G - News 24×7

G - News 24×7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from G - News 24×7, Media/News Company, Guwahati.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ  নিয়োগ মেলাত ৬৫ টা নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিপৰীতে ৬০০   প্ৰাৰ্থীৰ অংশগ্ৰহণ জালুকবাৰী ,২৫ আগষ্ট...
25/08/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়োগ মেলাত
৬৫ টা নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিপৰীতে ৬০০ প্ৰাৰ্থীৰ অংশগ্ৰহণ

জালুকবাৰী ,২৫ আগষ্ট : শৈক্ষিক প্ৰতিভা আৰু উদ্যোগ খণ্ডৰ কৰ্মসংস্থাপনৰ সুযোগক একেখন মঞ্চত সংযুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জব ফেয়াৰ কমিটিৰ উদ্যোগত আজি দিনজোৰাকৈ এখন নিয়োগ মেলা অনুষ্ঠিত হয়। নিয়োগ মেলাত ৬৫টা প্ৰতিষ্ঠানে ভাগ লয়। যত বিভিন্ন প্ৰান্তৰ পৰা অহা ছয় শতাধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰে । নিয়োগ মেলাৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ ভাষণ প্ৰসংগত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত পদক্ষেপক প্ৰশংসা কৰি উল্লেখ কৰি কয় যে এটা সময় আছিল, যেতিয়া শিক্ষাৰ্থীসকলৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰ হিচাপে কেৱল চৰকাৰী খণ্ডকেই প্ৰধান বুলি ধৰা হৈছিল। সেই দিন এতিয়া অতীত। বৰ্তমান অসমত প্ৰায় ২২ লাখ নিবনুৱা যুৱক-যুৱতী আছে। সেয়েহে আমাৰ অধিকসংখ্যক যুৱক-যুৱতীয়ে ব্যক্তিগত খণ্ডৰ ফালে আগবাঢ়ি যোৱাটো সময়ৰ আহ্বান।
নিয়োগ মেলাত বেংকিং আৰু বিত্তীয় সেৱা, তথ্য-প্ৰযুক্তি, টেলিকমিউনিকেশ্যন, ডিজিটেল সেৱা, স্বাস্থ্যসেৱা, শিক্ষা, মাইক্ৰ’ফাইনেন্স তথা অন্যান্য সহযোগী খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ ভিতৰত এইচ ডি এফ চি বেংক, টেক মহেন্দ্ৰ, ৰিলায়েন্স জিঅ, এক্সিজ বেংক, উজ্জীৱন স্মল ফাইনেন্স বেংক , আৰোহণ ফাইনেঞ্চিয়েল চাৰ্ভিছ, আদিত্য বিৰলা ছান লাইফ ইন্সুৰেঞ্চ আদি উল্লেখযোগ্য। নিয়োগ মেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে এইচ ডি এফ চি বেংকৰ উপ সভাপতি হেমন্ত বায়ন , সন্মানীয় অতিথি হিচাপে নেডফিৰ মহা প্ৰবন্ধক অলি বৰা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, জব ফেয়াৰ সমিতিৰ অধ্যক্ষ অধ্যাপক প্ৰাঞ্জল বৰুৱা , আহ্বায়ক ডঃ সমীৰ চৰকাৰকে ধৰি উদ্যোগ খণ্ডৰ কেবাজনো প্ৰতিনিধি, বিশ্ববিদ্যালয়ৰ কেবাজনো শিক্ষক আৰু অংশগ্ৰহণকাৰী প্ৰাৰ্থীসকল উপস্থিত থাকে।

 #গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক লাচিত শইকীয়াৰ মৃত্যু  প্ৰাক্তন ছাত্ৰ নেতা, গুৱাহাটী বিশ্ববিদ্...
25/08/2026

#গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক লাচিত শইকীয়াৰ মৃত্যু

প্ৰাক্তন ছাত্ৰ নেতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক , উত্তৰ লখিমপুৰ জিলাৰ ঢলপুৰ শিমলুগুৰি চোমধৰা মধ্য ইংৰাজী বিদ্যালয়ৰ কৃতি শিক্ষক লাচিত শইকীয়াৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২৪ আগষ্টত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ। ১৯৮০ চনৰ ৩১ ডিচেম্বৰত উত্তৰ লখিমপুৰ জিলাৰ ঢলপুৰ মৌজাৰ বড়িগাঁৱত জন্মগ্ৰহণ কৰা লাচিত শইকীয়া সদৌ অসম ছাত্ৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী হোৱাৰ লগতে ছাত্ৰ নেতা হিচাপেও জনপ্ৰিয় আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০০২-০৩ বৰ্ষত সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা লাচিত শইকীয়াই ২০০৫ চনত এম এ পাছ কৰাৰ পাছত শিক্ষকতা বৃত্তিত জড়িত হৈ পৰে। মৃত্যুৰ সময়ত তেওঁ মাতৃ বিজয়া শইকীয়া , পত্নী লক্ষী শইকীয়া , একমাত্ৰ পুত্ৰ যুৱৰাজ শইকীয়া , জ্যেষ্ঠ ভাতৃ ৰাণা শইকীয়াকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়। সমাজ সংগঠক, মানৱতাবাদী , অমায়িক স্বভাৱৰ পৰোপকাৰী ব্যক্তি হিচাপে পৰিচিত লাচিত শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। তেওঁৰ অকাল মৃত্যুত ঢলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, শাখা সাহিত্য সভা, লখিমপুৰ জিলা শিক্ষক সন্থা, বডিগাওঁ নামঘৰ সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানে গভীৰ শোক ব্যক্ত কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায়।

 #শ্ৰীলংকাত  প্ৰথমটো লাইভ ৰব’টিক ছাৰ্জাৰী সম্পন্ন কৰিলে  গুৱাহাটীৰ বিশিষ্ট চিকিৎসক অধ্যাপক সুভাষ খান্নাই  #গুৱাহাটীৰ স্ব...
25/08/2026

#শ্ৰীলংকাত প্ৰথমটো লাইভ ৰব’টিক ছাৰ্জাৰী সম্পন্ন কৰিলে গুৱাহাটীৰ বিশিষ্ট চিকিৎসক অধ্যাপক সুভাষ খান্নাই

#গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউটৰ মিনিমেল এক্সেছ, জি আই আৰু ৰব’টিক ছাৰ্জাৰী বিভাগৰ মূৰব্বী অধ্যাপক সুভাষ খান্নাক শ্ৰীলংকাৰ প্ৰথমটো লাইভ ৰব’টিক ছাৰ্জাৰী কৰ্মশালালৈ ২২ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ফেকাল্টী হিচাপে নিমন্ত্ৰণ জনোৱা হয়। কলম্বোৰ কিংছ হাস্পতালত অনুষ্ঠিত এই কৰ্মশালাত লাইভ অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ দেশখনত এজন আন্তঃৰাষ্ট্ৰীয় শল্য চিকিৎসকে অস্ত্ৰোপচাৰ কৰাৰ যাৱতীয় নীতি-নিয়ম মানি অধ্যাপক খান্নাই শ্ৰীলংকা মেডিকেল কাউন্সিলত আনুষ্ঠানিকভাৱে নিজৰ নাম পঞ্জীয়ন কৰে। ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ‘এছ এছ আই মন্ত্ৰ ছাৰ্জিকেল ৰব’টিক চিষ্টেম’ (SSI Mantra Surgical Robotic System) ব্যৱহাৰ কৰি হাস্পতালখনৰ ৰব’টিক ছাৰ্জাৰী কাৰ্যসূচী শুভাৰম্ভ কৰাৰ অংশ হিচাপে এই ঐতিহাসিক অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। শ্ৰীলংকাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬৫ গৰাকী শল্য চিকিৎসক আৰু প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। অধ্যাপক খান্নাই লাইভ ৰব’টিক ছাৰ্জাৰীৰ সত্ৰ সমূহ পৰিচালনা কৰে আৰু অধ্যাপক বাৱান্থা গামাগেৰ সৈতে যৌথভাৱে ৰব’টিক বাইলেটাৰেল টি এ পি পি গ্ৰয়িন হাৰ্নিয়া ৰিপেয়াৰ সম্পন্ন কৰে। ইয়াৰ উপৰিও তেওঁ শ্ৰীলংকাৰ প্ৰথমটো ৰব’ট-সহায়ক ক’লেচিষ্টেক্টমী সম্পন্ন কৰে । এই লাইভ অস্ত্ৰোপচাৰ কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় ফেকাল্টীত যুক্তৰাজ্যৰ অধ্যাপক চেল্লিয়া চেলভাশেখৰ , অধ্যাপক জিম খান আৰু এন ভেংকটা জয়ন্তীয়েও ভাগ লৈছিল । ইয়াৰ উপৰিও শৈক্ষিক আৰু লাইভ অস্ত্ৰোপচাৰ সত্ৰসমূহত তেওঁলোকৰ সৈতে শ্ৰীলংকাৰ বিশিষ্ট শল্য চিকিৎসকসকলেও অংশগ্ৰহণ কৰে।কৰ্মশালাৰ পাছত কিংছ হাস্পতালত ৰব’টিক ছাৰ্জাৰী কাৰ্যসূচীৰ শুভাৰম্ভ উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰে এছ এছ ইন’ভেশ্বন্ছৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ডাঃ সুধীৰ শ্ৰীবাস্তৱে মূল ভাষণ প্ৰদান কৰে । অনুষ্ঠানত জ্যেষ্ঠ চৰকাৰী বিষয়া, শল্য চিকিৎসক, চিকিৎসালয়ৰ নেতৃত্ব তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ভাৰতত নিৰ্মিত ‘এছ এছ আই মন্ত্ৰ ছাৰ্জিকেল ৰব’টিক চিষ্টেম’ কিংছ হাস্পতালক হস্তান্তৰ কৰা হয় । অনুষ্ঠানত কিংছ হাস্পতাল কলম্বোৰ অধ্যক্ষ ডাঃ পালিথা আবেয়কুন , এমেৰিটাছ অধ্যাপক মোহন ডি চিলভা , শ্ৰীলংকাৰ প্ৰথমটো লেপাৰ’স্কপিক ক’লেচিষ্টেক্টমী সম্পন্ন কৰা অধ্যাপক কে এল ফাৰ্নাণ্ডো , আৰু শ্ৰীলংকাৰ কেবাজনো বিশিষ্ট চিকিৎসক উপস্থিত আছিল। অনুষ্ঠানত ভাগ লৈ ভাষণ প্ৰসংগত অধ্যাপক সুভাষ খান্নাই কয় যে এই ঐতিহাসিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই আৰু শ্ৰীলংকাত ৰব’টিক ছাৰ্জাৰীৰ এক নতুন অধ্যায়ৰ সূচনা হোৱাৰ সাক্ষী হ’বলৈ পাই মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এছ’চিয়েচন অৱ ৰব’টিক এণ্ড ইন’ভেটিভ ছাৰ্জনছ, ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মই আমাৰ শ্ৰীলংকাৰ সতীৰ্থসকলক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছোঁ।

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক  সম্পন্ন জালুকবাৰী ,২৪ আগষ্ট : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ  একত্ৰিংশতম বৰ্ষৰ তৃতী...
24/08/2026

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

জালুকবাৰী ,২৪ আগষ্ট : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ তৃতীয়খন বৈঠক উপদেষ্টা ৰীতা শৰ্মাৰ সভাপতিত্বত ২৩ আগষ্টত বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সদস্যাসকলে আৰম্ভণি সংগীতেৰে শুভাৰম্ভ হোৱা বৈঠকত উদ্দেশ্য ব্যাখ্যা আৰু বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে সম্পাদিকা গীতিকা দাসে। আৰম্ভণিতে অসমৰ চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা আৰু অশোক গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। বৈঠকত স্বৰচিত লেখা পাঠ অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে অঞ্জনা ৰাণী ভট্টাচাৰ্য আৰু অঞ্জু শইকীয়া দত্তই । স্বৰচিত প্ৰবন্ধ পাঠ কৰে সুচিত্ৰা ডেকা, ৰুণুমী নাথ, দীপালী মেধি আৰু ডঃ অপৰ্ণা গোস্বামীয়ে । চুটি গল্প পাঠ কৰে দিপ্তী ৰেখা পাঠক মজুমদাৰে। আধুনিক গীত আৰু লোক গীত পৰিবেশন কৰে যথাক্ৰমে মিনতি গোস্বামী ,মণিকা পাটোৱাৰী, আৰু নিৰ্মালী গোস্বামীয়ে । উপদেষ্টা অন্নপূৰ্ণা দেৱীয়ে ভাষণ প্ৰদান কৰে। সভানেত্ৰীৰ ভাষণত ৰীতা শৰ্মাই বৈঠকত পাঠ হোৱা স্বৰচিত লিখনিসমূহৰ ওপৰত বিস্তৃত পৰ্য্যালোচনা দাঙি ধৰে। অসম সংগীতেৰে সামৰণি পৰা বৈঠকত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই।

নিৰ্দ্ধাৰিত হাৰৰ দৰমহাৰ পৰা বঞ্চিত  কেজুৱেল বন শ্রমিকৰ সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গুৱাহা...
24/08/2026

নিৰ্দ্ধাৰিত হাৰৰ দৰমহাৰ পৰা বঞ্চিত কেজুৱেল বন শ্রমিকৰ সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

গুৱাহাটী ,২৪ আগষ্ট : অসম চৰকাৰৰ বন বিভাগত ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে কেজুৱেল বা মাষ্টাৰ ৰোল শ্ৰমিক হিচাপে নিযুক্ত কিন্তু নিৰ্দ্ধাৰিত হাৰৰ দৰমহা লাভৰ পৰা এতিয়াও বঞ্চিত হৈ থকা শ্ৰমিকসকলৰ দৰমহা লাভকে ধৰি তেওঁলোকে ভোগ কৰি অহা সমস্যাসমুহ শীঘ্ৰেই সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে অসম চৰকাৰৰ বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ২৩ আগষ্টত বছৰ বছৰ ধৰি নিৰ্ধাৰিত হাৰত দৰমহা লাভৰ পৰা বঞ্চিত বন বিভাগৰ কেজুৱেল বন শ্ৰমিকৰ এটা সঁজাতি দলে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দিছপুৰত থকা চৰকাৰী বাসভৱনত কৰা সাক্ষাৎ কালত সঁজাতি দলটোৱে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি এই আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সঁজাতি দলটোক কয় যে মই বিভাগত নতুনকৈ আহিছো। মই বিভাগলৈ অহাৰ কিছুদিন পাছতেই আপোনালোকৰ সমস্যা সন্দৰ্ভত অৱগত হৈছো। মোক আপোনালোকে অলপ সময় দিয়ক আৰু তাৰ পাছত নিৰ্ধাৰিত হাৰত দৰমহা লাভ কৰাকে ধৰি বাকী সমস্যা কেইটা সমাধান কৰিম। ইফালে সোহাৰ্দ্যপূৰ্ণ পৰিবেশত কৰা সাক্ষাৎ কালত সঁজাতি দলটোৱে মন্ত্ৰী গৰাকীক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে গছপুলি ৰোপণ, বন্য জীৱজন্তুৰ সুৰক্ষাকে ধৰি বন বিভাগৰ গ্ৰাউণ্ডত চলি থকা সমস্যা সন্দৰ্ভত বাৰ্তালাপ কৰে । সঁজাতি দলটোত জ্যোতিষ দলৈ, প্ৰমোদ ৰংপী, শোভামণি দাস, মণিকা দাস, চাহজাহান আলী, মিনহাজউদ্দিন আহমেদ , উদয় ৰাভা, মন্টু দাসকে ধৰি প্ৰায় ১৫ জনমান বঞ্চিত কেজুৱেল বন শ্ৰমিক উপস্থিত আছিল । উল্লেখ্য যে মন্ত্ৰী গৰাকীক প্ৰদান কৰা স্মাৰক পত্ৰত সঁজাতি দলটোৱে বিভাগৰ অধীনত বিভিন্ন শাখাত বেতন বঞ্চিত কৰ্মৰত বন শ্ৰমিকসকলে এটি স্থায়ী চাকৰি পোৱাৰ আশাত বিনাবেতনে তথা অতি নিম্ন পাৰিশ্ৰমিকৰ বিনিময়ত বন বিভাগ তথা অসম চৰকাৰৰ সেৱা আগবঢ়াই আহিছে। তাৰোপৰি মন্ত্ৰী গৰাকীক প্রধান মুখ্য বন সংৰক্ষক মহোদয়ৰ নিৰ্দেশ মর্মে ডঃ সত্যেন্দ্রনাথ সিঙৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটি গঠন কৰি অসমৰ বিভিন্ন বন সংমণ্ডল প্ৰাধিকাৰী সকলৰ পৰা শ্ৰমিকসকলৰ তালিকা বিচাৰে। এই তালিকাখন এই তালিকাখন যোৱা ২০২৫ বৰ্ষৰ ছেপ্তেম্বৰ মাহত প্রধান মুখ্য বন সংৰক্ষক কাৰ্যালয়ৰ পৰা বন বিভাগৰ বিশেষ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হয়। সেই তালিকাত বন বিভাগৰ কিছু বিষয়াৰ হেমাহীৰ বাবে কিছু সংখ্যক কেজুৱেল বন শ্ৰমিকৰ নাম ভেৰিফিকেছনৰ পৰা বাদ পৰি গৈছিল। আমি বাদ পৰি যোৱা নামকেইটা অন্তৰ্ভুক্তি কৰাৰ বাবেও দাবী জনাইছো । সম্প্ৰতি তালিকাখন বিত্ত বিভাগত পৰি থকাত বেতন বঞ্চিত শ্ৰমিকসকল পুনৰ হতাশ হৈ পৰিছে।

24/08/2026

#খানামুখৰ চাৰ্ভে স্কুলত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ ; হত্যাৰ সন্দেহ

#জালুকবাৰী , ২৪ আগষ্ট : গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত খানামুখৰ সমীপৰ চাৰ্ভে স্কুলৰ অলকানন্দা পথত ২২ আগষ্টৰ নিশা এটা তিনি মহলীয়া অট্টালিকাত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সন্দেহজনকভাৱে ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনত তাৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগৰ খানামুখ ফুকনৰপাৰ চুবুৰীৰ প্ৰয়াত বীৰেন কলিতাৰ একমাত্ৰ পুত্ৰ কংকন কলিতা ( ১৯ ) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে ঘৰৰ ওচৰতে থকা এটা প্ৰতিষ্ঠানত অনলাইন ডেলিভাৰী কোম্পানীত নতুনকৈ কৰ্মৰত কংকন কলিতা ঘটনাৰ আগদিনা অৰ্থাৎ ২১ আগষ্টত বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি থকাৰ মাজতে ২২ আগষ্টৰ নিশা প্ৰায় ৮.৪৫ মান বজাত কোনো এজনী যুৱতীয়ে পৰিয়ালৰ লোকক ফোন কৰি কয় যে অলকানন্দা পথৰ সেই নিৰ্দিষ্ট ঘৰটোত কংকন কলিতা থাকিব পাৰে। সেই অনুসৰি পৰিয়াল আৰু ওচৰ পাজৰৰ লোকে বিচাৰ খোচাৰ কৰি সেই ঘৰটোলৈ আহে আৰু কংকন কলিতাক ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । লগে লগে এই লৈ অঞ্চলটোত হুৱা দুৱাৰ সৃষ্টি হয় আৰু জালুকবাৰী আৰক্ষী চকীত খবৰ দিয়া হয়। ততালিকে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ লোকৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। ইফালে ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হলেও কংকন কলিতাৰ ভৰি মাটিত লাগি থকা আৰু দেহৰ কেবা ঠাইতো তেজ ওলাই থকালৈ চাই বহুতে ইয়াক এটা পৰিকল্পিত হত্যাকাণ্ড হব পাৰে আৰু হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে ওলোমাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। যাৰ বাবে খানামুখ অঞ্চলৰ ৰাইজে আৰক্ষীক এটা উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছে। ইতিমধ্যে আৰক্ষীয়ে কংকন কলিতাৰ লগত থকা মবাইল ফোনটো উদ্ধাৰ কৰিছে আৰু এই ঘটনাৰ আঁৰত কিবা প্ৰেমজনিত বা আন কিবা কাৰণ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি তাক তদন্তৰ আওতালৈ অনা বুলি জানিব পৰা গৈছে। আনহাতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি বিয়লি ভূতনাথ শ্মশানত কংকন কলিতাৰ শেষকৃত্য সম্পন্ন কৰা হয়।

 #ৰাণীত ১৭৫ বেটেলিয়ান চি আৰ পি এফৰ উদ্যোগত  মহিলা - যুৱতীৰ বাবে চিলাই প্ৰশিক্ষণ কাৰ্যসূচী  #ৰাণীঃ কেন্দ্ৰীয় সংৰক্ষিত আ...
24/08/2026

#ৰাণীত ১৭৫ বেটেলিয়ান চি আৰ পি এফৰ উদ্যোগত মহিলা - যুৱতীৰ বাবে চিলাই প্ৰশিক্ষণ কাৰ্যসূচী

#ৰাণীঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে মহিলা - যুৱতীৰ বাবে ১৯ আগষ্টৰ পৰা ২০ দিনীয়াকৈ এক উন্নতমানৰ চিলাই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা ১২গৰাকী মহিলা-যুৱতীক এই কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ১৭৫ চি আৰ পি এফ বেটেলিয়নৰ কমাণ্ডেণ্ট এন এন কে প্ৰসাদে মুখ্য অতিথিৰূপে উপস্থিত থাকি কয় যে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে সময়ে সময়ে জনহিতকৰ কাৰ্যসূচী আয়োজন কৰি আহিছো। য’ত স্থানীয় ৰাইজৰ মাজত চিলাই মেচিন, চাইকেল, গ্ৰন্থ আৰু ষ্টেচনাৰী সামগ্ৰী, চিকিৎসা, স্থাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ, শ্ৰেণীকোঠা মেৰামতি, ৰাজহুৱা শৌচাগাৰ, বিদ্যালয়ত বাথৰুম, যাত্ৰী জিৰণী চ’ৰা নিৰ্মাণ, সৌৰ শক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন, ক্ৰীড়ানুষ্ঠান, দক্ষতা বিকাশ শিৱিৰ, কোচিং ক্লাছৰ আয়োজন কৰি অহা হৈছে। অনুষ্ঠানত ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং আৰু অমিত যোশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখ্য যযে বাহিনীটোৰ উদ্যোগত আৰ্থিকভাবে দুৰ্বল শিক্ষাৰ্থীৰ বাবে এটা এমহীয়া কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে।

 #হৰি -গায়ত্ৰী দাস মহাবিদ্যালয়ৰ ৩০ তম প্ৰতিষ্ঠা দিৱস উদযাপন #আজাৰা :২২ আগষ্ট:  মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত হৰি...
22/08/2026

#হৰি -গায়ত্ৰী দাস মহাবিদ্যালয়ৰ ৩০ তম প্ৰতিষ্ঠা দিৱস উদযাপন
#আজাৰা :২২ আগষ্ট: মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত হৰি -গায়ত্ৰী দাস মহাবিদ্যালয়ৰ ৩০ তম প্ৰতিষ্ঠা দিৱস আজি মহাবিদ্যালয় প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।হৰি -গায়ত্ৰী দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিজু বৰুৱাই পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ দাঁতা হৰিশ্চন্দ্ৰ দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।দুপৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিজু বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ বলেন্দ্ৰ কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে।অধ্যাপক ববিতা শৰ্মাই আঁত ধৰা মুকলি সভাত ড: বলেন্দ্ৰ কুমাৰ দাস, কাৰ্যকৰী সভাপতি ভৱেন চন্দ্ৰ মেধি, সম্পাদক মধুসূধন দাস আদি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়। উক্ত মুকলি সভাতে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত কেবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
সভাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তি সকলৰ লগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সময়ৰ স্মৃতি ৰোমন্থন কৰি ৰাইজৰ সহায় সহযোগত আজি ৩০ বছৰত পদাৰ্পণ কৰা মহাবিদ্যালয়খনৰ শৈক্ষিক যাত্ৰাই ভৱিষ্যত প্ৰজন্মক জ্ঞানৰ বাট মুকলি কৰিব বুলি মত বিনিময় অনুষ্ঠানত বিশিষ্ট ব্যক্তি সকলে আশা প্ৰকাশ কৰে। সভাৰ শেষত নীলাক্ষী গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়।

গুৱাহাটী বিশ্ববিদ্যালয়ত  ষষ্ঠ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন জালুকবাৰী  , ২২ আগষ্ট : কামৰূপ জিলা কাৰাটে - ডু  এ...
22/08/2026

গুৱাহাটী বিশ্ববিদ্যালয়ত ষষ্ঠ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন

জালুকবাৰী , ২২ আগষ্ট : কামৰূপ জিলা কাৰাটে - ডু এচোছিয়েশ্যনৰ উদ্যোগত অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাল্টি পাৰপাজ ইনডোৰ হলত ষষ্ঠ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ ৩২ টা কাৰাটে ক্লাবৰ পৰা অহা ৭ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সলৈকে প্ৰায় ৩০০ খেলুৱৈয়ে ভাগ লৈছিল । প্ৰতিযোগিতাখন উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমুহৰ সচিব আৰু ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে । ভাষণ প্ৰসংগত ডঃ কাকতিয়ে কয় যে কাৰাটে হৈছে এক প্ৰকাৰৰ যুদ্ধ কলা আৰু আত্মৰক্ষাৰ খেল। খেল ধেমালিয়ে শৰীৰ সুস্থ কৰি ৰখাৰ উপৰিও মগজু বিকাশত সহায় কৰে। আনহাতে দিনযোৰাকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত অধ্যক্ষ তপন চন্দ্ৰ দাস, সভাপতি খগেন কলিতা , সাধাৰণ সম্পাদক ৰূপক ৰাজবংশী, কাৰ্যকৰী সভাপতি দীপাংকৰ মজুমদাৰ , যুটীয়া সম্পাদক ৰমেন ভূঞা , ৰামছাৰাণী জিলা পৰিষদৰ সদস্য কুশল দাসকে ধৰি ক্ৰীড়াৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া বিজয়ী প্ৰতিযোগী সকলৰ মাজত অভিজ্ঞ কাৰাটে প্ৰশিক্ষকৰ দ্বাৰা বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়।

বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতি গঠন  ২২ আগষ্ট: সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতিখন...
22/08/2026

বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতি গঠন
২২ আগষ্ট: সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতিখন আজি গঠন কৰা হয় । এই উদ্দেশ্য আমিনগাৱস্হিত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজিত সভাত পৌৰাহিত্য কৰে গীতুমণি দাসে আৰু উদ্দেশ্য বাখ্যা কৰে নৃপেন ডেকাই । সভাত বহুমুখী স্বাস্থ্যকৰ্মী সকলে কৰ্মক্ষেত্ৰত ভোগ কৰি অহা বিভিন্ন সমস্যাৰ বিষয়ে বিশদ আলোচনা কৰা হয় । সভাত হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়াই । ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা তিনি গৰাকী বহুমুখী স্বাস্থ্যকৰ্মী ক্ৰমে চামছুদ্দিন আহমেদ, কিছেন ৰাজবংশী আৰু বাপধন আহমেদক সন্হাৰ তৰফৰ পৰা উঞ সম্বৰ্ধনা জনোৱা হয় । সভাত সৰ্বসন্মতিক্ৰমে প্ৰবীণ কুমাৰ দাস,সূৰজ দাস,মিলন পাঠক আৰু হৰেশ্বৰ দাসক উপদেষ্টা, গীতুমণি দাসক সভাপতি , কুশল দাসক উপ সভাপতি, মনোজ কাকতিক সাধাৰণ সম্পাদক, অপূৰ্ব বেজবৰুৱা আৰু চিন্তূ বৰুৱাক সহকাৰী সম্পাদক, নৱজ্যোতি বৈশ্যক কোষাধক্ষ্য আৰু অমল কলিতাক তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্ব অৰ্পণ কৰি বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলাৰ নতুন সমিতিখন গঠন কৰা হয় ।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when G - News 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share