৰ পৰা বিপণনলৈকে বিবিধ ক্ষেত্ৰৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তথাপি এনে নহয় যে উদ্যোগটোৱে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰে, ইয়াৰ বাবে সকলো অংশীদাৰ আৰু টি ব'ৰ্ড তথা কেন্দ্ৰীয় আৰু চাহ উৎপাদনকাৰী ৰাজ্য চৰকাৰৰ পৰা এক শক্তিশালী সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন বুলি তেখেতে উল্লেখ কৰে। ভাৰতত চাহৰ ব্যৱহাৰ কম। চাহৰ কম শতাংশ ব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰি শৰ্মাই কয় যে দেশৰ জনসাধাৰণৰ মাজত, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত চাহৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ জৰুৰী প্ৰয়োজন আছে। শৰ্মাই প্ৰজেক্টৰৰ জৰিয়তে বৰ্তমান অসমৰ চাহ উদ্যোগৰ সংকট আৰু প্ৰত্যাৱৰ্তনৰ ওপৰত বিস্তৃতভাৱে ভাষণত বৰ্ণনা কৰে। অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘটোৱাৰে কয় যে চাহ উদ্যোগক জীয়াই তুলিবলৈ চৰকাৰৰ কৰণীয় বহুত আছে। সময় থাকোঁতেই চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব পাৰে। বৰ্তমান অসমৰ কেঁচা চাহপাতৰ সমস্যা, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ ভাৰতীয় চাহ বৰ্ডৰ ভূমিকা পুতৌজনক বুলি ঘটোৱাৰে অভিহিত কৰে । উপস্থিত চাহ বিশেষজ্ঞ অমিতাভ ফুকনেও চাহ উদ্যোগৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে।, অসম চাহ কৰ্মচাৰী সংঘ (এচিকেএছ)ৰ সাধাৰণ সম্পাদক ৰিষভ কলিতাই চাহ উদ্যোগৰ উন্নয়নৰ বাবে এক সুকীয়া মন্ত্ৰণালয়ৰ পোষকতা কৰে। অনুষ্ঠানত অসম ৰাজ্যিক ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক ওৰাং, ক্ষুদ্ৰ চাহ খেতিয়ক, আছা, এটিটিএছএৰ প্ৰতিনিধি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাহ প্ৰযুক্তিবিদ্যা বিভাগৰ ছাত্ৰ-ছাত্ৰী, গণমাধ্যমকৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰলোক এই অনুষ্ঠানত উপস্থিত থাকে। বক্তৃতাৰ পিছত এক প্ৰশ্ন উত্তৰ শিতানত শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সভাপতিত্ব কৰে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি , জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি দত্তই আৰু আঁত ধৰে সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে।

মুখ্যমন্ত্ৰীৰ বন্দুকৰ লাইচেঞ্চ দিয়াৰ বিৰোধিতাৰ প্ৰতিবাদ স্বৰূপে বিশ্বনাথত আমছুৰ কলম বিতৰণ৷চি&এচি নিউজ গুৱাহাটী ১৩ ছেপ্তে...
13/09/2025

মুখ্যমন্ত্ৰীৰ বন্দুকৰ লাইচেঞ্চ দিয়াৰ বিৰোধিতাৰ প্ৰতিবাদ স্বৰূপে বিশ্বনাথত আমছুৰ কলম বিতৰণ৷

চি&এচি নিউজ গুৱাহাটী ১৩ ছেপ্তেম্বৰঃ আজি বিশ্বনাথৰ কুমলীয়া এম ই বিদ্যালয়ত আজি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইচেঞ্চ দিয়াৰ বিৰোধিতাৰ প্ৰতিবাদ স্বৰূপে ছাত্ৰছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাৱৰ বাবে সজাগতা আনিবৰ বাবে কলম বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু ছাত্ৰছাত্ৰীসকলৰ মাজত কলম বিতৰণ কৰে ৷ এক সমীক্ষাৰ অনুসৰি ভাৰতৰ ২৮ খন ৰাজ্যৰ ভিতৰত অসমৰ আজি শিক্ষা স্বাস্থ্য অৰ্থনৈতিক উন্নয়নৰ আদিৰ ক্ষেত্ৰত অসম বহু পিছ পৰি আছে এই সময়ত এনে এখন ৰাজ্যত বন্দুকৰ লাইচেঞ্চ দি অসম উন্নতি কৰিব নোৱৰে শিক্ষাইহে দেশৰ উন্নতি কৰিব পাৰে সেয়ে আজি বিশ্বনাথ জিলা আমছুৱে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু সহঃসম্পাদকৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইচেঞ্চ দিয়াৰ হঠকাৰী সিদ্ধান্ত প্ৰতিবাদত আমছুৱে সমগ্ৰ অসমৰ লগতে বিশ্বনাথতো কলম বিতৰণ কাৰ্যসূচীৰ হাতত লোৱা বুলি জানিবলৈ দিয়ে৷ আৰু কয় যে আমছুৱে বন্দুকৰ ঝনঝননি বিচৰা নাই দেশৰ সৰ্বাংগীণ উন্নতিৰ বাবে শিক্ষাইহে আগবঢ়াই নিব সেয়ে অসমৰ সমাজৰ উন্নতি বিচাৰি ছাত্ৰছাত্ৰীৰ মাজত কলম বিতৰণ কৰে৷ উক্ত কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুদ্দুচ্চ আলি চৰকাৰ , সহকাৰী সাধাৰণ সম্পাদক ফকিৰ আলি মজুমদাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি হুছেইন ছিকদ্দাৰ আদি কৰি জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া সদস্য উপস্থিত থাকে৷

সকলোকে নিমন্ত্ৰণ জনোৱা হল
13/09/2025

সকলোকে নিমন্ত্ৰণ জনোৱা হল

ছাহাৰা ইণ্ডিয়াত ধন জমা থোৱা গ্ৰাহকক ধন দিবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ, ধনৰাশি মুকলি কৰিবলৈ বান্ধি দিলে এসপ্তাহৰ সময়সীম...
13/09/2025

ছাহাৰা ইণ্ডিয়াত ধন জমা থোৱা গ্ৰাহকক ধন দিবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ, ধনৰাশি মুকলি কৰিবলৈ বান্ধি দিলে এসপ্তাহৰ সময়সীমা...

কুলামুৱা বিষ্ণুমহৎ নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আজি আয়োজিত ৰাজহুৱা সভাৰ কিছু দৃশ্যাংশ ...
13/09/2025

কুলামুৱা বিষ্ণুমহৎ নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আজি আয়োজিত ৰাজহুৱা সভাৰ কিছু দৃশ্যাংশ ।

13/09/2025




Address

1 No Baruwati . P. O. Betanipam
Guwahati
787059

Alerts

Be the first to know and let us send you an email when C&AC News 24x7 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to C&AC News 24x7 NE:

Share