Purbayon Publication

Purbayon Publication Purbayon Publication is a dynamic publishing house based in India. Purbayon is a pioneer publication house of Northeast India.

Our mission is to provide a professional and trusted platform for both emerging and established authors.We believe literature is more than words- it embodies knowledge, and legacy. Its major emphasis is on books on higher education but keeping in mind the interest of large section of reader, Purbayon also publishes some fiction and non-fiction works. Along with English and Assamese books, it publi

shes a number of books in different languages. This publishing house excels in promoting and marketing regional language books both online as well as offline. At the same time Purbayon deals in self publishing books and acts as a major platform for both amateur and professional writers.

24/03/2026
এখন প্ৰাচীন চহৰ। বুকুৱেদি বৈ গৈছে ভাগীৰথী গংগা। শিৱৰ জঁটাৰে সৰগৰ পৰা মৰ্ত্যলৈ নামি অহা সেই জাহ্নৱী গংগা; যাৰ পাৰতে যুগ-য...
08/03/2026

এখন প্ৰাচীন চহৰ। বুকুৱেদি বৈ গৈছে ভাগীৰথী গংগা। শিৱৰ জঁটাৰে সৰগৰ পৰা মৰ্ত্যলৈ নামি অহা সেই জাহ্নৱী গংগা; যাৰ পাৰতে যুগ-যুগান্তৰৰ ইতিহাস,উদ্ভাসি উজলি আছে পৃথিবীৰ এক পুৰাতন চহৰ।

নাম 'কাশী' ---- The City of Light.
'পোহৰৰ নগৰী' এই কাশীয়েই 'বৰুণা' আৰু 'অসি' নদীৰ নামেৰে আজিৰ 'বাৰাণসী'।

স্বয়ং মহাদেৱৰ বাস হেনো এই চহৰ ! বিশ্বাস কৰা হয়, শিৱৰ ত্ৰিশূলৰ ওপৰত শিৰোন্নত কৰি থিয় দি থকা এই চহৰ চিৰ অক্ষত, চিৰ জীৱন্ত।

প্ৰেম আৰু প্ৰাৰ্থনাৰ চহৰ --- কাশী।

জীৱনৰ শেষ ঠিকনা আৰু মোক্ষ প্ৰাপ্তিৰ দুৱাৰ --- কাশী।

ঘাটে ঘাটে অলেখ মঠ-মন্দিৰ সাৱটি, বাটে-পথে অযুত কাহিনী- -আখ্যান-কিংবদন্তি সামৰি গংগাৰ পাৰত সম্ভ্ৰমেৰে জিলিকি থকা সদা উজ্জীৱিত চহৰখনৰ আমন্ত্রণ যেন বহু যুগৰ!

অৱশেষত সেই আমন্ত্রণ ৰক্ষাৰ আকাংক্ষিত দিনটি আহিল। সৌভাগ্য নে সংযোগ নাজানো;শিৱৰাত্ৰিৰ দিনাই কাহিলী পুৱাতেই ওলালোঁ সেই শিৱৰ নগৰী কাশীলৈ, পৃথিৱীৰ এখন প্ৰাচীনতম জীৱন্ত চহৰলৈ...

কিমান পুৰণি বাৰু এই চহৰ!
প্ৰখ্যাত আমেৰিকান লেখক মাৰ্ক টোৱেইনে কৈছে --

"Benaras is older than history, older than tradition, older even than legend and looks twice as old as all of them put together "

তথ্য-প্ৰযুক্তিৰ যুগত শেহতীয়াকৈ বিশ্ব সাহিত্যই যি মাধ্যমৰ বাটেৰে আগবাঢ়িছে সেই একেই বাটেৰে অসমীয়া সাহিত্যয়ো বাট বোলাতো সম...
07/03/2026

তথ্য-প্ৰযুক্তিৰ যুগত শেহতীয়াকৈ বিশ্ব সাহিত্যই যি মাধ্যমৰ বাটেৰে আগবাঢ়িছে সেই একেই বাটেৰে অসমীয়া সাহিত্যয়ো বাট বোলাতো সময়ৰ আহ৩ান৷ সম্প্ৰতি বিশ্বৰ পশ্চিমীয়া দেশসমূহত এনে সাহিত্য একক বিদ্যায়তনিক বিষয় বা বিভাগৰূপে সমাদৃত আৰু স্বীকৃত৷ তাৰ বিপৰীতে তেনে সমাদৰ আৰু স্বীকৃতি আমাৰ দেশৰ শৈক্ষিক-সাহিত্যিক মহলৰপৰা পাবলৈ এতিয়াও বহুদূৰ বাকী৷ নব্য মাধ্যমৰ সাহিত্য সম্পৰ্কে বিশ্বৰ অন্যান্য ভাষাত ইতিমধ্যে বহু গ্ৰন্থ প্ৰকাশ হৈছে যদিও অসমত কেৱল ড॰ পৰিণীতা বৰাইহে ‘‘নব্য মাধ্যমত সাহিত্য : তত্ত্ব আৰু বিচাৰ’’ নামৰ গ্ৰন্থখনৰে সেই অভাৱ পূৰণ কৰিছিল৷ পৰৱৰ্তী সময়তো তেনে এক চিন্তাৰেই সাহিত্য, সমাজ, সংস্কৃতি, ভাষা আদি ক্ষেত্ৰলৈ নব্য মাধ্যমে আনি দিয়া ন-ন চিন্তা, সম্ভাৱনীয়তা, সম্পৰ্ক তথা প্ৰভাৱক সামৰি “সাহিত্যত নব্য বীক্ষণ” নামেৰে তেওঁ দ্বিতীয়খন গ্ৰন্থ প্ৰকাশৰ পথত আগবাঢ়িছে৷ এই গ্ৰন্থখনে বিশেষকৈ নব্য মাধ্যমত সাহিত্য সম্পৰ্কীয় চিন্তা, সংজ্ঞা, অধ্যয়ন, বহুকেইখন বৈদ্যুতিন সাহিত্য গ্ৰন্থৰ পৰিচয়, অসমীয়া ই-গ্ৰন্থৰ ধাৰণা, ইতিহাস, ভৱিষ্যত আৰু বৈদ্যুতিন অভিধানকে আদি কৰি সাহিত্যৰ লিখন কৰ্মত অত্যাধুনিক এ. আই. সঁজুলিৰ ব্যৱহাৰ, অসমীয়া আৰু বাংলা ভাষাৰ প্ৰথমখন বৈদ্যুতিন আলোচনীৰ বিষয়ে তুলনামূলক আলোচনাকো সামৰি লৈছে৷ নব্য মাধ্যমৰ ব্যৱহাৰ এতিয়া আৰু সাহিত্যৰ ক্ষেত্ৰখনৰপৰা যে নিলগত নহয় এই কথা নবীনৰ দৰে প্ৰবীনেও বুজি উঠি স্বীকাৰ কৰিবৰ হ’ল বুলি মই বিশ্বাস কৰোঁ৷ ড॰ বৰাৰ এই গ্ৰন্থখনে নি(য় সেইটো বাৰ্তা দিবলৈ সক্ষম হ’ব বুলি মোৰ বিশ্বাস৷
--- ময়ূৰ বৰা

গল্পকাৰ হিচাপে এক সুপৰিচিতি লাভ কৰিলেও অন্যান্য গদ্য ৰচনাতো অপু ভৰদ্বাজৰ নিজস্ব গদ্য ৰীতিৰ আভাস পোৱা যায়৷ অসমীয়া ভাষাটোৰ...
06/03/2026

গল্পকাৰ হিচাপে এক সুপৰিচিতি লাভ কৰিলেও অন্যান্য গদ্য ৰচনাতো অপু ভৰদ্বাজৰ নিজস্ব গদ্য ৰীতিৰ আভাস পোৱা যায়৷ অসমীয়া ভাষাটোৰ এটা সৰস, সমৃদ্ধ ৰূপ তেওঁৰ গদ্যত উপলব্ধ৷ তদুপৰি কাহিনী কথক হিচাপে তেওঁৰ আকষৰ্ণীয় বাক-ৰীতিৰ চমৎকাৰিত্বয়ো পঢ়ুৱৈক সততে মোহাৱিষ্ট কৰে৷ এই কথাৰ প্ৰতিফলন ঘটিছে ‘আপঁইতা গল্পৰ টোম’ত৷ ইয়াত থকা ৰচনাসমূহৰ শাহটো আত্মজৈৱনিক যদিও আনুষংগিক বিভিন্ন প্ৰসংগ- অনুসংগই দিছে এক ৰসময় আয়তন৷

Address

Jaswanta Road, Pan Bazaar
Guwahati
781001

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

9864422157

Alerts

Be the first to know and let us send you an email when Purbayon Publication posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Purbayon Publication:

Share

Category