
05/09/2025
জ্ঞানৰ মুকুতা বিলাই শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াই নহয়, এখন সুস্থ সমাজ গঢ় দিয়াত তেওঁলোকে অনন্য অৱদান আগবঢ়ায়। আজি 'শিক্ষক দিৱস'ৰ পৱিত্ৰ দিনটোত শিক্ষকসকলৰ ত্যাগ আৰু সেৱাৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ।
প্ৰখ্যাত শিক্ষাবিদ, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ আজি জন্মবাৰ্ষিকীত তেখেতক প্ৰণাম জনাই সমূহ শিক্ষক-শিক্ষয়িত্ৰীলৈ অসম গণ পৰিষদ পৰিয়ালে 'শিক্ষক দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।