07/08/2026
✒️Assam Flood Update News:মালৌপথাৰত ১০ সহস্রাধিক ম'হৰ বিলৈ, গভীৰ সংকটত সহস্রাধিক গোৱাল
বানবিধ্বস্ত জিলাত সীমাহীন বিলাই বিপত্তি পশুধনৰ
চৰম নির্দয় আচৰণ,নাই খাদ্য যোগান-পশু চিকিৎসা শিবিৰ
শিৱসাগৰতো হেজাৰ হেজাৰ গো পালকৰ হাহাকাৰ
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বানবিধ্বস্ত তিনি জিলাত খাদ্যৰ অভাৱত হাহাকাৰ লাগিছে পশুধনৰ। চৰকাৰী উদাসীনতাৰ ফলত হেজাৰ হেজাৰ গৰু-ম'হ আদিয়ে অনাহাৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে। একেদৰে বিয়াগোম পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগ থকা সত্ত্বেও চৰকাৰে বানবিধ্বস্ত অঞ্চলসমূহত পর্যাপ্ত পশু চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।
খাঁটি ম'হৰ গাখীৰ আৰু আঠা দৈৰ বাবে বিখ্যাত যোৰহাটৰ ঐতিহাসিক মালৌপথাৰত সম্প্রতি চৰম খাদ্য সংকটৰ সম্মুখীন হৈছে হেজাৰ হেজাৰ পোহনীয়া ম'হ। শেহতীয়া বানত অঞ্চলটো বিধ্বস্ত হোৱাত
পথাৰৰ নল-ঘাঁহ খাই ডাঙৰ হোৱা সহস্রাধিক ম'হে এমুঠি ঘাঁহৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। ম'হবোৰৰ এনে অৱস্থা দেখি শিয়ৰি উঠিছে গোৱালসকল। উল্লেখ্য যে অঞ্চলটোৰ পাঁচ শতাধিক লোকে ম'হৰ গাখীৰৰ ব্যৱসায় কৰি আহিছে। গতিকে এইসকলে জীৱন-জীৱিকাৰ অনিশ্চয়তাত পৰা বুলি বিবেচনা কৰিছে।
গোৱালসকলে অভিযোগ কৰা অনুসৰি এই জটিল সংকটৰ সময়তো স্থানীয় বিধায়ক, চৰকাৰী অথবা পশুপালন বিভাগৰ কোনো বিষয়াই এতিয়ালৈকে অঞ্চলটোৰ ৰাইজৰ বুজ লোৱা নাই। গতিকে পশুখাদ্য বা ঘাঁহ যোগান ধৰাটো দূৰৈৰে কথা প্রয়োজনীয় পশু চিকিৎসা শিবিৰো অনুষ্ঠিত কৰা হোৱা নাই। ফলত শতাধিক পশুধন এতিয়া খাদ্যৰ সংকটত ভূগিছে আৰু নানান অসুখত ভূগিছে। দুর্ভাগ্যজনক যে ইতিমধ্যে বহু পোৱালি মৃত্যুমুখতো পঢ়িছে
উল্লেখ্য যে প্রায় এশ বর্গ কিলোমিটাৰ পৰিধিৰ ঐতিহাসিক মালৌপথাৰে আহোম যুগৰ পৰাই বিশেষ গুৰুত্ব বহন কৰি আহিছে। বৰভেটি, টিংটিঙীয়া ভেটিৰ দৰে ঐতিহাসিক আৰু পবিত্র স্থানৰ লগতে বিস্তৃত বিল, প্রাকৃতিক জলাশয় আৰু উৰ্বৰ চৰণীয়া ভূমিৰ বাবে মালৌপথাৰ সুপৰিচিত। এই পথাৰক কেন্দ্ৰ কৰি যুগ যুগ ধৰি গঢ় লৈ উঠিছে এক বিশেষ গোৱালীয়া সংস্কৃতি। সম্প্রতি পশুধনে সম্মুখীন হোৱা এনে সংকট সম্পর্কত স্থানীয় সমাজ কর্মী ত্রিশূল শইকীয়াই কয় যে বৃহত্তৰ মালৌপথাৰৰ ৰান্ধনিজান, শ'লমাৰা, গোৱালগাঁও, মজিয়াভেটি, ৰঙাজান, শিঙৰীয়া, বালি খুঁটি, ৰঙাগৰা, সাপেখাটী, বৌমাৰী আদি অঞ্চলত পাঁচ শতাধিক গোৱালৰ ১০ হেজাৰৰো অধিক ম'হ আছে।
এই বৃহৎ সংখ্যক ম'হে মূলতঃ মালৌপথাৰৰ বিস্তৃত দ পথাৰত চৰে আৰু এবুকু এডিঙিলৈকে বোকাত চৰি ঘাঁহ খাই খাই জীৱন ধাৰণ কৰে বিশুদ্ধ পৰিৱেশত লালিত পালিত এই ম'হৰ খাঁটি গাখীৰৰ পৰা উৎপাদিত মালৌপথাৰৰ এঠা দৈৰ যোৰহাটত এক বিশেষ পৰিচয় আছে। তদুপৰি দেৰগাঁও-গোলাঘাট আদি অঞ্চললৈও প্রতিদিনে এই গাখীৰ সৰবৰাহ হয়। অসমীয়া সমাজৰ সকাম, পূজা আদিৰ উপৰি হোটেলৰ প্রয়োজনীয় চাহিদাও এই গাখীৰে পূৰণ কৰি আহিছে। দুর্ভাগ্যজনকভাৱে শেহতীয়া বানৰ পাছত অঞ্চলটোৰ বহু অঞ্চল জটিল ৰোগত আক্ৰান্ত হৈছে। ইতিমধ্যে কে'বাটাও ম'হৰ পোৱালিৰ মৃত্যু হৈছে।
এই সম্পর্কত শ'লমৰাৰ ম'হ গোৱাল দেবানন্দ কোঁৱৰে 'দৈনিক অগ্রদূত'ক কয়, 'এই সংকটৰ সময়তো আমাৰ গোৱালসকলৰ ওচৰলৈ চৰকাৰ, জিলা প্রশাসন বা পশুপালন বিভাগৰ লোক অহা নাই। মই আৰু মোৰ সতীর্থ তিনি-চাৰিৰ্জন গোৱালে চৰণীয়া স্থানৰ অভাৱত ৫০ৰো অধিক ম'হ ভোগদৈ নৈৰ সিপাৰে এৰাল দিবলগীয়া হৈছে। ঘাঁহৰ অভাৱত মেটেকাকে খাই ম'হবোৰ জীয়াই আছে। চৰকাৰে এই পর্যন্ত ম'হবোৰৰ বাবে খাদ্য যোগান ধৰা নাই।' তেওঁ লগতে আক্ষেপৰে কয় যে চৰকাৰে গৰুলৈ খাদ্য যোগান ধৰে যদিও ম'হলৈ খাদ্য যোগান নধৰে। এই পক্ষপাতিত্বক তেওঁ সমালোচনা কৰে।
# শিৱসাগৰতো গো পালকৰ মাজত হাহাকাৰ
শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও আজি ১৯ দিনৰ পাছতো শিৱসাগৰ জিলাৰ হাঁহচৰা, বেতবাৰী আৰু কোঁৱৰপুৰ মৌজাৰ বৃহৎ অঞ্চলৰ পানী আবদ্ধ হৈ আছে। ইপিনে, জিলাখনত আবদ্ধ পানীসমূহ ওলাই যোৱাৰ পথসমূহ বহু স্থানত বন্ধ হৈ পৰাৰ বাবে পথাৰ, গৃহ আৰু পথসমূহ পানীতে ডুব গৈ আছে। বহু স্থানত মানুহ আৰু পশুধন একেলগেই সহবাস কৰাৰো পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত বিশেষকৈ গো পালকসকল ব্যাপক অসুবিধাৰ সম্মুখীন হৈছে। কাৰণ তেওঁলোকৰ নাই পর্যাপ্ত পশুধনৰ খাদ্য।
জিলাখনৰ হেজাৰ হেজাৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰা এই সংহাৰী বানে ইতিমধ্যে ১৯ দিন অতিক্রম কৰিছে ঠায়ে ঠায়ে বানৰ পানী শুকালেও বর্তমানেও হেজাৰ হেজাৰ পৰিয়াল জলবন্দী হৈয়েই আছে। জিলাখনৰ বিশেষকৈ শ'লগুৰি, মেটেকা বনগাঁও, জকাইচুক, কোঁৱৰপুৰ মৌজাকে আদি কৰি বহুকেইখন মৌজাৰ হেজাৰ হেজাৰ পৰিয়ালৰ ঘৰ-বাৰী আদি আজি পর্যন্ত বাঢ়নী পানীত তল গৈ আছে। বহু পৰিয়াল আজিও আশ্রয় শিবিৰতে থাকিবলগীয়া হৈছে। আনহাতে মৌজা কেইখনৰ কিছু কিছু অঞ্চলত পানী শুকাইছিল যদিও দুদিনৰ পূর্বে হোৱা প্ৰচুৰ বৃষ্টিপাতৰ ফলত পানী বাঢ়িবলৈ লোৱাত পৰিয়ালসমূহ ভীতিগ্রস্ত হৈ পৰিছে।
আনহাতে, মৌজাকেইখনৰ মাজেৰে পাৰ হৈ দিখৌ, দৰিকা, মিটং, জাঁজী আদি নদীসমূহৰ পানীও কিছু কিছু ঠাইত বিপদ সীমাৰ ওচৰেদি বৈ আছে। যাৰ ফলত বানাক্ৰান্ত ৰাইজে এই বাঢ়নী পানী কেতিয়া শুকাব তাক লৈ অনিশ্চয়তাত থাকিব লগা হৈছে। ইফালে, এই সংহাৰী বানে মানুহৰ সমান্তৰালকৈ পোহনীয়া জীৱ-জন্তুৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। পোহনীয়া জীৱ-জন্তু পালনৰে স্বাৱলম্বী হ'ব খোজা শশ পৰিয়ালৰ বহু জীৱ-জন্তু বাঢ়নী পানীয়ে উটুৱাই নিয়ে। জিলা প্ৰশাসনৰ শেহতীয়া তথ্য অনুসৰি, এই প্রলয়ংকৰী বানত জিলাখনৰ প্ৰায় ডেৰ লাখতকৈ অধিক পোহনীয়া গৰু-ছাগলী ক্ষতিগ্রস্ত হৈছে। ইফালে, সংহাৰী বানত যিসকল গো-পালকে কোনমতে নিজৰ পোহনীয়া গৰু, ম'হ, ছাগলী আদি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল সম্প্রতি সেই পশুধনবোৰেও মৃত্যুৰ ক্ষণ গণিব ধৰিছে।
পশুধনৰ মাজত ব্যাপক খাদ্য সংকটে দেখা দিয়াৰ লগতে চিকিৎসাৰ অভাৱত বহু পৰিয়ালৰ পশুধনলৈ অশনি সংকেত কঢ়িয়াই আনিছে। জিলাখনৰ এইসকল গো-পালকক সুৰক্ষা দিয়াত চূড়ান্তভাবে ব্যর্থ হোৱাৰ অভিযোগ প্রান্তে প্রান্তে উত্থাপিত হৈছে। প্রলয়ংকৰী বানত সকলো তল যোৱাত ঘাঁহ-বনৰ অভাৱত পোহনীয়া গৰু, ছাগলী ৰাস্তা ৰাস্তাই ঘূৰি ফুৰিব লগা পৰিস্থিতিৰ পাছতো গো-পালকসকলক পর্যাপ্ত পশুখাদ্য যোগান ধৰাত ব্যৰ্থ হৈছে। জিলা পশুপালন বিভাগে এটা পশুধনৰ বিপৰীতে মাত্র এক কিলোগ্রাম, আধা কিলোগ্রাম পণ্ড খাদ্য যোগান ধৰিয়ে দায়িত্ব সামৰিছে। বানৰ বিভীষিকাৰ এই ১৯ দিনৰ জটিল পৰিস্থিতিৰ মাজত বিভাগটোরে ঠায়ে ঠায়ে দুই-তিনিবাৰকৈ পশুখাদ্য যোগান ধৰাৰ বিপ্ৰীতে কোনো ঠাইত এবাৰ যোগান ধৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উঠিছে।
ইফালে, একাংশ পশু চিকিৎসকে নিজৰ দায়িত্ব নিষ্ঠাৰে পালনৰ বিপৰীতে আন একাংশই মূৰ পোলোকা দিয়াৰ অভিযোগো উঠিছে। শিৱসাগৰ নগৰৰ পৰা কিছু নিলগৰ ৰুদ্রসাগৰ গাঁও পঞ্চায়তৰ কে'বাটাও ৱাৰ্ডৰ দায়িত্বত থকা বিভাগটোৰ একাংশ বিষয়া-কর্মচাৰীয়ে আজি পর্যন্ত বানৰ এই জটিল পৰিস্থিতিৰ মাজত গো-পালকসকলৰ কাষ চাপি পৰিস্থিতিৰ বুজ ল'বলৈ আহৰি নাই বুলি অভিযোগ উত্থাপন হৈছে I
আনহাতে, গো-পলকসকলে এইসকল বিষয়া-কর্মচাৰী আৰু চিকিৎসকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিও বিফল হ'ব লগা হৈছে বুলিও একাংশ গো-পালকে অভিযোগ উত্থাপন কৰিছে পশুপালন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এনে কর্মকাণ্ডই ক্ষোভিত কৰি তুলিছে গো-পালকসকলক। সংহাৰী এই বানত পশুধনৰ জীৱনলৈ নামি অহা এনে জটিল পৰিস্থিতিৰ সময়ছোৱাত জিলা পশুপালন বিভাগৰ সক্রিয়তা আৰু পূর্ণ সহযোগিতাৰ কামনা কৰিছে ভুক্তভোগী পশু পালকসকলে।